বণ্ড, জেমচ বণ্ড

বণ্ড, জেমচ বণ্ড
  • 19 May, 2022

প্ৰ চণ্ড আত্মবিশ্বাস, চুম্বকীয় ব্যক্তিত্ব আৰু পেশীবহুল অৱয়বেৰে দর্শকক মুগ্ধ কৰা জেমচ বণ্ড (James Bond) চৰিত্ৰৰে এটি চিৰিজ সৃষ্টি কৰিছিল কাহিনীকাৰ ইয়ান ফ্লেমিঙে (Ian Fleming) (১৯০৮-১৯৬৪)। তেওঁ জেমচ বণ্ডক গঢ়ি তুলিছিল এজন মার্জিত, অমায়িক বৃটিছ চোৰাংচোৱা ৰূপে যি নাৰী সমাজৰ হিয়াৰ আমঠু, অস্ত্ৰচালনাত অব্যর্থ, চালচলনত অভিজাত আৰু লগতে এজন দুধৰ্ষ প্ৰবঞ্চক৷ ১৯৬২ চনত ‘ডক্তৰ নো’ (Dr. No)-ৰ পৰা আৰম্ভ কৰি শেহতীয়া ‘ন’ টাইম টু ডাই’ (No Time to Die)-লৈ জেমচ বণ্ডে আবেগক অকণো প্ৰশ্ৰয় নিদিয়াকৈ শত্ৰু নিধন কৰি আহিছে আৰু লগতে বিশ্বক বিধ্বস্ত কৰিব খোজা লোকৰ প্ৰতি প্ৰদর্শন কৰিছে ইতিকিং৷

ইয়ান ফ্লেমিঙে জেমচ বণ্ড চৰিত্ৰটো গঢ় দিয়াৰ ক্ষেত্ৰত জেমচ বণ্ড নামৰ এজন সঁচা ব্যক্তিৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল। সেই ব্যক্তিজন আমেৰিকাৰ একাডেমি অফ্ নেচাৰেল চাইন্সত এজন পক্ষীবিদ ৰূপে কৰ্মৰত আছিল। তেখেত কেৰেবিয়ান দ্বীপপূঞ্জৰ পক্ষীসমূহৰ এজন বিশেষজ্ঞ ৰূপে বিশেষভাৱে পৰিচিত আছিল। তেখেতৰ উল্লেখযোগ্য কীৰ্তিৰাজিৰ ভিতৰত Birds of West Indies বিশেষভাৱে উল্লেখনীয়৷

জেমচ বণ্ড জেমছ বণ্ড জেমস বন্ড

জেমচ বণ্ড সম্পৰ্কীয় কেইটিমান তথ্য:

  • জেমচ বণ্ড বিশ্বৰ প্ৰথম চলচ্চিত্ৰ-চিৰিজ, যি দীৰ্ঘকাল ধৰি চলি আহিছে। ১৯৬২ চনৰ পৰা আৰম্ভ হোৱা এই চিৰিজত বৰ্তমানলৈকে সৰ্বমুঠ ২৫খন চলচ্চিত্ৰ আছে।
  • গুপ্তচৰ জেমচ বণ্ড চৰিত্ৰটোৰ সৃষ্টিকৰ্তা ইয়ান ফ্লেমিং পূৰ্বতে নিজেও এজন বৃটিছ চোৰাংচোৱা আছিল।
  • ইয়ান ফ্লেমিংএ তেওঁৰ প্ৰায়ভাগ বণ্ড উপন্যাস লিখিছিল জামাইকাত থকা তেওঁৰ বাসগৃহ ‘গোল্ডেন আই’ত। তেখেতৰ বণ্ড ছিৰিজৰ প্ৰথমখন উপন্যাস আছিল ‘কেচিন’ ৰয়েল’।
  • থাইলেণ্ডৰ সাগৰৰ মাজত জেমচ বণ্ড আইলেণ্ড নামেৰে এটা দ্বীপ আছে। ই এটা প্ৰকাণ্ড গুহা। প্ৰতি চেকেণ্ডতেই মৃদু জোৱাৰে জেমচ বণ্ড দ্বীপক চুমি যায়। গোটেই বিশ্বই জেমচ বণ্ড বুলি জনা ছাৰ ৰ’জাৰ মুৰ ১৯৭৪ চনত এই নিৰ্জন দ্বীপটোলৈ গৈছিল এখন চিনেমাৰ শ্বুটিঙৰ বাবে। সেয়ে এই দ্বীপৰ নাম জেমচ বণ্ড আইলেণ্ড হৈছিল আৰু চিনেমাখন আছিল বিশ্ব বিখ্যাত বণ্ড চিনেমা ‘দ্য মেন উইথ গল্ডেন গান’ (The man with golden gun)।
  • বণ্ড চলচ্চিত্ৰ ‘লিভ এণ্ড লেট দাই’ (Live and Let Die)-ত প্ৰদৰ্শন কৰা বাছৰ দৃশ্যটোৰ বাবে লণ্ডনত বিশেষভাৱে বাছখন তৈয়াৰ কৰি লোৱা হৈছিল আৰু দৃশ্যটোৰ বাবে ড্ৰাইভাৰজনে প্ৰায় ৬ সপ্তাহ অনুশীলন কৰিছিল।
  • বণ্ড চিৰিজৰ সকলো চলচ্চিত্ৰৰ অংশীদাৰ হৈছে এম জী এম আৰু ইউনাইটেড আৰ্টিষ্ট নামৰ চলচ্চিত্ৰ নিৰ্মাণ কৰা সংস্থা দুটা।
  • ২৫খন মুক্তিপ্ৰাপ্ত বণ্ড চলচ্চিত্ৰত বৰ্তমানলৈকে মুঠ ৭জন অভিনেতাই অভিনয় কৰিছে। অভিনেতাৰ হিচাপত প্ৰথমজন জেমচ বণ্ড আছিল ছিন ক’নেৰী।
  • বণ্ড চলচ্চিত্ৰসমূহৰ অন্যতম আকৰ্ষণ হৈছে বণ্ড গাৰ্ল। বৰ্তমানলৈকে মুঠ ৭৫ গৰাকী অভিনেত্রীয়ে এই বণ্ড গাৰ্ল চৰিত্ৰত অভিনয় কৰিছে।
  • বণ্ড ছিৰিজৰ চলচ্চিত্ৰ ‘স্কাইফল’ (Skyfall) নিৰ্মাণৰ বাবে মুঠ দুই লাখ ৰাউণ্ড গুলী অনা হৈছিল। এইখন বিশ্বৰ সর্বাধিক আয় অৰ্জন কৰা ২৮ সংখ্যক চলচ্চিত্ৰ।
  • বণ্ড চলচ্চিত্ৰত মিলিটাৰী ইণ্টেলিজেন্সৰ ষষ্ঠ শাখাৰ (MI6) 007 নম্বৰ এজেন্ট ৰূপে কাম কৰা জেমচ বণ্ডৰ এই পদ ১৯৯৪ চনত বৃটিছ চৰকাৰে মঞ্জুৰ কৰে।
  • ১৯৯৮ চনত মুক্তিপ্ৰাপ্ত বণ্ড চলচ্চিত্ৰ ‘টুম’ৰো নেভাৰ ডাইজ’ (Tomorrow Never Dies) চলচ্চিত্ৰৰ এটা দৃশ্যৰ বাবে মুঠ ১৫ খন বি এম ডব্লিউ গাড়ী ধ্বংস কৰা হৈছিল।
  • ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত বণ্ড চলচ্চিত্ৰ ‘অক্টোপুছি’ (Octopussy) আছিল ভাৰতত দৃশ্যগ্ৰহণ কৰা প্ৰথমখন আৰু বৰ্তমানলৈকে অন্তিমখন জেমচ বণ্ড চলচ্চিত্ৰ। কবীৰ বেদী আৰু বিজয় অমৃতৰাজ— এই দুই ভাৰতীয়ই অভিনয় কৰা এই চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ হৈছিল ৰাজস্থানৰ উদয়পুৰত। এই চলচ্চিত্ৰত থকা এটা অ’টৰিক্সাৰ দৃশ্য ইমানেই জনপ্ৰিয় হৈছিল যে পাছলৈ এই দৃশ্য ভিছা ইণ্টাৰনেছনেল কোম্পানী (VISA)-এ নিজৰ এক বিজ্ঞাপনত ব্যৱহাৰ কৰিছিল।
  • বণ্ড ছবিৰ সংলাপ— “বণ্ড, জেমচ বণ্ড” এক কালজয়ী সংলাপ।
  • আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডি বণ্ড চলচ্চিত্ৰৰ এজন গভীৰ অনুৰাগী আছিল। তেওঁৰ হত্যাৰ আগদিনা হোৱাইট হাউছত তেওঁ বণ্ডৰ ‘ফ্ৰম ৰাছিয়া উইথ লভ’ (From Russia With Love) দৰ্শন কৰিছিল। এইখন আছিল বণ্ড ছিৰিজৰ দ্বিতীয়খন চিনেমা।
  • বণ্ডক বিভিন্ন ধৰণৰ আহিলা-পাতি দি সহায় কৰা বিজ্ঞানিক ‘কিউ’ (Q)ৰ আচল নাম হল মেজৰ বুটছয়ৰ্ড।
  • ১৯৮৫ চনত মুক্তিপ্ৰাপ্ত ‘এ ভিউ টু কিল’ (A View To A Kill) প্ৰথমখন বণ্ড চলচ্চিত্ৰ, যাক ভিডিঅ’ গেমলৈ পৰিৱৰ্তন কৰা হৈছিল।
  • আমাৰ সকলোৰে প্রিয় মিষ্টাৰ বিন খ্যাত ৰ’ৱান এটকিংছনে চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰিছিল ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত বণ্ড ফিল্ম ‘নেভাৰ ছে নেভাৰ এগেইন’ (Never Say Never Again)-ৰ জৰিয়তে।
  • বণ্ড চিৰিজে বৰ্তমানলৈকে ৫টা অস্কাৰ, ৩টা গোল্ডেন গ্লোব, ৪টা BAFTA, ৩টা গ্ৰেমী আৰু ৩টা SATURN বঁটা লাভ কৰিছে। লগতে ‘স্কাইফল’ চলচ্চিত্ৰখনে ২০১৩ বৰ্ষৰ শ্ৰেষ্ঠ বৃটিছ চলচ্চিত্ৰৰ খিতাপ অৰ্জন কৰিছে।
  • জেমচ বণ্ড ছবি ‘থাণ্ডাৰবল’ (Thunderball)-ৰ বাবে এষ্ট্ৰন মাৰ্টিনৰ DB5 কাৰখনত মুঠ ১৩টা নতুন বৈশিষ্ট্য সংযুক্ত কৰা হৈছিল। পাছলৈ এই গাড়ী বণ্ডৰ ‘গল্ডফিংগাৰ’, ‘স্কাইফল’ ছবিত ব্যৱহাৰ কৰা হৈছিল। ‘বণ্ড কাৰ’ হিচাপে খ্যাত এই গাড়ী ২০১৯ চনত ৪৫ কোটি টকাত নিলাম কৰা হয়। নিলামত এই গাড়ী বিক্ৰী হ’বলৈ লাগিছিল মাত্ৰ ৫ ছেকেণ্ড।
  • বিশ্ববিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা ষ্টিভেন স্পীলবাৰ্গৰ এটা সপোন আছিল এখন জেমচ বণ্ড চলচ্চিত্ৰ পৰিচালনা কৰাৰ। ১৯৭৭ চনত মুক্তি প্ৰাপ্ত বণ্ড চলচ্চিত্ৰ ‘দ্য স্পাই হু লভড্ মী’ (The Spy Who Loved Me) ৰ বাবে স্পীলবাৰ্গৰ নাম উচ্চাৰণ হৈছিল যদিও কিবা মনোমালিন্যৰ বাবে স্পীলবাৰ্গৰ হাতৰ পৰা এইখন চিনেমা হেৰাই যায়। স্পীলবাৰ্গে নিজে বণ্ডৰ প্ৰয়োজকক তেওঁৰ আগ্ৰহৰ বিষয়ে কোৱাৰ পাছতো কোনো সুফল লাভ নকৰিলে। সেয়ে তেওঁ মনৰ হেঁপাহ পূৰাবলৈ বন্ধু জৰ্জ লুকাছৰ সহায়ত নিৰ্মাণ কৰে নিজা চিৰিজ ‘ইণ্ডিয়ানা জ’নছ’।

❧ | আৰু পঢ়ক:

বণ্ড, জেমচ বণ্ড | অভিজিত শেনচোৱা
Follow Nilacharai on Instagsram