জুবিন গাৰ্গৰ প্ৰতিবাদ: প্ৰতি সর্বাদা

প্ৰকাশ: ৮ জানুৱাৰী, ২০১৯ | অন্তিম সম্পাদনা: ৮ জানুৱাৰী, ২০১৯

বহুত কোৱা হ’ল– এবছৰ-দুবছৰমান ধৰি কৈয়েই আছে। চৰকাৰে নুবুজিলে। ধর্ম আৰু জাতিৰ মাজৰ পাৰ্থক্যটো বুজি নাপালে। বুজিও নুবুজাৰ ভাও ধৰিলে। আজি সকলোৱে ধিক্কাৰ দিছে। ময়ো ধিক্কাৰ দিছে চৰকাৰক। পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল— আচলতে কি হ’ল সেয়া সকলোৱে দেখিছে।

এই বিধেয়কখন আমি নামানো। কোনো চৰ্ততেই নামানো। মোৰ পঞ্চলিছ বছৰ বয়স হ’ল এতিয়া। জন্মৰ পৰা বাংলাদেশী বাংলাদেশীয়েই শুনি আহিছোঁ। এতিয়া আমনি লাগিছে। ভাগৰো লাগিছে। তাতকৈয়ো বেছি লাজ লাগিছে— যিবোৰ মানুহে বাংলাদেশী নালাগে বুলি আন্দোলন কৰিছিল, সেইবোৰেই মন্ত্রী-বিধায়ক হৈ থাকিবৰ কাৰণে অসমখন শেষ কৰি দিব খোজা দেখি।

সর্বাদা নিজেই আছুত আছিল। তেওঁ যদি এনেকুৱা কৰে, তাৰ পাছত আমি কাক বিশ্বাস কৰিম?

নেতা নাথাকিলে বিপ্লৱ ভয়ংকৰ হয়। কোনেও নিয়ন্ত্রণ কৰিব নোৱাৰে। সেইটো হ’লে অসমক শেষ কৰাৰ দায়িত্ব সর্বাদাৰ নামতেই পৰিব। দুখ লাগে— সর্বাদাক জাতীয় নায়ক বুলি কয়, এতিয়া মূৰ্দাবাদ ধ্বনি দিয়ে— সেইবোৰ দেখিলে বেয়া লাগে। মোদীৰ কাষত বহি হাত চাপৰি মাৰি থকাতকৈ বহুত ডাঙৰ কাম আছে দেশত।

তেওঁ নিজে লাজ নাপালেও আমি কিন্তু লাজ পাওঁ।

জেপিচি আকৌ আহিম বুলি কৈছিল, নাহিল। আমাক ঠগিলে। আমাক মোদীয়ে ঠগিলে, সর্বদাই ঠগিলে, বিজেপিয়ে ঠগিলে।

আৰু পঢ়ক:  অসমীয়া চিনেমাৰ ব্যৱসায় আৰু দুই-চাৰিটা অংক

আছুৱে অসম বন্ধ দিছে। বন্ধ মই বেয়া পাওঁ। কিন্তু অঁকৰাৰ অভিনয় কৰি থাকিলে আৰু কি ৰাস্তা আছে?

সংসদত বিলখন উত্থাপন হ’লেও সর্বদাই না কৈ দিব পাৰে। কৈ চাওকচোন— যি হয় দেখা যাব। মই এতিয়াও শান্ত হৈ আছোঁ। এসপ্তাহমান অসমত নাথাকিম। ঘূৰি অহাৰ আগলৈকে সর্বদাই কিবা এটা কৰিলে ভাল। নহ’লে এইবাৰ মই অকলে আন্দোলন কৰিম। কি কৰিম নাজানো!

img
নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬-ৰ বিৰুদ্ধে অসমীয়া যুৱকৰ নগ্ন প্ৰতিবাদ। নতুন দিল্লী, ৭ জানুৱাৰী ২০১৯

আছুৱে প্রতিবাদ কৰিছে, (ডঃ হীৰেন) গোহাঁই ছাৰে লিখি আছে, কৃষক মুক্তিয়ে দিল্লীত গৈ ধর্ণা দিছে। সকলোৱে না বুলি কৈছে যেতিয়া আৰু এবাৰ বিবেচনা কৰি চাওক।

| আৰু পঢ়ক: নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত জুবিন গাৰ্গৰ আহ্বান

চৰকাৰ-ৰাজনীতি মই বুজি নাপাওঁ। কিন্তু অসমীয়া জাতিটো কেনেকুৱা সেইটো ভালকৈয়ে বুজি পাওঁ। আমাক অসমীয়া কৰি ৰাখিবলৈ কোনো ধৰ্মৰ দৰকাৰ নাই। আকৌ এবাৰ ভাবি চাওক— সাতদিনৰ পাছত ভদ্রতা শিকাই লাভ নহ’ব নহ’লে!

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts