খিলঞ্জীয়া জনসমষ্টিৰ অধিকাৰ: এটি অন্বেষণ

খিলঞ্জীয়া জনসমষ্টিৰ অধিকাৰ বর্তমান সময়ৰ অন্যতম চর্চাৰ বিষয় হৈ পৰিছে। বিশ্বজুৰি এই সন্দৰ্ভত চিন্তা-চৰ্চা চলােৱাৰ দৰে ইয়াক লৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সচেতন অংশৰ মাজত আলাপ-আলােচনা দেখা গৈছে। আনকি বাস্তৱিক ক্ষেত্ৰত খিলঞ্জীয়াৰ সূত্ৰ সন্দৰ্ভতো বিতর্কৰ সৃষ্টি হােৱা দেখা গৈছে। বহু সময়ত কোন কোনো জনগােষ্ঠীয়ে নিজকে খিলঞ্জীয়া হিচাপে দাবী কৰিছে যদিও সেই দাবী আন কোনাে জনগােষ্ঠীৰ দ্বাৰা প্রত্যাখ্যাত হ’বলগাত পৰিছে। ইয়াৰ ফলত কিছু ভুল বুজাবুজিও সৃষ্টি নােহাৱা নহয়। আনহাতে, ৰাষ্ট্ৰসংঘৰ অন্তর্ভুক্ত ৰাষ্ট্ৰসদস্য (State Parties) হিচাপে ভাৰতবৰ্ষই এনেবােৰ ক্ষেত্ৰত দিক-নির্দেশনা প্রদান কৰাটো বৌদ্ধিক, ৰাজনৈতিক তথা গণতান্ত্রিক পৰিৱেশৰ বাবে প্রয়ােজনীয় আছিল যদিও বাস্তৱত এনে ক্ষেত্ৰত অনীহা প্ৰকাশ কৰাহে দেখা গৈছে।

সেয়ে, এই সমূহ দিশৰ মূলতেই বৌদ্ধিক ক্ষেত্ৰখনত খিলঞ্জীয়া সংক্রান্তীয় ধ্যান-ধাৰণাৰ প্ৰয়ােজনীয়তা অনুভৱ কৰিয়েই এই লেখাৰ পাতনি তৰা হ’ল। ইয়াৰ সকলােবােৰ মতামতেই গ্রহণযােগ্য হ’ব বুলি কোনাে কথা নাই; কিন্তু, বৌদ্ধিক ক্ষেত্ৰত যদিহে কিছু সমল যােগান ধৰে, তেতিয়াহ’লে সমগ্র চিন্তাটোৰ প্ৰক্ৰিয়া আৰু অধিক গতিশীল হ’ব বুলি ধাৰণা কৰিব পাৰি। আনহাতে, এই সংক্রান্তীয় প্রয়ােজনীয় তথ্য-পাতিৰ অপ্রতুলতাৰ বাবেও বহু কথা আধৰুৱা পর্যায়তে ৰাখিবলগা হৈছে। সেয়ে সমগ্র বিষয়টোকে খিলঞ্জীয়া জনসমষ্টিৰ অধিকাৰ অংকুৰণ প্রক্রিয়াৰ প্ৰাক্-প্রাথমিক স্তৰ হিচাপে গণ্য কৰি কিছু মতামত আগবঢ়োৱাৰ বাবে প্রচেষ্টা চলােৱা হ’ল।

খিলঞ্জীয়াৰ সূত্ৰায়ন:

উদ্যোগ-বাণিজ্য, শিল্প-বিপ্লৱে বিশ্ব প্রেক্ষাপটত যি পুঁজি অর্থনীতিৰ সৃষ্টি কৰিলে, তাৰ প্ৰসাৰতাৰ বাবে, সাম্রাজ্যবাদী-ঔপনিৱেশিক ব্যৱস্থাৰ প্ৰচলন হ’ল। এই শিল্প-বিপ্লৱৰ বাবেই জন্ম লাভ কৰা জাতিৰাষ্ট্রসমূহে নিজস্ব বাণিজ্য, অর্থনীতি বিস্তাৰৰ বাবে সাম্রাজ্যবাদী-ঔপনিৱেশিক ব্যৱস্থাৰ যােগেদি বিশ্বৰ ভিন্ন প্রান্তত ৰাজনৈতিক প্রভূত্ব স্থাপন কৰিবলৈ সমৰ্থ হৈছিল। এই ৰাজনৈতিক প্রভূত্ববাদৰ বাবেই সেই অঞ্চলৰ লােকসকলৰ সার্বভৌম স্বত্ব লুপ্ত হৈছিল। কালক্ৰমত এই ব্যৱস্থাৰ বিৰুদ্ধে বিভিন্ন জাতিসমূহে ঔপনিৱেশ বিৰোধী সংগ্রাম আৰম্ভ কৰিছিল আৰু এই সংগ্রামৰ মাজেদিয়ে পূর্বৰ প্ৰভূত্ববাদী জাতিৰাষ্ট্ৰসমূহক উৎখাত কৰি নিজস্ব জাতিৰাষ্ট্ৰ স্থাপন কৰিবলৈ সমর্থ হ’ল। কিন্তু এই সমগ্ৰ প্ৰক্ৰিয়াৰ মাজত স্থান বিশেষে কেতবােৰ জনসমষ্টি প্রাপ্য অধিকাৰৰ পৰা বাহিৰত ৰ’বলগা হ’ল। আনহাতে, সাম্রাজ্যবাদী অর্থনীতিয়ে ন-ৰূপ লৈ নব্য-সাম্ৰাজ্যবাদী, নব্য-ঔপনিৱেশিক চৰিত্ৰ পৰিগ্ৰহ কৰি নৱউত্থিত জাতিৰাষ্ট্ৰসমূহৰ অর্থনীতিত হস্তক্ষেপ কৰিবলৈ ল’লে। চমু অর্থত, ৰাজনৈতিক ক্ষমতা আৰু পৰিচালনা বিধি নৱউত্থিত জাতিৰাষ্ট্ৰসমূহৰ শাসকগােষ্ঠীৰ হাততে অৰ্পণ কৰি সমগ্র অর্থনৈতিক ক্ষমতা কুক্ষিগত কৰা হ’ল। ইয়াৰ ফলতে জাতিৰাষ্ট্ৰসমূহেও আন্তঃঔপনিৱেশিক অর্থনীতি ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিলে।

বিশ্ব ৰাজনীতিৰ এই সমগ্ৰ প্ৰক্ৰিয়াৰ মাজত যিসমূহ জনসমষ্টি দীর্ঘদিন ধৰি শােষণ, নিষ্পেষণ, বঞ্চনাৰ বলি হ’বলগা হ’ল, সেইসমূহ জনসমষ্টিৰ মাজত ক্ৰমান্বয়ে ক্ষোভৰ জন্ম হ’ল। পুঞ্জীভূত ক্ষোভে বিক্ষোভৰ জন্ম দিলে আৰু বিক্ষোভে বিদ্ৰোহৰ ৰূপ পৰিগ্ৰহ কৰিছে। বিশ্ব জনসমষ্টিৰ এক বুজন অংশৰ মাজত গা কৰি উঠা এনে বিক্ষোভ-বিদ্ৰোহৰ পটভূমিয়ে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি-অর্থনীতিকো কঁপাই তুলিলে। কাজেই, আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ৰ মাজত এই জনসমষ্টিক লৈ চিন্তা-চৰ্চাৰ বিকাশ ঘটিল। এনে চিন্তাকে ইণ্ডিজিন বা ইণ্ডিজেনাছ নামেৰে নামকৰণ কৰা হ’ল আৰু ৰাষ্ট্ৰসংঘৰ লেখীয়া আন্তঃৰাষ্ট্ৰীয় মঞ্চত উত্থাপন কৰা হ’ল। ১৯৮৭ চনৰ ১৭ এপ্রিল তাৰিখে ৰাষ্ট্ৰসংঘই এক প্ৰস্তাৱৰ যােগেদি ‘ইণ্ডিজেনাছ’ বা খিলঞ্জীয়া সংক্ৰান্তীয় আলােচনাৰ বাট মুকলি কৰি এখন স্বায়ী মঞ্চ স্থাপনৰ পোষকতা কৰে আৰু তাৰ বাবেই খিলঞ্জীয়া সংক্ৰান্তীয় সকলাে দিশ অধ্যয়ন কৰিবৰ বাবে এটি কর্মবাহিনী (Working group) গঠন কৰি দিয়ে। এই কর্মবাহিনীয়ে সদস্য ৰাষ্ট্ৰ, অনা-চৰকাৰী সংগঠন (NGO), জন-প্রতিনিধি আদি বিভিন্ন স্তৰৰ লগত কৰা আলাপ-আলােচনা, মতামত অধ্যয়ন কৰি এখন খচৰা ঘােষণা পত্র ১৯৯৪ চনত ৰাষ্ট্ৰসংঘৰ মজিয়াত দাখিল কৰে। ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংগঠন (International Labour Organisation)ৰ দৰে সংগঠনৰ তৰফৰ পৰাও ১৯৮৯ চনত অভিৱৰ্তন অনুষ্ঠিত কৰি হেঁচা প্রয়ােগৰ প্রক্রিয়া আৰম্ভ কৰা হয়। এই খচৰা ঘােষণাপত্ৰক লৈয়াে বিশ্বজুৰি অধ্যয়ন, বিতর্ক আৰম্ভ হয় যদিও সমগ্র প্রক্রিয়াৰ যােগেদি খিলঞ্জীয়া মানুহৰ অধিকাৰৰ প্ৰশ্নক বিশ্বজুৰি স্বীকৃতি প্রদান কৰা হ’ল। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ চনদ (১৯৪৮), অসামৰিক আৰু ৰাজনৈতিক অধিকাৰ সম্পকীয় আন্তঃৰাষ্ট্ৰীয় ক’ভনেণ্ট (International Covenant on Civil and Political Right, 1966), অর্থনৈতিক, সামাজিক, সাংস্কৃতিক অধিকাৰ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় কভ’নেন্ট (International Covenant on Economic, Social and Cultural Right 1966) আদি আধাৰসমূহৰ লগতে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংগঠন (ILO)ৰ ১৬৯ নং স্বাধীন ৰাষ্ট্রসমূহৰ খিলঞ্জীয়া আৰু জনজাতিসকলৰ অভিৱৰ্তন (Convention Concerning Indigenous and Tribal people in Independent Countries, Convention 169) আৰু ১০৭ নং স্বাধীন ৰাষ্ট্ৰসমূহৰ খিলঞ্জীয়া অন্যান্য জনজাতি, অর্ধ-জনজাতি জনসমষ্টিৰ সুৰক্ষা আৰু সংহতি সংক্রান্তীয় অভিৱর্তন (Convention Concerning the protection and Integration of Indigenous and other Tribal and Semi Tribal Population in Independent Countries, Convention 107) আদিৰ ঘােষণা পত্রসমূহেও খিলঞ্জীয়াৰ অধিকাৰ সন্দৰ্ভত মার্গ নির্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল। এনেদৰে খিলঞ্জীয়াৰ অধিকাৰ সম্পৰ্কীয় প্রশ্নসমূহ আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত হােৱাৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তৰ খিলঞ্জীয়া ৰাইজৰ অধিকাৰৰ ক্ষেত্ৰখনাে বিস্তৃত হৈ পৰিল। কাজেই, ক’ব পাৰি যে বিশ্বৰ মুক্তিকামী জনসাধাৰণৰ বাবে খিলঞ্জীয়াৰ অধিকাৰৰ প্ৰসঙ্গাৱলী অন্যতম মার্গ হিচাপে পৰিগণিত হৈছে।

এইখিনিতে, স্বাভাৱিকভাৱে প্রশ্ন আহে যে খিলঞ্জীয়া মানেনো কি? কেনে ধৰণৰ জনসমষ্টিক খিলঞ্জীয়া হিচাপে অভিহিত কৰিব পাৰি? এইক্ষেত্ৰত ৰ’ড’লফ’ ষ্টেভেনহেগেন (Rodolfo Stavenhagen)ৰ এষাৰ মতামত প্রণিধানযােগ্য। তেওঁৰ মতে, ঔপনিৱেশিকতা বা যুদ্ধজয়ৰ দ্বাৰা নির্দিষ্ট ভূখণ্ডৰ আদি বাসিন্দাসকলে সার্বভৌমত্ব হেৰুৱাই আৰু নিজস্ব নিয়ন্ত্রণ নথকা ৰাষ্ট্ৰ বা সমাজৰ দ্বাৰা শাসিত হ’বলগা হয়, তেন্তে সেই সকলেই সেই ভূখণ্ডৰ খিলঞ্জীয়া জনসমষ্টিৰ অন্তৰ্গত হয়। (“Indigenous Population may be defined as the original inhabitants of a territory who, because of historical circumstances (conquest or colonization by another people) have lost their sovereignty and have become subordinate to the wider society and the state over which they do not exercise control”: Rodolofo Stavenhagen cited in ‘A Resource Book on the Right of Indigenous Peoples by Raajen Singh, p.2, Sept, 2001) ষ্টেভেনহেগেনৰ মতামত অতি গুৰুত্বপূর্ণ যদিও কিছু সীমাবদ্ধতা থকা যেন অনুমান হয়; যথা, ঔপনিৱেশিকতাৰ বাবে স্থানচ্যুতি (Displacement) হােৱা কোনাে ভূখণ্ডৰ জনসমষ্টি একে ৰাষ্ট্ৰব্যৱস্থাৰ মাজতে খিলঞ্জীয়া হিচাপে অভিহিত হ’ব নে নহয়, সেই প্ৰশ্নৰ মীমাংসা নহ’ল। যাহওক, এই সন্দৰ্ভত অধিক আলােচনালে যােৱাৰ আগতে এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ আপত্তিৰ দিশটো পর্যালােচনা কৰিব লাগিব।খিলজীয়া কৰ্ম বাহিনীত (Working Group on Indigenous Population) ১৯৯৩ চনৰ ২৯ জুলাইৰ বৈঠকত ভাৰত চৰকাৰৰ প্রতিনিধি দেবাশীষ চক্রবর্তীয়ে আপত্তি দৰ্শাই কৈছিল— “খিলঞ্জীয়া মানুহ, এই ধাৰণাৰ সাধাৰণীকৰণ কৰিব নােৱাৰি। ই বিশ্বৰ কিছু নির্দিষ্ট ক্ষেত্ৰত, নির্দিষ্ট জনসমষ্টিৰ ক্ষেত্ৰতহে প্রযােজ্য হ’ব। লিখিত বুৰঞ্জীৰ সময়ৰ পৰাই ভাৰতবৰ্ষ বিভিন্ন জাতি-জনগােষ্ঠীৰ মিলনক্ষেত্র। যিহেতু বিগত কেইবাহেজাৰ বছৰ ধৰি ভাৰতভূমিত জনসমষ্টিটোৱে বসবাস কৰি আহিছে, গতিকে খিলঞ্জীয়াৰ ধাৰণা ভাৰতৰ ক্ষেত্ৰত সঠিক নহ’ব। ইয়াৰ সকলাে মানুহেই ইয়াৰ খিলঞ্জীয়া আৰু এইক্ষেত্ৰত খিলজীয়া-অখিলঞ্জীয়াৰ বিভাজন কৃত্রিম তথা উপৰুৱা হ’ব।” (The term indigenous people is not one of the sweeping generalization. It applies to specific populations and communities in certain parts of the world. India has been a melting pot of races and ethnic groups from the earliest periods of recorded history. The application of the term Indigenous People to the situation in India would be inaccurate, because the entire population of India has been living on its land for the past several millennia. All these people are indigenous to the country and any attempt to make a distinction between the Indigenous and non-indigenous would be atrificial and spurious where India in concered., পূর্ব উল্লিখিত গ্রন্থ, পৃষ্ঠা নং-১০৩)। ভাৰতৰ দৰে এছিয়াৰ ৰাষ্ট্ৰসমূহৰ এনে আপত্তি সত্ত্বেও ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে কর্ম বাহিনীৰ খচৰা প্ৰস্তাৱ গ্ৰহণ কৰে আৰু নির্দিষ্ট দেশত খিলীয়া কোন হব— এই প্রশ্ন সংশ্লিষ্ট দেশখনকে বিতর্ক চলােৱাৰ বাবে অর্পণ কৰে। খচৰা প্রস্তাৱত ৰাষ্ট্ৰসংঘৰ সন্মতি থকাৰ বাবেই কর্ম বাহিনীৰ সভাপতি এৰিকা-আইৰেন ডায়েচ (Dr EricaIrene Daes)এ প্রদান কৰা সামৰণিমূলক মতামতো অধিক গুৰুত্বপূর্ণ হৈ উঠিছে। এৰিকাৰ মতে, খিলঞ্জীয়াৰ ধাৰণাক বুজিবৰ বাবে খিলঞ্জীয়া আইন বিশেষজ্ঞ, শিক্ষাবিদ সদস্য, আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহে বিবেচনা কৰা কাৰকসমূহেই প্রাসংগিক হ’ব। এই কাৰকসমূহ হ’ল—

ক. নির্দিষ্ট ভূখণ্ডৰ ব্যৱহাৰ আৰু জীৱিকাই নির্ণয় কৰা সময়ক দিয়া অগ্রাধিকাৰ

খ. ভাষা, সামাজিক সংগঠন, ধর্ম, আধ্যাত্মিক মূল্যবােধ, উৎপাদন প্রক্রিয়া, আইন-অনুষ্ঠান আদি সাংস্কৃতিক পৃথকতাসূচক কাৰকৰ স্বেচ্ছামূলক স্থায়ীকৰণ

গ. আত্মপৰিচয় আৰু আন গােষ্ঠীৰ ৰাষ্ট্ৰৰ দ্বাৰা দ্বাৰা স্বীকৃতিকৰণ তথা অৱদমন আৰু বৈষম্যৰ সন্মুখীন হােৱা

(The factors which modem International Organization and legal experts including indigenous legal experts and member of the academic family, have considered relevant to understanding the concept of Indigenous include:

(a) Priority in time with respect the occupation and use of a specific territory

(b) The voluntary perpetuation of cultural distinctiveness, which may include aspects of language, social organization, religion and spiritual values, modes of production, laws and institutions

(c) Self-identification, as well as recognition by other groups or by state authorities, as a distinct collectivity end an experience of subjugation, exclusion or discrimination, whether or not these conditions persist
:পূর্ব উল্লিখিত গ্রন্থ, পৃষ্ঠা নং-১০৫)

খিলঞ্জীয়া সন্দৰ্ভত এনেদৰে হােৱা বিতর্ক, সূত্ৰৰ অন্তত, ষ্টেভেনহেগেন আৰু এৰিকা-আইৰেন ডায়েচৰ মতামতকে আধাৰ বিচাপে গ্ৰহণ কৰাৰ প্ৰাসংগিকতা আছে। অৱশ্যে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত, দেৱাশীষ চক্ৰৱৰ্তীয়ে আগবঢ়োৱা মতামত যিহেতু চৰকাৰী মতামত হিচাপেই বিবেচিত হৈ আছে, গতিকে তাৰো অনুপুংখ বিশ্লেষণ প্রয়ােজনীয়। বিশেষকৈ চক্ৰৱতীয়ে আগবঢ়োৱা মতামতে আজিৰ তাৰিখত ভাৰতীয় জাতীয়তাবাদী চিন্তাকে প্রতিনিধিত্ব কৰা দেখা গৈছে। ব্রিটিছবিৰােধী আন্দোলনৰ মাজেৰে জন্ম আৰু বিকাশ লাভ কৰা ভাৰতীয় জাতীয়তাবাদ যিহেতু পৰৱৰ্তী পৰ্যায়ত পাকিস্থানপন্থীসকলৰ দ্বাৰা প্রত্যাখ্যান কৰা হ’ল, গতিকে তাৰ সামগ্রিক গ্রহণযােগ্যতা কিমান, তাকো আলােচনা কৰাৰ থল আছে। বিশেষকৈ আজিৰ অৰিখৰ ভাৰতীয় জাতীয়তাবাদৰ লগত দ্রাবিড় জাতীয়তাবাদ, কাশ্মীৰী জাতীয়তাবাদ আৰু অষ্ট্ৰ’-মংগলয়ড জাতীয়তাবাদৰ প্ৰত্যক্ষ দ্বন্দ্ব হৈছে; এনে ক্ষেত্ৰত, ভাৰতীয় জাতীয়তাবাদক ভিত্তি কৰি খিলঞ্জীয়াত্বক নস্যাৎ কৰাৰ প্ৰৱণতা কিমান দূৰ গ্রহণযােগ্য হ’ব? চমুৱাই ক’বলৈ গ’লে, খিলঞ্জীয়া সন্দৰ্ভত, ভাৰত চৰকাৰ বা চক্রবর্তীৰ মতামত হিন্দু-হিন্দী আধিপত্যবাদৰ নামান্তৰহে। কাজেই, এনে মতামত গােবলয় বা গাংগেয় উপত্যকাত প্ৰাসংগিক হ’লেও দাক্ষিণাত্য, কাশ্মীৰ বা উত্তৰ-পূৰ্বাঞ্চলত কোনােপধ্যেই প্রাসংগিক নহ’ব। সেয়ে, এনে ক্ষেত্ৰত চক্ৰবৰ্তীৰ মতামত একাষৰীয়া কৰি ষ্টেভেনহেগেন আৰু এৰিকাৰ মতামতৰ প্ৰাসংগিকতাক বিচাৰ-বিশ্লেষণ কৰিব লাগিব।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত খিলঞ্জীয়া কোন?:

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত খিলঞ্জীয়া সংক্রান্তীয় চিন্ত-চৰ্চা আৰম্ভ হােৱা দেখা গৈছে। খিলঞ্জীয়া কর্ম বাহিনীৰ খচৰা ঘােষণাপত্র সংক্রান্তত বিতর্ক হােৱাৰ লেখীয়াকৈ কেইবাটাও বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনে নিজস্ব প্রতিনিধি প্ৰেৰণ কৰাৰ বতৰা পােৱা গৈছে। তৎসত্বেও খিলঞ্জীয়াৰ সূত্ৰায়ন প্রক্রিয়াত কিছু আউল দেখা গৈছে, যাৰ বাবে কোন খিলঞ্জীয়া হয়, কোন নহয়— তাক লৈয়ো বিতর্ক সৃষ্টি হৈছে। অসমত এই বিতর্কৰ স্থল অধিক হােৱাৰ সম্ভাৱনা আছে। কিয়নাে, যি প্ৰব্ৰজন প্রক্রিয়াৰে অসমৰ জনসমষ্টি সৃষ্টি হৈছে, জাতি, জাতিসত্তা, জনগােষ্ঠীসমূহৰ বিকাশ হৈছে, তাৰ পটভূমি পর্যালােচনা অবিহনে খিলঞ্জীয়াৰ প্রায়ােগিক দিশ বিবেচনা কৰা নাযাব। বিশেষভাৱে প্রশ্ন উত্থাপিত হ’ব পাৰে যে কোনাে নির্দিষ্ট বর্ষক ভিত্তি কৰি খিলঞ্জীয়াৰ সংজ্ঞা প্রণয়ন কৰিব পৰা যাবনে? ষ্টেভেনহেগেনৰ সূত্ৰক আশ্ৰয় কৰিলে ক’ব পৰা যায় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যি জনসমষ্টিয়ে বৃটিছ ঔপনিৱেশিকতা আৰু যুদ্ধ জয়ৰ বাবে নিজস্ব সার্বভৌম চৰিত্ৰ হেৰুৱাই বৃটিছ শাসনাধীন আৰু পৰৱতী পর্যায়ত ভাৰতীয় শাসকৰ দ্বাৰা শাসিত হ’বলগা হল, সেই জনসমষ্টিটোৱেই এই অঞ্চলটোৰ খিলঞ্জীয়া জনসমষ্টি। কিন্তু বৃটিছে এই অঞ্চলত ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ যােগেদি ঔপনিৱেশিকতাৰ সূচনা কৰাৰ বাবেও ১৮২৬ চনক ভিত্তিবৰ্ষ হিচাপে গ্ৰহণ কৰিব নােৱাৰি, কিয়নাে, সমগ্র অঞ্চলটোত বৃটিছ উপনিৱেশিকতা স্থাপন কৰাৰ বাবে বৃটিছসকলক প্রায় এশ বছৰৰ প্ৰয়ােজন হৈছিল। অর্থাৎ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰে বৃটিছে আৰম্ভ কৰা খােজটো গােটেই ঊনবিংশ শতিকা জুৰি চলিছিল। বৃটিছ-খাছিযুদ্ধ (১৮২৯-১৮৩৩), বৃটিছ জয়ন্তীয়া যুদ্ধ (১৮৩৫), উজনি অসম জয় (১৯৩৮), মটক শদিয়া অধিগ্রহণ (১৮৪২), কছাৰী সমভূমি দখল (১৮৩২), কছাৰী পার্বত্য অঞ্চল দখল (১৮৫৪), খামতি দমন (১৮৪৩), লুচাই অভিযান (১৮৭১-৭২ আৰু ১৮৮৯)ৰ দৰে যুদ্ধ জয়ৰ যােগেদি সমগ্ৰ ঊনবিংশ শতিকা বৃটিছে ঔপনিৱেশিকতা স্থাপনৰ বাবে যত্ন কৰিবলগা হৈছিল। আনহাতে নগাপাহাৰ জিলা গঠন কৰিবলৈ সমৰ্থ হ’লেও সমগ্ৰ নগা অধ্যুষিত অঞ্চলত বৃটিছ ঔপনিৱেশিকতা স্থাপন কৰিব পৰা নাছিল। সদৃশ পৰিস্থিতি সৃষ্টি হৈছিল মেক’লে বা মণিপুৰ, ত্ৰিপুৰা আৰু কোচবিহাৰ ৰাজ্যকেইখনৰ ক্ষেত্ৰত। এই ৰাজ্যকেইখনত প্রত্যক্ষ বৃটিছ শাসন স্থাপন কৰিব পৰা নাছিল বাবেই ভাৰতবৰ্ষই স্বাধীন হােৱাৰ সময়ত, ৰাজ্যকেইখনৰ লগত অন্তর্ভুক্তিকৰণ চুক্তি (Merger Agreement) স্বাক্ষৰ কৰিবলগা হৈছিল। সেয়ে, আহােমশাসিত অসমত ১৮২৬ চনৰ আগেয়ে থকাসকল যদি খিলঞ্জীয়া হ’বলগা হয়, তেন্তে মণিপুৰত ১৯৪৯ চনত থকাসকলক খিলঞ্জীয়া বুলিব লাগিব। গতিকে নির্দিষ্ট ভিত্তিবৰ্ষৰ পৰিৱর্তে ঔপনিৱেশিকতা আৰু যুদ্ধজয়ৰ যােগেদি সার্বভৌমত্ব হৰণৰ প্ৰক্ৰিয়াকহে বিবেচনা কৰাৰ থল আছে।

ইতিমধ্যে আলােচনা কৰা এৰিকা-আইৰেণ ডায়েচে যিসমূহ কাৰকৰ কথা উল্লেখ কৰিছে, তাৰ আধাৰত অসম তথা উত্তৰ-পূর্বাঞ্চলত, খিলঞ্জীয়াৰ সংজ্ঞার্থ নির্ণয় কৰাৰ বাবেও বিচাৰ-বিশ্লেষণ চলাব পাৰি। এৰিকাই উল্লেখ কৰা, সাংস্কৃতিক পৃথকতাসূচক কাৰকৰ স্বেচ্ছামূলক স্থায়ীকৰণৰ প্ৰসংগই উল্লেখ কৰা যাওক। অসম তথা উত্তৰ-পূর্বাঞ্চলৰ যিসমূহ জনগােষ্ঠীয়ে ঔপনিৱেশিকতাৰ বাবে সার্বভৌমত্ব হেৰুওৱা সত্বেও নিজৰ ভাষা, সামাজিক সংগঠন, ধর্ম, আধ্যাত্মিক মূল্যবােধ, উৎপাদন প্রক্রিয়া, আইন-অনুষ্ঠান আদি সাংস্কৃতিক পৃথকতাসূচক কাৰকসমূহ স্বেচ্ছামূলকভাৱে স্থায়ীকৰণ কৰি আহিছে, সেইসকলকে এই অঞ্চলটোৰ খিলঞ্জীয়া জনসমষ্টি বুলি ক’ব পৰা যাব।

উৎস: ডঃ জ্যোতিমা ফুকন, গোছ স্মৃতিগ্ৰন্থ

ভাষিক দৃষ্টিভংগীৰে চাবলৈ গ’লে, অষ্ট্র’-এছীয়, তিব্বত-চীন আৰু ইণ্ডো-আর্য শাখাৰ অন্তর্ভুক্ত বা সেই ভাষাগােষ্ঠীৰ অধীনত থকা জনসমষ্টিক, দুই-এক ব্যতিৰেকে, অঞ্চলটোৰ খিলঞ্জীয়া বুলিব পৰা যায়। ইণ্ডো-আর্য ভাষাৰ বাংলাভাষী, হিন্দীভাষী আৰু নেপালীভাষীসকল এই অঞ্চলৰ বাসিন্দা বা নাগৰিক হ’লেও খিলঞ্জীয়া নহয়। কিয়নাে, ঔপনিৱেশিকতাৰ সময়ছােৱাত প্রব্রজন হােৱা এই ভাষিক গােষ্ঠীসমূহৰ ভাষা অঞ্চলটোৰ খিলঞ্জীয়া ভাষা নহয়। আনহাতে ইণ্ডো-আর্য শাখাৰ অন্তর্ভুক্ত অসমীয়া ভাষা যিহেতু আন খিলঞ্জীয়া ভাষাৰ সংমিশ্রণ আৰু সংবৰ্ন্ধন প্রক্রিয়াৰ মাজেৰে সৃষ্টি হােৱা ভাষা; গতিকে ই অঞ্চলটোৰ খিলঞ্জীয়া ভাষা হিচাপে বা সেই ভাষাগােষ্ঠীৰ লােকসকল অঞ্চলটোৰ খিলঞ্জীয়া হিচাপে পৰিগণিত হৈছে। অৱশ্যে অসমীয়াভাষী বুলি কোৱাৰ লগে লগে আন এক প্রশ্নও আহি পৰিব। সি হ’ল, যিসমূহ জনসম্প্রদায়ে অসমীয়া জাতি গঠন প্রক্রিয়াত শেহতীয়াভাৱে সংমিশ্ৰিত হৈছে, সেইসকল অর্থাৎ ইছলাধৰ্মী, মৈমনসিঙীয়া, চিলেঠীয়া লােকসকলক খিলঞ্জীয়া বুলি ক’ব পৰা যাবনে? ভাষিকগােষ্ঠী হিচাপে এইসকলে নিজকে ইণ্ডো-আর্য শাখাৰ অসমীয়া বুলি পৰিচয় দিছে। কিন্তু ধর্মীয় চেতনা, সামাজিক সংগঠন আদিৰ যােগেদি এইসকলে অদ্যপি অসমীয়া জাতীয় ঐতিহ্যৰ পৰা নিজকে পৃথকে ৰাখিছে। এইক্ষেত্ৰত জাতীয় ঐতিহ্যৰ বিষয়টো এইবাবেই গুৰুত্বপূর্ণ যে সদৃশ ধৰ্মাৱলম্বী হােৱা সত্বেও গড়িয়া-মৰিয়া-দেশীসকল যিদৰে জাতীয় ঐতিহ্যৰ দ্বাৰা আকণ্ঠমর্জিত; ঠিক তেনেদৰে মৈমনসিঙীয়া বা চিলেঠীয়াসকল নহয়। এইসকল যেন এতিয়া ত্ৰিশংকুৰ দৰে ওলমি আছে। জাতীয় ঐতিহ্যৰ প্ৰশ্নৰ সু-মীমাংসা, সু-গ্রহণৰ যােগেদি এইসকল অসমীয়াভাষীয়ে খিলঞ্জীয়াত্ব গ্রহণ কৰিবনে নাই তাক মীমাংসা কৰাৰ প্ৰয়ােজন আছে। চাহ-জনগােষ্ঠীয় লােকসকল আকৌ অষ্ট্র’-এছীয় শাখাৰ মুণ্ডাৰী উপশাখাৰ অন্তর্ভুক্ত। অষ্ট্ৰ’-এছীয় শাখাৰ মনখমেৰ উপশাখাৰ খাছি-জয়ন্তীয়াসকলে মনখমেৰ প্রক্রিয়া ত্যাগ কৰি মংগােলীয় তিব্বত-চীনীসকলৰ লগত সহাৱস্থান কৰিছিল। একে শাখাৰ মুণ্ডাৰী উপশাখাৰ চাহ-জনগােষ্ঠীৰ লােকসকল ঔপনিৱেশিকতাৰ কবলত পৰি এই অঞ্চললৈ আহি ইণ্ডো-আর্য শাখাৰ অসমীয়া ভাষাক আঁকোৱালি লৈছে। ঔপনিৱেশিকতা আৰু খিলঞ্জীয়া ভাষাত অংশগ্ৰহণৰ লেখীয়া কাৰকসমূহৰ বাবেই চাহ-জনগােষ্ঠীৰ লােকসকল খিলঞ্জীয়া হিচাপে পৰিগণিত হৈছে। অঞ্চলটোৰ ঐতিহাসিক প্রক্রিয়াত অষ্ট্ৰ’-এছীয় শাখাৰ দুই বৃহৎ উপশাখা— মনখমেৰ আৰু মুণ্ডাৰীসকলৰ ভাষিকগােষ্ঠী পৰিৱর্তন প্রক্রিয়া এক চিত্তাকর্ষক অধ্যায়।

অসম তথা উত্তৰ-পূর্বাঞ্চলৰ এই তিনিটা প্রধান ভাষিক জনগােষ্ঠীয়ে এহাতে যেনেদৰে স্বকীয় সাংস্কৃতিক পৃথকতাসূচক কাৰকৰ স্বেচ্ছামূলক স্থায়ীকৰণ কৰিছে, ঠিক তেনেদৰে, এৰিকাই কোৱাৰ লেখীয়াকৈ আত্মপৰিচয় স্থাপন কৰিছে। বৃটিছ ঔপনিৱেশিকতাৰ পৰা শেহতীয়া সময়লৈকে এই ভাষিকগােষ্ঠীসমূহৰ আত্মপৰিচয় স্থাপন তথা অন্বেষণ এক গুৰুত্বপূর্ণ অধ্যায়। তাৎপর্যপূর্ণভাৱে ট্রাইবেল অভিধাৰে ঔপনিৱেশিক শাসকে বিভিন্ন স্বঘােষিত অনুসূচীকৰণ প্রক্রিয়াৰে গােষ্ঠীসমূহক স্বীকৃতি প্রদান কৰিছে। অসমীয়া আৰু মণিপুৰীসকলৰ ক্ষেত্ৰত এনে ধৰণে স্বীকৃতি প্রদান কৰা হােৱা নাই যদিও ইতিমধ্যে ভাষিকগােষ্ঠী দুয়ােটাই বিকাশৰ একোটা স্তৰত উপনীত হৈ আত্মপৰিচয় স্থাপন প্রক্রিয়া গজগজীয়া কৰিছে। আনহাতে, সামগ্রিকভাৱে তিনিওটা ভাষাগােষ্ঠীৰ লােকসকল ঔপনিৱেশিক অৱদমন আৰু বৈষম্যৰ সন্মুখীন হৈছে। স্বতন্ত্রতা লুপ্তি, সম্পদৰ ওপৰত নিয়ন্ত্রণহীনতা আদি প্ৰক্ৰিয়াৰ মাজেৰে, এক ঔপনিৱেশিক নীতি-নির্দেশনাৰ মাজেৰে এই জনসমষ্টিৰ জীৱনপ্রবাহ নিয়ন্ত্রিত হৈ আছে। কাজেই, ৰাষ্ট্ৰসংঘৰ দ্বাৰা গৃহীত খিলঞ্জীয়া নীতি অনুসৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসমষ্টিয়ে সামগ্রিকভাবে খিলঞ্জীয়া চৰিত্ৰ লাভ কৰিছে বুলি ক’ব পৰা যায়।

ঔপনিৱেশিকতাৰ চক্ৰবেহুত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসমষ্টি:

সমগ্র ঊনবিংশ শতিকাজুৰি অসম তথা উত্তৰ-পূর্বাঞ্চলত বৃটিছ ঔপনিৱেশকিতা স্থাপন কৰি বৃটিছে সমগ্ৰ অঞ্চলটোকে অসম প্রশাসনৰ অন্তর্ভুক্ত কৰিলে। সুদীর্ঘ সময়ছােৱাত যি কার্য সমাপন হােৱা নাছিল, সেই কাৰ্য অর্থাৎ এককেন্দ্রীভূত প্রশাসনৰ নিয়ন্ত্রণলৈ অহাৰ পাছত সমগ্ৰ অঞ্চলটোতে ঔপনিৱেশিকতাৰ জয়ধ্বজা উৰিবলৈ ল’লে। ইতিমধ্যে চিংফৌসকলৰ পৰা চাহ উৎপাদন প্রক্রিয়াৰ আওভাও লৈ তথা চাহৰ বাণিজ্যিক সম্প্রসাৰণৰ দিশটোৰ সম্ভাৱনীয়তালৈ লক্ষ্য ৰাখি ঔপনিৱেশিক প্রশাসনে অঞ্চলটোৰ অর্থনীতিকো নিজা ঠাঁচত গঢ় দিবলৈ বিচাৰিলে। বনজ, খনিজ সম্পদৰ প্রাচুর্যই এই প্রক্রিয়া অধিক খৰতকীয়া কৰি তুলিলে। আনহাতে, ব্রহ্মদেশত বৃটিছ প্রভূত্ব স্থাপনৰ পাছতে ভূ-ৰাজনৈতিক দিশৰ পৰাও অঞ্চলটো গুৰুত্বপূর্ণ হৈ উঠিল। চীনৰ লগত কানি বেপাৰৰ কথা আহি পৰাৰ বাবেও অঞ্চলটোৰ প্ৰয়ােজনীয়তা ঔপনিৱেশিক শক্তিৰ ওচৰত বৃদ্ধি পালে।

ঔপনিৱেশিক শক্তিয়ে এনেবােৰ বিপুল সম্ভাৱনীয়তাৰ প্রতি লক্ষ্য ৰখিয়েই যাতায়াত ব্যৱস্থা, বিশেষকৈ ৰেল যােগাযােগ ব্যৱস্থাৰ উন্নতি ঘটালে। ইতিমধ্যে গঢ় লৈ উঠা নগৰ অঞ্চলসমূহক একাষৰীয়া কৰি চাহ বাগিচা আৰু খনিজ সম্পদৰ আকৰসমূহৰ কাষে কাষে ৰেলপথ নির্মাণ কৰা হ’ল আৰু তাৰ বিস্তৃতিয়ে সাগৰীয় বন্দৰসমূহকো চুলে। আনহাতে, প্রশাসন ব্যৱস্থা সুদৃঢ় কৰিবৰ বাবেও শিক্ষা ব্যবস্থা গঢ় দিয়াৰ পােষকতা কৰিলে। বংগদেশৰ পৰা কেৰাণী-মহৰী আনি প্রশাসন চলােৱাৰ প্রক্রিয়া সুচল নােহাৱাৰ বাবেই আধুনিক শিক্ষাব্যৱস্থা গঢ় দিয়া হ’ল। পাহাৰীয়া অঞ্চলৰ জনসমষ্টিৰ মাজত জড় উপাসনাৰ লেখীয়া পদ্ধতি থকাৰ বাবে তেওঁলােকৰ সামগ্রিক বিকাশ ভৈয়াম অঞ্চলৰ লেখীয়া বিস্তৃত নাছিল। তাৰেই সুবিধাৰে শিক্ষা বিস্তাৰ, স্বাস্থ্য-চিকিৎসা সেৱাৰ উন্নতিৰ অজুহাতত মিছনেৰীসমূহৰ পদার্পণ হ’ল। ভৈয়ামত অসমীয়াৰ লেখীয়া ভাষাসমূহৰ দ্রুত বিকাশ হােৱাৰ লেখীয়াকৈ পাহাৰীয়া অঞ্চলত আন আন খিলঞ্জীয়া ভাষাৰ বিকাশ নঘটিল। তাৰেই অজুহাতত ইংৰাজী ভাষাৰ বিকাশ ঘটিল আৰু ইয়েই বৌদ্ধিক শ্রেণী একোটাৰ জন্ম দিয়াত অৰিহণা যোগালে। এনে প্রক্রিয়াই পাহাৰে-ভৈয়ামে একোটা মধ্যশ্রেণীৰ জন্ম দিলে, যি শ্রেণী বহু পৰিমাণে ঔপনিৱেশিক শক্তিৰ ওচৰত দায়বদ্ধ থাকিল। এই শ্রেণীটোৰ উত্থানৰ ফলত ভৈয়ামৰ সামন্তশ্রেণী আৰু পাহাৰৰ পৰম্পৰাগত শ্ৰেণীৰ দ্বন্দ্ব বৃদ্ধি পালে।

অসমক ১৮৩৭ চনত বিশেষ প্রশাসনীয় অঞ্চল হিচাপে ঘােষণা কৰি বৃটিছসকলে শাসন আৰম্ভ কৰিলে। ১৮৭৪ চনত অসমক চীফ কমিছনাৰ শাসিত প্রদেশ হিচাপে গণ্য কৰিবলৈ ল’লে আৰু ১৯০৫ চন পর্যন্ত এই ব্যৱস্থা অটুট ৰাখিলে। ১৯০৫ চনত পূর্ব বংগ আৰু অসমক সংযুক্ত কৰি লেফটেনেন্ট গৱৰ্ণৰ শাসিত প্রদেশলৈ ৰূপান্তৰ কৰিলে যদিও ১৯১২ চনত এই ব্যৱস্থা ৰদ কৰি পুনৰ চীফ কমিছনাৰ শাসিত প্রদেশ কৰিলে। ১৯২১ চনতহে পূর্ণাঙ্গ পর্যায়ৰ ৰাজ্যপাল শাসিত প্রদেশ ঘােষণা কৰা হ’ল।

এই সময়ছােৱাৰ ভিতৰত অসম প্ৰশাসনৰ ভিতৰত ভালেমান ৰেগুলেচন প্রৱর্তন কৰি ইয়াৰ খিলঞ্জীয়াসকলক শাসন কৰা হ’ল। তাৰে ভিতৰত বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেচন (১৮৭৩) আদিৰ যােগেদি অঞ্চলটোৰ খিলঞ্জীয়া জনসমষ্টিটোৰ সামাজিক আইন, প্রশাসন আদিত ব্যাপক প্রভাৱ পেলােৱা হ’ল। ১৯৩৫ চনৰ ভাৰত শাসন আইনৰ যােগেদি বহির্ভূত অঞ্চল আৰু আংশিকভাৱে বহির্ভূত অঞ্চল আদি বিভাজনেৰে সমগ্ৰ খিলঞ্জীয়া জনসমষ্টিকে পৃথক কৰি নিয়ন্ত্রিত কৰিলে।

এনে শাসন প্রণালীৰ মাজেৰে বৃটিছ ঔপনিৱেশিকতাই অসমৰ খিলঞ্জীয়া জনসমষ্টিৰ প্রশাসন, অর্থনীতি নিয়ন্ত্রণ কৰি থকাৰ সময়তে ১৯৪৭ চনত বৃটিছ ঔপনিৱেশিকতাৰ অন্ত পৰিল। ভাৰতীয় জাতীয় আন্দোলন (১৮৮৫-১৯৪৭)ৰ যােগেদি নৱ-উত্থিত ভাৰতীয় শাসকগােষ্ঠীয়ে শাসনৰ দায়িত্বভাৰ হাতত ল’লে। কিন্তু শাসন পৰিৱর্তন প্রক্রিয়াই অসমৰ খিলঞ্জীয়াসকলৰ জীৱন প্ৰণালীলৈ বিশেষ গুণগত পৰিৱৰ্তন আনিব নােৱাৰিলে। বৰং বিভিন্ন প্ৰশাসনীয়, অর্থনৈতিক নীতিৰে অঞ্চলটোৰ খিলঞ্জীয়া জনসমষ্টিলৈ দুৰ্ভাৱনা কঢ়িয়াই আনিলে।

বৃটিছ ঔপনিৱেশিকতাৰ পৰা ক্ষমতা হস্তান্তৰৰ প্ৰাৰম্ভিক পর্যায়ত নতুন শাসকে কঢ়িয়াই অনা প্ৰথমটো দুৰ্ভাৱনা আছিল খিলঞ্জীয়া জনসমষ্টিৰ গৃহভূমিক বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ মাজলৈ ঠেলি দিয়াটো। এনে প্ৰক্ৰিয়াৰ বাবেই নগা, মিজো-মেইটে, চিংফৌ-চাকমাসকল মূলতঃ ব্রহ্মদেশ (ম্যানমাৰ) আৰু পূব পাকিস্তান (বাংলাদেশ)ৰ মাজত সিঁচৰতি হৈ পৰিল। কোঁচসকলৰ গৰিষ্ঠসংখ্যক পূব পাকিস্তানৰ মৈমনসিং, ৰংপুৰ আদি জিলাত ৰৈ যাবলগা হ’ল। এইক্ষেত্ৰত এগৰাকী সমাজ বিজ্ঞানী এচ কে চৌবেই কৰা মন্তব্য গুৰুত্বপূর্ণ। চৌবেই চিতাগং হিলছ্ ট্ৰেকৰ উদাহৰণ দি কৈছে যে চিতাগং হিলছ্ ট্ৰেকৰ বাবে ভাৰতবৰ্ষত বহু সমস্যাৰ সৃষ্টি হৈছে। দক্ষিণ পার্বত্য ত্ৰিপুৰাৰ চিতাগং হিলছ্ ট্রেক আৰু লুচাই পাহাৰত থকা কুকি-চীন ঐক্য ভাগি পৰিল। এক প্রাকৃতিক সীমা লুচাই আৰু চিতাগং হিলছৰ মাজত নথকাৰ বাবেই অঞ্চলটো চোৰাং কাৰবাৰীৰ ভূ-স্বর্গ হৈ পৰিল। (The loss of Chittagong Hills tract created for India a number of problems. The Kuki-Chin solidarity over the southern part of Hill Tipperah, the Chittangong hill tract and the Lushai hills was broken. In the absence of a natural boundary between the Lushai and the Chittagong hills, the area developed into a paradise for smugglers and out laws.: S K Chaube, Hill Politics in North East India, Page 86) চৌবেৰ এই মতামততকৈয়াে তাৎপর্যপূর্ণ কথা হ’ল— এনে বিভাজনৰ বাবেই মিজোসকলে গৃহভূমি হেৰুৱালে আৰু পৰৱৰ্তী পৰ্যায়ত চাকমাসকল গৃহহীন হ’বলগাত পৰিল। আজিও চাকমা শৰণার্থী বিষয়টো অসম-অৰুণাচলৰ বাবে এটি স্পর্শকাতৰ বিষয় হৈয়ে আছে। সেইদৰে মেইটেসকলৰ কাবুই উপত্যকা, চিংফৌসকলৰ কাচিন উপত্যকা আৰু ব্রহ্মদেশৰ নগাসকল বিভাজিত হৈ সমগ্ৰ খিলঞ্জীয়াৰ বিভাজিত ৰূপটোক দাঙি ধৰিছে। ইয়াৰ সমান্তৰালভাৱে সমগ্ৰ অঞ্চলটোৰ লগত যি চুবুৰীয়া বাণিজ্য ব্যৱস্থা, অর্থনৈতিক, সামাজিক তথা সাংস্কৃতিক বিনিময় শতিকাজোৰা প্ৰক্ৰিয়াৰ মাজেৰে গঢ় লৈ উঠিছিল, সিও কাললৈ মৰহি গ’ল। চাৰিওফালৰ দুৱাৰবােৰ বন্ধ হৈ মাত্র পশ্চিমৰ দুৱাৰখন খুলি ৰখা বাবে যি আবদ্ধ অর্থনীতিৰ সৃষ্টি হ’ল, তাৰ ফলাফল খিলঞ্জীয়া জনসমষ্টিটোৱে অদ্যপি ভূগিবলগাত পৰিছে।

আনহাতে, ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত গাৰাে, খাছিয়া-জয়ন্তীয়া ডিমাছা-কাৰ্বি, নগা, মিজো আদি খিলঞ্জীয়া জনসমষ্টিৰ অংশ বিশেষক অন্তর্ভুক্ত কৰি জিলা পৰিষদ, স্বায়ত্তশাসিত জিলা আদিৰ সৃষ্টি কৰা হ’ল। এই জিলা পৰিষদীয় ব্যৱস্থাই আশানুৰূপ ফল লাভ নকৰাৰ বাবেই গাৰাে-খাছি-জয়ন্তীয়াক সামৰি মেঘালয়, মিজোৰ বাবে মিজোৰাম, নগাৰ বাবে নগালেণ্ড ৰাজ্য সৃষ্টি কৰিবলগা হ’ল। কিন্তু এনে প্রক্রিয়াৰ মাজতাে সংশ্লিষ্ট জনসম্প্রদায়সমূহক সামৰি ল’ব নােৱৰাৰ বাবেই সীমা বিবাদৰ দৰে সমস্যাৰ সৃষ্টি হ’ল। অসম-নাগালেণ্ডৰ বৃহত্তৰ নাগালিম আদি সমস্যা ইয়াৰে উদাহৰণ। সেইদৰে এনেবােৰ প্ৰশাসনীয় গােট সৃষ্টি কৰাৰ বাবে খিলঞ্জীয়া জনসম্প্রদায়ৰ মাজতে বিভেদ আৰু অনৈক্যৰ সৃষ্টি হৈছে। মণিপুৰত নগা-কুকি সংঘর্ষ, নগা-মেইটে দ্বন্দ্ব, অসমত কাবি-ডিমাছা সংঘৰ্ষৰ নেপথ্যত থকা বহু কাৰকৰ ভিতৰত প্রশাসনীয় গােটে অনা দুৰ্ভাৱনাও অন্যতম।

শেহতীয়াভাৱে খিলঞ্জীয়া জনসমষ্টিৰ সামূহিক পৰম্পৰাগত নেতৃত্ব আৰু জীৱন প্রণালীলৈ নামি অহা আন এক বিপর্যয় হৈছে পঞ্চায়তীৰাজ ব্যৱস্থা। ভাৰতীয় সংবিধানৰ ধাৰা অনুযায়ী অনুসূচীকৰণ কৰা, ভৈয়ামত ষষ্ঠ অনুসূচীকৰণ কৰা অঞ্চলসমূহত পঞ্চায়তীৰাজ প্ৰৱৰ্তন কৰাৰ বাবে আন এক সমস্যাৰ সৃষ্টি হৈছে। সংশ্লিষ্ট অঞ্চলত বসবাস কৰা অনুসূচীভুক্ত নােহােৱা জনসমষ্টিয়ে পঞ্চায়ত ব্যৱস্থা বিচৰাৰ পৰিৱর্তে অনুসূচীভুক্ত জনসমষ্টিয়ে পঞ্চায়ত ব্যৱস্থাৰ প্ৰতিবাদ কৰিছে। ফলত পৰিস্থিতি জ্বালামুখী হৈ পৰিছে।

বৃটিছ ঔপনিৱেশিকতাৰ পৰা ভাৰতীয় আন্তঃঔপনিৱেশিকতাৰ এই সমগ্ৰ প্ৰক্ৰিয়াৰ মাজত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসমষ্টিৰ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক, সাংস্কৃতিক অধিকাৰ ক্ষেত্ৰখন জটিল আৰু সংকুচিত হৈ পৰিছে। কাজেই, আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৱলীৰ প্ৰেক্ষাপটত এই অধিকাৰৰ প্ৰশ্নাৱলী বিবেচনা কৰাৰ থল আছে।

খিলঞ্জীয়া জনসমষ্টিৰ অধিকাৰ:

ৰাষ্ট্ৰ সংঘৰ দ্বাৰা গৃহীত খিলঞ্জীয়া জনসমষ্টিৰ অধিকাৰৰ সমগ্ৰ বিষয়টোক ঘােষণা পত্ৰত মুঠ ৯টা ভাগত বিভক্ত কৰা হৈছে। মুঠ ৪৫টা উপবিধিত বিভক্ত। এই অধিকাৰলানিৰ যােগেদি খিলঞ্জীয়া জনসমষ্টিৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, অর্থনৈতিক সুৰক্ষাৰ দিশক গুৰুত্ব দিয়া হৈছে। সমগ্র বিষয়সমূহ ইমান কম পৰিসৰত আলােচনা কৰাটো সম্ভৱপৰ নহয় বাবে আমি নির্দিষ্ট কেতবোেৰ দিশহে উল্লেখ কৰিম। ১নং খণ্ডৰ প্ৰথম উপবিধিত কোৱা হৈছে যে ৰাষ্ট্ৰ সংঘৰ চনদ, সার্বজনীন মানৱ অধিকাৰ চনদ, আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইনে স্বীকৃতি প্রদান কৰা সকলাে মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতা সম্পূর্ণ আৰু কাৰ্যকৰীভাৱে লাভ কৰাৰ অধিকাৰ খিলঞ্জীয়া জনসমষ্টিৰ আছে। (Indigenous people have the rights to the full and effective enjoyment of human rights and fundamental freedoms recognized in the charter of the United Nations, the universal declaration of human rights and international human nights law) সেইদৰে উপবিধি ৩ যােগে স্পষ্ট ভাষাৰে কোৱা হৈছে যে আত্মনিয়ন্ত্রণৰ অধিকাৰ খিলঞ্জীয়াৰ অধিকাৰ। এই অধিকাৰৰ যােগেদি খিলঞ্জীয়াই মুক্তভাৱে নিজস্ব ৰাজনৈতিক স্থিতি নির্ণয় কৰাৰ লগতে অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক উন্নয়নৰ বাবে অগ্ৰসৰ হ’ব। (Indigenous people have the rights of selfdetermination. By virtue of the rights, they freely determine their political status and freely pursue their economic, social and cultural development.)

| আৰু পঢ়ক: ডঃ সূৰ্য কুমাৰ ভূঞা সম্পাদিত ‘ত্ৰিপুৰা বুৰঞ্জী’

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসমষ্টিৰ প্ৰেক্ষাপটত এই অধিকাৰৰ প্রশ্নসমূহ বিবেচনা কৰাৰ থল আছে। খিলঞ্জীয়া জনসমষ্টিৰ কেতবােৰ নির্দিষ্ট অংশৰ পৰা আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ প্ৰশ্ন উথাপিত হৈছে। এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ৰ ওচৰত ভাৰত চৰকাৰো দায়বদ্ধ হৈ আছে। ভাৰত চৰকাৰে ১৯৯৫ চনৰ ২৯ নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰ সংঘত প্রদান কৰা তৃতীয় সাময়িক প্রতিবেদন (Third Peoridic Report UN/CCPR/C/76/6.17 rise/996) যােগে ঘােষণা কৰিছিল যে ভাৰতবৰ্ষই আত্মনিয়ন্ত্ৰণৰ পৰম্পৰাক তুলি ধৰাৰ বাবে দৃঢ় প্রতিজ্ঞ। সম্পূর্ণ স্বাধীনতা আৰু আত্মনিয়ন্ত্ৰণৰ যােগেদি ঔপনিৱেশিকতাক উৎখাত কৰি যােৱাৰ বাবে ভাৰতীয় স্বাধীনতা আন্দোলনৰ মাজেৰেই নিজৰ স্থিতি প্ৰকাশ কৰা ভাৰতবৰ্ষই ঔপনিৱেশিক অৱদমন, বিদেশী শাসনৰ বিৰুদ্ধে জনগণ আৰু জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে তথা ৰাজনৈতিক, অর্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক স্বাধীনতা আৰুসার্বভৌমত্বৰ হকে মাত মাতি যাব। (India has been fourth rights and consistent in upholding the tradition of self-determination. The history of Indian freedom movement for total independence and selfdetermination from colonialism in itself provides the genesis of India’s stands for self-determination of people and nations from colonial subjugation and foreign determination in favour of soverignity and indepadent political, economic, social, cultural (Para No. 8 of the third periodic Report of states Parties due in 1992, submitted by Committee on Human Rights (CHR) Manipur, 1997 to The Secretary General, United Nations and Human Rights Committee, UN) কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা যায় যে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এনেদৰে নিজস্ব দায়বদ্ধতা প্রকাশ কৰা ভাৰতবৰ্ষই অসম তথা উত্তৰ-পূর্বাঞ্চলত খিলঞ্জীয়া জনসমষ্টিৰ নির্দিষ্ট অংশই আগবঢ়োৱা আত্মনিয়ন্ত্ৰণৰ অধিকাৰক নস্যাৎ কৰিছে। পৰিতাপৰ কথা এয়ে যে এনেবােৰ নস্যাৎকৰণ প্রক্রিয়া কেৱল তাত্ত্বিক পর্যায়তে সীমাবদ্ধ হৈ থকা নাই, বৰং প্রায়ােগিক ক্ষেত্ৰত ই ভয়াবহ ৰূপ ধাৰণ কৰিছে। যাৰ বাবে আজি খিলঞ্জীয়া জনসমষ্টিয়ে সশস্ত্র সংঘাতৰ লেখীয়া পৰিৱেশৰ সন্মুখীন হৈছে। সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন, ১৯৫৮ৰ দৰে কলা আইনৰ যােগেদি সমগ্ৰ অঞ্চলটোতে সামৰিকৰাজ চলাই থকা হৈছে। এনে সংঘাতৰ পটভূমিত প্রায় পঞ্চাশ হেজাৰৰাে অধিক খিলঞ্জীয়া লােকে প্রাণ হেৰুৱাবলগা হৈছে। ইয়াৰ যােগেদি ভাৰতবৰ্ষই খিলঞ্জীয়া জনসমষ্টিৰ অধিকাৰৰ ১ম আৰু ৩য় উপবিধিকে উলংঘা কৰিছে। তাৎপর্যপূর্ণভাৱে খিলঞ্জীয়া অধিকাৰ আন এক উপবিধিৰো উলংঘা কৰিছে। সশস্ত্র সংঘাত সন্দৰ্ভত ১১নং উপবিধিত স্পষ্টভাৱে উল্লেখ কৰা আছে যে সশস্ত্র সংঘাতৰ সময়ছােৱাত খিলঞ্জীয়া জনসমষ্টিৰ বিশেষ সুৰক্ষা আৰু নিৰাপত্তাৰ অধিকাৰ আছে। ৰাষ্ট্ৰই অসামৰিক জনসমষ্টিক জৰুৰী আৰু সশস্ত্র সংঘাতৰ সময়ছােৱাত চতুর্থ জেনেভা কনভেনচন, ১৯৪৯ৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্ৰট’কল পালন কৰিব লাগে। তদুপৰি ৰাষ্ট্ৰই—

১. নিজৰ ইচ্ছাৰ বিৰুদ্ধে খিলঞ্জীয়া ব্যক্তিক অন্য খিলঞ্জীয়াৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব নােৱাৰিব আৰু সশস্ত্র বাহিনীত অন্তর্ভুক্ত কৰিব নােৱাৰিব

২. যিকোনো ক্ষেত্ৰত সশস্ত্র বাহিনীত খিলঞ্জীয়া শিশু অন্তর্ভুক্ত কৰিব নােৱাৰিব

৩. নিজৰ মাটি, গৃহভূমি বা সম্বল ত্যাগ কৰা বা সামৰিকি কাৰণত স্থান পৰিত্যাগ কৰাব নােৱাৰিব।

৪. যিকোনাে বৈষম্যমূলক পৰিৱেশত সামৰিক কাম-কাজ কৰিবলৈ খিলঞ্জীয়াক বাধ্য কৰাব নােৱাৰিব।

(Indigenous people have the rights to special protection and security in period of armed conflict. State shall observe international standard, in particulars the fourth Geneva Convention 1949, for the protection of civilian population in circumstances of emergency and armed conflict, and shall not:

(a) Recruit indigenous individual against their will into the armed forces and in particular for use against other indigenous people.

(b) Recruit indigenous children in to the armed forces under any circumstances.

(c) Force indigenous individual to abandon their lands, territories or means of subsistence, or relocate them in special centers for military purpose.

(d) Force, indigenous individuals to work for military purpose under any discriminatory condition.)

| আৰু পঢ়ক: লিপিবদ্ধ ‘অসম-অসমীয়া’ শব্দৰ উদ্ভৱৰ সন্ধানত

ভাৰতবৰ্ষৰ এনে স্থিতিৰ বাবেই আজি অসম তথা উত্তৰ-পূর্বাঞ্চলৰ খিলঞ্জীয়া জনসমণ্ডিয়ে বিষম ফল ভােগ কৰিবলগা হৈছে। আন্তঃৰাষ্ট্ৰীয় নির্দেশাৱলী অনুসৰি খিলঞ্জীয়াৰ মর্যাদা লাভ কৰা সত্ত্বেও ভাৰতীয় পৰিস্থিতিত তাৰ কোনাে ফলপ্রসূ সমাধান সূত্র নথকাৰ বাবেই যে এনে অচলাৱস্থাৰ সৃষ্টি হৈছে, তাক দুনাই কোৱাৰ প্ৰয়ােজনীয়তা নাই। সেয়ে, ভাৰতবৰ্ষই প্ৰকৃতাৰ্থত আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া বিধিৰ প্রতি দায়বদ্ধতা প্রকাশ কৰাৰ বাবে অগ্ৰসৰ হােৱাৰ প্ৰয়ােজনীয়তা আছে। কিন্তু বিগত সময়ত ভাৰতবৰ্ষৰ শাসকগােষ্ঠীৰ চৰিত্র পর্যালােচনা কৰিলে দেখা যায় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসমষ্টিক স্বাভাৱিক প্রাপ্য অধিকাৰ প্ৰদানৰ বাবে ভাৰতীয় শাসকগােষ্ঠী মুঠেই তৎপৰ নহয়। বৰং অনুসূচী, পৃথক ৰাজ্যৰ দৰে প্রশাসনীয় গােট সৃষ্টিৰে খিলঞ্জীয়া জনসমত্তিক বহুকেইটা ভাগত বিভক্ত কৰি শাসন কৰাৰ বাবেহে ভাৰতীয় শাসকে তৎপৰতা প্রদর্শন কৰি আহিছে। আনহাতে খিলঞ্জীয়া জনসমষ্টিৰ অগ্রণী অংশটোৱে সামূহিকভাৱে চিন্তা-চৰ্চা চলাই ঐক্যবদ্ধ আন্দোলনেৰে শাসকগােষ্ঠীক অধিকাৰ প্ৰদান কৰিবলৈ বাধ্য কৰােৱাৰ বিপৰীতে কেৱল স্বগােষ্ঠীয় চিন্তা-চেতনাৰ যােগেদি গােষ্ঠীপ্ৰৱণতা অধিক বিকশাই তুলি, শেষ বিচাৰত শাসকশ্রেণীৰ হাত মজবুত কৰাহে দেখা গৈছে। এনেধৰণৰ চিন্তা-চর্চা যেনেদৰে খিলঞ্জীয়া জনসমষ্টিৰ ঐক্যৰ হেঙাৰ হিচাপে থিয় দিছে, ঠিক তেনেদৰে গােষ্ঠীপ্ৰৱণতাই সৃষ্টি কৰা গােষ্ঠীবাদৰ ফলত স্থান বিশেষে গােষ্ঠী সংঘৰ্ষৰ পৰিৱেশ জন্ম দিছে। কাজেই এনেবােৰ দিশ বিবেচনা কৰি, আপােচ-মীমাংসা আৰু প্ৰয়ােজন সাপেক্ষে ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰি খিলঞ্জীয়া জনসমষ্টিটাৱে নিজস্ব ঐক্য আৰু সংহতি বিকাশ কৰাৰ বাবেহে অগ্রসৰ হ’ব লাগে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসমষ্টিৰ ঐক্যবদ্ধ ৰূপেহে ভাৰতীয় শাসকগােষ্ঠীক আন্তঃৰাষ্ট্ৰীয় বিধি নির্দেশনা আখৰে আখৰে পালন কৰিবলৈ বাধ্য কৰিব। অন্যথা, আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত খিলঞ্জীয়া অধিকাৰৰ প্ৰসংগসমূহ কেৱল বৌদ্ধিক খােৰাকৰ সামগ্ৰী হিচাপেহে পৰিগণিত হ’ব।

সহায়ক গ্ৰন্থপঞ্জী:

  1. The Resource Book on the Rights of Indigenous People, Raajeen Singh, Issaf Publication, 2001
  2. Hill Politics in North-East India, S K Choube, Orient Longman, 1999
  3. Alternative Report to The Third Period Report of States Affair due in 1992, Committee On Human Rights (Colte) 1997
  4. গােছ (স্মৃতিগ্রন্থ), সম্পাদক: ৰাজীৱ দত্ত বৰা, ২০০৭

ফিচাৰড্ ইমেজ: দিগন্ত তালুকদাৰ/ উইকিমিডিয়া কমন্স, CC BY-SA 4.0

আপোনাৰ আৰু ভাল লাগিব পাৰে:
ডঃ ইন্দ্ৰজিৎ বেজবৰুৱা

ডঃ ইন্দ্ৰজিৎ বেজবৰুৱা

সহকাৰী অধ্যাপক, বুৰঞ্জী বিভাগ, লামডিং মহাবিদ্যালয়, লামডিং | E-mail: ibezbaruah@yahoo.in | Ph: +91 98641 10922

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of