বিৰহিনী উৰ্মিলা

বিৰহিনী উৰ্মিলা
  • 03 Dec, 2021

নক-দুহিতা, সীতাৰ ভগ্নী, লক্ষ্মণ-পত্নী ঊৰ্মিলা ৰামায়ণৰ এক বিশেষ চৰিত্ৰ, যিয়ে বিভিন্ন সময়ত কবি-সাহিত্যিকসকলক নিজ নিজ সৃষ্টিৰ বাবে আকৰ্ষিত কৰি আহিছে। ঊৰ্মিলাৰ ৰূপ, ব্যক্তিত্ব আৰু ত্যাগে বিভিন্ন ভাষাৰ সাহিত্যত বিশেষ স্থান অধিকাৰ কৰিছে।

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ‘কাব্যেৰ উপেক্ষিতা’ নামৰ প্ৰবন্ধটিত কাব্যৰ উপেক্ষিতাসকলৰ ভিতৰত ঊৰ্মিলাকে প্ৰধান স্থান দিছে। তেওঁ কৈছে— “সংস্কৃত সাহিত্য কাব্য যজ্ঞশালাৰ প্ৰান্তভূমিতে যে কয়েকটি অনাদৃতাৰ সহিত আমাৰ পৰিচয় হইয়াছে, তাৰ মধ্যে ঊৰ্মিলাকে আমি প্ৰধান স্থান দেই।” এই প্ৰবন্ধত তেওঁ প্ৰথমেই ‘ঊৰ্মিলা’ৰ দৰে এটা নাম নিৰ্বাচন কৰাৰ বাবে বাল্মীকিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে আৰু সৌন্দৰ্য, সুষমা আৰু কোমলতাৰে ভৰা এই চৰিত্ৰটোৰ জীৱনক ঢাকি থকা নিদাৰুণ কাৰুণ্যৰ এটি বৰ্ণনা দিছে। ঊৰ্মিলাৰ সম্পৰ্কে কবিগুৰুৱে কয় যে বাল্মীকিৰ ৰামায়ণত সীতা হ’ল প্ৰধান চৰিত্ৰ। আনহাতে ৰাম, লক্ষ্মণ, সীতা যেন একেটি ডালতে ফুলি উঠা পুষ্পগুচ্ছৰ তিনিপাহ ফুল। সেই একে পুষ্পগুচ্ছতে ঊৰ্মিলা নামৰ আৰু এপাহ ফুল ফুলিব পাৰিলেহেঁতেন, কিন্তু বাল্মীকিয়ে ফুলিবলৈ নিদিলে। ফলত ঊৰ্মিলা সৰ্বতোক্ষেত্ৰতে উপেক্ষিতা হ’ল— স্বামীৰ পৰা, পৰিয়ালৰ পৰা আৰু সৰ্বোপৰি মহাকবিৰ মনোযোগৰ পৰা। ৰবীন্দ্ৰনাথে লিখিছে— “যেদিন অযোধ্যা অন্ধকাৰ কৰিয়া দুই কিশোৰ ৰাজভ্ৰাতা সীতাদেৱীকে সংগে লইয়া তপস্বীবেশে পথে বাহিৰ হইলেন, সেদিন বধূ ঊৰ্মিলা ৰাজহৰ্ম্যেৰ কোন নিভৃত শয়নকক্ষে ধূলিশয্যায় বৃন্তচ্যূত মুকুলটিৰ মতো লুণ্ঠিত হইয়া পৰিয়াছিল তাহা কি কেহ জানে? সেদিনকাৰ সেই বিশ্বব্যাপী বিলাপেৰ মধ্যে এই বিদীৰ্যমান ক্ষুদ্ৰ কোমল হৃদয়েৰ অসহ্য শোক কে দেখিয়াছিল!”

ৰবীন্দ্ৰনাথ হ’ল সেই শিল্পী, যি চৰিত্ৰ উপেক্ষিত বুলি তেওঁৰ অনুভৱ হয়, তেওঁৰ মন সেই চৰিত্ৰৰ ফালেহে ধাৱিত হয়। ৰবীন্দ্ৰমনে ঊৰ্মিলাৰ চৰিত্ৰৰ গভীৰতালৈ অতি সন্তৰ্পণে প্ৰৱেশ কৰিছে আৰু তাৰ মহৎ ঐশ্বৰ্যক খান্দি বিচাৰি উলিয়াইছে। উপেক্ষিত ঊৰ্মিলাৰ প্ৰতি কবিগুৰুৱে ‘কাব্যেৰ উপেক্ষিতা’ প্ৰবন্ধটিত সহানুভূতি দেখুৱাইছে এইদৰে— “ক’বি তাহাঁৰ কল্পনা উৎসেৰ যত কৰুণাবাৰি সমস্তই কেৱল জনকতনয়াৰ পুণ্য অভিশেকে নিঃশেষ কৰিয়াছেন। কিন্তু আৰ একটি যে ম্লানমুখী ঐহিকেৰ সৰ্ব সুখ বঞ্চিতা ৰাজবধূ সীতাদেৱীৰ ছায়াতলে অৱগুণ্ঠিতা হইয়া দাড়াঁইয়া আছেন কবিকমণ্ডলু হইতে একবিন্দু অভিষেকবাৰিও কেন তাহাৰ চিৰদুখাভিতপ্ত নম্ৰ ললাটে সিঞ্চিত হইল না।” বিশ্বকবিৰ এই লেখাৰ দ্বাৰা অনুপ্ৰাণিত হৈ সমসাময়িক বহু কবি-সাহিত্যিকেই একেই দৃষ্টিভংগীৰে বহু কবিতা তথা অন্যান্য ৰচনা লিখি উলিয়াইছিল। হিন্দী সাহিত্যৰ কৃতবিদ্য প্ৰবন্ধকাৰ আচাৰ্য মহাবীৰ প্ৰসাদ দ্বিবেদীয়ে কবিগুৰুৰ এই প্ৰবন্ধৰ পৰা অকল ঊৰ্মিলা চৰিত্ৰটোক লৈয়ে ‘কবিয়োঁ কী ঊৰ্মি বিষয়ক উদাসীনতা’ শীৰ্ষক এটি প্ৰবন্ধ লিখে, যিটোৱে মৈথিলীশৰণ গুপ্তাক ‘সাকেত’ৰ দৰে কাব্য ৰচনা কৰিবলৈ প্ৰেৰিত কৰে। পদ্মনাথ গোহাঞিবৰুৱাৰ ‘জুৰণি’ নামৰ সংকলনখনত সন্নিৱিষ্ট ‘ঊৰ্মিলা’ কবিতাটোত অৱশ্যে তেওঁ কবিগুৰুৰ দৰে ঊৰ্মিলাক উপেক্ষিতা বুলি ভবা নাই বা বাল্মীকিৰ প্ৰতি কোনো অভিযোগো উত্থাপন কৰা নাই। তেওঁ কবিগুৰুৰ দৰে ঊৰ্মিলাৰ নামটোৰ সৌন্দৰ্যৰ কথা উল্লেখ কৰি পিছৰ পিনে নিজৰ এক দৃষ্টিভংগী দাঙি ধৰিছে—

“নিৰমল নাম-গোন্ধে প্ৰাণ কোমলায়,
ফুলনিৰ এচুকত মুখ আমোলায়।
ফুলি ফুলি এটি পাহি কাব্য কাননত
হৰিছিল কবি প্ৰাণ থাকি নিলগত।” (গোহাঞিবৰুৱা ৰচনাৱলী, পৃ. ৩৪৬)

ইয়াৰ পিছত তেওঁ ৰামায়ণৰ অন্যান্য নাৰী চৰিত্ৰ, যেনে— সাৱিত্ৰী, দ্ৰৌপদী, দময়ন্তী, ৰম্ভা, মন্দোদৰী, ৰুক্মিণী, ঊষা আদিৰ কথা উল্লেখ কৰি কৈছে যে এই সকলোৰে সমস্ত কথা কবিয়ে মানুহৰ বাবে প্ৰকাশ্যে বৰ্ণনা কৰি এই সুন্দৰ ফুলপাহৰ কথা স্বৰ্গৰ কাৰণে গোপনে ৰাখিলে—

“সুচতুৰ স্বৰ্গী কবি স্বৰ্গৰ কাৰণে
ঊৰ্মিলা পাহিটি থ’লে অৰ্ধেক গোপনে।”

উল্লেখযোগ্য যে ঊৰ্মিলাৰ প্ৰতি সহানুভূতিশীল দৃষ্টিভংগীৰে ৰচনা কৰা শেৱালি কবি ৰত্নকান্ত বৰকাকতীৰ ‘ঊৰ্মিলা’ নামৰ কবিতাতো ঊৰ্মিলাৰ বিৰহী মনটোকেই আঙুলিয়াইছে—

“যি দিনা তপস্বী বেশে দুই ৰাজ ভ্ৰাতা
বাজ হ’ল সীতা সঙ্গে আন্ধাৰী অযোধ্যা।
সিদিনা ঊৰ্মিলা তুমি ৰাজ সন্মতনে?
কিদৰে লুণ্ঠিত হ’লা কোনে বা দেখিলে…!”

ঊৰ্মিলাৰ কাৰণে যেন কবি-হৃদয় কান্দি উঠিছে। এটা নহয়, দুটা নহয়, সম্পূৰ্ণ চৈধ্যটা বছৰ ঊৰ্মিলাৰ হৃদয়ৰ ব্যকুলতাক কবিয়ে অনুভৱ কৰিছে—

“কোনে জানে সিদিনাৰ অবলা ঊৰ্মিলা
চুলি মেলি অকলে কিদৰে ব্যাকুলা
কোনে জানে আৰু সেই নাৰীৰ জীৱনৰ
চৈধ্যটি বছৰ মৰ্মাহত জীৱনৰ।”

ভাৰতীয় সাহিত্যৰ এখন উল্লেখনীয় কাব্যগ্ৰন্থ হ’ল ‘সাকেত’। সাকেত অযোধ্যাৰ আন এটি নাম। আধুনিক হিন্দী সাহিত্যৰ উল্লেখনীয় নাম, কবি মৈথিলীশৰণ গুপ্তই দ্বাদশ খণ্ড সম্বলিত ‘সাকেত’ কাব্যগ্ৰন্থখন ১৯৩১ চনত ৰচনা কৰে; যাৰ মূল ভিত্তিভূমি হ’ল অযোধ্যা। কাব্যগ্ৰন্থখনত কবিয়ে ৰামায়ণৰ সমষ্ট ঘটনাৱলীকে কৌশলৰে বৰ্ণনা কৰিলেও ঊৰ্মিলাৰ বিৰহ বেদনাইহে মুখ্য স্থান অধিকাৰ কৰিছে।

মৈথিলীশৰণ গুপ্ত
মৈথিলীশৰণ গুপ্ত

লক্ষ্মণৰ পৰা এবছৰ দুবছৰ নহয়, চৈধ্য বছৰীয়া বিচ্ছেদৰ বেদনা কি দৰে সহ্য কৰে ঊৰ্মিলাই! ঊৰ্মিলাৰ সন্মুখত বিচ্ছেদৰ দাবানলত দগ্ধ হৈ থকাৰ বাহিৰে আৰু কোনো পথ খোলা নাই। কোনেও নেদেখা এই শোক-সমুদ্ৰত সাঁতুৰিবলৈ সেয়েহে তেওঁ লক্ষ্মণৰ এধানি সহানুভূতি বিচাৰিছে। তেওঁ কামনা কৰিছে যাতে ৰাম-সীতাৰ সেৱাৰ পৰা অব্যাহতিৰ পাছৰ নীৰৱ-নিস্তব্ধ সময়বোৰত লক্ষ্মণে অন্ততঃ তেওঁৰ কথা এবাৰ ভাবক। কাব্যিক ভাষাৰে—

“আৰধ্য যুগল কে সোণে পৰ,
নিস্তব্ধ নিশাকে হোনে পৰ
তুম য়াদ কৰৌগে মুঝে কভী
তৌ ফিৰ মে পা চুঁকী সভী।”

লাহে লাহে তেওঁ বাস্তৱতাক স্বীকাৰ কৰি ল’বলৈ সাহ কৰিছে। অৱস্থাৰ মাজত জীন যোৱা মানে বিৰহৰ পৰা নিস্ক্ৰান্তি নহয়, বৰং বিৰহ ঊৰ্মিলাৰ এনে সহচাৰী যি প্ৰতিটো অৱস্থাকে নিয়ন্ত্ৰিত কৰে। ঊৰ্মিলাৰ বিৰহ-বিলাপে অন্তৰ্ভেদী ৰূপ লৈ তেওঁৰ এই বিৰহ যাতনাক প্ৰকৃতি আৰু জীৱ-জগতৰ সকলো বস্তুলৈকে প্ৰসাৰিত কৰি তুলিছে। প্ৰকৃতিৰ সকলোতেই হৃদয় জুৰি বাজি উঠিছে যেন ঊৰ্মিলাৰ বিৰহৰ কাৰুণ্যৰে ভৰা মৰ্মভেদী গীতৰ সুৰ।

ঊৰ্মিলাৰ অৱস্থা দেখি ৰাজপৰিয়ালৰ সকলোৱেই চিন্তিত। প্ৰত্যেকৰে ঊৰ্মিলাৰ প্ৰতি কৰুণা আৰু দয়াৰ দৃষ্টিয়ে তেওঁৰ দুখ আৰু দুৰ্বিসহ কৰি তুলিছে। সেয়েহে প্ৰিয় সখীয়েক সুলক্ষণাৰে সৈতে ৰাজভৱন এৰি উদ্যানলৈ ওলাই গৈছে। অৰণ্যৰ মাজতো জানো শান্তি পাইছে তেওঁ! ইফালে ৰামৰ উপস্থিতিত গভীৰ অৰণ্যও জানকীৰ বাবে ইন্দ্ৰপুৰীৰ দৰে হৈ পৰিল, আনফালে ৰাম-সীতাৰ বাবে লক্ষ্মণক তেওঁলোকৰ লগত পঠিয়াই দিয়াৰ পাছত উদ্যানৰ মাজতে ঊৰ্মিলাৰ জীৱনলৈ নিস্তব্ধতা, শূন্যতা আৰু বিষণ্ণতা নামি আহিল। কবিৰ ভাষাৰে—

“স্বামী সহিত সীতানে
নন্দন মানা সঘন-গহন কানন ভী
বন ঊৰ্মিলা বধূ নে
কিয়া ওনহী কৈ
হিতাৰ্থ নিজ ওপবন ভী।”

প্ৰকৃতাৰ্থত কৈকেয়ীয়ে নিজৰ স্বাৰ্থৰ বাবে ৰঘুবংশত যি অপযশৰ কালিমা সানিলে, তাক ঊৰ্মিলাই চকুপানীৰে ধুই নিকা কৰি পেলালে।

চকুৰ পলকতে ঊৰ্মিলাৰ জীৱন হৈ পৰিল এক তপস্যাৰ জীৱন। মন-মন্দিৰত লক্ষ্মণৰ মূৰ্তি নিৰ্মাণ কৰি বিৰহৰ অগণিত নিজকে দীপগছিৰ দৰে প্ৰজ্বলিত কৰি ৰখাই হৈ পৰিল তেওঁৰ উপাসনা। ঊৰ্মিলাৰ মন শান্ত কৰিবলৈ সখীয়েকে পাৰ্যমানে চেষ্টা কৰিছে, কিন্তু লক্ষ্মণৰ সৈতে বিচ্ছেদৰ প্ৰতিটো মুহূৰ্তই ঊৰ্মিলাৰ বাবে কেৱল মৃত্যুবৎ যন্ত্ৰণাৰ বাহিৰে আন কি হ’ব পাৰে…!

ঊৰ্মিলা— বিয়োগ এক ভয়ংকৰ সপোন সখী, সাধাৰণতে ভয় লগা সপোনবোৰ মানুহে ৰাতি নিদ্ৰাকালতহে দেখে, কিন্তু এই সপোন এনে ভয়ানক যে ই দিবা-ৰাত্ৰি নিৰন্তৰ দৃষ্টিত নিবদ্ধ হৈ থাকে, আনকি জাগি থকা সময়তো ই কষ্টৰ পৰা অব্যাহতি নিদিয়ে।

“হুৱা এক দুঃস্বপ্ন-সা সখী, কেইসা উৎপাত
জগনে পৰ ভী ৱহ বনা ৱেসাহী দিন-ৰাত।”

সুলক্ষণাই তেওঁলৈ অনা খুৱাবস্তুবোৰ তেওঁ প্ৰত্যাখ্যান কৰিছে…।

ঊৰ্মিলা— সংসাৰত ৰসাল স্বাদযুক্ত বস্তুৰ অভাৱ নাই, কিন্তু উচিত সময়ত, উচিত মাত্ৰাত গ্ৰহণ কৰিলেহে সি মন আৰু শৰীৰৰ পুষ্টিসাধন কৰে, নহ’লে ভোগো ৰোগ হৈ পৰে।

“খানে পৰ জিচকে
গুৰ গৌবৰ-সা লগে স্বয়ং হী জীসে
ৰস হে বহুত পৰন্তু সখী, বিষ হে বিষম প্ৰয়ৌগ
বিনা প্ৰয়ৌক্তা কে হুয়ে, য়হা ভৌগভী ৰৌগ।”

পুনৰ সুলক্ষণাই ক্ষীৰ খাবলৈ অনুৰোধ কৰাত ঊৰ্মিলাই অতি তাৎপৰ্যপূৰ্ণভাৱে কৈছে যে তেওঁ কেঁচুৱাৰ দৰে ওফোন্দ পাতি নোখোৱাকৈ থকা নাই। বৰং তেওঁৰ মাক-পিতাকে এনে এক বীৰৰ লগত তেওঁক বিয়া দিলে, যি ঘৰত থকাৰ বাবে জন্ম হোৱা নাই। এনে অৱস্থাত তেওঁৰ জীৱনত চকুৰ পানীৰ বাদে আৰু কি থাকিব পাৰে! কাব্যিক ভাষাৰে—

“লাঈহে ক্ষীৰ ক্যু টু? হথ মত কৰ য়ু
মে পীয়ুংগী না আলী
মে হু ক্যা হায়! কৌয়ী শিশু সফলহঠী
ৰংকভী ৰাজ্যশালী
মানা টুনে মুঝেহে তৰুণ বিৰহিনী
বীৰকে সাথ ব্যাহা
আখৌকা নীৰহী ক্যা কম ফিৰ মুঝকৌ
চাহিয়ে ঔৰ ক্যা হা!”

খাদ্য, বসন, বাসস্থান— সকলোৰে প্ৰতি যেন ঊৰ্মিলাৰ বিৰাগ উপজিছে। সেয়ে সখীয়েকক কাতৰ অনুৰোধ কৰিছে যে পাৰিলে তেওঁক খোৱা-পিন্ধাৰ বাদে অন্য কোনো এনেকুৱা উপায় বিচাৰি দিব লাগে, যিয়ে তেওঁক সকলো দুখ সহিবলৈ মনত শক্তি দিয়ে, মনটোৱে যাতে শান্তি পায়। কবিয়ে লিখিছে—

“আলী টুহী বটা দে, ইচ বিজন বিনা
মে কহা আজ যাওঁ?
দীনা, হীনা, অধীনা ঠহৰ কৰ জহা
শান্তি দু ঔৰ পাওঁ।”

ঊৰ্মিলাৰ মনৰ অৱস্থাৰ কথা কোনে বুজিব! বিৰহ-বেদনাত তেওঁৰ মন বিয়াকুল। বিৰহিনীয়ে কথাৰ মাজতেই পুনৰ চিত্ৰকূটত লক্ষ্মণক সাক্ষাৎ কৰিবলৈ যোৱাৰ মুহূৰ্তটো সোঁৱৰিছে। সেই সাক্ষাৎ খন্তেকীয়া আছিল। ক’বলৈ ঊৰ্মিলাৰ বহু কথাই আছিল। প্ৰেমেৰে যেন লক্ষ্মণক উপচাই দিব! বুকুত লুকুৱাই থোৱা মান-অভিমান-অভিযোগবোৰ যেন উজাৰি দিব, কিন্তু সেয়া মাত্ৰ চকুপানী হৈ বৈ গ’ল। ঊৰ্মিলাৰ দীনাবস্থা দেখি লক্ষ্মণৰ হদয় দয়াৰে ভৰি পৰিল, যি দয়াৰভাৱে তেওঁৰ হদয় পুনৰ জৰ্জড়িত কৰি পেলালে—

“মিলী মে স্বামী সে পৰ কহ সকী ক্যা সম্ভল কে?
বহে আঁসু হৌকে সখী, সব ওপালম্ভ গল কে,
ওনহে হৌ আয়ি জৌ নিৰখ মুঝকৌ নীৰৱ দয়া।
ওসী কৌ পীড়়াকা অনুভৱ মুঝে হা! ৰহ গয়া।”

কথাৰ মাজতেই ঊৰ্মিলা যেন কিছু সময়ৰ বাবে চিত্ৰকূটৰ সৌন্দৰ্যৰ মাজতেই বিলীন হৈ গ’ল। কিন্তু পুনৰ নিজৰ স্থিতিলৈ ঘূৰি আহি সখীয়েকৰ আগত নগৰৰ প্ৰত্যেকগৰাকী অভাগাৰ সৈতে নিজৰ দুখ বিনিময় কৰিব বিচাৰিছে। বিৰহ-বেদনাৰ আঘাতত তেওঁৰ কলা, সংগীতৰ জ্ঞান যাতে লোপ নাপায় তাৰ বাবে উদ্যানতে এখন ললিত-কলা বিদ্যালয় খোলাৰ পৰামৰ্শ দিছে—

“মে নিজ ললিত কলায়ে ভুল না যাওঁ বিয়ৌগ-বেদন মে
সখি পুৰৱালাশালা খুলৱাদে ক্যৌ না ওপবন মে।”

ললিত কলাৰ কথা মনলৈ আহোঁতেই ঊৰ্মিলাই তিনিখন ছবি অঁকাৰ কল্পনা কৰিছে। তাৰে এখন ছবি— পথৰ মাজৰ এটা নলাৰ কিনাৰত ৰাম আৰু সীতা, লক্ষ্মণ নলাৰ পানীৰ মাজত। দ্বিতীয়খনত সীতাৰ ভৰিত কাঁইটে বিন্ধিছে, তেওঁ ৰামৰ কান্ধত ধৰি থিয় হৈছে আৰু লক্ষ্মণে কাঁইটডাল উলিয়াই দিছে। আৰু তৃতীয়খনত কোনোবা গছৰ দোঁ খাই পৰাডালৰ পৰা সীতাই ফুল ছিঙিছে আৰু ৰামচন্দ্ৰই এই দৃশ্য দেখি বাঃ বাঃ দিছে। গুপ্তা ডাঙৰীয়াই ঊৰ্মিলাৰ এই মানস চিত্ৰকেইখনৰ মাজেদি ঊৰ্মিলাৰ ক্ষত-বিক্ষত অন্তৰ, মনৰ আশা, উত্তেজনা আদি সকলো দিশ সামৰি এক সূক্ষ্ম মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ পৰিচয় দাঙি ধৰিছে।

“হৌ ৰেহী হে আলি, মুঝে চিত্ৰ-ৰচনা কী চাহ
নালা পড়া পথমে, কিনাৰে জেঠ-জীজী খড়ে
অম্বু অবগাহ আৰ্যপুত্ৰ লে ৰহেহে থাহ?
কিম্বা ৱে খড়ী হৌ ঘূম প্ৰভুকে সহাৰে আহ,
তলৱেসে কণ্টক নিকালতে হৌ য়ে কৰাহ?
অথবা ঝুকায়ে খড়ে হৌ য়ে লতা ঔৰ জীজী
ফুল লে ৰহী হৌ; প্ৰভু দে ৰহে হৌ বাহ বাহ।”

লক্ষ্মণৰ বিচ্ছেদে ঊৰ্মিলাৰ মন যেন লাহে লাহে নীৰস কৰিবলৈ ধৰিছে। কোকিলৰ মধুৰ স্বৰো কৰ্কশ যেন লগা হ’ল ঊৰ্মিলাৰ। উদ্যানৰ পশু-পক্ষীৰ সৈতে নিজৰ দুখবোৰ তুলনা কৰি কোনোবা সময়ত ভাটৌৰ সৈতে যদি মত বিনিময় কৰিছে, কোনোবা সময়ত শহাপহুৰ লগত নিজৰ বিৰহ বেদনা ভগাই লৈছে। তাৰপাছত কিছু স্থিৰ আৰু সংযত হৈ বিৰহ সম্পৰ্কে নিজৰ চিন্তাক এক অন্য গতি দিছে। ঊৰ্মিলাই গমি-পিতি চাই বুজি উঠিছে যে হীৰা মাৰাত্মক বিষ যদিও ই জ্যোতিৰ্ময়। তেনেদৰে বিৰহেও দুখৰ মাজেৰেই ভৱিষ্যতৰ আশাৰ নতুন জ্যোতি জ্বলায়। প্ৰেমৰ পৰাই বিৰহৰ সৃষ্টি হয়। বেদনাৰ বুকুখন কঠুৱা হ’লেও বিৰহিনী যুৱতীক ই ধৈৰ্যৰ দুগ্ধ পান কৰায়। সেয়েহে এই বেদনাক তেওঁ সাবটি লৈছে।

“আ, অভাৱ কী এক আত্মজে, ঔৰ অদৃষ্টি-জনী
তেৰীহী ছাতী হে সচমুচ ওপমৌচিতস্তনী
ঔৰ বিয়ৌগ সমাধি, অনৌখী, টু ক্যা ঠীক-ঠনী
অপনে কৌ, প্ৰিয় কৌ, জগতী কৌ দেঁখু খিচী তনী”

মৈথিলীশৰণ গুপ্তৰ কাব্যগ্ৰন্থ ‘সাকেত’
মৈথিলীশৰণ গুপ্তৰ কাব্যগ্ৰন্থ ‘সাকেত’

ঊৰ্মিলাৰ বিৰহৰ চকুপানীয়ে তেওঁৰ ব্যক্তিত্ব আৰু অস্তিত্ব সম্পৰ্কেও সজাগ কৰি তুলিছে। কোনোবা সময় প্ৰজ্বলিত অগ্নিশিখাত আত্মবিসৰ্জন দিয়া পতংগবোৰৰ মাজেৰে তেওঁ প্ৰেমৰ গভীৰতাক বুজিবলৈ যত্ন কৰিছে। উদ্যানৰ মাজত তৰা গণি গণি বিনিদ্ৰ ৰজনী পাৰ কৰা ঊৰ্মিলাৰ ওপৰত গ্ৰীষ্মৰ প্ৰচণ্ড তাপৰ কোনো যেন প্ৰভাৱ নাই! তেওঁ অনুভৱ কৰিছে, এই উত্তাপ যেন লক্ষ্মণৰ তপোবলৰ ফল। কবিয়ে অতি সযতনেৰে ঊৰ্মিলাৰ বেদনাক বিভিন্ন ঋতুৰ বৰ্ণনাৰ মাজেৰে উপস্থাপন কৰিছে। ঋতুৰ সৈতে প্ৰকৃতিৰ পৰিৱৰ্তন, পশু-পক্ষীৰ বিভিন্ন আচৰণ আদি অতি কৌশলেৰে উপস্থাপন কৰিছে। এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰ্ষা-বৰ্ণনৰ দৰেই মনোৰম আৰু প্ৰাণৱন্ত!

“মেৰী হী ধৰতী কী ধুম
বনা আজ আলী ঘন ঘুম
গৰজ ৰহা গজ-সা ঝুক ঝুম
ঢাল ৰহা মদ মানী
মেৰী হী পৃথিৱী কা পানী…।”

জোনাকী পৰুৱা, খঞ্জন পক্ষী, চাকৈ-চকোৱা, মকৰা, কুলি চৰাই আদি বিভিন্ন কীট-পতংগ, চৰাই-চিৰিকটিৰ বিৰহ-বদনাৰ কথা ঊৰ্মিলাই নিজৰ বিৰহৰ দৰে অনুভৱ কৰিছে। গুপ্ত ডাঙৰীয়াৰ এই গোটেই বৰ্ণনা প্ৰকৃততে ঊৰ্মিলাৰ মনোজগতৰ এক বস্তৱ ছবি। এফালে বিৰহ-ব্যাথাই তেওঁক ইমানেই বাউলী কৰি তুলিছে যে তেওঁ লক্ষ্মণৰ পৰা এটা পলো যেন আঁতৰি থাকিব নোৱাৰে আৰু নিজকে সম্পূৰ্ণ সঁপি দি লক্ষ্মণৰ চৰণত আশ্ৰয় ল’ব বিচাৰে, কিন্তু আনফালে নিজৰ এই সুখৰ বাবে তেওঁ লক্ষ্মণৰ তপস্যা অথলে যোৱাটোও নিবিচাৰে। চৈধ্য বছৰৰ প্ৰতীক্ষাৰ ভাৰ ঊৰ্মিলাৰ হৃদয়ত এটি গধুৰ শিলৰ দৰে হৈ পৰিছে যদিও যেনেদৰে পানীৰ ঢৌৱে প্ৰকাণ্ড শিলবোৰকো ক্ষয় নিয়ায়, তেনেদৰে বিৰহৰ চকুপানীয়েই লাহে লাহে হৃদয়ৰ এই গধুৰ শিল ক্ষয় নিয়াব বুলি তেওঁ বিশ্বাস কৰিছে। বিৰহৰ অভিজ্ঞতাই তেওঁৰ এই বিশ্বাস দৃঢ় কৰি তুলিছে।

❧। আৰু পঢ়ক: কাব্য-সাহিত্যত ‘বিৰহ’

বাৰটা অধ্যায় বিশিষ্ট এই বিশাল কাব্যখনৰ নৱম সৰ্গটোৰ কেন্দ্ৰীয় ভাবনা হ’ল ঊৰ্মিলাৰ বিৰহ বেদনা। গুপ্ত ডাঙৰীয়াই কাব্যখনত দ্ৰৌপদী, যশোধাৰী, বিষ্ণুপ্ৰিয়া, ৰত্নাৱলী আদিৰ দৰে বহু নাৰী চৰিত্ৰৰ সৃষ্টি কৰিছে যদিও হৃদয়ৰ সমস্ত সহানুভূতিৰে সৈতে তেওঁ বিৰহিনী ঊৰ্মিলাকহে কাব্যত বিশেষভাৱে অংকন কৰাৰ চেষ্টা কৰিছে।

ঊৰ্মিলা উপেক্ষিতা হৈয়ো ভাৰতীয় সাহিত্যৰ বিস্তৃত পটভূমিত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই উদাহৰণ কবি মৈথিলীশৰণ গুপ্তৰ ‘সাকেত’ কাব্যগ্ৰন্থতো প্ৰোজ্জ্বল হৈ আছে।

ফিচাৰড্ ইমেজ: ৰাম-সীতা, লক্ষ্ণণ-ঊৰ্মিলা, ভৰত-মাণ্ডৱী আৰু শত্ৰুঘ্ন-শ্ৰুতকীৰ্তিৰ বিবাহ। কপিৰাইটমুক্ত ছবি, উইকিমেডিয়াৰ জৰিয়তে।
বিৰহিনী উৰ্মিলা | গীতালি কেওট বৰা

Follow Nilacharai on Facebook