স্মৃতি

image১.
এখিলা সৰাপাত
বুটলিব খোজোঁতেই
নিমিষতে শুকান হৈ পৰিল,

সময় গতিশীল
এতিয়া
বুকুৰ সেউজীয়াবোৰ
ক্ৰমাৎ
হালধীয়া হৈ পৰিছে,
ঠিক স্মৃতিবোৰৰ দৰেই।

২.
এটি
হুমুনিয়াহ
কিমান ব্যাকুলতা
ব্যথিত হৃদয়ত…

ক্ৰমশঃ
এখন ছবি
লীণ হৈ পৰিল
স্মৃতিৰ গৰ্ভৰ পৰা।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of