ৰবীন্দ্ৰ ৰচনাৱলী আৰু এটা জ্বলি যোৱা ব্ৰা

ৰবীন্দ্ৰ ৰচনাৱলী আৰু এটা জ্বলি যোৱা ব্ৰা
  • 05 Jun, 2021

মূল (বাংলা): উত্তম দত্ত
অনুবাদ: ময়ূৰী শৰ্মা বৰুৱা

স্কু লৰ গোটেইবিলাক পৰীক্ষাতে প্ৰথম হৈ পাইছোঁ। কলেজতো মাৰ্কশ্বীটবোৰ আছিল চকুত পৰা বিধৰ। তাকে লৈ বাতৰি কাকত, দূৰদৰ্শনত দুদিনমানলৈ হৈ-চৈ চলিল। তথাপিতো বিশ্ববিদ্যালয়ত পঢ়াৰ সময়ত কোনেও এদিনৰ বাবে হ’লেও মৰমতে মোৰ কাষত বহিবলৈ নিবিচাৰিলে।

আটাইবিলাক ফাৰ্ষ্ট বেঞ্চ দখল কৰি বহি থাকে সোণালী ছোৱালীবোৰ। সিহঁতৰ ঠিক পিছফালৰ বেঞ্চবিলাকতে আছিল প্ৰতিজনীৰে নিজা নিজা লাইট হাউছ। কেৱল মোৰহে কোনো প্ৰেমিক নাছিল। নাছিল কোনো লাইট হাউছ।

কেৱল এজন অধ্যাপকক বাদ দি বাকীসকল‌ আচৰিত ধৰণে ৰূপমুগ্ধ আছিল। ফাৰ্ষ্ট বেঞ্চৰ বাহিৰে যেন আন ছাত্ৰ-ছাত্ৰী নায়েই। মোৰ পিনে তেওঁলোকে ভুলতো ঘূৰি নাচাইছিল।

লাষ্ট বেঞ্চৰ এচুকত অকলে অকলে বহি থাকিছিলো। ক্লাছত দিয়া নোট লৈছিলো। ছাৰসকলে আমনি পাব বুলি জানিও মাজে মাজে দুই-এটা প্ৰশ্ন সুধিছিলো। যদি কেতিয়াবা মন বেয়া লাগে, ক্লাছৰ খিৰিকীৰে চাইছিলো দূৰৈৰ পাহাৰ, ঝাওবন… নীলা কুঁৱলিয়ে আৱৰি ৰখা আমাৰ লিমা বস্তি।

মনৰ চকুৰে যেন দূৰৈৰ পৰাই দেখা পাইছিলো,— সৌৱা গোমধানৰ বাৰীত কামত ব্যস্ত দেউতা; চাহবাগানৰ পৰা উভতি আহি মায়ে সৰিয়হ শাক আৰু বনৰিয়া কাঠফুলা বুটলি খোঁচনিত বান্ধি লৈছে। সৰু ভাইটি অৰ্জুনে বাটলু গুটি আৰু ধনু-কাঁড় একাষে থৈ নিশ্চিন্ত মনে মাখিজাকৰ সৈতে একেলগে পঁইতা ভাত খাই আছে।

কদম ফুলৰ নিচিনা এঘাৰটা এমা-ডিমা পোৱালি লগত লৈ লাইলং নামৰ চীনা কুকুৰাজনী আগফালে চৰি আছে। ভাইটিৰ এটাই ভয়, কেনেবাকৈ যদি নেউল বা চিলনীয়ে চোঁ মাৰি আহি মৰম লগা পোৱালিকেইটা লৈ যায়!

শীৰ্ণকায় কলীয়া বাঙৰি নৈখনৰ দৰেই নিৰিবিলি চাওঁতালী ছোৱালী মই। মোৰ স্তন দুটা নাই। সৰুতেই জ্বলি থকা চৌকাত পৰি গৈছিলো। তেতিয়াই মোৰ স্তনগ্ৰন্থি পুৰি গৈছিল। তিনি দিনলৈ জ্ঞান নাছিল। মায়ে কৈছিল— ‘তোৰ বুকুত আৰু গাখীৰ নহয়।’

মাৰ কথা শুনি হাঁহি উঠিছিল। গাখীৰেৰে কি হ’ব মা? গাখীৰ দেখোন বজাৰতো কিনিবলৈ পোৱা যায়।

মোৰ কথা শুনি ঝাওবনত বৰষুণ নামে। ৰঙা জঁৰ কুকুৰাকেইটাই মাটিত ছটিয়াই থোৱা ৰেচনৰ গম খাই খাই একোবাৰ মূৰ তুলি চায়। তাৰপাছত ‘কুকুৰুক্ৰু ক্ৰুউউউউ’ বুলি চিঞৰ মাৰি ডেউকা কোবাই সিহঁতবোৰে পাহাৰৰ গাত তীব্ৰ প্ৰতিধ্বনি তোলে।

image

তেতিয়া কেনেকৈ জানিম যে ছোৱালীবোৰৰ মূৰতকৈ স্তনৰ দাম বেছি, মেধাতকৈ গাৰ বৰণ আৰু নিতম্বৰ গঠন বেছি গুৰুত্বপূৰ্ণ, উজ্জ্বল মাৰ্কশ্বীটতকৈ সুন্দৰ মুখাবয়ৱ ইমান চুম্বকীয়?

ল’ৰা বন্ধুবোৰে মোক লৈ ফিচিঙা-ফিচিঙি কৰে। পিছে মোৰ মুখৰ আগত নকৰে। ক্লাছলৈ কচুশাক খাই অহাৰ দিনা সিহঁতে মোৰ গাত পোৰা নিগনিৰ গোন্ধ পায়। যিদিনা কেৱল গোমধান সিদ্ধ খাই নতুবা লঘোনে থাকি ক্লাছত গৈ বহোঁ, সিহঁতে মোৰ ওৰণাত সাপৰ মাংস আৰু বাহী হাড়িয়াৰ দুৰ্গন্ধ পায়।

আঁৰ চকুৰে এবাৰ মোৰ চেপেটা বুকুলৈ চাই চৰ্যাপদৰ পেৰডি কৰি কয়— ‘নীচু নীচু পাবত তহি বসহি শবৰী বালি।’ (সৰু সৰু টিলাত শবৰী গাভৰুৰ বাস)

ঈষৎ সোণালী, কেঁকোৰা আৰু ঘন চুলিৰে দেখাত দেৱতাৰ দৰে সুদৰ্শন এজন খ্ৰীষ্টানধৰ্মী ডেকা অধ্যাপক আছিল। তেওঁৰ ক্লাছ অকল শুকুৰবাৰেহে থাকিছিল। মোৰ সহপাঠিনীসকল প্ৰতিদিনে যাৰ প্ৰেমত পৰিছিল, কেৱল সেইজন অধ্যাপকেহে ক্লাছলৈ আহিয়েই শেষৰ পৰা আৰম্ভ কৰিছিল— ‘কৃষ্ণকলি, আজি কেনে আছা? যোৱা শুকুৰবাৰে ক’ত এৰিছিলো, মনত আছেনে?’

মই থিয় হৈ ছাৰৰ প্ৰশ্নৰ উত্তৰ দিছিলো আৰু গোটেই ক্লাছটোৱে চকু-ডিঙি বেঁকা কৰি মোক চাইছিল। কোনোৱে মিচিকিয়াই হাঁহিছিল, কোনোৱে চকু টিপিয়াই অসভ্য ইঙ্গিত দিছিল।

ছাৰে মোক কৃষ্ণকলি বুলি মাতিলে ভীষণ লাজ লাগিছিল। ভালো লাগিছিল। মনে মনে গুণগুণাইছিলো: ‘এনেকৈয়ে কাজল ক’লা মেঘ জেঠমহীয়া আহে ঈশান কোণলৈ। এনেকৈয়ে কোমল ক’লা ছাঁ আহাৰমহীয়া নামে তমাল বনলৈ। এনেকৈয়ে শাওণৰ ৰাতি ঘনীভূত সুখ হঠাতে নামে বুকুলৈ।’

ক্লাছৰ শেষত ছোৱালীবোৰে টিপ্পনী মাৰে: গৰুগাড়ীত কিহৰ হেডলাইট! জাঙিয়াত কিহৰ বুকু-পকেট! গুপ্তকেশত কিহৰ ইউ কাট! তাকে শুনি ল’ৰাবোৰে হাঁহিত ৰ’ব নোৱাৰি ঘাঁহত বাগৰি বাগৰি কৈছিল: নেজ নাইকিয়া কুকুৰণীৰ নাম টাইগ্ৰেছ! পঁইতাচোৰা আকৌ চৰাই! নিমাইৰ নাম কৃষ্ণকলি! বাঁজীৰ ভেনিটি বেগত আকৌ কনডম!

ঘৰলৈ উভতি অহাৰ পাছত কেতিয়াবা কেতিয়াবা মৰি যাবলৈ মন‌ গৈছিল। ৰাতিৰ অন্ধকাৰত নিজান পাহাৰৰ গৰাৰ ওচৰত অকলে অকলে ৰৈ‌ থাকোঁ। দূৰৈত তলৰ সৰু সৰু চুবুৰি আৰু বস্তিবোৰত জোনাকী পৰুৱাৰ নিচিনা পোহৰ। পাহাৰৰ খাঁজে খাঁজে সজল অতিথিৰ দৰে ৰৈ থাকে ডাৱৰৰ টুকুৰাবোৰ। মৃত্যুৰ সাত চেণ্টিমিটাৰ আঁতৰত থিয় হৈ মোৰ মনত পৰে সেই মাৰ্কিন কবিৰ কথা, যিয়ে লিখিছিল: ‘Danger hides in beauty and beauty hides in danger’।

এনেকৈয়ে মোৰ আৰু মৰা হৈ নুঠিছিল। কিমানবাৰ যে মৃত্যুৰ মুখামুখি থিয় হৈ মোৰ কিবা নহয় কিবা কবিতাৰ কথা মনত পৰি গৈছিল। পাহাৰৰ পৰা তলৰ শীৰ্ণ জুৰিটোলৈ জঁপিয়াবলৈ লৈ অকস্মাতে পাহাৰী জোনাকৰ অলৌকিক সৌন্দৰ্য দেখি থমকি ৰৈছোঁ।

ভাবোঁ, মইনো কিয় মৰিম? পোক এটাইওতো জীয়াই থাকিবলৈ বিচাৰে। জীপৰ চকাই থেঁতালি যোৱা বনমেকুৰীটোৱেও জীয়াই থাকিবলৈ বিচাৰে। চাংলিং মঠৰ পঁচাশী বছৰীয়া কুষ্ঠ ৰোগাক্ৰান্ত বৌদ্ধ সন্ন্যাসীজনেও দেখোন দীৰ্ঘায়ুৰ হেঁপাহ কৰে।

তেনেহ’লে মইনো এনেকৈ কিয় বাৰে বাৰে মৰিবলৈ বিচাৰিছোঁ? কেৱল স্তন দুটা নাই বুলিয়েই? মৰাৰ আগতেই যিটো বস্তুৱে এনেও তাৰ যাৱতীয় ঐশ্বৰ্য হেৰুৱাই মৰি যায়! নে গাৰ বৰণ ক’লা বুলি? কেৱল দেখাত ধুনীয়া নহয় বুলিয়েই? কেৱল‌ এজনী অন্ত্যজ অনাৰ্য ছোৱালী বুলিয়েই?

নে দিনৰ পিছত দিন কেইজনমান নিম্ন ৰুচিৰ অশিক্ষিত অসুস্থ সহপাঠীৰ বিকৃত বিদ্ৰূপৰ চিকাৰ হৈছোঁ বুলি?

প্ৰতিবাৰতে ভাইটি আহি মোক মৃত্যুৰ মুখৰ পৰা ওভোতাই ঘৰলৈ লৈ যায়। মায়ে বিয়াকুল হৈ সোধে— ‘কি হ’ল? কোনোবাই তোক কিবা কৈছে?’ তাৰ পিছত মাৰাংবুৰুৰ থানৰ পৰা দুপাহ ফুল আনি মোৰ কপালত লগাই বিৰবিৰকৈ স্বস্তিমন্ত্ৰ উচ্চাৰণ কৰে। ‌

কোঠাৰ এচুকত জুইৰ ওচৰত বহি বিষণ্ণ গম্ভীৰ মুখে দেউতাই মদ খোৱাৰ ফাঁকে ফাঁকে ডিঙিত ওলমি থকা ৰূপৰ ক্ৰছটো এবাৰ চুমা খায়, এবাৰ মোলৈ চায়।

image

পাছদিনা শুকুৰবাৰ। মায়ে ক’লে— ‘কাইলৈ ক্লাছলৈ যাব নালাগে দে। দুদিনমান জিৰণি ল। গা মন ভাল হৈ যাব।’

মায়ে জানে মোৰ মাহেকীয়া হৈ আছে। আজি দ্বিতীয় দিন। এই সময়ত মোৰ খুব পেটৰ বিষ উঠে। কিন্তু কাইলৈ মই ক্লাছলৈ যামেই। বি এম ছাৰৰ ক্লাছ আছে। গাত ১০২ ডিগ্ৰী জ্বৰ লৈ হ’লেও মই তেওঁৰ ক্লাছ কৰিছোঁ।

মাজে মাজে নিজকে সোধোঁ: এইযে যোৱা এটা বছৰে ইমান বিষণ্ণ অন্ধকাৰতো মই মৰিব নোৱাৰিলো, সেয়া একমাত্ৰ সেই ডেকা অধ্যাপকজনৰ কাৰণেই নেকি?

পাছদিনা অসুখীয়া গাৰেই ক্লাছলৈ গ’লোঁ। মায়ে কাঁচৰ বটল এটাত বনৌষধি মিহলোৱা গৰম পানী ভৰাই দিছিল। তাৰে বিষ কমে হেনো।

দুপৰীয়া ডেৰ বজাত বি এম ছাৰ আহিল। হাতত এখন দীঘল কাগজৰ তালিকা। যোৱা সপ্তাহত আমাৰ ইণ্টাৰনেল এচেছমেণ্ট আৰু ডিছাৰ্টেছন পৰীক্ষা হৈছিল। ছাৰে আহিয়েই ঘোষণা কৰিলে— ‘তোমালোক পয়ষষ্ঠিগৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে জাগৰী হেমব্ৰমে। আমাৰ কৃষ্ণকলিয়ে।’

গোটেই ক্লাছৰ চকু তেতিয়া মোৰ ওপৰত। ছাৰে নামি আহি মোৰ মূৰত হাত ফুৰাই খুব প্ৰশান্ত ভঙ্গীত কৈ উঠিল— ‘God bless you. I’m really proud of you’।

সেই মুহূৰ্তত এক অপাৰ্থিৱ আনন্দত মোৰ দুচকু পানীৰে ভৰি পৰিছিল। ভৰি চুই ছাৰক সেৱা কৰিলো। মনে মনে ভাবিলো— কালি পাহাৰৰ পৰা জঁপিয়াই পৰি মৰি থকাহেঁতেন, আজিৰ এই সৰগীয় মুহূৰ্তটো দেখা পোৱাৰ ভাগ্য নহ’লহেঁতেন। মোৰ সপোনৰ অধ্যাপকজনকো ভৰি চুই সেৱা কৰা হৈ নুঠিলহেঁতেন।

ক্লাছৰ পাছত মোক হতবাক কৰি ভেৰোনিকা আচাৰ্য নামৰ ছোৱালীজনীয়ে মোক সাবটি ধৰি কৈ উঠিল— ‘কংগ্ৰেচুলেছনচ্! … কাইলৈ মোৰ জন্মদিন। আটাইবোৰ বন্ধু ঘৰলৈকে আহিব। তুমিও আহিবা। আগতে কোৱা নহ’ল বাৰু। ছৰি।’

সাধাৰণতে কাৰো ঘৰলৈকে নাযাওঁ। কোনেও কেতিয়াও মতাও নাই। তথাপি পাছদিনাখন বিচাৰি বিচাৰি ভেৰোনিকাৰ ঘৰ ওলালোগৈ। বিশাল‌ প্ৰাসাদোপম ঘৰ। দুৱাৰমুখত উৰ্দি পৰিহিত দাৰোৱান। দুখনকৈ দামী গাড়ী। গোটেই ঘৰটো পোহৰত জিলিকি আছে।

তাইৰ মাক আহি কথা জুৰিলেহি। ‘তুমিয়ে জাগৰী নহয়? ইমান মৰম লগা! চকু দুটাও কি ধুনীয়া! আই ঔ, ইমান ডাঠ আৰু কিচকিচীয়া তোমাৰ চুলিকোচা! শুনিছোঁ, পঢ়াতো বোলে খুব ব্ৰিলিয়েণ্ট! আহাঁ আহাঁ সোমাই আহা মাজনী…।’

খন্তেক পাছতে ক্লাছৰ আটাইবোৰ আহি পালে। সকলোৱে মোৰ সৈতে বেছ ভাল ব্যৱহাৰ কৰিছে। মন্দিৰা চেতাৰ্জীয়ে মোৰ পিনে চাই হাঁহি হাঁহি বেছ ডাঙৰকৈ ক’লে— ‘এয়া আমাৰ ফাৰ্ষ্ট গাৰ্ল। তুমিতো ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হ’বাই আৰু। পিছে আমাৰ ফালেও চাবা দেই। তোমাৰ স্পেছিয়েল ন’ট-ট’টবিলাক আমাকো দিবা আৰু।’

এনেকৈ আটাইবোৰে উৎসৱ পাহৰি সুসজ্জিত যখিনীৰ দৰে মোক ঘেৰি ধৰিলে। সৌ সিদিনালৈকে এওঁলোকে মোক কুকুৰ-মেকুৰীৰ দৰে জ্ঞান কৰি তুচ্ছ-তাচ্ছিল্য কৰিছিল। আৰু আজি…!

তথাপি সমস্ত অপমান আৰু বিষ সনা কাঁড়ৰ আঘাত পাহৰি মই ক’লোঁ— ‘নিশ্চয় দিম। কিয় নিদিম? মোৰ চাৰিওখন বহীয়েই দিম তোমালোকক। জেৰক্স কৰি ল’বা।’

সকলোৰে খুব ফূৰ্তি। আৰম্ভ হ’ল নাচ-গান, হাঁহি-ধেমালি, বিলাতী মিউজিক…। প্ৰকাণ্ড কে’ক এটা কটা হ’ল। ‌ অসংখ্য ৰং-বিৰঙী বেলুন উৰুওৱা হ’ল। সমানে চলিল পান আৰু ভোজন।

অৱন্তীয়ে ক’লে— ‘তই আদিবাসী নাচ এটাকে নাচি দেখা না। আমিও নাচিম তোৰ লগত।’

কোনোমতেই ৰাজী নহ’লো। দুটা পোৰামাটিৰ ঘোঁৰা আনিছিলো। সেই দুটা ভেৰোনিকাৰ হাতত দি ক’লোঁ— ‘যাওঁঁ দেই। ৰাতি বহুত হ’ল। নহ’লে মায়ে খুব চিন্তা কৰিব। আজি মোৰ গাটোও…।’ ভেৰোনিকাই ক’লে— ‘ৰ’বা, তোমাৰ কাৰণে ৰিটাৰ্ণ গিফ্ট এটা আছে। সকলোৰে কাৰণে কিবা নহয় কিবা আছে।’

সেই বুলি কৈয়েই তাই ৰঙীন কাগজেৰে মেৰিওৱা পেকেট এটা মোৰ হাতত তুলি দি ক’লে— ‘সাৱধানে যাবা দেই। আন্ধাৰ ৰাস্তা। তাতে তুমিতো বাছৰ পৰা নামি আকৌ ভালেখিনি দূৰ পাহাৰেদি তললৈ নামি যাব লাগিব।’

‘এই ৰাতিখন সেই অন্ধকাৰ পাহাৰীয়া বাটেৰে বস্তিলৈ যাবা! বি কেয়াৰফুল বেবী। আজিকালি যিহে ৰেপ-ছেপ হৈছে চাৰিওপিনে…।’— কথাখিনি কওঁতে মন্দিৰাৰ প্ৰসাধন সুশোভিত মুখমণ্ডলত অপাৰ বিস্ময় ফুটি উঠিল।

মই তেতিয়া তলমূৰকৈ ড’ৰমেতৰ কাষতে থোৱা মলিন জোতাযোৰৰ ফিতা বান্ধি আছিলো। হঠাতে কাণত পৰিল, বিম্বিসাৰ নামৰ চুটি-চাপৰ থোপোকা ল’ৰাটোৱে মন্দিৰাৰ কাণে কাণে নিম্নস্বৰত কৈ আছে— ‘আৰে তাইৰ কিহৰ ভয়? অন্ধ আৰু ঘোৰ মদাহীক বাদ দি তাইকনো আৰু কোনে ৰেপ কৰিব পাৰে!’

তাৰ পাছত দুয়োৰে কি হাঁহি! সেই অশ্লীল হাঁহিয়ে নিমিষতে নোহোৱা কৰি পেলালে জন্মদিনৰ আনন্দ-উল্লাস। মনটো মৰহি গ’ল। অপমানে জুৰুলা কৰা শৰীৰটোক চোঁচৰাই অনাদি আনি বাছষ্টপ পোৱালোহি।

বাছৰ পৰা নামিয়েই পাহাৰৰ গৰাইদি আন্ধাৰ বাটটোৰে ঘৰলৈ গৈ থাকোঁতে হঠাৎ জানো কি হৈ গ’ল! এক পুঞ্জীভূত আৱেগ আৰু যন্ত্ৰণাত মোৰ সমগ্ৰ শৰীৰে চাবুকৰ কোব খোৱা বোবা ছোৱালীজনীৰ দৰে আৰ্তনাদ কৰি উঠিল।

বিম্বিসাৰৰ কথাকেইটা কাণত বাজি আছিল। মন্দিৰা আৰু তাৰ সেই অশ্লীল শ্লেষাত্মক হাঁহি যেন ঝাওবনৰ বতাহত চক্ৰাকাৰে পাকঘূৰণি খাই আছে। সোঁহাতৰ তলুৱাৰে চকুপানী মচি নিজকে সুধিলো— আজীৱন নিজান ৰাস্তাত ৰেপড্ হ’ব পৰাৰ সম্ভাৱনা কঢ়িয়াই ফুৰাটোও কি ছোৱালীবোৰৰ যোগ্যতাৰ ভিতৰত পৰে, যিটো মোৰ নাই?

জীৱনৰ প্ৰতিটো মুহূৰ্তত কামুক আৰু ৰূপমুগ্ধ লম্পট পুৰুষৰ লেলাওটি বৈ অহা চাবলৈ পোৱাও কি ছোৱালীহঁতৰ বাবে খুব গৌৰৱৰ বিষয়, যি গৌৰৱ মোৰ নাই!

এইবোৰকে ভাবি থাকোঁতে চকুৰ পানী শুকাই যায়। ফিৰফিৰীয়া চেঁচা বতাহৰ মাজতো মোৰ চকুৰে যেন জুইহে বৰষিছিল। সেই জুইৰ পৰা ওলাই আহে হাজাৰ হাজাৰ নিশাচৰ চৰাই। সিহঁতৰ এটা চকুত আছিল‌ ঘৃণা আৰু আনটোত কৰুণা।

ছাৰৰ কথা বৰকৈ মনত পৰিল। এদিন ক্লাছতে কৈছিল— ‘মেধা, শ্ৰম আৰু আত্মবিশ্বাস থাকিলে এজন পঙ্গু মানুহেও এভাৰেষ্ট শৃঙ্গ বগাব পাৰে। … মনত ৰাখিবা, বতাহ-ধুমুহাত লতা দোঁ খাই পৰে, কিন্তু পাহাৰ অবিচল হৈ থাকে। … চকুৰ পানীৰে কোনো কাম নিসিজে। সেয়া কেৱল পানীৰ অপচয়।’

ভালেখিনি নামি আহিলো। বাটত এটাও অন্ধ ৰেপিষ্ট চকুত নপৰিল। কেৱল থৰক-বৰক খোজেৰে অহা দুই-এটা মাতালক লগ পালো। ইয়াৰ পাহাৰ, নদী, জান-জুৰি আৰু লানি লানি পাইন গছবোৰৰদৰে এই মদাহী যুৱক আৰু বুঢ়াবোৰেও মোক চিনি পায়। মোৰ চকুৰ ভাষা বুজি পায়। ‌ মোৰ গাৰ গোন্ধটোক সমীহ কৰে, ভাল পায়। ‌

হঠাতে আন্ধাৰত বেগেৰে পাহাৰ বগাই আহি থকা পোহৰ এটা চকুত পৰিল। হাৰিকেনৰ পোহৰ। মানুহটোৰ হাতত দাৰ নিচিনা কিবা এপাট অস্ত্ৰ। পোহৰটো আহি একেবাৰে মোৰ সমুখত ৰ’লহি। অৰ্জুন!

ভাইটো চাওঁতে চাওঁতে ইমান ডাঙৰ হৈ গ’ল। এই অন্ধকাৰত হাতত দা আৰু লেম লৈ সি ইমান দূৰ বাট গুচি আহিল। কিজানিবা বায়েকৰ কিবা আলৈ-আথানি হয়! তাৰ এনে মৰমৰ ওচৰত পাহাৰৰ চিতা-ঘোঙেও সেও মানি ল’বলৈ বাধ্য।

মনত পৰিল, ঘৰত কেৰাচিন বা মম একো‌ নাথাকিলে অৰ্জুনে মোৰ পঢ়া শেষ নোহোৱা পৰ্যন্ত মাটিৰ চৌকাত এখিলা এখিলাকৈ ঝাওগছৰ পাত দি জুইকুৰা জ্বলাই থয়। সেই জুইৰ পোহৰত মই পৰীক্ষাৰ পঢ়া মুখস্থ কৰোঁ আৰু সি মোৰ কাষতে চুপচাপ বহি থাকে। তেতিয়ালৈকে দিনটোৰ পৰিশ্ৰমৰ ভাগৰত মা, দেউতা দুয়োজনেই শুই পৰে। কিন্তু মোৰ অনাৰ্ছ পৰীক্ষাৰ আগে আগে অৰ্জুনৰ চকুত টোপনি নাথাকে। কেতিয়াবা পানী আনি দিয়ে, কেতিয়াবা দুটামান‌ কল আৰু কেতিয়াবা সিজোৱা কুকুৰাৰ কণী। কিন্তু কেনেবাকৈ মোৰ মনোযোগ নষ্ট হয় বুলি মুখেৰে টু‌ শব্দ এটাও নকৰে।

অৰ্জুনে ক’লে— ‘ঘৰলৈ কোনোবা এজন আহিছে। দেখাত চাহাবৰ নিচিনা। তোক লগ পাবলৈকে বুলি গধূলিৰ পৰা বহি আছে। ঢেৰ ডাঙৰ ডাঙৰ কিতাপ আনিছে। মায়ে তেওঁক চাহ আৰু গোমধান পোৰা খাবলৈ দিছে।’

তাৰ কথা শুনি অবাক হ’লো। মূৰত নানান সম্ভাৱনাই ভুমুকিয়াইছে। স্থানীয় পঞ্চায়তৰ কোনোবা নেকি? কোনোবা বাতৰি কাকতৰ ৰিপ’ৰ্টাৰ নেকি? আগতে দুবাৰমান যেনেকৈ আহিছিল! অকস্মাতে মগজত অন্য এটা খেয়াল আহিল। অসম্ভৱ সম্ভাৱনা। ভাইটিয়ে দেখাত চাহাবৰ নিচিনা বুলি কৈছে যেতিয়া ছাৰ নহয়তো? কিন্তু ছাৰ আকৌ কিয় আহিব? কালিয়েই দেখোন লগ পাইছিলো। কথাও পাতিছিলো। তদুপৰি বি এম ছাৰে মোৰ এই বস্তিৰ ঠিকনাটোও নাজানে। ‌ তেন্তে কোন হ’ব পাৰে?

খৰখোজেৰে আহি ঘৰত সোমাবলৈ লওঁতেই দুৱাৰমুখতে এযোৰ চিকচিকীয়া গাঢ় ব্ৰাউন ৰঙৰ জোতাত চকু পৰিল। সেইযোৰ মোৰ খুব চিনাকি। কালিয়েই এই জোতাযোৰত দুহাতৰ দহোটি আঙুলিৰে চুই সেৱা কৰিছিলো।

ভিতৰ সোমায়েই দেখিলো, আমাৰ খাটিয়াখনত ছাৰ বহি আছে। মা-দেউতাৰ সৈতে কথা পাতি আছে। যেন বহুদিনৰ চিনাকি। কাষতে এটা প্ৰকাণ্ড মোনাত এগালমান কিতাপ।

ছাৰে বহাৰ পৰা উঠি মোৰ পিনে চাই ক’লে— ‘হওক তেওঁ তুমি আহি পালাহী! মইতো লগ নাপাম বুলিয়েই ভাবিছিলো। তোমাৰ মা-দেউতা আৰু ভাইটিৰ লগত ঢেৰ কথা পাতিলো। বহু কথা জানিব পাৰিলো। ভাব হ’ল, বহু দিন‌ ধৰি ওচৰা-উচৰিকৈ থকাৰ পাছতো আমি প্ৰত্যেকেই আনৰ বিষয়ে কিমান কম জানো‌!

ইপিনে মোৰ বুকুৰ ভিতৰত তেতিয়া ধুমুহা। ডিচেম্বৰমহীয়া গোটেই পাহাৰ জুৰি বৰফৰ ধুমুহা বলিছে যেন। মই যেন নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাছিলো‌। ছাৰ নিজে আহিছে আমাৰ এই বিষণ্ণ মলিন পাহাৰীয়া বস্তিৰ ভগা-ছিগা ঘৰটোলৈ?

ছাৰে নিজৰ কিতাপভৰ্তি মোনাটোৰ পৰা প্ৰায় সমান আকাৰৰ গোটেইখিনি কিতাপ এখন এখনকৈ উলিয়াই মোক দেখুৱাই ক’লে— ‘শুনা জাগৰী, মোৰ এই ৰবীন্দ্ৰ ৰচনাৱলীৰ সম্পূৰ্ণ ছেটটো তোমাক দিলো। … আৰু এটা কথা, সেইটো অৱশ্যে কালিয়েই ক’ব পাৰিলোহেঁতেন…, মই অহা সপ্তাহত তোমালোকৰ বিশ্ববিদ্যালয় এৰি দিল্লীলৈ যামগৈ। তাৰে ইউনিভাৰ্চিটি এখনে মাতিছে। সেইখন মোৰ নিজৰ বিশ্ববিদ্যালয়। Alma mater। বহুত দিনৰ সপোন আছিল, নিজৰ বিশ্ববিদ্যালয়ৰ ডায়াচত থিয় হৈ পঢ়ুৱাম। … তোমাৰ দেউতাৰাৰ হাতত মোৰ যোগাযোগৰ নম্বৰ দিছোঁ। দৰকাৰ হ’লে ফোন কৰিবা। কিবা অসুবিধা হ’লেই জনাবা। মোৰ সাধ্যমতে সমাধান‌ কৰিবলৈ চেষ্টা কৰিম। … মোৰ অনুমান যদি ভুল নহয়, তুমি ফাইনেল পৰীক্ষাত ফাৰ্ষ্ট ক্লাছ পাবাই। মোৰ সৈতে যোগাযোগ ৰাখিবা।’

ছাৰে সদায় কোৱাৰ দৰেই কথাখিনি কৈ আছিল। কিন্তু মই আৰু নিজকে সামৰি ল’ব পৰা নাছিলো। বুকুৰ মাজত তোলপাৰ লগাই থকা সমস্ত আৱেগ সেই মুহূৰ্তত দুচকুৰে ধল হৈ নামিছিল। চকুৰ পানীয়ে চোলাৰ সমুখভাগ তিয়াই পেলাইছিল। তাকে দেখি মোক মৰমেৰে আলফুলকৈ সাবটি লৈ ছাৰে ক’লে— ‘আজলী ছোৱালী, তুমিতো ইমান দুৰ্বল নোহোৱা। এনেকৈ কান্দিছা কিয়? মনটোক কঠোৰ কৰা। জীৱনত এতিয়াও অনেক পৰীক্ষা বাকী আছে। অনেক হাৰ্ডলচ্। সকলো বাধা অতিক্ৰম কৰিব পাৰিব লাগিব। বহুত ডাঙৰ হ’ব লাগিব। তুমি বহুদূৰ উধাবা। আৰু সেয়াই হ’ব তোমাৰ সমস্ত অপমানৰ উচিত প্ৰত্যুত্তৰ।’

সেই মুহূৰ্তত মই মনে মনে কৈ আছিলোঁ— ছাৰ, মই আৰু কোনো পৰীক্ষাতে নবহোঁ। মোৰ আৰু ডাঙৰ হ’বৰ মন‌ নাই। আপুনি কিয় যায়গৈ আমাক এৰি থৈ… মোক এৰি থৈ?

অথচ ছাৰক মই একোৱেই ক’ব নোৱাৰিলো। কেনেকৈনো কওঁ— আপুনি মোৰ বাবে দেৱতা হৈ আহিছে। ঘোৰ অন্ধকাৰৰ মাজতো বিচাৰি বিচাৰি আহি মোৰ হাত ধৰিছেহি। আমাৰ অন্ধকাৰময় জীৱন নতুনকৈ পোহৰাই তুলিছে। নতুনকৈ সপোন দেখিবলৈ শিকাইছে। ‌

তেতিয়ালৈকে মাহঁতক নমস্কাৰ জনাই তেওঁ আন্ধাৰ পাহাৰীয়া ৰাস্তাৰে আমি চকুৰে মনিব নোৱৰা দূৰণিলৈ গুচি গ’ল। অপলকে অলপ সময় সেই হিমচেঁচা অন্ধকাৰলৈ চাই ৰ’লো। তাৰপাছত সিঁচৰতি হৈ পৰি থকা ৰবীন্দ্ৰ ৰচনাৱলীৰ মাজত থমথমকৈ বহি ৰ’লো।

ৰাতি আৰু গভীৰ হ’ল। সকলো শোৱাৰ পাছত মমৰ পোহৰত এখন এখনকৈ ৰবীন্দ্ৰ ৰচনাৱলীৰ প্ৰতিটো খণ্ড লুটিয়াই গ’লো। ৰাজৰ্ষি, গোৰা, ছাৰ অধ্যায়, শেষেৰ কবিতা, শ্যামা, চণ্ডালিকা, তাচেৰ দেশ, সোণাৰ তৰি, মহুৱা, সভ্যতাৰ সংকট… আহ্ প্ৰতিটো লেখাই কি যে প্ৰিয়!

ইমানদিনে কত কষ্ট কৰি ভাবি-চিন্তি লাইব্ৰেৰীৰ পৰা আনি অথবা ছাৰহঁতৰ পৰা ধাৰলৈ আনি এই কিতাপবোৰ পঢ়িছোঁ। আৰু আজি অভাৱনীয়ভাৱে এই প্ৰাপ্তি। আজি ৰবীন্দ্ৰ ৰচনাসমগ্ৰ মোৰ হাতৰ মুঠিত। মোৰ মনৰ মণিকোঠাত ধৰা দিছেহি অচিনাকি চৰাইজনীৰ দৰে, যাক কেতিয়াও সম্পূৰ্ণকৈ ধৰিব নোৱাৰি। … এই কিতাপবোৰত ছাৰৰ সোণালী আঙুলিৰ পৰশ লাগি আছে। তেওঁৰ দুচকুৰ কোমল দৃষ্টি লাগি আছে।

ক’ৰবাত ক’ৰবাত পেজমাৰ্ক দিয়া আছে। ক’ৰবাত আকৌ বিশেষ কিছুমান পংক্তিৰ তলত সেউজীয়া চিঞাহীৰ দাগ দিয়া আছে। সেইবোৰকে পঢ়ি থাকোঁতে ৰাতি আৰু গভীৰ হ’ল। দূৰৈত ক’ৰবাত শিয়ালৰ জাকে হোৱা দিছিল। তাকে শুনি লাইলঙে, মানে আমাৰ মাক কুকুৰাজনীয়ে বিপদৰ সংকেতসূচক চিঞৰ এটা মাৰি পাছমুহূৰ্ততে চুপ হৈ গ’ল।

পাতবোৰ লুটিয়াই গৈ থাকোঁতে হঠাতে এঠাইত চকু পৰি গোটেই মানুহজনী জিকাৰ খাই উঠিলো। ছাৰে সেউজীয়া চিঞাহীৰে দাগ দি থৈছে অতি পৰিচিত লেখা এটাৰকেইটামান লাইন। যেন মোকেই কিবা এটা বুজাবৰ চেষ্টা কৰিছে: ‘মই চিত্ৰাঙ্গদা। দেৱী নহওঁ, নহওঁ কোনো সাধাৰণ নাৰী। ‌ পূজা কৰি মূৰত তুলি থ’বা, সেয়াও নহওঁ মই; পিছে অৱহেলা কৰি পুহি ৰাখিবা, সেয়াও মই নহওঁ। বিপদৰ বাটত ৰাখা যদি মোক কাষত, দুৰূহ চিন্তাৰ যদি দিয়া ভাগ, কঠিন ব্ৰতত তোমাৰ সহায় হ’বলৈ যদিহে দিয়া অনুমতি, যদি সুখে-দুখে কৰা মোক সহচৰী, তেহে পাবা তুমি মোৰ পৰিচয়।’

হঠাৎ মাজৰাতি এই চিনাকি শাৰীকেইটাই মোক এক নতুন জ্যোতিৰ বাৰ্তা দিলে। এই বাৰ্তা মোৰ অন্তৰ, স্নায়ু, শিৰে শিৰে বগাই সকলোপিনে বিয়পি পৰিল।— প্ৰণাম ছাৰ, আপোনাক শতকোটি প্ৰণাম… হে মোৰ অপাৰ্থিৱ জ্যোতিৰ দেৱতা!

ৰাতি পুৱাবৰে হ’ল। এক অদ্ভুত ঘোৰৰ মাজেৰে ভূতে পোৱাৰ দৰে পাৰ হ’ল উজাগৰী প্ৰহৰবিলাক। আজি আৰু টোপনি নাহে। উঠি বিছনাখনতে বহিলো। পুৰণি মলিয়ন কম্বলখন গাত মেৰিয়াই লৈ টেবুলৰ পৰা পানীৰ গিলাচটো ল’বলৈ হাত মেলোঁতেই হঠাৎ ভেৰোনিকাই দি পঠিওৱা ৰঙীন কাগজেৰে বান্ধি থোৱা ৰিটাৰ্ণ গিফ্টটো চকুত পৰিল। সেইটো খুলি চোৱাই নহ’ল। মনটো ইমানেই বেয়া লাগি আছিল যে ওভোতাৰ পথত সেইটো খুলি চাবলৈ মনেই নগ’ল।

অলপ কৌতূহল জাগিল। কি থাকিব পাৰে তাত? খুলি চোৱাই ভাল। চেল’টেপবোৰ খোলোঁতে কিছুপৰ লাগিল। কিন্তু এয়া কি? তেজৰ নিচিনা টিকটিকীয়া ৰঙা এটা ব্ৰা! পেডেড! দেখাত বেচ দামী যেন অনুমান হ’ল।

আকস্মিক খং আৰু উত্তেজনাত মোৰ চকু-কাণ-নাক-মুখ ৰঙা পৰি গ’ল। স্নায়ুবোৰে একেলগে বিদ্ৰোহ কৰি উঠিল। মই কেতিয়াও ব্ৰা নিপিন্ধো, সেয়া সকলোৱে জানে। ফাৰ্ষ্ট ইয়েৰ অনাৰ্ছৰ সময়তে এদিন ক্লাছৰ টমবয়কেইজনীয়ে ল’ৰাবোৰক কোঠাৰ পৰা উলিয়াই দি নিজৰ নিজৰ বুকু মুকলি কৰি প্ৰমাণ কৰিব বিচাৰিছিল‌— কাৰ বুকু আচল আৰু কাৰ কৃত্ৰিম। ‌ যিবোৰ ছোৱালীয়ে তেনে কৰিবলৈ ইতস্ততঃঃ কৰিছিল, টমবয়কেইজনীয়ে জোৰ-জবৰদস্তিকৈ সিহঁতৰটি ছাৰ্ট খুলি পেলাইছিল। তেনে কৰোঁতে সিহঁতৰ মুখত কি হাঁহি! বনৰিয়া শিয়ালৰ খেদা খোৱা নিশকতীয়া ক’লা ছাগলী পোৱালিটোৰ নিচিনাকৈ মই তেতিয়া প্ৰাণৰ ভয়ত ক্লাছৰ চুক এটাত চেপেটা লাগি ৰৈ আছোঁ। বেচ ওখ-পাখ, হৃষ্ট-পুষ্ট মস্তান টাইপৰ ছোৱালী এজনী আহি একেকোবে মোৰ ওৰণাখন আঁজুৰি পেলাই দি দুহাতে মোৰ বুকু খামুচি ধৰি অবাক হৈ ক’লে— ‘ধুৰ চাল্লা! তই ব্ৰা নিপিন্ধ? তোৰ ব্ৰেষ্ট জিৰ’! কেনেকৈ হ’ল বে? মাই গড! … ঐ দেখিছনে তহঁতে? এইজনীৰ ব্ৰেষ্টেই নাই। ‌ পেডেড ব্ৰাও নিপিন্ধে!’

তেতিয়ালৈ আটাইবোৰে মিলি মোক বেৰি ধৰিলে। যেন প্লেটফৰ্মত ধৰা পৰা কোনো পকেটমাৰ, যাক চুৰিৰ দোষত ধৰা হ’ল, অথচ তন্নতন্নকৈ তালাচী কৰিও চুৰি হোৱা বস্তুটো কোনোমতেই বিচাৰি পোৱা নগ’ল।

আৰু মই তেতিয়া দুহাতে মুখ ঢাকি উচুপি উচুপি কান্দি আছিলো।

বিশ্ববিদ্যালয়লৈ আহিও দেখিছোঁ ছোৱালীবোৰে ব্ৰাৰ প্ৰসংগ লৈ বেচ ফেণ্টাচি কৰে। কাৰ বয়ফ্ৰেণ্ডে জন্মদিনত কাক ইম্পৰ্টেড ব্ৰা গিফ্ট দিলে, কাৰ ভিনিহীয়েকে পূজা বুলি কাক এক ডজন ব্ৰা উপহাৰ দিছে…, এইবোৰ লৈ হাঁহি-ধেমালি চলে। আৰু মই হাতত কিতাপ এখন লৈ সিহঁতৰ ওচৰতে আমনজিমনকৈ বহি থাকোঁ।

কতৰকমৰ যে ব্ৰাৰ ডিজাইনৰ কথা কাণত পৰিছিল—টি ছাৰ্ট ব্ৰা, স্পৰ্টচ ব্ৰা, বেবী ডল ব্ৰা, কেমিছল ব্ৰা, পেডেড ব্ৰা, ষ্ট্ৰেপলেচ ব্ৰা, ষ্টিকি ব্ৰা, কৰচেট ব্ৰা, মিনিমাইজ ব্ৰা, নাৰ্ছিং ব্ৰা, পইণ্টেড ব্ৰা…। মই সেইবোৰৰ এটাও চিনি নাপাওঁ। কেৱল নামহে শুনিছোঁ। কোনোদিনে চিনাকি হোৱাৰ চেষ্টাও নকৰিলো।

ভেৰোনিকাই উপহাৰ দিয়া ৰঙা ৰঙৰ ব্ৰাটো দেখিয়েই মূৰটো ভমককৈ জ্বলি উঠিছিল। পাছত ভাবিলো, তাই কিজানি মোক এইটো মৰমতে দিছে, যাতে বাহিৰত মানুহৰ আগত মই আৰু অপ্ৰস্তুত হ’ব নালাগে! যাতে মানুহৰ ওচৰত নিজৰ শাৰীৰিক ত্ৰুটি ধৰা নপৰিবৰ বাবে মই বুকুত অনবৰতে গধুৰ দুপাট্টাখন লৈ থাকিব নালাগে!

এবাৰ ভাবিলো, ব্ৰাটো পিন্ধি চাওঁ নেকি! মোকনো কেনে দেখাব? পাছনিশাৰ এই পাতলীয়া আন্ধাৰত কোনেনো দেখা পাব আৰু!

ইমান দামী ব্ৰা কিনাৰ সামৰ্থ্য নাই। কাহানিও কিনিম বুলিও ভবা নাই। এদিন অফ পিৰিয়ডত গাখীৰৰ নিচিনা বগা আৰু ছেক্সি চেহেৰাৰ ইলোৰা চৌধুৰীয়ে কৈছিল— ‘গ্ৰ’থ বেছি আছিল কাৰণে মায়ে মোক ক্লাছ ছিক্সত থাকোঁতেই ব্ৰা কিনি দিছিল। আৰু সকলোৱে অবাক হৈ তাকে চায়। এইকণ ছোৱালী, এই বয়সতে…।’

মোৰ মায়ে অৱশ্যে কোনোদিনে এইবোৰ লৈ মূৰ ঘমোৱা নাছিল। ময়ো লাহে লাহে সেইটোকে ভাবি নথকাত অভ্যস্ত হৈ গৈছিলো। অথচ আজি হঠাৎ ভাব হ’ল…।

কিয় ভাব হ’ল? নিমিষতে মন-মগজুৱে প্ৰতিবাদ কৰি উঠিল। ‌ নাঃ! এই বস্তুটো মই নিপিন্ধো। কেতিয়াও নিপিন্ধো। জীৱনত কোনো পৰীক্ষাতে নকল কৰি পাছ কৰা নাই। আজীৱন নিজৰ মেধাৰ ওপৰত ভৰসা কৰি উদাসীন মেঘৰ পৰা বৰষুণ নিগৰাইছোঁ। তেনেকৈয়ে ফচল সামৰিছোঁ। তেন্তে আজি কিয় ক্ষণিকৰ দুৰ্বলতাত বন্দী হৈ দামী পেডেড ব্ৰা পিন্ধি নিজকে কৃত্ৰিমভাৱে আনৰ দৃষ্টিত দেখনিয়াৰ কৰি তুলিব বিচাৰিছোঁ?

কিছুমান কামুক আৰু লম্পট পুৰুষক নিজৰ কৃত্ৰিমভাৱে সজোৱা বুকুখন দেখুৱাই প্ৰলোভিত কৰাৰ ইমান কি প্ৰয়োজন? ছিঃ ছিঃ জাগৰী, এনেকুৱা বিকৃত চিন্তা মগজত সুমুওৱাৰ আগতে তুমি আৰু এবাৰ জুইত পুৰি মৰিব লাগিছিল। অতদিনৰ অতবোৰ সংগ্ৰাম, অতগাল চকুৰ পানী, তোমাৰ উজ্জ্বল মাৰ্কশ্বীটসোপা পানীত উটুৱাই দিয়াগৈ। মৰি যোৱা তুমি।

কুকুৰাৰ জঁটোৰ নিচিনা টিকটিকীয়া ৰঙা ব্ৰাটো পেকেটৰ সৈতে পিটিকি-মুচৰি হাতত লৈ বাহিৰলৈ ওলাই আহিলো। সৰুতে যিটো চৌকাত হামখুৰি খাই পৰি গৈছিলো, তাৰ ওচৰত ৰ’লোহি। চৌকাটোত এমুঠি শুকান ঝাওপাত সুমুৱাই দিয়াচলাই কাঠী এডাল জ্বলাই জুই ধৰিলো। দপদপকৈ জ্বলি উঠা জুইকুৰালৈ সজোৰে দলিয়াই দিলো ভেৰোনিকাৰ ৰিটাৰ্ণ গিফ্টটো।

ৰাতিপুৱাৰ বতাহত ছিন্থেটিক ষ্ট্ৰেপ আৰু স্পঞ্জ পোৰা গোন্ধ বিয়পি পৰিল। জ্বলি গৈছে ইম্পৰ্টেড ব্ৰেচিয়াৰৰ অসভ্য ৰক্তিম হাতবাউলি। লগতে জ্বলি গৈছে মোৰ কেইমুহূৰ্তমানৰ লোভ, পাপ আৰু আত্মপ্ৰতাৰণা…।

একোবত চৌকাত পানী ঢালি নিজেই নুমুৱাই দিলো মোৰ ক্ষণিকৰ দুৰ্ভাৱনাৰ চিতাজুই। তাৰপাছত এক অদ্ভুত নিৰ্লিপ্ততা, পুৱাৰ কোমল ৰ’দৰ দৰে এক অদ্ভুত প্ৰশান্তি বিয়পি গ’ল মোৰ ভাগৰুৱা দেহত… মনত… মোৰ চেপেটা বুকুৰ ভিতৰত। ভূতে পোৱা মানুহৰ নিচিনাকৈ বোবা হৈ ৰ’লো।

❧। আৰু পঢ়ক: মেক্সিম গৰ্কীৰ গল্প ‘এজন স্বজনবৈৰীৰ মাতৃ’

শান্ত খোজেৰে ঘৰৰ ভিতৰলৈ আহিলো। চকু ফুৰাই দেখোঁ, পঢ়াৰ টেবুল… বিছনাত… তেতিয়াও অ’ত ত’ত পৰি আছে ৰচনাৱলীৰ খণ্ডবোৰ। ‌ মোৰ দুচকুৰ পতা জপাব পৰা নাই। উশাহ ল’বলৈ কষ্ট পাইছোঁ। তেতিয়াও পুৰি আছে ধোঁৱাই ধৰা চকু। চকুৰ পতা জ্বলি যোৱা মানুহৰ দৰে বহি ৰ’লো মই ৰবীন্দ্ৰ ৰচনাৱলীৰ ষোল্লটা খণ্ডৰ মাজত, থৰ লাগি, অকলশৰে…।

অংকন: আশাজ্যোতি বৰা
ৰবীন্দ্ৰ ৰচনাৱলী আৰু এটা জ্বলি যোৱা ব্ৰা | ময়ূৰী শৰ্মা বৰুৱা

Follow Nilacharai on Facebook