নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

জোনটো যদি নামি আহে...

জোনটো যদি নামি আহে...

আমাৰ শিশু মনত নিশাৰ জোন, তৰা, জোনাকী পৰুৱাই বৰ প্ৰভাৱ পেলাইছিল। শৈশৱটোৱেই আছিল এখন কল্পনাৰ মনোমোহা জগত। নিশাৰ আকাশৰ তৰা দেখুৱাই দেখুৱাই মামণি বাইদেৱে মোক ভাত খুৱাইছিল গোটেই চোতালখন ঘূৰি ঘূৰি। গাঁৱৰ লগৰীয়াবোৰৰ লগত বোকা-পানী গচকি বাঁহতলে-কলাতলে ঘূৰি ফুৰা সেই শৈশৱ আছিল পূৰ্ণ স্বাধীনতাৰ শৈশৱ।

স্কুললৈ যাওঁতে আমলখি, মধুৰিআম, বগৰী পাৰি খোৱা সোণোৱালী শৈশৱ সময়ৰ সোঁতত হেৰাই গ’ল। চহৰমুখী জীৱনে প্ৰকৃতিৰ পৰা লাহে লাহে আঁতৰাই আনিলে আমাক। এতিয়া আমাৰ পিছৰ প্ৰজন্মই একোখন শুকান চহৰত বাস কৰে। তেওঁলোকৰ বাবে জোনাকত উমলিব পৰা পৰিৱেশ নোহোৱা হ’ল। জোনাকী পৰুৱা খেদি খেদি এতিয়াৰ শৈশৱে আৰু আনন্দ লভিবলৈ সময় নেপায়। যান্ত্ৰিকতাৰ মাজত আমি পিষ্ট হ’লো।

শৈশৱ হৈ পৰে নষ্টালজিয়া। গাঁৱলৈ মনত পৰে। গাঁৱৰ পুখুৰীটোলৈ মনত পৰে। বোকাময় পথাৰখনলৈ মনত পৰে। শেৱালিজুপিলৈ মনত পৰে। বগলী-বৰটোকোলাজাকলৈ মনত পৰে। জোনৰ দেশলৈ যোৱাৰ সাধুকথা মনত পৰে। তৰাৰ দেশৰ সাধুকথা মনত পৰে।

চহৰৰ শুকান ঘৰৰ ছাদত উঠি কবৰীক, মোৰ ছোৱালীজনীক আকাশখন দেখুৱাওঁ। তাই সোধে— তৰাটো আনি দিবা দে’তা?

— জোনটো আনি দিবা দে’তা?— জোনটো!

…শৈশৱে ভুমুকি মাৰেহি। ছোৱালীজনীৰ চকুৰে আকাশখনলৈ চাওঁ। চাই ভাবোঁ— জোনটো আনি দিব পৰা হ’লে! তৰাটোও!


…
Video unavailable
This video is no longer available because the YouTube account associated with this video has been terminated.
…


জোনটো যদি নামি আহে
কণ্ঠ: কবৰী কুসুম (৬ বছৰ), নয়নজ্যোতি শইকীয়া
কথা, সুৰ: নয়নজ্যোতি শইকীয়া
সংগীত ব্যৱস্থাপনা: প্ৰাঞ্জল বৰা

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক