সেই যে নক’লো তোমাক

প্ৰকাশ: ১৪ এপ্ৰিল, ২০১২ | অন্তিম সম্পাদনা: ২১ ডিচেম্বৰ, ২০২১

সেই যে প্ৰথম দেখাতে
কিয় যে তেনেকৈ চালো; নক’লো তোমাক।

সেই যে পুৱাতে ফুল তুলি
কৰণি উপচিল
লগতে হৃদয়ো; নক’লো তোমাক।

সেই যে হঠাৎ লগ পালো
চকুত চকু থ’লো, অবুজ সেউজ দেখিলো
লাজতে মাটিকে চুমিলো; নক’লো তোমাক।

সেই যে মনৰ কৌতুক সাজি
আগবাঢ়ি বাঢ়ি পিছলৈ আহিলো
মুঠিতে লুকাই থাকিলো
সীমাৰ পৰিধি ভাঙি; নক’লো তোমাক।

সেই যে দূৰত্ব, ওচৰা-ওচৰি
নীৰৱে কথা পাতি
সময়ত আহিলো আঁতৰি; নক’লো তোমাক।

সেই যে তোমাৰ ওচৰ পালো
কেঁচুৱাটি হ’লো
নিজকে হাতকটা ভিক্ষাৰী সজালো; নক’লো তোমাক।

সেই যে সহজ কথাবোৰ মিছাতে জটিল কৰিলো
গভীৰৰ বুজ লৈ ভাবত ৰহন সানিলো; নক’লো তোমাক।

কবিতা | ৰঞ্জিত কুমাৰ ভট্টাচাৰ্য

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts