নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত জুবিন গাৰ্গৰ আহ্বান

প্ৰকাশ: ১১ মে, ২০১৮ | অন্তিম সম্পাদনা: ১২ মে, ২০১৮

অসম আৰু অসমীয়া মানুহৰ অস্তিত্ব বিপদাপন্ন কৰি চৰকাৰে যি নাগৰিকত্ব সংশােধনী বিধেয়ক উত্থাপন কৰিছে, জাতিপ্রেমী সকলাে ব্যক্তি আৰু দল-সংগঠনে তাৰ প্রতিবাদ কৰিছে। ৮ মে’ ২০১৮ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হােৱা যুটীয়া সংসদীয় কমিটিৰ শুনানিত শতাধিক সংগঠনে নিজৰ বক্তব্য ৰাখিছে। বিবেকবান লােকসকলে বুজি উঠিছে যে এই বিধেয়ক যদি আইনত পৰিণত হয়, তেনেহ’লে অসমীয়া জাতি কেৱল ইতিহাসৰ পাততহে জীয়াই থাকিবগৈ। গুৱাহাটীৰ বাহিৰত থকাৰ বাবে মই কালি (৮ মে’) সেই শুনানিত উপস্থিত থাকিব নােৱাৰিলো যদিও মােৰ ভাষ্য এটা ভিডিঅ’ৰ ৰূপত ইতিমধ্যেই প্রকাশ কৰিছোঁ। মই স্পষ্টকৈ এই বিধেয়কখনৰ বিৰােধিতা কৰিছোঁ। মই ভাবোঁ যে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত থকা ধর্মনিৰপেক্ষতাৰ নীতিৰ ই দেখ দেখকৈ বিৰােধিতা কৰে আৰু সেয়েহে ভাৰতীয় আত্মাৰ ই বিৰােধী। বাংলাদেশী সমস্যাটোৱে অসমক বহু বছৰ ধৰি জুৰুলা কৰি আহিছে। আমি সৰুৰে পৰাই এই সমস্যাটোৰ ভয়াবহতা দেখি আহিছোঁ, লগতে দেখি আহিছোঁ আন্দোলন আৰু প্রতিবাদ। এজন শিল্পী হিচাপে মই যদিও সংস্কৃতিৰ কোনাে সীমা থাকিব পাৰে বুলি বিশ্বাস নকৰোঁ, তথাপি এটা কথা গভীৰভাৱে বিশ্বাস কৰোঁ যে নিজৰ ঘৰখন সদায়েই নিজৰ ঘৰ। নিজৰ ঘৰখনৰ, নিজৰ ভেটিটোৰ অস্তিত্বৰ ক্ষেত্ৰত প্রশ্ন উঠিলে কোনাে অজুহাততে নিমাত হৈ বহি থকাটো যুক্তিসংগত নহয়। আমাৰ অসমৰ মানুহবােৰৰ সমস্যা সমাধান কৰিবলৈ এতিয়াও বহুত বাকী। অসমৰ বহুত লাখ মানুহে এতিয়াও মথাউৰিত বসবাস কৰি আছে। বহুত মানুহৰ ঘৰত বিজুলী সংযােগ নাই। বহুত ল’ৰা-ছােৱালীয়ে পঢ়িবলৈ পােৱা নাই। অসমীয়া ভাষা ভাল পােৱা, অসমীয়া গান ভাল পােৱা, অসমীয়া কিতাপ পঢ়া মানুহৰ সংখ্যা কমিবলৈ ধৰিছে। এইবােৰ জাতীয় প্রশ্ন। জাতীয় দায়িত্ব। এনে সময়ত ৰাজনীতি কৰিব নাপায়। ক্ষমতা তেতিয়াহে কামত আহে, যেতিয়া নিজৰ মানুহবােৰৰ তাৰ পৰা কিবা এটা লাভ হয়। এইখন চৰকাৰে জাতি-মাটিৰ কথা কৈছিল। পৰিৱৰ্তনৰ কথা কৈছিল। আমি সকলােৱে আশা কৰিছিলো। কিন্তু আশা কৰা ধৰণে কামবােৰ হােৱা নাই। তাৰ বিপৰীতে ধৰ্মৰ ভিত্তিত মানুহক বিভাজিত কৰাৰ অদ্ভুত প্রয়াস কিছুমানহে দেখিবলৈ পাইছোঁ। মই ৰাজনীতি বা ৰাজনৈতিক বিষয়সমূহৰ পৰা প্ৰায়ে আঁতৰত থাকোঁ। কিন্তু বিদেশীসকলক ধৰ্মৰ নামত স্বদেশী কৰি অসমীয়া জাতিক শেষ কৰাৰ এই বিষয়টো কেৱল মাত্র ৰাজনৈতিক বিষয় নহয়। ইয়াৰ লগত আমাৰ ভৱিষ্যতৰ কথা জড়িত হৈ আছে। আমাৰ অস্তিত্বৰ কথা জড়িত হৈ আছে। ইয়াত সকলােৱে মাত মতা উচিত। কোন কি দলৰ সমর্থক— সেইবােৰ আমাক দৰকাৰ নাই। কেৱল অসম আৰু অসমীয়া মানুহৰ অস্তিত্ব সুৰক্ষিত কৰাৰ স্বাৰ্থত সৰু সৰু বৃত্তসমূহৰ পৰা আমি ওলাই আহিব লাগিব।

মই ৰাইজক আহ্বান জনাইছোঁ যে বিহুৰ বতৰত যিদৰে আপােনালোক মােৰ অনুষ্ঠান চাবলৈ ওলাই আহে, যিদৰে ‘মিছন চাইনা’ৰ সময়ত সকলাে মানুহ আহি অসমীয়া চিনেমাৰ জগতত এটা নতুন ইতিহাস ৰচিলে,— তেনেদৰেই এইবাৰ জাতিটোৰ স্বাৰ্থত সকলাে মানুহ এক হৈ ওলাই আহক। তাতকৈ হাজাৰ গুণ বেছিকৈ ওলাই আহক। আপােনালােকে ইমান বছৰে মােক যিধৰণে মৰম দিছে, সঁহাৰি দিছে, সহযােগিতা কৰি আহিছে,— সেইদৰে এইবাৰ অস্তিত্ব ৰক্ষাৰ যুঁজত এজন সামান্য স্বেচ্ছাসেৱী হিচাপে মই আপােনালােকৰ সহযােগিতা কামনা কৰিছোঁ।

আৰু পঢ়ক:  খিলঞ্জীয়া জনসমষ্টিৰ অধিকাৰ: এটি অন্বেষণ

শুনানিৰ কাৰবাৰটো পক্ষপাতমূলক হৈছে বুলি বহুজনে কৈছে। আজি আকৌ গম পাইছোঁ যে অসমীয়া ৰাইজৰ প্রতিবাদত সেও মানি যুটীয়া সংসদীয় কমিটিখন পুনৰ অসমলৈ আহিব বুলি কৈছে। এইটো এটা ইতিবাচক খবৰ। প্ৰতিখন জিলাতেই তেওঁলােকে ৰাইজৰ কথা শুনাটো দৰকাৰ। তেওঁলােক পাছৰবাৰ অহাৰ আগতেই আমি প্রবল জনমত গঠন কৰিব লাগে। সমগ্ৰ অসমতে থকা জুবিন গাৰ্গ ফেন ক্লাবৰ মােৰ কমৰেডসকলক মই আহ্বান জনাইছোঁ— তেওঁলােকে যাতে অকণাে সময় নষ্ট নকৰাকৈ ঠায়ে ঠায়ে জনমত গঠন কৰে। চোছিয়েল মেডিয়াত আমাৰ নতুন প্রজন্ম খুবেই সক্রিয়। চোছিয়েল মেডিয়া ভালদৰে ব্যৱহাৰ কৰি এই বিলখনৰ বিৰূদ্ধে কেম্পেইন কৰিব লাগে। স্কুল-কলেজলৈ গৈ ল’ৰা-ছােৱালীবােৰক কথাবােৰ বুজাই দিব লাগে। ৰাইজক যুক্তিসহকাৰে বুজাই দিব লাগে। কেৱল আবেগত নহয়, যুক্তিপূর্ণভাৱে বুজাই দিলে সকলাে ৰাইজ একগােট হৈ ওলাই আহিব বুলি মােৰ বিশ্বাস। চলচ্চিত্র সমাজ, অসমে ইতিমধ্যেই শুনানিত উপস্থিত হৈ এই বিলখনৰ বিৰােধিতা কৰিছে। মই নিজে যিমান পাৰি সিমান মানুহক একগােট কৰিবলৈ চেষ্টা কৰিম। বিশেষকৈ আমাৰ শিল্পীসমাজে যাতে সবলভাৱে এই আন্দোলনত নামি পৰে, তাৰ বাবে মই যুঁজিম।

| আৰু পঢ়ক: জুবিন গাৰ্গৰ আবেদন: আইৰ মুখৰ মাত

এই যুঁজখন যুঁজিবলৈ মই সাজু। প্রয়ােজন হ’লে ৰাস্তালৈ যাবলৈকো সাজু। বিদেশী বিদেশীয়েই— তাত কোনাে বেলেগ অংক থাকিব নােৱাৰে। ১৯৭১ চনৰ পাছৰ কোনাে বিদেশীৰ বােজা আমি নলওঁ,— তাত কোনাে বেলেগ কথা থাকিব নােৱাৰে। হিন্দু-মুছলিম, উজনি অসম-নামনি অসম, ব্রহ্মপুত্র উপত্যকা-বৰাক উপত্যকা— এইবােৰ হিচাপ পাছে-পৰে কৰিলেও হ’ব; এতিয়া কেৱল অসম আৰু অসমীয়াৰ কথা ভাবিব লাগে। চৰকাৰে কথাটো আকৌ এবাৰ ভাবি চাওক— আমাক জোঁকাই নল’ব। যিবােৰ মানুহে এইটো ইচ্যুৰ আঁৰ লৈ অসমত বাস কৰা অসমীয়া আৰু বঙালী লােকসকলৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ লাগি আছে, যিবােৰ মানুহে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে, তেওঁলােককো মই সকীয়াই দিছোঁ যে এইবােৰ ল’ৰা-ধেমালি কৰি তেওঁলােকে যাতে আমাক আৰু আমনি নকৰে। সহ্যৰাে এটা সীমা থাকে। সেই সীমা পাৰ হ’লে অসমৰ স্বাৰ্থত, অসমীয়া মানুহৰ স্বাৰ্থত আমি যিকোনাে পর্যায়লৈ যাবলৈ কুণ্ঠাবােধ নকৰিম— চিধা কথা। জয় আই অসম।

৯ মে’ ২০১৮

ছবি: জুবিন গাৰ্গৰ আনুষ্ঠানিক ফেচবুক পৃষ্ঠাৰ পৰা

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts