ভোটাই সাৰে আছ নে

বৰফুকনৰ দোপদৰত
শুনো নগ্ন কিৰীলি

বৰবৰুৱাৰ টোলত
ৰামসিংহৰ চন্তৰী

ডা-ডাঙৰীয়াসকল শুই নিঃপালি

নগা পাহাৰত অকলশৰীয়া
লাঙি গদাপানি

হেংদাঙৰ নাম ল’লেই
তই তুৰ্বক খেদা
কনছেং নেকি

পাৎশাহৰ পদখোদিত
শিৰোপা পিন্ধি
বিনা চৰ্তে শৰাইঘাট
শতৰুক সঁপিলি

নিজকে লাচিত বুলি
দোহৰা জন লাচিত জানো?

ৰাজগাদীৰ লোভে টনা
লালুকসোলা বৰফুকন

আৰু কিমান কোঁৱৰৰ
অংগ লাগে
কিমান জয়মতীয়ে
চমতাৰ কোব সহিব লাগে
কিমান কাঁড়ী-পাইকে
বুকুৰ তেজেৰে গঢ়িব লাগে
বৰভেটা?

ভোটাই সাৰে আছ নে?

আপোনাৰ আৰু ভাল লাগিব পাৰে:
ডঃ ইন্দ্ৰজিৎ বেজবৰুৱা

ডঃ ইন্দ্ৰজিৎ বেজবৰুৱা

সহকাৰী অধ্যাপক, বুৰঞ্জী বিভাগ, লামডিং মহাবিদ্যালয়, লামডিং | E-mail: ibezbaruah@yahoo.in | Ph: +91 98641 10922