কাৰ্বি আংলং কাণ্ড, সােপাধৰা আতংক প্ৰসংগত কিছু চিন্তা

প্ৰকাশ: ১০ জুন, ২০১৮ | অন্তিম সম্পাদনা: ১০ জুন, ২০১৮

যােৱা ৮ জুন (২০১৮)ৰ সন্ধ্যা কাৰ্বি আংলং জিলাৰ ডকমকাত হােৱা নাৰকীয় কাণ্ডই লজ্জানত আৰু শোকাহত কৰিলে অসমবাসীক। কাৰ্বি পাহাৰৰ অপৰূপ সৌন্দর্য আৰু প্ৰকৃতিৰ কিছু শব্দ সংগ্রহ কৰিবলৈ যােৱা দুগৰাকী অসমীয়া ডেকা শিল্পী নিলােৎপল দাস আৰু অভিজিৎ নাথক কাৰ্বি আংলঙৰ এচাম মানুহৰূপী নৰখাদকে বৰ্বৰভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিলে। বাৰে বাৰে ‘মই অসমীয়া’, ‘মােৰ দেউতাৰ নাম…’ বুলি আর্তনাদ কৰি প্রাণভিক্ষা কৰাৰ পাছতাে বৰ্বৰবােৰে সিহঁত দুটাক ৰেহাই নিদিলে। কাৰণ ৰাইজৰ সন্দেহ, তেওঁলােক— ‘সােপাধৰা’। আজি সমগ্ৰ অসমৰে জনসাধাৰণক এই জঘন্য কাণ্ডই মর্মাহত কৰিছে। এই জঘন্য কাণ্ডৰ ভিডিঅ’ চছিয়েল মেডিয়াত এবাৰ প্রত্যক্ষ কৰা কোনাে মানুহেই শান্তিত থাকিব পৰা নাই। নিশা টোপনি অহা নাই। অসহায় ল’ৰা দুজনৰ প্ৰাণকাতৰ আর্তনাদে বুকু কঁপাই তুলিছে। বাৰে বাৰে কিছুমান উত্তৰবিহীন প্রশ্নই মন-প্রাণ সচকিত কৰি তুলিছে— কলৈ গৈ আছাে আমি? মানুহ ইমান বৰ্বৰ হ’ব পাৰেনে? অসমতে অসমীয়া ল’ৰাক মৰিয়াই মৰিয়াই হত্যা কৰা হ’ল, তাকো চুড়ান্ত অন্ধবিশ্বাসৰ বলি হৈ। কিন্তু কেৱল কাৰ্বি আংলঙতে নহয়, অসমৰ চৌদিশে আজি এই ‘সােপাধৰা’ শব্দটোৱে ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে। ৰাইজে সােপাধৰা ওলাইছে বুলি হাতে হাতে যাঠী-জোং, দা-কুঠাৰ লৈ গাঁৱে গাঁৱে পহৰা দিছে, ওলাই আহিছে। বহুসংখ্যক নিৰীহ মানুহ এই ‘সােপাধৰা আতংক’ৰ বলি হৈছে। কোনাে ঠাইত বিভিন্ন প্রয়ােজনত অহা অচিনাকি মানুহ দেখা পালেই ৰাইজে তেওঁকে সােপাধৰা বুলি মৰিয়াই-কিলাই আধামৰা কৰিছে; কিন্তু কোনেও চিন্তা কৰি চোৱা নাই, সােপাধৰা প্ৰকৃততে ওলাইছে নে এয়া এক উৰাবাতৰি!

কি এই সােপাধৰা আতংক? প্রকৃততে এই ‘সােপাধৰা আতংক’ৰ গুৰিতে হ’ল ফেচবুক, হােৱাটছএপ আদি চছিয়েল মেডিয়া। আজি প্রায় এমাহ ধৰি অসমৰ প্ৰায়ভাগ লােকৰে হােৱাটছ এপ আৰু ফেচবুকৰ মাধ্যমত এটা মেচেজ আৰু কেইখনমান বিভৎস ফটো ভাইৰেল হৈছে। ফটোকেইখনত মানুহ আৰু শিশুৰ নৃশংস হত্যাৰ কৰুণ দৃশ্যৰ লগতে লিখাখিনিত বিভিন্ন ৰহণ সানি কেইটামান বিশেষ জাতি-জনগােষ্ঠীক লক্ষ্য কৰি সেই জাতিৰ কেইগৰাকীমানক মানুহক হত্যা কৰা বুলি নিতৌ চুড়ান্ত অপপ্ৰচাৰ চলােৱা হৈছে। ‘আজি সন্ধিয়া অমুক ঠাইত সােপাধৰাই দহজন লােক হত্যা কৰে’, ‘শােৱাপাটিতে মানুহ কাটি থৈ গৈছে’, ‘পাঁচটা শিশুক ডিঙি কাটি হত্যা কৰিছে’ ইত্যাদি উৰাবাতৰি মানুহৰ মাজত প্ৰচাৰ কৰি দিয়া হৈছে, যাৰ ফলত গাঁৱে গাঁৱে সাধাৰণ মানুহ আতংকিত হৈ পৰিছে। প্ৰতিৰক্ষাৰ কাৰণে দা, যাঠী আদি লৈ ওলাই আহিছে। নতুন মানুহ দেখিলে আগ-পিছ নুগুণি প্ৰহাৰ কৰিছে।

আচল কথাটো হ’ল, ক’তাে সােপাধৰা ওলােৱাই নাই। আৰু কোনাে ঠাইত কোনাে মানুহকে এই সােপাধৰাই মৰাও নাই। এয়া সম্পূর্ণ অপপ্রচাৰ। ৰাইজক বিপথে পৰিচালিত কৰি সমাজত আতংকময় পৰিৱেশ এটা সৃষ্টি কৰাৰ বাবে এচাম দুষ্টচক্ৰই বিয়পাই দিয়া এয়া উৰাবাতৰি। আৰু এই উৰাবাতৰিতে মানুহ পতিয়ন গৈ আমাৰ সমাজৰ এচাম বৰ্বৰ মানুহে বহু নিৰীহ ব্যক্তি, মানসিক ৰােগীক অমানুষিক অত্যাচাৰ কৰিছে, দুগৰাকী তেজাল ডেকাৰ প্রাণ গৈছে।

যিকেইখন ফটো ভাইৰেল হৈছে, সেয়া অসমৰ ফটো নহয়েই; দাক্ষিণাত্যত কিছুদিন আগতে ঘটি যােৱা এক হত্যাকাণ্ডৰ চিচিটিভি ফুটেজ আৰু আৰক্ষীয়ে গ্রেপ্তাৰ কৰা হত্যাকাৰীৰ ফটো। জানিব পৰা মতে, কেবাটাও তেলুগু নিউজ চেনেলৰ ৱেবপেজৰ পৰা ছবি সংগ্ৰহ কৰি কৌশলৰে সম্পাদনা কৰি এই উৰাবাতৰি বিয়পােৱা হৈছে। ৰাইজৰ অসচেতনতা আৰু ভীতিগ্রস্থতাৰ পূৰ্ণ সুযােগ গ্রহণ কৰি চছিয়েল মেডিয়াৰ মাধ্যমেৰে এইচাম দুষ্টচক্রই নিতৌ বিষবাষ্প সমাজত ন ন ৰূপত ৰহণ সানি এৰি দিছে। আকৌ কৈছােঁ, এয়া সম্পূর্ণ অপ-প্রচাৰ, উৰাবাতৰি। এনেধৰণৰ উৰাবাতৰি অসমত এয়ে প্রথম নহয়। গণেশৰ মুর্তিয়ে গাখীৰ খােৱাৰ কাহিনী নিশ্চয় মানুহৰ মনত আছে। ফেচবুক, হােৱাটচএপত এতিয়াও প্রায়ে আহে কোনােবা এগৰাকী বিশেষ দেৱ-দেৱীৰ ফটো সন্নিবিষ্ট কৰি ‘এই ফটোখন ইমানজন লােকলৈ প্ৰেৰণ কৰিলে ইমান দিনৰ ভিতৰত আপােনাৰ মনােকামনা পূৰণ হ’ব’, ‘আজি নিশা এক বজাত ৮ প্ৰাৱল্যৰ ভূমিকম্পই অসম জোঁকাৰি যাব’ আদি অনেক উৰাবাতৰি। বহু উচ্চশিক্ষিত, বৈজ্ঞানিক মানসিকতাৰে পৰিপুষ্ট বুলি পৰিচয় দিয়া লােকেও তাকে বিশ্বাস কৰি আন এজনলৈ প্ৰেৰণ কৰে। এনেদৰেই এজনে আনজনলৈ প্ৰেৰণ কৰােঁতে কৰােঁতে এনে অপপ্রচাৰে ৰাজ্যখনৰ সর্বত্র গ্রাস কৰি পেলাইছে। আমি নিজকে এহাতে উচ্চশিক্ষিত বুলি দাবী কৰি আহিছােঁ, কিন্তু নিতৌ এনেবােৰ অপপ্ৰচাৰক প্রশ্রয় দি সমাজখনক আতংকিত কৰাত, এনে বিষবাষ্প বিয়পােৱাত অৰিহণা যােগাই আহিছােঁ। এনে ধৰণৰ উৰাবাতৰি এটা লাভ কৰাৰ পাছত সত্যাসত্য কিমান সেই কথা চিন্তা নকৰি এজনে আনজনলৈ প্ৰেৰণ কৰি দিছােঁ। এতিয়া এই নাৰকীয় ঘটনাৰ পাছত অৱশ্যে কিছু পৰিমাণে ৰাইজ সজাগ হৈছে বা সচেতন হ’ব। কিন্তু ইতিমধ্যেই ঘটনা এটা ঘটিয়েই গ’ল, দুজন তেজোদীপ্ত প্রতিভাবান শিল্পী আমাৰ মাজৰ পৰা হেৰাই গ’ল! তাৰ পাছতহে ৰাইজে অনুধাৱন কৰিছে, এয়া উৰাবাতৰি বুলি। কিন্তু কিমান দিনলৈ? দুদিন পাছত আকৌ নতুন কিবা এটা উৰাবাতৰি ৰহণ সানি প্রচাৰ কৰা হ’ব, আকৌ হয়তো কোনােবা মাতৃৰ বুকু শুদা হ’ব, মৰিয়াই-কিলাই কাৰােবাক হত্যা কৰা হ’ব। ডাইনী হত্যা নিতৌ চলিয়েই আছে। মানৱতাক কুঠাৰাঘাত কৰি একমাত্র অন্ধবিশ্বাস, কুসংস্কাৰৰ পৰিণতিতে আমাৰ ৰাজ্যখনত দৈনিক বহু অসহায় পুৰুষ-মহিলাক ডাইনী সজাই অমানুষিক অত্যাচাৰ কৰি হত্যা কৰা হৈয়ে আছে। বহু পিছপৰা অঞ্চলত বেমাৰ-আজাৰ হ’লে আজিও চিকিৎসকৰ ওচৰলৈ নিয়াৰ সলনি ৰােগীক নিয়া হয় কোনােবা কবিৰাজ বা বেজৰ ওচৰলৈ। জৰা-ফুকা কৰা পানী খাবলৈ দিয়া হয়। কিবা অচিন ৰােগ হলেই গাত ভূত লভিছে বুলি বেজ মাতি ৰােগীক মাৰ-ধৰ কৰি তথাকথিত চিকিৎসা চলােৱা হয়। বিভিন্ন পিছপৰা গাঁও, চাহ-বাগিচা, চৰ অঞ্চল আদি এতিয়াও অন্ধবিশ্বাসৰ অতল গহ্বৰতে আছে।

আৰু পঢ়ক:  বিহু বিষয়ক কিছু চিন্তা-দুঃচিন্তা

এনে ধৰণৰ কুসংস্কাৰ, অন্ধবিশ্বাস, অপপ্ৰচাৰৰ পৰা হাত সাৰিবৰ বাবে একমাত্র উপায় হ’ল, সকলাে লােককে উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তােলা। সচেতনতা বৃদ্ধি কৰা। আজিও অসমৰ পাহাৰীয়া দুর্গম অঞ্চল, চাহ-বাগিচা আৰু চৰ-চাপৰি অঞ্চলত বাস কৰা লােকসকল শিক্ষাৰ ক্ষেত্ৰত অতিকে পিছ পৰি আছে। সভ্যতাৰ পােহৰ পৰাই নাই এনে বহু অঞ্চলত। এনে অঞ্চলৰ লােকসকলে এতিয়াও তেওঁলােকৰ সন্তানসকলক উচ্চশিক্ষাৰে শিক্ষিত কৰিব পৰাগৈ নাই। ৰাজনৈতিক মুনাফা আদায়ৰ বাবেই বিভিন্ন সা-সুবিধা, শিক্ষানুষ্ঠান, চিকিৎসালয়, ৰাস্তা-ঘাট আদিৰ সুবিধাৰ পৰা তেওঁলােকক বহু পৰিমাণে বঞ্চিত কৰি সভ্য হ’বলৈ দিয়া হোৱা নাই। ফলত তেওঁলােক এতিয়াও বহু পৰিমাণে আদিম হৈয়ে আছে। সােপাধৰা, ডাইনী, বেজ, ভূত-প্রেত আদিক সহজে বিশ্বাস কৰে এইসকল অশিক্ষিত লােকে। কার্বিপাহাৰত যি ঘটনা ঘটি গ’ল, সেই ঘটনাৰ ক’তাে কোনােকালে যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে এনেবােৰ পিছপৰা অঞ্চলত শিক্ষাৰ পােহৰ বিলাব লাগিব। সেইবােৰ অঞ্চলত অন্ধবিশ্বাস আঁতৰাবৰ বাবে চৰকাৰী, বেচৰকাৰী সকলাে পক্ষই প্রচেষ্টা হাতত ল’ব লাগিব। অপপ্ৰচাৰ, উৰাবাতৰিৰ বিৰুদ্ধে সকলাে লােক সচেতন হৈ মাৰ বান্ধি ওলাই আহিব লাগিব। কেৱল এটা অঞ্চলৰ কিছুসংখ্যক অশিক্ষিত লােকৰ বৰ্বৰতাৰ বাবে সামগ্রিকভাৱে এটা জাতিক দোষী সাব্যস্ত কৰাটো কোনাে কাৰণতে যুক্তি সংগত নহয়। এনেকুৱা এটা জঘন্য কাণ্ডৰ পাছত সাম্প্রদায়িকতাৰ বিষবাষ্পই যাতে অসমত আকৌ এবাৰ ভয়াবহ অৱস্থাৰ সৃষ্টি নকৰে তাৰ বাবে সকলাে পক্ষ সজাগ হ’ব লাগিব।

| আৰু পঢ়ক: মানুহবোৰ উটি ফুৰিছে

যুক্তিৰ খাতিৰত ধৰা হওক, তেওঁলােক জংঘলী, অসভ্য, বর্বৰ; কিন্তু আজিৰ একবিংশ শতিকাতাে অসমৰে এখন জিলাৰ বাসিন্দাসকল কিয় সভ্যতাৰ পােহৰ নােপােৱাকৈ থাকিবলগা হৈছে, সেই কথা ভাবি চাবৰ হ’ল। আজি প্রায় প্রতিখন জিলাতে, প্রতিটো অঞ্চলতে বহু নিৰ্দোষী লােক এই সােপাধৰা আতংকৰ চিকাৰ হৈছে। ৰাইজে অচিনাকি লােকক দেখিলেই আইন হাতত তুলি একো কথা চিন্তা নকৰি অত্যাচাৰ কৰা আৰম্ভ কৰিছে। আধামৰা কৰিছে। গতিকে আমি সভ্যসকলেই দেখােঁ এনে কাণ্ড কৰিছোঁ। মানৱতা, দয়া-মমতা আদি হেৰুৱাই পেলাইছোঁ। গতিকে প্রথমে আমি নিজে সচেতন হােৱাটো অতি প্রয়ােজন। এনে ধৰণৰ কোনাে উৰাবাতৰিক আৰু যাতে প্রশ্রয় দিয়া নহয়, চছিয়েল মেডিয়াত প্রচাৰ কৰা নহয়, তাৰ বাবে প্রত্যেকেই নিজে সচেতন হােৱা প্রয়ােজন। এই ক্ষেত্ৰত বিশেষভাৱে চৰকাৰী পক্ষ সচেতন হােৱা অতি প্রয়ােজন। চছিয়েল মেডিয়াৰ ওপৰত চৰকাৰীভাৱে কঠোৰ দৃষ্টি ৰখাটো আজিৰ তাৰিখত অতি প্রয়ােজনীয় হৈ পৰিছে। জনসাধাৰণেও যিকোনাে এটা এনে ধৰণৰ বার্তা পালেই সঁচা-মিছা বিচাৰ নকৰি এজনে আনজনলৈ দিয়াটো বন্ধ কৰিব লাগিব। নিজে সচেতন হৈ এনে অপ্ৰচাৰ ৰােধত সক্রিয় ভূমিকা পালন কৰিব লাগিব। পিছপৰা অঞ্চলত শিক্ষাৰ পােহৰ বিলাবলৈ প্ৰতিটো পক্ষ সচেষ্ট হ’ব লাগিব। ঠায়ে ঠায়ে এনে উৰাবাতৰিৰ বিৰুদ্ধে জনসচেতনতা বৃদ্ধিৰ বাবে চৰকাৰ-প্রশাসনে যথােপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তেতিয়াহে আমাৰ সমাজৰ পৰা এনেবােৰ অমূলক আতংক, উৰাবাতৰি নির্মূল কৰিব পৰা যাব। এইবােৰ বিষয়ত সকলাে পক্ষ সচেতন হােৱাটো এই সময়ৰ অতি জৰুৰী দাবী।

ছবি: মমবাতি সমদল, ডিফু (১০ জুন ২০১৮) | হলিৰাম টেৰাং/ফেচবুক

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts