জুই লৈ নেখেলিবি ডেকা ফুকন

প্ৰকাশ: ২৫ জুলাই, ২০১৮ | অন্তিম সম্পাদনা: ২৫ জুলাই, ২০১৮

(সাধাৰণতে প্ৰৱন্ধ-পাতি বা সৃজনাত্মক লেখাত উল্লেখ থকা বিশেষ প্ৰসংগ বা অচিনাকি পদ (term)ৰ ব্যাখ্যা লেখাৰ তলত ফুট নোট হিচাপে দিয়া হয়, যাতে পাঠকে সেই ব্যাখ্যা পঢ়ি মূল লেখাৰ মৰ্ম উদ্ধাৰ কৰাত সফল হয়। ডঃ ইন্দ্ৰজিৎ বেজবৰুৱাৰ এই কবিতাটোৰ কিছু প্ৰসংগ আৰু পদেও ব্যাখ্যা দাবী কৰে; কিন্তু সাধাৰণতে তলত ফুট নোট দিয়াৰ পৰিৱৰ্তে কবিতাটি পঢ়াৰ আগতেই প্ৰসংগকেইটাৰ ব্যাখ্যাৰ পঠনে পাঠকক অধিক সহায় কৰিব বুলি বিবেচনা কৰি প্ৰথমেই প্ৰাসংগিক টোকাকেইটি আগবঢ়োৱা হ’ল। —সম্পাদক, নীলা চৰাই)

ফা মাহাদেউ: মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত উপাস্য দেৱতা। তিৱা পুৰোহিতসকলে নিজা ভাষা আৰু পদ্ধতিৰে ফা মাহাদেউৰ পূজা কৰে। জাগীৰোডৰ দেওশাল মন্দিৰত ফা মাহাদেউৰ পূজা কৰা হয়।

‘বু লান চি’ বা ‘পু লান চি’: টাই-আহোম ভাষাত ‘বুৰঞ্জী’। অসমীয়া বুৰঞ্জী সাহিত্যৰ অমূল্য সম্পদ।

জোঙাল বলহু: তিৱা জনগোষ্ঠীয় বীৰ। নগাঁৱৰ ৰহাৰ ওচৰত জোঙাল বলহু গড় থকাৰ কিম্বদন্তী পোৱা যায়।

সিন্ধুৰা হাজৰিকা: আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ গুৱাহাটী গমন কালত ৰজাৰ সেনাই নগাঁৱত লুটপাত কৰাৰ হেতু নগঞা সিন্ধুৰা হাজৰিকাই প্ৰতিৰোধ গঢ়ি তুলিছিল। সেয়ে ৰজা খেদা নগঞা বোলা হয়।

চিঙাৰ চেহাব, বাহু কৈৱৰ্ত: আফু খেতি, পাণ-তামোলৰ গছৰ ওপৰত বৃটিছে কৰ জাপি দিয়াৰ প্ৰতিবাদত নগাঁৱৰ ফুলগুৰিত কৃষক সকলে ১৮৬১ চনত (অক্টোবৰ) বিদ্ৰোহ কৰিছিল। সেই বিদ্ৰোহক ‘ফুলগুৰি ধেৱা’ বুলি কোৱা হয়। বিদ্ৰোহ দমন কৰিবলৈ যোৱা সহকাৰী আয়ুক্ত লেফটেনান্ট চিংগাৰক বিদ্ৰোহী কৃষকে লাখুটিৰে মৰিয়াই হত্যা কৰিছিল। সেই বিদ্ৰোহৰ নেতৃত্ব বাহু কৈৱৰ্ত, নৰসিং লালুং, চিপচিং লালুং আদি বিদ্ৰোহী কৃষক নেতাই দিছিল।

আৰু পঢ়ক:  কবিতা

লাংখুই: হেংদাঙৰ দৰে এবিধ অস্ত্ৰ।

জিন: Gene। জীৱৰ বংশগতিৰ প্ৰাথমিক জৈৱিক একক।

ডেকা ফুকন: ডেকা শাসক অৰ্থত ব্যৱহাৰ কৰা হৈছে।


জুই লৈ নেখেলিবি ডেকা ফুকন

দেওলগা মানুহে দলনি পিতনিত
বাঁকে নিয়া মাছো কাঢ়ি আনে

ভাং খুৱাই মেলি নিদিবি বলীয়া হাতী
এৱাঁ পোৱালিয়েও বৰাব জানে গৰলীয়া ম’হ

তই তোৰ পাপ খেদিবলে গংগাত বুৰ মাৰ’
আমাৰ গঞাৰ বাবে গিয়াতিয়ে গঙা

গংগাৰ পানী ফা মাহাদেউৰ গাত নিদিবি
পাহাৰতো উঠি যাব পাৰে পাগলা পানী

বু লান্ চি খন মেলি চালে দেখিবি—

বিশ্বাস ভাঙিলে
ভাত বুলি শিলগুটি সিজোৱা
পাটীৰ তিৰোতাকো দুচেও কৰা
সেয়া জোঙাল বলহু

ৰাজত্ৰাস মেলিলে
ৰজাকো খেদি যোৱা
সেয়া সিন্ধুৰা হাজৰিকা

গঞাক নুগুণি
কৰ-কাটল জাপি দিলে
চিঙাৰ চেহাবক হোলোঙা মাৰিৰে
সী থোৱা সেয়া বাহু কৈৱৰ্ত

ইয়াৰ শিতানে-পথানে শুই আছে।

কেনেবাকে সাৰ পাব লাগিলে
জিনে জিনে জী উঠিব
দেও লগা লাংখুই

জুই লৈ নেখেলিবি ডেকা ফুকন।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts