মই যেতিয়া কবিতা লিখোঁ
তেতিয়া মই কি কি যে নকৰোঁ!
পিছফালৰ শিলিখাজোপাৰ তলত গৈ বহোঁ— সৰাপাতৰ শব্দ শুনিবলৈ চেষ্টা কৰোঁ,
মোনাখন লৈ বজাৰলৈ যাওঁ— একো নিকিনাকৈ ঘূৰি আহোঁ,
এশ বছৰ পুৰণি স্কুলখনলৈ যাওঁ— দূৰৈৰ পৰা ছাত্ৰবোৰৰ প্ৰাতঃসভা চাওঁ,
ভঁৰালঘৰত সোমাই ককাৰ দিনৰে পুৰণি বস্তুবোৰ চাওঁ— পৰি থকা খোলাকটি এটুকুৰা বুটলি চোবাওঁ,
আবেলি নামঘৰলৈ যাওঁ— ডবা বাজিলে ঘৰলৈ ওভতোঁ,
পদূলিৰ জবাজোপাৰ পৰা সৰি থকা দুপাহ তুলি লওঁ— হেতালি খেলোঁ,
দেউতালৈ উচ্চ ৰক্তচাপৰ ঔষধ আনিবলৈ যাওঁ— মালৈ এই মাহৰ আলোচনীবোৰ,
যেতিয়া মই কবিতা লিখোঁ
তেতিয়া মই কত কি কি যে নকৰোঁ!
খোজ কাঢ়োঁ— সাঁতোৰোঁ— চাইকেল চলাওঁ— ঘাঁহনিত চিৎ হৈ শোওঁ— আইনাত নিজকে চাওঁ— বিস্তীৰ্ণ পথাৰত গৈ টেঁটুফালি চিঞৰোঁ— পঢ়া-কোঠাত আন্ধাৰত চকু মেলি বহি থাকোঁ— মোবাইল কোম্পানীৰ গ্ৰাহক সেৱাৰ মহিলা বিষয়াগৰাকীক মিছা অভিযোগ দিয়াৰ ছলেৰে দীঘলীয়া কথা পাতোঁ—
যেতিয়া মই কবিতা লিখোঁ
মুদ্ৰাস্ফীতি লৈ চিন্তিত হওঁ— দেশত নিবনুৱাৰ সংখ্যা কিমান বাঢ়িল তাৰ খবৰ ৰাখোঁ— প্ৰসূতি-মৃত্যুৰ হাৰ কমিলে আনন্দিত হওঁ— অহা নিৰ্বাচনত কাক ভোট দিম তাৰ হিচাপ-নিকাচ কৰোঁ—
মুঠতে,
যেতিয়া মই কবিতা লিখোঁ
হেন কৰোঁ তেন কৰোঁ
মোৰ হাতত মৰিবলৈকো সময় নাথাকে।
আৰু
যেতিয়া
মই
কবিতা
নিলিখোঁ,
তেতিয়া
মোৰ হাতত
সময়েই সময়।
কিন্তু
তেতিয়া মই একোৱেই
নকৰোঁ—
আনকি
জীয়াই থকাৰ
অভিনয়ো!
❧ | অধিক কবিতা: