শাৰদীয়

editorialfeগোষ্ঠী সংঘৰ্ষৰে জৰ্জৰিত অসমলৈও শৰৎ আহে সন্তৰ্পণে। অলেখ উৎকণ্ঠা আৰু উদ্বেগেৰে ভাৰাক্ৰান্ত মনবোৰতো শৰতে সানে পৱিত্ৰতা আৰু স্নিগ্ধতাৰ সুবাস।

এতিয়া আহিন। শৰতৰ মেঘমুক্ত নীলা আকাশ, ‘সুখী শেৱালিৰ উৰণীয়া গোন্ধে’ মানুহৰ মন পৰিষ্কাৰ কৰে। আচলতে কৰা উচিত। বেদনাৰ বিষয়, আধুনিক মানুহৰ বাবে বহুক্ষেত্ৰতে পদূলিৰ মূৰত নিশাটো ফুলি পুৱাতে সৰি ৰোৱা শেৱালি এপাহ তুলি ল’বলৈ সময় অথবা সুবিধাৰ অভাৱ। যান্ত্ৰিকতাৰ নিগনি দৌৰত মানুহ ভাৰাক্ৰান্ত। নগৰ, মহানগৰৰ কৃত্ৰিম পৰিৱেশৰ মাজত শৰৎ বা বসন্তৰ উপস্থিতিও সামান্য। নগণ্য। তথাপিও প্ৰকৃতিৰ অমল উৎসৱ উদযাপিত নোহোৱাকৈ নাথাকে। আমাক লাগে অকণমান সময় আৰু ইচ্ছা— সেই উৎসৱৰ ভাগীদাৰ হোৱাৰ। প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ ইচ্ছা আৰু আন্তৰিকাই পৃথিৱীকে সমৃদ্ধ কৰিব।

‘নীলা চৰাই’ৰ সুজন পাঠক সমাজ, লেখকসকল, শুভাকাংক্ষীলৈ শাৰদীয় শুভ কামনা জ্ঞাপন কৰিছোঁ।

(পল্লৱপ্ৰাণ গোস্বামী)


ছবি: বিনীতা বৰগোহাঁই

আপোনাৰ আৰু ভাল লাগিব পাৰে:

AKCA-BRabha-Cover150x80

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

পল্লৱপ্ৰাণ গোস্বামী

পল্লৱপ্ৰাণ গোস্বামী

'নীলা চৰাই'ৰ প্ৰতিষ্ঠাপক আৰু সম্পাদক। সাংস্কৃতিক কৰ্মী।

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz