শিল্পী সকলোৰে ঊৰ্ধ্বত?

প্ৰকাশ: ৫ অক্টোবৰ, ২০১৬ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১

ভাৰত-পাকিস্তানৰ মাজত ওলমি থকা দীৰ্ঘদিনীয়া অপ্ৰীতিকৰ পৰিস্থিতিৰ মাজতো ‘শিল্পী সকলোৰে ঊৰ্ধ্বত’ ধাৰণাটোকে লৈ আছিল ভাৰতে। কিন্তু এতিয়া আৰু নহ’ব! পাকিস্তানী শিল্পীৰ ভাৰতলৈ আহি ধন ঘটা বন্ধ কৰা হ’ল। ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্ক স্বাভাৱিক নোহোৱা পৰ্যন্ত পাকিস্তানী শিল্পীক বলিউডত নিষিদ্ধ কৰিলে ইণ্ডিয়ান মশ্যন পিকচাৰচ প্ৰডিউচাৰ্চ এচোচিয়েশ্যন (IMPPA)-এ৷ এতিয়া আৰু ভাৰতলৈ আহি গুলাম আলিৰ দৰে গায়কে গজল গাই, ফাৱাদ খান, মাহিৰা খান, আলি জাফৰ আদিৰ দৰে শিল্পীয়ে বলিউডৰ চিনেমাত অভিনয় কৰি, ৰাহৎ ফটেহ আলি খানৰ দৰে ছুফী গায়কে হিন্দী চিনেমা, সংগীত সন্ধিয়া বা ৰিয়েলিটী শ্ব’ত গান গাই ধন উপাৰ্জন কৰাৰ বাট মৰিল।

বহুতে নাজানে যে এইসকল শিল্পীয়ে নিজৰ দেশতকৈ ভাৰতত আহি কৰা কামেৰেহে নিজৰ দেশতো জনপ্ৰিয়তা লাভ কৰিছে৷ তদুপৰি এওঁলোকে ভাৰতত পোৱা পাৰিশ্ৰমিক নিজৰ দেশতকৈ তিনি গুণৰ পৰা দহ গুণ পৰ্যন্ত অধিক! এনে একোজন শিল্পীৰ আগমনৰ লগে লগে ভাৰতৰ একোজন শিল্পীৰ কাম আৰু পাৰিশ্ৰমিক হেৰোৱা নাইনে? এটা উদাহৰণ- চলমান খানৰ শেহতীয়া চিনেমা ‘চুলতান’ৰ যিটো গান আপুনি পাকিস্তানৰ গায়ক ৰাহৎ ফটেহ আলি খানৰ কন্ঠত শুনিছে, সেই গানটো প্রথমে গাইছিল অৰিজিৎ সিঙে; চলমান খানৰ ইচ্ছা অনুসৰি পৰৱৰ্তী সময়ত গানটো অৰিজিতৰ অজ্ঞাতে পুনৰ ৰেকৰ্ডিং কৰা হয় পাকিস্তানী গায়কজনক ভাৰতলৈ আনি৷ এতিয়া পিছে মুক্তিৰ অপেক্ষাত থকা হিন্দী চিনেমাৰ পৰাও পাকিস্তানী শিল্পীৰ গান আঁতৰাই পেলোৱা হৈছে৷

আৰু পঢ়ক:  চিত্ৰকথা: ক'ৰোনা চিন্তন ২

rahat-fateh-ali-khan

LoC উলংঘা কৰি আৰু যুদ্ধ বিৰতি চুক্তি লঠিয়াই ভাৰতৰ মাটিত সোমাই পাকিস্তানৰ সেনাই ভাৰতীয় সেনাক হত্যা কৰি যোৱাৰ বেলিকা ভাৰতীয়ৰ উদাৰতাৰ সুযোগ লৈ ভাৰতলৈ আহি আহি ধন-মান অৰ্জা এইসকল শিল্পীৰ মুখৰ মাত এষাৰ নাই! এনে মানুহক ভাৰতৰ মাটিত ধন ঘটিবলৈ দিয়াৰ দৰকাৰ কি, তেওঁলোক যিমানেই জনপ্ৰিয় শিল্পী নহওক কিয়!

ছবিত: (ওপৰত) আলি জাফৰ, ফাৱাদ খান, মাহিৰা খান,আতিফ আচলাম৷ (তলত) ৰাহৎ ফটেহ আলি খান

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts