নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

জয় জগত গুৰু

জয় জগত গুৰু

জয় জগত গুৰু
সমস্তৰে কল্পতৰু
জয় জয় শংকৰদেৱ।
ভকতি দুন্দুভি বাজে
মুকুতিৰ ধ্বজা উৰে
জয়ন্তী-লগনে কৰোঁ সেৱ॥

এই ধ্বজা জয় ধ্বজা
সৰ্ব কল্যাণৰ পন্থা
এক শৰণ ধৰমৰ।
প্রীতিৰ সূতাৰে বোৱা
সেৱাৰ ৰসেৰে ধোৱা
এই ধ্বজা মহা মংগলৰ॥

হেন ধন্য ধ্বজা তলে
দিওঁ জয়ধ্বনি সৱে
জয় সত্য-শিৱ-সুন্দৰ।
জয় দুষ্কৃতি নাশক
জয় সম্প্রীতি প্রকাশক
জয় জয় শ্ৰীমন্ত শংকৰ॥

Follow Nilacharai on Facebook
এই লেখকৰ সকলো লেখা চাওক →
জয় জগত গুৰু | ৰত্ন ওজা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...