সমাজৰ প্ৰকৃত ৰূপান্তৰত বিশ্বাসী কমৰেড বিষ্ণুপ্ৰসাদ ৰাভা

বিষ্ণুপ্ৰসাদ ৰাভা। কুৰি শতিকাৰ কেইবাটাও দশক জুৰি অসমৰ চিন্তা-জগতখনত তোলপাৰ লগোৱা মানুহজন নিজেই এক অনুষ্ঠান। গীত, কবিতা, চিত্ৰশিল্প, নৃত্য, সংগীত, অভিনয় আৰু ব্যাপক পৰিমাণৰ গৱেষণালব্ধ লেখা-মেলাই ৰাভাদেউক এক অনন্য ৰূপ প্ৰদান কৰিছে। লগতে সোণতে সুৱগা চৰাইছে ৰাভাদেউৰ অনবদ্য সংগ্ৰামী জীৱন আৰু ৰাজনীতিয়ে। সমাজৰ নিঃস্ব, দুৰ্বল শ্ৰেণীৰ অধিকাৰৰ বাবে ওৰেটো জীৱন ৰাভাদেৱে সংগ্ৰাম কৰি গ’ল। কেতিয়াবা যদি সেই সংগ্ৰামৰ ৰূপ সশস্ত্ৰ, কেতিয়াবা আকৌ সংসদীয়।

ৰাভাদেউৰ এই বিশাল কৰ্মযজ্ঞত আলোকপাত কৰিলে, আমাৰ চকুত যি দিশটো বাঙ্ময় হৈ উঠে, সেয়া তেখেতৰ দৰ্শন। দাৰ্শনিক দৃষ্টিভংগীৰ স্বচ্ছতাই ৰাভাদেউক অনন্য গতি প্ৰদান কৰিছিল। স্বাভাৱিকতে প্ৰশ্ন উঠে যে ৰাভাদেউৰ এই দাৰ্শনিক চিন্তাৰ ভেটি কি? ইয়াৰ সহজ আৰু সঠিক উত্তৰটোৱেই হ’ল— মাৰ্ক্সবাদ (Marxism)। ৰাভাদেউৰ বিপ্লৱী জীৱনক মাৰ্ক্সবাদে এই গতি প্ৰদান কৰিছিল। আজিৰ দিনত বহুতে মাৰ্ক্সবাদ বুলিলেই সাত জাঁপ মাৰে। তাৰো কাৰণ বহুত। চমুকৈমাৰ্ক্সবাদ সম্পৰ্কত অনাগ্ৰহ, অপপ্ৰচাৰ আৰু গভীৰ তত্ত্বৰ প্ৰতি অনীহাৰ মনোভাবৰ কথা ক’ব পাৰি। মাৰ্ক্সবাদৰ এজন ছাত্ৰ হিচাপে আমি নিজে দেখা পাওঁ যে মাৰ্ক্সবাদ এক সমাজ বিজ্ঞান। সমাজখনক বৈজ্ঞানিকভাৱে বিশ্লেষণ কৰাত মাৰ্ক্সবাদে প্ৰভুত সহায় কৰে। এক জীৱনবোধ গঢ় দিয়াতো মাৰ্ক্সবাদে অৰিহণা যোগায়।

ৰাভাদেউৰ জীৱনলৈ চালে আমি দেখা পাওঁ যে তেখেতে মাৰ্ক্সীয় তত্ত্বৰ সাধনা কৰিছিল আৰু এই সাধনাৰ জালিকটা পোহৰত অসমৰ সমাজ জীৱনক পৰ্যালোচনা কৰি আগুৱাই গৈছিল। ৰাভাদেউৰ ৰচনাৱলী (‘বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ’, মুখ্য সম্পাদক: যোগেশ দাস, সম্পাদক: ডাঃ সৰ্বেশ্বৰ বৰা, ১৯৯৭)ৰ দ্বিতীয় খণ্ডৰ ৯২৫ পৃষ্ঠাৰ পৰা ১০৬৭ পৃষ্ঠালৈ সন্নিৱিষ্ট ৰাজনৈতিক ৰচনাৱলীত ৰাভাদেউৰ দাৰ্শনিক স্থিতিৰ বিষয়ে অৱগত হ’ব পাৰি। অৱশ্যে এই চমু আলোচনাত সকলো দিশ সামৰি ল’ব পৰা নাযাব। সেয়ে গুটিদিয়েক দিশ আঙুলিয়াই দিয়াৰ মানস কৰা হ’ল।

মাৰ্ক্সবাদ এক বিজ্ঞান হিচাপে চিহ্নিত হোৱাৰ ঘাই কথাটোৱেই হ’ল দ্বন্দ্বাত্মক বস্তুবাদ (dialectical materialism)। ঘাইকৈ হেগেলীয় (>Georg Wilhelm Friedrich Hegel) চিন্তাৰ উত্তৰণ কৰি মাৰ্ক্সে (Karl Marx) সমগ্ৰ পৃথিৱীক বুজিবৰ বাবে এই তত্ত্বৰ প্ৰয়োগ কৰিছিল। মাৰ্ক্সৰ এই জটিল তত্ত্বক ৰাভাদেৱে অতি প্ৰাঞ্জল ভাষাত আমাক বুজাই দিছে। ‘ডাইলেকটিক’ শীৰ্ষক টোকাত ৰাভাদেৱে অলপ দীঘলীয়াকৈ কোৱা কথাকেইটা উল্লেখ কৰা হ’ল:

কাৰ্ল মাৰ্ক্স

“প্ৰকৃতি সম্বন্ধে আৰু মানৱ বা মানৱ সমাজৰ সম্বন্ধে এনে দৃষ্টিভংগীয়েই বস্তুবাদ বা মেটেৰিয়েলিজম (Materialism)। ইয়াৰ বিপৰীত দৃষ্টিভংগীকেই বোলে ভাববাদ বা আইদিয়েলিজম (Idealism)।

ভাববাদী বয়-বস্তু আৰু বাহিৰ জগতৰ যদি আনুমানিক কোনো সত্তা থাকে, তেনেহ’লে সেইটো গোল। মূল সত্তা আমাৰ জ্ঞানৰ গতিত বিশ্বৰ ৰহস্য মানুহৰ পক্ষে দুৰ্জ্ঞেয়। বস্তুবাদ আৰু ভাববাদৰ এই দ্বন্দ্ব লৈ মূৰ ঘমাবলৈ প্ৰয়োজন কি? কাৰণ ই কেৱল সূক্ষ্ম চিন্তা আৰু তৰ্কৰ বিষয় নহয়, প্ৰকৃতপক্ষে বাস্তৱ কামৰ সৈতে ইয়াৰ ঘনিষ্ঠ সম্বন্ধ আছে। মানুহে প্ৰকৃতিক কেৱল পৰ্যৱেক্ষণেই নকৰে, তেওঁ প্ৰকৃতি আৰু লগে লগে নিজেক পৰিৱৰ্তিত কৰে। দ্বিতীয়তে বস্তুবাদী দৃষ্টিভংগী অনুযায়ী মানুহৰ মন আৰু চেতনাৰ বিষয়বস্তু হ’ল বহিঃ জগত, ভাব তাৰেই প্ৰতীকৰ দৰে। তাৰ ভিতৰতেই ভাবৰ জন্ম।” (বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ, পৃষ্ঠা ৯৯৩)

বস্তুবাদ আৰু ভাববাদৰ মাজৰ দ্বন্দ্বই মানুহৰ জ্ঞান-জগত বিকশিত কৰে। জ্ঞান আহৰণ প্ৰক্ৰিয়া কোনো আকাশৰ পৰা পৰি যোৱা ফল নহয় যে তাক হাত পাতি লৈ খালেই জ্ঞান অৰ্জন হ’ব। দৰাচলতে আমাৰ সমাজ ব্যৱস্থাত যিবোৰ ভাববাদী চিন্তাধাৰাই মানুহৰ মন সামৰি আছে, সেই চিন্তাবোৰৰ লগত বস্তুগত চিন্তাৰ অহৰহ দ্বন্দ্ব হয়। এই দ্বন্দ্বৰ ফলতেই মানুহৰ জ্ঞানৰ বিকাশ হয়। ৰাভাদেৱৰ ভাষাত:

“মাৰ্ক্সবাদৰ সমস্ত তত্ত্ব বস্তুবাদী-বিশ্ব দৃষ্টিৰ পিঠিত গঢ়ি উঠিছে। এই দৃষ্টি লৈয়েই মাৰ্ক্সবাদীয়ে বিশ্বক পৰীক্ষা কৰে আৰু বিশ্বৰ মানৱ সমাজৰ গতিৰ নিয়ম কিম্বা মানুহো বাস্তৱ সত্তাৰ এটি অৱশ্যক নে, আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰে। মাৰ্ক্সবাদে সমস্ত অৱিষ্কাৰ আৰু সমস্ত সিদ্ধান্তকে বাস্তৱ অভিজ্ঞতাৰ মাপকাঠিৰে বিচাৰ কৰে। যিবোৰ সিদ্ধান্ত আৰু তত্ত্ব বাস্তৱ ঘটনাৰ লগত খাপ নাখায়, সেইবোৰক বৰ্জন অথবা সংশোধন কৰে। বিশ্বাস আৰু মানৱ সমাজ সম্বন্ধে এই দৃষ্টিভংগীৰ কিছুমান সাধাৰণ লক্ষণ বা সূত্ৰ আছে। সেইবোৰ মনৰ পৰা সৃষ্টি কৰা নহয়, বাস্তৱ সত্য। মাৰ্ক্সবাদ কোনো বিচক্ষণ মনীষীৰ কল্পিত সিদ্ধান্ত নহয়, ই সম্পূৰ্ণ বাস্তৱৰ ভেটিৰ ওপৰতেই বিজ্ঞানসন্মতভাৱে গঢ়ি উঠিছে। সেই কাৰণে মাৰ্ক্সবাদ বস্তুবাদীৰ নহয়,— তেওঁৰ উদ্ভুত বিশ্বৰ আৰু কিছুমান বিশেষত্ব আছে, যিবোৰৰ সমষ্টিক একেলগে দ্বন্দ্ববাদ নাম দিয়া হৈছে।” (উপৰিউক্ত গ্ৰন্থ, পৃষ্ঠা ৯৯৪)

দ্বন্দ্বাত্মক বস্তুবাদৰ এনে আলোচনাৰ পৰা আমি ৰাভাদেউৰ চিন্তাৰ জগতখনত ভুমুকি মাৰিব পাৰোঁহক। ভাববাদী সমাজৰ সকলো সমলক পৰীক্ষা-নিৰীক্ষা কৰিয়েই ৰাভাদেৱৰ নিজা মাৰ্গ সৃষ্টি হৈছিল। বিশ্ব, প্ৰকৃতি আৰু মানুহ সম্পৰ্কত পোষণ কৰা বস্তুবাদী চিন্তা-চৰ্চাৰ মাজেৰে ৰাভাদেৱে নিজকে এগৰাকী যথাৰ্থ মাৰ্ক্সবাদী হিচাপে প্ৰতিষ্ঠা কৰিছিল।

২০১৮ চনত দুশ বছৰীয়া জন্ম-জয়ন্তীত ভৰি দিব দাৰ্শনিক কাৰ্ল মাৰ্ক্সৰ অদ্বিতীয় গ্ৰন্থ ‘কেপিটেল’ (Capital) বা ‘পুঁজি’-এ। বৰ্তমানলৈকে পুঁজি সংক্ৰান্তীয় মাৰ্ক্সৰ আৱিষ্কাৰক বিশ্বৰ জ্ঞান-তপস্বীসকলে শীৰ্ষত স্থান দি আহিছে। ৰাভাদেৱে এই মহৎ গ্ৰন্থৰ অধ্যয়নৰ যোগেদি এটি আলোক সন্ধানী প্ৰবন্ধ ‘মাৰ্ক্সীয় অৰ্থনীতি: পণ্য আৰু পণ্যৰ মূল্য’ লিখি উলিয়াইছিল। সম্ভৱতঃ মাৰ্ক্সৰ পুঁজি সংক্ৰান্তত অসমীয়া ভাষাত ৰচনা কৰা এইটোৱেই প্ৰথম প্ৰবন্ধ। মাৰ্ক্সৰ ‘পুঁজি’ গ্ৰন্থ নিজেই এক বিস্তৃত চিন্তাৰ ফচল, সেয়ে ৰাভাদেৱে ৰচনা কৰা প্ৰবন্ধৰ আলোকত এই গ্ৰন্থৰ দুৱাৰহে মুকলি কৰিব পাৰি। মানুহৰ শ্ৰম বিভাজন, পণ্য, উদ্বৃত্ত মূল্য আদি কেইটিমান কথাৰে ইয়াৰ আভাসহে দিব পৰা যাব।

মানুহৰ সমাজখনত পুঁজিয়েই শ্ৰম বিভাজনৰ সৃষ্টি কৰিছে। পুঁজিৰ ওপৰত নিয়ন্ত্ৰণৰ যোগেদি সমাজত শ্ৰেণী বিভাজন হৈছে। শ্ৰেণীবোৰৰ মাজত দ্বন্দ্বৰ জন্ম হৈছে। এই দ্বন্দ্বই শ্ৰেণী সংগ্ৰামৰ জন্ম দি সমাজৰ প্ৰকৃত পৰিৱৰ্তনৰ বাট উন্মোচন কৰিছে। ৰাভাদেউৰ ভাষাত:

“অসংখ্য ঘটনাৰ সন্মিলিত সম্পূৰ্ণ ছবিৰ ফালে চাই মাৰ্ক্সে দেখিছে, সমাজৰ আৰ্থিক ব্যৱস্থাৰ সমগ্ৰ ৰূপ, ভগ্নাংশ নহয়। মাৰ্ক্সে আগৰ বিখ্যাত অৰ্থনীতিবিদসকলৰ ভুল শুধৰাই সমাজৰ সকলো উৎপাদন ব্যৱস্থাক ভাগ কৰিলে দুটা ডাঙৰ অংশত— (১) উৎপাদনৰ উপায়বিলাকৰ উৎপাদন আৰু (২) সাক্ষাৎভাৱে মানুহক ভোগত লাগে, এনে বস্তুৰ উৎপাদন।” (আলোচিত প্ৰবন্ধ, বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ, পৃষ্ঠা ১০৬০)

“শ্ৰম বিভাজিত এই সমাজখনত সকলোবোৰ পণ্য। সেই পণ্য হ’ব এনে এক বস্তু, যাক ভোগ বা ব্যৱহাৰ কৰা মানেই হ’ল মূল্য উৎপাদন। সঁচাকৈয়ে বজাৰত যি পণ্য পোৱা যায়, সেই পণ্য হৈছে মানুহৰ শ্ৰমশক্তি। তাক ব্যৱহাৰ কৰাৰ অৰ্থই হ’ল মজুৰ খটোৱা— আৰু মানুহৰ পৰিশ্ৰমেই অৱশ্যে মূল্য সৃষ্টি কৰি থাকে। টকাৰ মালিকে শ্ৰমশক্তি কিনি লয় সেই শক্তিৰ নিজস্ব মূল্যৰ বিনিময়ত।” (আলোচিত প্ৰবন্ধ, বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ, পৃষ্ঠা ১০৫৭)

মানুহৰ শ্ৰমশক্তি কিনি লোৱাৰ পাছত মালিকে সেই শ্ৰমশক্তি উৎপাদনত ব্যৱহাৰ কৰে আৰু অধিক উৎপাদনৰ যোগেদি নিজস্ব মুনাফা আহৰণ কৰে। এই কথাকেইটা সঠিক বৰ্ণনাৰে ৰাভাদেৱে কৈছে: “কিন্তু বৰ্তমান পুঁজিবাদী সমাজত দেখা যায়, শ্ৰমিকৰ শ্ৰমশক্তি বজায় ৰাখিবৰ কাৰণে প্ৰয়োজনীয় কাম য’ত চাৰি ঘণ্টাত শেষ হয়, তাত তাৰ কাম কৰিবৰ ক্ষমতা দিনে আঠ ঘণ্টা, দহ ঘণ্টা অথবা তাতোতকৈ বেছি সময় বজায় থাকে। প্ৰতিদিনে প্ৰথম চাৰি ঘণ্টাৰ কামেৰে সি তাৰ মজুৰিৰ সমান মূল্য বস্তু তৈয়াৰ কৰে। বাকীকেইঘণ্টা কাম কৰি সি অতিৰিক্ত বা উদ্বৃত্ত মূল্য সৃষ্টি কৰে। আৰু এই শেহৰ অংশ অৰ্থাৎ তাৰ অতিৰিক্ত শ্ৰমৰ ফল মালিকৰ পকেটত সোমায়। এয়েই পুঁজিপতিহঁতৰ লাভ বা লাভৰ উঁহ বা উৎস।” (আলোচিত প্ৰবন্ধ, বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ, পৃষ্ঠা ১০৫৬)

এই অতিৰিক্ত লাভ বা উদ্বৃত্ত মূল্যৰ বাবেই মালিকসকল বা পুঁজিপতিসকল অধিক ধনী হৈ গৈ থাকে আৰু শ্ৰম বিক্ৰী কৰা শ্ৰমশক্তি ক্ৰমে দুৰ্বল হৈ গৈ থাকে। পুঁজিপতিসকলেই অধিক মুনাফাৰে এখন ধনতান্ত্ৰিক সমাজৰ সৃষ্টি কৰে আৰু এই ধনতান্ত্ৰিক সমাজ ব্যৱস্থাক পৰিচালনা কৰিবৰ বাবে আধুনিক ৰাষ্ট্ৰ ব্যৱস্থাৰো জন্ম দিয়ে। সেই দিশৰ পৰা আধুনিক ৰাষ্ট্ৰবোৰ এই পুঁজিকেন্দ্ৰিক ধনতান্ত্ৰিক সমাজৰ একোটা অংগ। এই অংগৰ দ্বাৰাই ধনতান্ত্ৰিক সমাজ ব্যৱস্থা অক্ষত ৰখা হয়। বহু সময়ত পুঁজিপতি গোষ্ঠীবোৰে নিজৰ মাজতে একোটা জোঁট বান্ধে আৰু নিজা পুঁজি সঞ্চালন কৰিবৰ বাবে নিজা নিয়ম-কানুন সৃষ্টি কৰি লয়। ইয়াৰ ওচৰত আধুনিক ৰাষ্ট্ৰও নিষ্প্ৰভ হৈ পৰে। আজিৰ কৰ্পৰেট পৃথিৱীক বুজিবৰ বাবে সেয়ে আমাক মাৰ্ক্সীয় অৰ্থনীতিয়ে বহু সহায় কৰে। আনহাতে পুঁজিকেন্দ্ৰিক ধনতান্ত্ৰিত সমাজবোৰৰ কেঁকোৰা চেপাত নিজা শ্ৰমশক্তি বিক্ৰী কৰি কৰি সাধাৰণ মানুহ নিঃস্ব হৈ পৰে। সমাজ এখনৰ গৰিষ্ঠ সংখ্যক মানুহেই এনে নিঃস্ব, দৰিদ্ৰ মানুহ। এনে লোকসকলৰ নিজা শ্ৰেণী সচেতনতা বৃদ্ধি পোৱাৰ ফলত ধনতান্ত্ৰিক সমাজৰ লগত শ্ৰেণী সংঘাট বৃদ্ধি পায় আৰু সিয়েই শ্ৰেণী সংগ্ৰামৰ বিকাশ কৰে। এনে শ্ৰেণী সংগ্ৰামৰ মাজেৰেই একোখন সমাজতান্ত্ৰিক সমাজৰ জন্ম হয় আৰু সেই সমাজ পৰিচালনা কৰিবৰ বাবে সমাজতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাৰো বিকাশ হয়।

কাজেই, কোনোবাই মাৰ্ক্সবাদ ভাল পালেও বা নাপালেও সমাজৰ এই মৌলিক দ্বন্দ্ববোৰ চলি থাকিব। ধনতান্ত্ৰিক সমাজ এখনৰ আভ্যন্তৰীণ দ্বন্দ্ববোৰৰ বাবেই ধনতান্ত্ৰিক ৰাষ্ট্ৰৰ পতন ঘটিব আৰু ধনতান্ত্ৰিক সমাজখনৰ বুকুৰ পৰাই ভাবীকালৰ সমাজতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিকাশ হ’ব। এই সমাজতান্ত্ৰিক সমাজৰ বুকুৰ পৰাই পুনৰাই সাম্যবাদী সমাজ বা কমিউনিষ্ট সমাজৰ জন্ম হ’ব। ই অপ্ৰতিৰোধ্য।

মাৰ্ক্সবাদৰ এই মূল কথাবোৰ বুজি উঠাৰ বাবেই ৰাভাদেৱৰ নিজা দাৰ্শনিক চিন্তাৰ ভেটিটোৰ জন্ম হৈছিল। এই ভেটিৰ ওপৰতেই থিয় দি তেখেতে সাহিত্য-সংস্কৃতিৰ বৰঘৰটো নিৰ্মাণ কৰিছিল। আমি ৰাভাদেউৰ সাহিত্য-সংস্কৃতিৰ কথাবোৰ বৰকৈ কওঁ, কাৰণ আমি আঁতৰৰ পৰা তেখেতৰ হেঙুল-হাইতাল বোলোৱা সাহিত্য-সংস্কৃতিৰ বৰঘৰটো চায়েই মুগ্ধ হওঁ। কিন্তু এই বৰঘৰটো থিয় দি থকা ৰাভাদেউৰ চিন্তাৰ ঘাই ভেটি, তেখেতৰ দাৰ্শনিক সত্তা বা সেই সত্তাৰ শাঁহ স্বৰূপ মাৰ্ক্সবাদ বুজিবৰ যতন বৰ কমকৈ কৰোঁ। ফলত গোটেই কথাটো অন্ধৰ হস্তী দৰ্শনৰ লেখীয়াহে হৈ পৰে।

এই চমু আলচটোত আমি ৰাভাদেউৰ চিন্তাৰ ভেটিটো বিচাৰিবলৈ যত্ন কৰিলো। ভেটিটোৰ ৰূপৰ পৰাই আমি ৰাভাদেউক প্ৰকৃত মাৰ্ক্সবাদী বুলি ক’ব পাৰোঁ। আমাৰ এই সিদ্ধান্তত উপনীত হোৱাত ৰাভাদেৱে নিজেই সহায় কৰিছে। তেখেতৰ ৰচনাৱলীৰ লগত আমি এখন চিঠিও পাইছোঁ। তেখেতৰ ৰচনা সম্ভাৰৰ ১৫৯১ পৃষ্ঠাত সন্নিৱিষ্ট এই চিঠিখন ৰোগশয্যাৰ পৰা তেখেতে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ৰাজ্যিক পৰিষদলৈ লিখিছিল। চিঠিখনৰ তাৰিখ ১৫।৭।৬৯। জীৱনৰ শেহ সময়ত উপনীত হৈ ৰোগশয্যাৰ পৰাই ৰাভাদেৱে লিখা এই চিঠিখনত বহু গুৰুত্বপূৰ্ণ কথা আছে। তাৰে উল্লেখযোগ্য কথাটো হ’ল:

“১৯৪৫ চনৰ পৰা ৰাইজৰ মাজত জঁপিয়াই পৰি বহু সভা-সমিতিৰ যোগে ৰাইজৰ প্ৰতি মোৰ কৃতজ্ঞতা যাঁচিছিলো। তেতিয়াৰ পৰাই ভাৰতৰ বিপ্লৱী সাম্যবাদী দলৰ লগত সংশ্লিষ্ট থাকি মাৰ্ক্সীয় দৰ্শন, মাৰ্ক্সীয় অৰ্থনীতি, দ্বন্দ্ববাদৰ লগত পৰিচিত হৈ আৰু লেনিনবাদৰ সম্যক জ্ঞানৰ উপলব্ধিৰ আশাত, প্ৰকৃত কমিউনিষ্ট হোৱাৰ আশাত ৰাইজৰ হিয়াৰ আমঠু, ৰাইজৰ প্ৰাণৰ লগৰী আৰু ৰাইজৰ লগত একেলগে মিলিজুলি ৰাইজক মাৰ্ক্সীয় দৰ্শনৰ প্ৰতি উদ্বুদ্ধ কৰাৰ কাৰণে নিজৰ সকলো শক্তি নিয়োগ কৰোঁ… তেতিয়াৰ পৰাই বিশ্বভ্ৰাতৃত্বৰ শ্ৰমিক, কৃষক, সৃষ্টিকাৰী জনতাৰ শান্তি-প্ৰগতি আৰু নতুন সমাজৰ সাধনাত মোৰ ক্ষুদ্ৰ শক্তিৰে দুখকাৰী জনসাধাৰণৰ পাৰ্টি কমিউনিষ্ট পাৰ্টিৰ সভ্য ৰূপে ৰাইজৰ সেৱা কৰি আহিছোঁ।” (বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ, পৃষ্ঠা ১৫৯২)

| আৰু পঢ়ক: ৰাভা চেতনাৰ পুনৰ মূল্যায়ন হওক

এই চিঠিখনতেই ৰাভাদেউৰ সমগ্ৰ জীৱনৰ সাৰকথা সন্নিৱিষ্ট হৈ আছে। এই সাৰকথাক নিৰ্ভৰ কৰিয়েই প্ৰতিজন মাৰ্ক্সবাদৰ ন-শিকাৰু ছাত্ৰ-ছাত্ৰীয়ে নিজা জীৱনৰ দাৰ্শনিক ভেটি, জীৱন পৰিচালনাৰ পথ নিৰ্ণয় কৰিব পাৰে। সেই দিশৰ পৰাই মাৰ্ক্সবাদী বিষ্ণু ৰাভা প্ৰত্যেকজনৰ বাবে আজিও প্ৰাসংগিক। আজিও প্ৰেৰণাদীপ্ত এক সমুজ্জ্বল আলোকশিখা। আজিও সমাজৰ প্ৰকৃত ৰূপান্তৰত বিশ্বাসীসকলৰ এজন কমৰেড।

আপোনাৰ আৰু ভাল লাগিব পাৰে:
ডঃ ইন্দ্ৰজিৎ বেজবৰুৱা

ডঃ ইন্দ্ৰজিৎ বেজবৰুৱা

সহকাৰী অধ্যাপক, বুৰঞ্জী বিভাগ, লামডিং মহাবিদ্যালয়, লামডিং | E-mail: ibezbaruah@yahoo.in | Ph: +91 98641 10922

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of