ঘৃণ্য ৰাজনীতি বনাম দায়িত্বশীল নাগৰিক

‘আই জাষ্ট হেইট পলিটিকচ্’– মই ৰাজনীতি ঘিণ কৰোঁ— বিশেষকৈ শিক্ষিত লোক আৰু নতুন প্রজন্মৰ মুখত সঘনে আৰু সহজে উচ্চাৰিত এটা বাক্য। মই ৰাজনীতি বেয়া পাব পাৰোঁ বা ভাল পাব পাৰোঁ; কিন্তু ৰাজনীতিক উপেক্ষা কৰি বা বাদ দি চলিব পাৰোঁনে? নোৱাৰোঁ। যদি নোৱাৰোঁ, মই ভাল পোৱা বা বেয়া পোৱাত ৰাজনীতিৰ কি আহে-যায় ? ‘যায়’ যদি মোৰহে যায়, ৰাজনীতি একে ঠাইতে থাকে আৰু ‘আহে’ সক্রিয় ৰাজনীতি কৰা লোকসকলৰ!

বিধানসভা-লোকসভাৰ নিৰ্বাচনৰ আগে আগে নির্বাচন আয়োগৰ তৰফৰ পৰা গাঁৱে-নগৰে বিৰাট বিৰাট হর্ডিং লগাই নাগৰিকক ভোটৰ অধিকাৰৰ কথা সোঁৱৰাই দিয়া হয়, সেই অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনোৱা হয়। কিন্তু কোনো আয়োগ, চৰকাৰ, প্রশাসনৰ তৰফৰ পৰা গণতান্ত্রিক দেশ এখনত দেশ গঢ়াৰ ক্ষেত্ৰত নাগৰিকৰ অধিকাৰ-দায়িত্ব-কর্তব্যৰ কথা সোঁৱৰাই দিয়া নহয়। ‘আই হেইট পলিটিকচ্’ বুলি কোৱাতে ভাৰতৰ দৰে পদে পদে ৰাজনীতি নির্ভৰ দেশ এখনত যে নাগৰিকৰ দায়িত্ব-কর্তব্য আৰু অধিকাৰ শেষ হৈ নাযায়, সেই কথা সোঁৱৰাই দিয়া নহয়। ধনী-দুখীয়া, শিক্ষিত-অশিক্ষিত, চাকৰিয়াল-ব্যৱসায়ী-বেকাৰ সকলোৰে জীৱনৰ প্ৰায় প্ৰতিটো মুহূর্তক নিয়ন্ত্রণ কৰা ৰাজনীতিক বেয়া পাওঁ বোলাতে দায়িত্ব কেনেকৈ শেষ হৈ যাব পাৰে? হোৱা উচিত নে?

বিভিন্ন মাধ্যমেৰে আমি কিছুমান কৌতুকধর্মী সমল প্রায়ে পঢ়িবলৈ বা দেখিবলৈ পাওঁ। তেনে ধৰণৰ এটা— ষ্টাৰ মার্কচ-ডিষ্টিংচন পাই উত্তীর্ণ ছাত্র-ছাত্রীসকল পৰৱৰ্তী সময়ত এ চি এচ-আই এ এচ হ’ব, প্রথম বিভাগত উত্তীর্ণসকল চিকিৎসক-অভিযন্তা হ’ব, দ্বিতীয় বিভাগত উত্তীর্ণসকল শিক্ষক-কর্মচাৰী হ’ব আৰু তৃতীয় বিভাগত উত্তীর্ণসকল পৰৱর্তী জীৱনত ৰাজনৈতিক নেতা হ’ব আৰু ওপৰৰ আটাইকেইটা শ্রেণীক নিয়ন্ত্রণ কৰিব! কৌতুক হিচাপে পৰিৱেশিত হ’লেও ই আমাৰ দেশৰ সমাজ ব্যৱস্থাক প্রায় শুদ্ধ ৰূপতে প্রতিফলিত কৰিছে। শিক্ষিত-উচ্চ শিক্ষিতসকলৰ ৰাজনীতি ঘৃণা কৰা মানসিকতাকো ইয়াৰ বাবে জগৰীয়া কৰিব নোৱাৰিনে?

সদ্য ভোটৰ অধিকাৰ লাভ কৰা কিশোৰ এজনে যেতিয়া ৰাজনীতি ঘিণ কৰোঁ বুলি কয়, আমি কি সিদ্ধান্তলৈ আহিম— তেওঁ ইতিমধ্যে সমস্ত ৰাজনীতি দেখিলে, সমস্ত ৰাজনীতি বুজি উঠিল আৰু সিদ্ধান্তলৈ আহিল যে ৰাজনীতি ঘৃণনীয়? বিষয়টো ইমান সহজ আৰু সৰলৰৈখিক নে? ৰাজনীতি ‘খেলা’ লোকসকলৰ অভব্য আচৰণ, দলীয় ৰাজনীতিৰ কুটিলতাই সাধাৰণ মানুহক ৰাজনীতিৰ প্রতি বীতশ্রদ্ধ কৰা তেনেই স্বাভাৱিক। তেনে পৰিস্থিতিত সাধাৰণ মানুহে ৰাজনীতিক ঘিণ কৰাও স্বাভাৱিক। কিন্তু তেনে কিছু ব্যক্তিগত অনুভৱক এক ধৰণৰ সমূহীয়া অভিব্যক্তি হিচাপে গঢ়ি তোলাত আমাৰ আপত্তি। সেই ধৰণৰ অভিব্যক্তিয়ে গণতান্ত্রিক নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্যক সীমিত কৰাত আমাৰ ঘোৰ আপত্তি। আচলতে ঘৃণাৰ প্রৱণতা জাগৃত হোৱাৰ মুহূৰ্তৰ পৰাই নাগৰিকৰ অধিকাৰ আৰু কর্তব্য সম্পাদনৰ তাগিদাহে আৰম্ভ হোৱা উচিত। কিন্তু ওপৰত কৈ অহা সমূহীয়া অভিব্যক্তিয়ে এই ধৰণৰ তাগিদাক জন্ম হোৱাৰ পৰা বিৰত কৰি ৰাখে, যিটো নাগৰিক সমাজে বুজি উঠাটো গণতন্ত্রৰ বাবেই স্বাস্থ্যকৰ হ’ব।

ৰাজনীতিক ঘিণ কৰোঁ বুলি শিক্ষিত-উচ্চ শিক্ষিত লোকসকল নির্লিপ্ত হৈ থাকিলে আৰু নির্বাচন আয়োগৰ আহ্বান অনুসৰি নাগৰিকৰ অধিকাৰ সাব্যস্ত কৰি দুবছৰে-তিনি বছৰে ইভি এমৰ বুটামকে মাত্র টিপি থাকিলে কাৰ লাভ? ৰাজনীতিৰ ব্যৱসায় কৰি থকা সকলৰে নহয়নে? তৃতীয় বিভাগত উত্তীর্ণসকলে শাসনৰ গাদীত বহি প্রথম-দ্বিতীয় বিভাগত উত্তীর্ণসকলক নিয়ন্ত্রণ কৰিব আৰু আমি ভোট দি অধিকাৰ সাব্যস্ত কৰাৰ আত্মপ্রসাদত গদগদ হৈ থাকিম? সময় সলনি হ’ল, কেৱল ভোট দি দি দেশ গঢ়া নাযায়। নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্যও ইমান একমাত্রিক নহয়।

কিছুমান সময় পাৰ কৰি আহিলো, যেতিয়া কিছু দেশভক্ত আৰু অনুভৱী ৰাজনীতিকক দেশ চলোৱাৰ দায়িত্ব দি নাগৰিক নিশ্চিত হ’ব পাৰিছিল— তেওঁলোকে সুচাৰুৰূপে শাসন-প্রশাসন চলাব, আমি আমাৰ কাম কৰোঁ। নাগৰিকৰ প্রত্যাশা পূৰণ কৰি তেনে ৰাজনীতিকেও দেশৰ উন্নয়নৰ কামত আত্মনিয়োগ কৰিছিল। সময় সলনি হ’ল, অনুভৱী ৰাজনীতিক নোহোৱা হ’ল; ৰাইজৰ সেৱা চুৰ কৰা ধান্দাবাজ ৰাজনীতিকৰ হাতত ৰাজনীতি এক ব্যৱসায়ত পৰিণত হ’ল— নিজস্ব কার্যসূচী চৰিতাৰ্থ কৰাৰ হাথিয়াৰত পৰিণত হ’ল— যিটোক অৱশ্যে পাঁচ বছৰৰ মূৰে মূৰে নবীকৰণ কৰাটো দৰকাৰী হৈ থাকিল। এনে পৰিপ্ৰেক্ষিতত নাগৰিকৰ কৰ্তব্যও পূর্বৰ দৰে সীমিত হৈ থকাটো অনুচিত। পৰিৱৰ্তিত জটিল সময়ত নাগৰিক হোৱাৰ দায়িত্ব পালন কৰাটো অৱশ্যেই অতি প্রত্যাহ্বানমূলক। সেই হ’লেও, প্রত্যাহ্বানৰ মুখামুখি হোৱাৰ সলনি ‘মই ভালে আছোঁ’ আৰু ‘মই ৰাজনীতি ঘিণ কৰোঁ’ বুলি কৈ দায়িত্ব সামৰাটো নির্লজ্জ আত্মসমর্পণ বা পলায়নৰ নামান্তৰ মাথোন।

নাগৰিকৰ কর্তব্য পালন কৰিবলৈ সমাজৰ সকলো লোকেই সক্রিয় ৰাজনীতিত যোগদান কৰিব লাগিব ধৰণৰ কথা এটা আমি প্রতিপাদন কৰিব খোজা নাই। বালিত মুখ গোজা উট পখীৰ ভূমিকাৰ পৰা সমাজৰ সৰ্বস্তৰৰ সকলো লোক ওলাই আহিব লাগিব— সেই কথাটোহে আমি প্রতিপাদন কৰিব খুজিছোঁ।

এই সময়ত ভাল নাগৰিক হোৱাৰ সর্বপ্রথম আৰু প্রধান চৰ্তটো বোধহয় সঁচা আৰু মিছাক চিনাক্ত কৰিব পৰা ক্ষমতা আৰু চেষ্টা। অৱশ্যেই ই এক বৃহৎ প্রত্যাহ্বান। ৰাজনৈতিক নেতাৰ মুখৰ প্রতিটো বাক্য বিশ্বাসত লোৱাৰ আগতে ফঁহিয়াই চোৱাৰ অভ্যাস গঢ়ি লোৱাটো খুবেই প্রয়োজনীয়। তাৰ লগে লগে সংবাদ মাধ্যমৰ বাতৰি, আলোচনা-বিলোচনাও সূক্ষ্ম দৃষ্টিৰে বিশ্লেষণ কৰা দৰকাৰ। এটা সময় আছিল, সংবাদ আৰু তথ্য আহৰণৰ বাবে আমাৰ সন্মুখত কেৱল ছপা মাধ্যম আছিল; তাৰ পাছত ইলেক্ট্রনিক মাধ্যম আহিল আৰু এতিয়া সেইবোৰৰ সমান্তৰালভাৱে ডিজিটেল মাধ্যমৰ জয় জয়কাৰ। স্মার্ট ফোনৰ জৰিয়তে সমাজৰ সর্বস্তৰৰ প্রায় প্রতিজন মানুহক স্পর্শ কৰা ডিজিটেল মাধ্যম,—মূলতঃ চছিয়েল মেডিয়াৰ জৰিয়তে সংবাদ আৰু তথ্য আহৰণ অতি সহজ আৰু ২৪ ঘণ্টীয়া নিৰৱচ্ছিন্ন হৈ পৰাৰ লগে লগে নাগৰিকক বিভ্রান্ত কৰাৰ চক্রান্তও এইবোৰত সুলভ হৈ পৰিল। সংবাদ আৰু তথ্যৰ এই ধৰণৰ ২৪ ঘণ্টীয়া বহুমুখী আগমন-আক্রমণ আৰু গ্ৰহণৰ সময় আৰু ব্যৱস্থাপনাত সঁচা-মিছা, ভাল-বেয়াৰ স্বৰূপ নির্ণয় যথার্থতেই প্রত্যাহ্বানমূলক। কিন্তু প্রত্যাহ্বানমূলক বুলিয়েই সেইবোৰক চৰম সত্য বুলি মানি হাত সাবটি বহি থাকিলে নিজলৈকে বিপদ। ডিজিটেল মাধ্যম যিদৰে ভূৱা প্ৰচাৰ-অপপ্রচাৰৰ বাবে অতি কার্যকৰ যতন, সেইদৰে সেইবোৰক চিনাক্ত কৰাৰ উপায়ৰ বাবেও অতি কার্যকৰ যতন। সত্যতা নিৰূপণৰ বাবে আগ্রহ আৰু দায়িত্ববোধে সেইবোৰ বিচাৰি ফঁহিয়াই চোৱাক অভ্যাসত পৰিণত কৰাব।

বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ আগ-পাছৰ পৰাই চছিয়েল মেডিয়া আৰু সংবাদ মাধ্যম, বিশেষকৈ ইলেক্ট্রনিক সংবাদ মাধ্যমত অনেক ভূৱা (fake) আৰু অপপ্রচাৰ (propaganda) আমি দেখা পাই আহিছোঁ। ইয়াৰ লগে লগে সেইবিলাকৰ সত্যতা নিৰূপণ (fact check) বিভিন্ন মাধ্যমত হৈছে। তথাপিও সেইবিলাকৰ আধাৰত ৰাজহুৱা অভিব্যক্তি বা বাগধাৰা নির্মিত হৈছে। যিসকলৰ উদ্দেশ্য বা ন্যস্ত স্বার্থ জড়িত হৈ আছে (যেনে— ৰাজনৈতিক দলৰ নেতা-কর্মী-সদস্য, বেতনভোগী আই টি চেলৰ কৰ্মচাৰী), সেই সকলক বাদ দি বাকী নাগৰিকে সেই ভূৱা আৰু অপপ্রচাৰবোৰ কিয় সঁচা বুলি মানি লৈছে বা তাৰ আধাৰত গঢ়ি তোলা বাগধাৰাত কিয় অংশ লৈছে? ইয়াৰ উত্তৰত ক’ব পাৰি, নাগৰিক হিচাপে থাকিব লগা দায়িত্ববোধৰ অভাৱত। নৰেন্দ্ৰ মোদীক ইউনেস্ক’ই পৃথিৱীৰ সর্বশ্রেষ্ঠ প্রধান মন্ত্রী হিচাপে স্বীকৃতি প্রদান কৰিছে ধৰণৰ আজগুবি সমল একোটা যেতিয়া উচ্চ শিক্ষিত নাগৰিকে চছিয়েল মেডিয়াত বিতৰণ কৰে,— আমাৰ মনত বিস্ময় জাগে, কি শিক্ষাৰে শিক্ষিত এইসকল! নাগৰিক হিচাপে সেইসকল ইমানেই অসমর্থ যে নিজৰ সাধাৰণ জ্ঞানকণ (common sense) খটুৱাবলৈয়ো তেওঁলোক অনিচ্ছুক। বা পূর্বধাৰণাই তেওঁলোকক এনেকৈ মোহান্ধ কৰি ৰাখিছে যে ‘তথ্য’টো খুঁটিয়াই চোৱাৰ প্রয়োজনেই বোধ নকৰে। এনেকুৱা পৰিৱেশত গণতন্ত্র টিকি থাকিবলৈ বা ক’ব পাৰি, টিকাই ৰাখিবলৈ অনেক কষ্ট কৰিব লগা হয়। ‘গণতন্ত্ৰত ৰাইজেই ৰজা’ বুলি শুনি ভাল লগা কথাটো সকলোৱেই আওঁৰায়, বিশ্বাস হলে নকৰে। গণতান্ত্রিক নাগৰিক হোৱাৰ অধিকাৰ আৰু দায়িত্ব পালনৰ প্রৱণতা অভ্যাসত পৰিণত নহ’লে নির্বাচিত শাসকক ৰজা আৰু নিজক দুর্বল প্রজা বুলিয়েই মানি থাকিব লাগিব। এনেকুৱা দুর্বল প্রজাৰ দেশতে, বিশ্বৰ সর্ববৃহৎ গণতন্ত্র হলেও, বিজেপিয়ে দম্ভালি মাৰিব পাৰে— ‘আগন্তুক পঞ্চাশ বছৰ বিজেপিয়ে দেশ শাসন কৰি থাকিব’! পিছে হিন্দু-মুছলমান, ৰামলালা-হনুমানৰ সজোৱা বাগধাৰাৰে নাগৰিকক সদায় ভেড়া বনাই ৰাখিব নোৱৰাৰ শিকনিটো তেওঁলোকে মধ্য প্রদেশ-ৰাজস্থান-ছত্তিশগড়ত পালে। দম্ভৰ সলনি বিজেপিৰ সুৰ এতিয়া নৰম— আমাৰ অসমতো— বোলে, অগপৰ লগত মিলিজুলি থাক !

ৰাজনীতিকৰ কথা, কাম আৰু আচৰণত নৰম সুৰ নিৰ্বাচনত ধৰাশায়ী হোৱাৰ সময়তে কেৱল নহয়, বছৰৰ ৩৬৫ দিনেই হৈ থকা উচিত। নাগৰিকে নৰম কৰি ৰাখিবলৈ বাধ্য কৰা উচিত। তেওঁলোক ৰাইজে নির্বাচন কৰা ৰাইজৰ সেৱকহে, ৰজা বা ডিক্টেটৰ নহয়,– এই শিক্ষাটো তেওঁলোকক সোঁৱৰাই থাকিবলৈ, এই বোধটো সকলো ৰাজনীতিৰ মজ্জাত পোতন খুৱাই দিবলৈ দেশৰ নাগৰিক ‘ভাল নাগৰিক’ হ’বই লাগিব। আৰু ভাল নাগৰিক হ’বলৈ ৰাজনৈতিক আৰু সামাজিকভাৱে নাগৰিকসকল সজাগ, তৎপৰ আৰু দায়িত্বশীল হোৱাৰ বিকল্প নাই।

‘আই জাষ্ট হেইট পলিটিকচ্’ বুলি কোৱাৰ সলনি প্রতিজন নাগৰিকে ‘আই জাষ্ট হেইট পলিটিকেল ইগনৰেন্স’— মই ৰাজনৈতিক অজ্ঞতাক ঘিণ কৰোঁ বুলি ক’বলৈ লোৱাৰ পৰাই গণতান্ত্রিক দেশৰ দায়িত্বশীল নাগৰিক তৈয়াৰ হোৱাৰ প্রক্রিয়া আৰম্ভ হ’ব।

আপোনাৰ আৰু ভাল লাগিব পাৰে:
পল্লৱপ্ৰাণ গোস্বামী

পল্লৱপ্ৰাণ গোস্বামী

'নীলা চৰাই'ৰ প্ৰতিষ্ঠাপক আৰু সম্পাদক। সাংস্কৃতিক কৰ্মী।

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of