নাগৰিকত্ব (সংশােধনী) বিধেয়ক ২০১৬ সন্দৰ্ভত অসম বিজ্ঞান সমিতিৰ অভিমত

প্ৰকাশ: ২৭ মে, ২০১৮ | অন্তিম সম্পাদনা: ২৮ মে, ২০১৮

নাগৰিকত্ব (সংশােধনী) বিধেয়ক ২০১৬ সন্দৰ্ভত অসম বিজ্ঞান সমিতিৰ প্ৰেছ-বিজ্ঞপ্তি

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অন্তৰ্গত অসম প্রাকৃতিক দিশৰ পৰা এখন অতি চহকী ৰাজ্য । ৰাজ্যখনৰ বিৰল জৈৱ-বৈচিত্র্যই বিশ্বৰ ভিতৰতে ইয়াক এক সুকীয়া স্থান দিছে। ইয়াত দীর্ঘ কাল ধৰি বসবাস কৰি অহা বিভিন্ন জনগােষ্ঠীয়ে অঞ্চলটোৰ পৰিৱেশৰ লগত সহাৱস্থান কৰি এক অনুকৰণীয় উদাহৰণ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। কিন্তু যােৱাটো শতিকাত ৰাজ্যখনলৈ ঘটা অনিয়ন্ত্রিত জন প্ৰব্ৰজনৰ পৰিণতি স্বৰূপে ৰাজ্যখনত দ্রুত হাৰত জনসংখ্যা বৃদ্ধি পাবলৈ ধৰে। সম্প্রতি অসমত প্ৰতি বর্গ কিলােমিটাৰত জনসংখ্যাৰ ঘনত্ব ৪০০জনৰো অধিক হৈছে। এই হাৰ ৰাষ্ট্ৰীয় গড় ঘনত্বতকৈ যথেষ্ট বেছি। মন কৰিবলগীয়া কথা যে অসংখ্য নদ-নদী, বিল-খাল আৰু পাহাৰীয়া এলেকাৰে ভৰা এই অঞ্চলত এতিয়া ওপৰঞ্চি বাসােপযােগী ঠাইৰ পৰিমাণ তেনেই কম। সেয়ে জনসংখ্যা বৃদ্ধিয়ে মানুহক অৰণ্য, জলাশয়, পাহাৰৰ ঢাল, নৈ-পৰীয়া ঠাই আদিত বসতি স্থাপন কৰিবলৈ বাধ্য কৰিছে। পৰিণতি স্বৰূপে দ্রুত হাৰত অৰণ্য ধ্বংস হৈছে আৰু নৈ-বিলৰ পৰিৱেশ বেয়াকৈ আক্রান্ত হৈছে। এই বিষয়ক ভিত্তি কৰি যুক্তিনিষ্ঠাৰে ক’ব পাৰি যে অসম ভূমিয়ে ইতিমধ্যে ইয়াৰ জনসংখ্যা ধাৰণ ক্ষমতা (Carrying capacity)ৰ ওপৰঞ্চি বাসিন্দাৰ বােজা বহন কৰিবলগীয়াত পৰিছে। ইয়াৰ স্পষ্ট প্রমাণ পাব পাৰি- এহাতে পতিত ভূমি (Fallow land) শূন্য হৈ অহা অৱস্থা আৰু আনহাতে হৃদয়বিদাৰক মানুহ আৰু বন্যপ্রাণীৰ সংঘাটৰ পৰা । পৃথিৱীৰ বােধহয় অন্য কোনাে ঠাইতে অসমৰ দৰে হস্তী-মানৱৰ সংঘাতৰ জলন্ত উদাহৰণ পোৱা নাযাব।

আৰু পঢ়ক:  লাচিতৰ আহ্বান

| আৰু পঢ়ক: নাগৰিকত্ব সংশোধনী বিধেয়ক: অসমীয়াই কিয় বিৰোধিতা কৰা উচিত

অসমৰ ক্ষয়িষ্ণু নদী উপত্যকা, পাহাৰ-মালভূমিয়ে যদি আৰু অধিক জনসংখ্যা গ্ৰহণ কৰিবলগীয়া হয়, তেতিয়াহ’লে কেৱল যে আর্থ-সামাজিক সমস্যাই ৰাজ্যখনক জুৰুলা কৰিব এনে নহয়, পাৰিৱেশিক সমস্যাইও অঞ্চলটোত ভয়াবহ ৰূপ ধাৰণ কৰিব। ক্ষীপ্র হাৰত হ্রাস পাই অহা জনমূৰি কৃষি ভূমি, অৰণ্য ভুমি, ঘাঁহনি আৰু বাঢ়ি অহা বান-গৰাখহনীয়া, মাটি-পানীৰ প্ৰদূষণ আদিৰ পৰিপ্ৰেক্ষিতত অসম বিজ্ঞান সমিতিয়ে বস্তুনিষ্ঠভাৱে মতপােষণ কৰে যে ৰাজ্যখনত কোনােপধ্যে যাতে প্ৰব্ৰজনৰ যােগেদি জনসংখ্যা বৃদ্ধিৰ পৰিৱেশ গঢ়ি তােলা নহয়। মানুহ আৰু পৰিৱেশৰ এনে এক স্পর্শকাতৰ পটভূমিতে অসম বিজ্ঞান সমিতিয়ে প্রস্তাৱিত নাগৰিকত্ব সংশােধনী বিধেয়কৰ যােগেদি ৰাজ্যখনলৈ জনপ্ৰৱজনক উৎসাহিত কৰাৰ বিৰােধিতা কৰে। বৰঞ্চ জনসংখ্যা বৃদ্ধিৰ সু-সংহত নিয়ন্ত্ৰণ আৰু বাস্তৱসন্মত বহনক্ষম উন্নয়ন পৰিকল্পনাৰে ৰাজ্যখনৰ পৰিৱেশ যাতে সুস্থ কৰি ৰাখিব পাৰি তাৰ প্ৰতি সংশ্লিষ্ট সকলােৰে দৃষ্টি আকর্ষণ কৰে।

প্রেৰক: জয়দীপ বৰুৱা, প্রধান সচিব, অসম বিজ্ঞান সমিতি
২৬.০৫.২০১৮

| আৰু পঢ়ক: নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত জুবিন গাৰ্গৰ আহ্বান

ফিচাৰড্ ইমেজত ব্যৱহাৰ কৰা অসম বিজ্ঞান সমিতিৰ প্ৰতীক (logo)ৰ স্বত্ব অসম বিজ্ঞান সমিতিৰ।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts