চিকুণ মাহী

চিকুণ মাহী
  • 05 Dec, 2017

পু ৱাৰে পৰা কিনকিনীয়া বৰষুণ।

ভাৰতীয় বন সেৱাৰ উচ্চ পদস্থ বিষয়া কুনালে নিজেই গাড়ী চলাইছে। চৰকাৰী দ্ৰাইভাৰক লগত অনা নাই। কুনালৰ কথা— বৰষুণৰ বতৰত গাড়ী চলোৱাৰ মাদকতাই বেলেগ। লগত ভাল সংগী থাকিলে আৰু ভাল। কাষৰ ছিটত নৱবিবাহিতা পত্নী পাপৰি। পাপৰিয়ে কথা কম কয়। কুনালেও কথা জুখি-মাখিহে কয়। দুয়ো মিলিছে।

বৰঙাবাৰী। মৰিগাঁও চহৰৰ নাতিদূৰৰ এখন সৰু কিন্তু প্ৰাণ-চঞ্চল গাঁও। কুনাল আহিছে বৰঙাবাৰীলৈ। পোন্ধৰ বছৰৰ পাছত। উদ্দেশ্য, চিকুণ মাহীক লগ পোৱা। সৰু কালছোৱা সি চিকুণ মাহীৰ লগতেই কটাইছিল। মহাক দুলাল বৰা বৰ ধনী মানুহ আছিল। মাটি-বাৰী যথেষ্ট। এখন জীপ গাড়ীও আছিল। খোলা জীপত উঠি কুনালে বৰ ফূৰ্তি পাইছিল। চিকুণ মাহীৰ এটায়েই ল’ৰা। টুটু। বাপেকৰ দৰেই সি অস্থিৰ, উতনুৱা, অহংকাৰী আৰু খঙাল। গাঁৱৰ মানুহে বাপেকৰ পৰা আৰু ল’ৰা-ছোৱালীবোৰে পুতেকৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰে। চিকুণ মাহী প্ৰায় অকলশৰীয়া হৈ পৰিছিল। কুনালৰ মাকে মৰমৰ ভনীয়েকৰ দুখ দেখি এদিন কুনালক চিকুণ মাহীৰ লগত থাকিবলৈ পঠাই দিলে। প্ৰথমে গুৱাহাটীৰ পৰা গৈ গাঁৱত থাকিবলৈ বেয়া লাগিছিল। চিকুণ মাহীৰ মৰমত লাহে লাহে সকলোবোৰ সহজ হৈ পৰিছিল। গাঁৱৰ এল পি স্কুলখনতে চিকুণ মাহীয়ে তাৰ নামটো লগাই দিলে। টুটু আৰু সি একেটা শ্ৰেণীতে। কুনাল পঢ়া-শুনাত চোকা, টুটু তেনেই কেঁচা। শিক্ষকে কুনালক বৰ মৰম কৰিছিল। এই কথা কিন্তু টুটুৰ সহ্য হোৱা নাছিল। সি বাপেকক কুনালৰ বিপক্ষে হকে-বিহকে কথা লগাবলৈ ধৰিলে। এনেকৈয়ে লাহে লাহে বৰঙাবাৰীত কুনালৰ দিনবোৰ ভালে-বেয়াই পাৰ হৈছিল। এদিন এটা সৰু ঘটনাৰ বাবে দেউতাক আহি কুনালক গুৱাহাটীলৈ লৈ গ’ল। তাৰ পাছত আৰু কুনাল বৰঙাবাৰীলৈ অহা নাই। আনকি কুনালৰ মাকেও বৰঙাবাৰীলৈ আহিবলৈ এৰি দিলে। মহাকৰ মৃত্যুৰ খবৰ পায়ো সিহঁত কোনো অহা নাছিল। আজি পোন্ধৰ বছৰৰ পাছত কুনাল আহিছে চিকুণ মাহীক লগ পাবলৈ।

চিকুণ মাহী বাৰু কেনে আছে? বয়সে আমনি কৰা নাই নে? আজি ইমান দিনৰ মূৰত তাক দেখি বাৰু চিকুণ মাহীয়ে তাক আদৰি ল’বনে?

ৰাস্তাৰ কাষৰ ফলক এখন দেখি পাপৰিয়ে সৰু ছোৱালী এজনীৰ দৰেই চিঞৰি উঠিল— বৰঙাবাৰী পালোহি। হাঁহি এটা মাৰি কুনালে হয়ভৰ দি ক’লে— বাওঁফালে অলপমান সোমাই গ’লেই চিকুণ মাহীৰ ঘৰ।

হঠাতে কুনাল গাড়ী ৰখাই নামি গ’ল। পাপৰিয়ে কিবা এটা কৈছিল। সি ভালদৰে নুশুনিলে।

তিনিআলিত থকা পাণদোকানখনৰ আগত তামোল চোবাই সি ৰৈ আছিল। হাতত এটা দৰৱৰ বটল। বহু বছৰৰ বিৰতিৰ পাছতো তাক চিনি পাবলৈ কুনালৰ এখন্তেকো নালাগিল। বাল্য বন্ধু কুনালক দেখি দেউলাই সাবট মাৰি ধৰিবলৈ গৈ থমকি ৰ’ল। কুনাল ডি এফ অ’ হোৱাৰ খবৰটো সি পাইছিল। সৰু কালৰ শেঙুন-নকা কুনাল এতিয়া ডাঙৰ মানুহ। ডাঙৰ মানুহক সাবটি ধৰিলে কিজানিবা বেয়াই পায়! তাৰ সকলো শংকা দূৰ কৰি কুনালে তাক জোৰেৰে সাবটি ধৰিলে। আলিবাটেৰে যোৱা মানুহে এই দৃশ্য ৰ লাগি চালে। সেইবোৰলৈ মন নকৰি কুনালে দেউলাক টানি আনি গাড়ীত উঠালে।

দেউলাৰ হাতত দৰৱৰ বটলটো দেখি কুনালে সুধিলে— কাৰ কি হৈছে? —অ’ এইটো, এইটো চিকুণ মাহীৰ দৰৱ। মাহীৰ বহু দিনৰ পৰাই অসুখ নহয়। দেউলাৰ কথা শুনি কুনালে তাক হাতত ধৰি ক’লে— ব’ল, মাহীৰ তালৈ যাওঁ। তাৰ পাছত তোৰ ঘৰতো এপাক সোমাম।

কুনালে দেউলাৰ মুখলৈ চাই ৰ’ল। উত্তৰৰ আশাত। মৌনতা ভংগ কৰি এটা হুমুনিয়াহ কাঢ়ি দেউলাই ক’লে— তয়তো জানই, চিকুণ মাহীয়ে কিমান দুখীয়া মানুহক বিপদত সহায় কৰিছিল। গাঁৱৰ কত দুখীয়া মানুহৰ ল’ৰা-ছোৱালীক ফলি-পুথি কিনি দিছিল। বানপানীত ককবকাই থকা মানুহৰ মাজত খোৱা বস্তু বিলাই দিছিল। পানীয়ে ভঙা ঘৰ মেৰামতি কৰিবলৈ গাঁঠিৰ ধন ভাঙি টিনপাত কিনি দিয়া মানুহজনীৰ আজি নিজৰে থাকিবলৈ ঘৰ নাই। দৰৱ কিনিবলৈ হাতত পইচা নাই। বিধিৰ কি বিপাক! —তই এইবোৰ কি গাইছ মই একো বুজি পোৱা নাই। —কুনাল, তই হয়তো গমেই পোৱা নাই। মাহীৰ সকলো সা-সম্পত্তি হস্তগত কৰি পুতেক-বোৱাৰীয়েকে মাহীক ঘৰৰ পৰা উলিয়াই দিলে। নিজে কষ্ট কৰি সজা প্ৰকাণ্ড ঘৰটোত আজি মাহীৰ বাবে অকণো ঠাই নাই। —চিকুণ মাহী এতিয়া ক’ত? —মাহীৰ আপত্তি নামানি আমাৰ ঘৰলৈকে লৈ আহিলো। ঘৰ বুলি ক’বলৈ লাজেই লাগে, জুপুৰি বুলি ক’লেহে শুৱাব। আগতে আমাৰ ঘৰত পায়খানা নাছিল। পৰিবাৰে কাম এটা কৰিলে; বেংকৰ পৰা ধাৰ লৈ ছাগলী পুহিছে। পোৱালি বিক্ৰী কৰি কিছু টকা গোটাইছিল ঘৰটোৰ বাবে টিনপাত কিনিবলৈ। চিকুণ মাহীৰ অসুবিধাৰ কথা ভাবি বাৰীৰ এচুকত এটা পায়খানাৰ ব্যৱস্থা কৰা হ’ল।

কুনালৰ গাড়ী দেউলাৰ ঘৰৰ সমুখত ৰ’ল।

—আহ, চিকুণ মাহীৰ ওচৰলৈ। তোক দেখিলে বৰ ভাল পাব। তই ডি এফ অ’ হোৱা খবৰটো মাহীয়ে পাইছে।

নাল ভগা কাঠৰ চকীখনত বহি চিকুণ মাহীয়ে ক’লে— মই তোক কৈছিলো নহয়, তই এদিন ডাঙৰ মানুহ হবি। তোৰ ভাল খবৰটো পাই মই নামঘৰত শৰাই এখন দিছিলো। কিমান যে ভাল লাগিছিল সেইদিনা!

কুনাল নিৰ্বাক। সি চিকুণ মাহীৰ শেঁতা পৰা মুখখনলৈ চাই বিশেষ কথা এটা ভাবি আছিল। মাহীৰ ভাল চিকিৎসাৰ প্ৰয়োজন। মাহীক গুৱাহাটীলৈ নিব লাগিব। তাৰ ইচ্ছা, মাহীক সিহঁতৰ লগতে ৰাখিব। কিন্তু সিদ্ধান্ত লোৱাৰ আগতে পাপৰিক কথাটো ক’ব লাগিব। সি কাষতে ভগা মূঢ়া এটাত বহি থকা পাপৰিৰ মুখলৈ চালে। তাৰ মনৰ ভাব পাপৰিয়ে যেন বুজি পালে।

পাপৰি বহাৰ পৰা উঠি চিকুণ মাহীৰ ওচৰ পালে। মাহীৰ দুয়োখন হাত নিজৰ হাতৰ মাজত লৈ তাই ক’লে— আজিৰ পৰা পৰা আপুনি কুনালৰ বাবে ‘চিকুণ-মাহী’ আৰু মোৰ বাবে ‘চিকুণ-মা’ হৈ আমাৰ লগত থাকিব লাগিব।

চিকুণ মাহীয়ে পাপৰিক বুকুৰ মাজত সাবটি ধৰিলে। সৰুতেই মাতৃহাৰা হোৱা পাপৰিয়ে মাকৰ মৰম পাই ফেঁকুৰি উঠিল।

চিকুণ মাহী | শৰৎ নেওগ

Follow Nilacharai on Facebook