ইতিহাসত তথ্য আৰু তাৰ ব্যাখ্যাই আচল কথা: ড° আনন্দ বৰমুদৈৰে কথোপকথন

ইতিহাসত তথ্য আৰু তাৰ ব্যাখ্যাই আচল কথা: ড° আনন্দ বৰমুদৈৰে কথোপকথন
  • 19 May, 2023

প্ৰ খ্যাত সমালোচক আৰু ইংৰাজী সাহিত্যৰ অধ্যাপক ড° আনন্দ বৰমুদৈয়ে অলপতে আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস শিৰোনামেৰে এখন সাহিত্যৰ ইতিহাসৰ গ্ৰন্থ প্ৰণয়ন কৰি উলিয়াইছে। প্ৰায় আঠশ পৃষ্ঠাৰ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখাই। গ্ৰন্থখনৰ বেটুপাতৰ অন্তিম পৃষ্ঠাত কোৱা হৈছে:

আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস

“আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস গ্রন্থই ১৮৪৬ চনত অৰুনোদই আলোচনী প্রকাশ হোৱাৰ সময়ৰপৰা বৰ্তমানলৈকে অসমীয়া সাহিত্যৰ প্ৰায় ১৭৫ বছৰৰ বিস্তৃত ইতিহাস সামৰি লৈছে৷ গ্ৰন্থখনত লেখক আৰু তেওঁলোকৰ সৃষ্টিকর্মসমূহক শেহতীয়া সাহিত্যতত্ত্ব আৰু চিন্তাৰ আধাৰত মূল্যায়ন কৰাৰ প্ৰয়াস কৰা হৈছে। ইয়াত সাহিত্য বুলিলে সাধাৰণতে বুজা কবিতা, গল্প, উপন্যাস আৰু নাটকৰ লগতে সমালোচনা সাহিত্যৰ অধ্যায় সন্নিৱিষ্ট হৈছে। লেখকে যুগ একোটাক লৈ বিশাল বৃত্তান্ত গঢ়িবলৈ বিচৰা নাই যদিও যুগৰ সমাজ-জীৱনক বুজিবলৈ যিবোৰ পাঠ অতি প্রয়োজনীয়, সেই পাঠৰ আলোচনাত গুৰুত্ব দিছে। লেখকতকৈয়ো পাঠৰ ওপৰত পাঠকৰ দৃষ্টিকোণৰ পৰা মনোযোগ দিয়া হৈছে৷ পূৰ্বৰ সাহিত্যৰ বুৰঞ্জীত বিশেষ গুৰুত্ব পাবলগীয়া যিবোৰ পাঠে গুৰুত্ব পোৱা নাছিল, তেনে পাঠৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আশা কৰা হৈছে যে সাহিত্যৰ এই ইতিহাসে পাঠকক আধুনিক অসমীয়া সাহিত্যৰ গতি-প্রকৃতি সম্পর্কে ধাৰণা এটা দিব পাৰিব।”

উক্ত গ্ৰন্থখনৰ বিষয়বস্তু, ৰচনাৰীতি আৰু গুৰুত্ব সম্পৰ্কে ড° বৰমুদৈদেৱৰ সৈতে কিছু কথা পতা হৈছিল। প্ৰকল্প ৰঞ্জন ভাগৱতীৰ বিশেষ আয়োজনত নীলা চৰাইৰ হৈ সাক্ষাৎকাৰটি গ্ৰহণ কৰিছিল পল্লৱপ্ৰাণ গোস্বামীয়ে।

নীলা চৰাই: ছাৰ, ১৮৪৬ চনত প্ৰথম অসমীয়া আলোচনী অৰুনোদই প্ৰকাশ পোৱাৰ সময়ৰ পৰা বৰ্তমান সময়লৈকে আধুনিক অসমীয়া সাহিত্যৰ এশ পঁইসত্তৰ বছৰীয়া ইতিহাস সামৰি প্ৰকাশ পোৱা আঠশ পৃষ্ঠাৰ গ্ৰন্থ আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস প্ৰণয়নৰ বাবে আপোনাক প্ৰথমেই অভিনন্দন জনালো। অসমীয়া সাহিত্যৰ বহুদিনীয়া অভাৱ এটা পূৰণ হ’ল।

ড° আনন্দ বৰমুদৈ

ড° আনন্দ বৰমুদৈ: অভাৱ পূৰণ হৈছে জানো? এটা অভাৱ পূৰণ হোৱা বুলি ভাবিলেই অনেক অভাৱ চকুত পৰে৷ অসমীয়া সাহিত্যৰ আন ইতিহাসৰ তুলনাত আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস-এ বহুত অভাৱৰ কথাকো সোঁৱৰায়৷

নীলা চৰাই: আপোনাৰ দৃষ্টিত গ্ৰন্থখনৰ বিশেষত্ব কি?

ড° আনন্দ বৰমুদৈ: গ্ৰন্থখনৰ বিশেষত্বৰ কথা পাঠক-সমালোচকে ক’ব পাৰিব৷ মই চেষ্টা কৰিছিলো আধুনিক অসমীয়া সাহিত্যিকসকলৰ স্বকীয় বিশিষ্টতাক ধৰি ৰাখিবলৈ৷ লেখক এগৰাকীৰ সৃষ্টিকৰ্মৰ মাজেদি প্ৰকাশ পোৱা বিশেষত্বৰ মই অনুসন্ধান কৰিছিলো৷

নীলা চৰাই: গ্ৰন্থখন প্ৰণয়ন কৰোঁতে আপুনি কোনো অসুবিধাৰ সন্মুখীন হৈছিল নেকি?

ড° আনন্দ বৰমুদৈ: অসুবিধাৰ সমুখীন হৈছিলো৷ লেখক এজনৰ বিষয়ে লিখি শেষ কৰাৰ পাছত কাৰোবাৰ মতামত গ্ৰহণ কৰিব পৰা হ’লে অসুবিধাৰ হাত সাৰিব পাৰিলোঁহেঁতেন৷ অনিশ্চিতিৰ মাজেদি লিখি গৈ থকাটো এটা অসুবিধা।

নীলা চৰাই: লেখক আৰু সাহিত্যকৰ্মৰ বিচাৰ কৰোঁতে বা কিতাপখনত স্থান দিওঁতে কোনবোৰ কথাত আপুনি গুৰুত্ব দিছে?

ড° আনন্দ বৰমুদৈ: নতুন লেখকসকলৰ লেখা মই যিমান পাৰিছোঁ, পঢ়িছোঁ৷ কিবা এটা ভাল দেখিলেই মই সেই কথা উল্লেখ কৰিছোঁ৷ তেওঁলোকে আৰু বহুত দিনলৈ লিখি থাকিব৷ নিষ্ঠাৰে সাহিত্য চৰ্চা কৰি থাকিলে তেওঁলোকে নিশ্চয় নিজক অতিক্ৰম কৰি লিখি যাব পাৰিব৷ বিখ্যাত লেখকসকলৰ মোৰ দৃষ্টিত শ্ৰেষ্ঠ বিবেচিত কিতাপখনৰ কিছু বহলাই আলোচনা কৰিছোঁ, যাতে লেখকগৰাকীৰ বিশিষ্টতাৰ প্ৰতি পাঠকৰ মনোযোগ আকৰ্ষণ কৰিব পাৰোঁ৷ সাহিত্যৰ গুণগত মানৰ ক্ষেত্ৰত মই পাঠক এজনৰ দৃষ্টিৰে চাইছোঁ৷ সাহিত্যিক এজনৰ নেতিবাচক কথাই সমাজক সহায় নকৰে বুলি মোৰ বিশ্বাস হ’লে সেই কথাবোৰ আলোচনালৈ অনা নাই৷

নীলা চৰাই: নৱকান্ত বৰুৱাই তেওঁৰ এটা কবিতাত ইতিহাসক পিচল শিলৰ লগত তুলনা কৰিছে। আপোনাৰ দৃষ্টিত ইতিহাস কি? বিশেষকৈ সাহিত্যৰ ইতিহাস?

ড° আনন্দ বৰমুদৈ: মানুহৰ সমাজৰ সকলো দিশলৈ সময়ে অনা পৰিৱৰ্তনৰ অধ্যয়নকে আমি সাধাৰণতে ইতিহাস বুলি ক’ব পাৰোঁ৷ ইতিহাসত তথ্য আৰু তাৰ ব্যাখ্যাই আচল কথা৷ এই ব্যাখ্যা সলনি হৈ থাকে৷ নৱকান্ত বৰুৱাদেৱে যদি ইতিহাসক পিচল শিলৰ লগত তুলনা কৰিছিল, এলিয়টে কৈছিল— ‘History has many cunning passages’৷ সাহিত্যৰ ইতিহাসৰ সংজ্ঞা দিব পৰা ক্ষমতা মোৰ নাই৷ মই দেখাত ১৮৩৫ চনৰ পাছত মেক’লেৰ পৰামৰ্শ অনুসৰি ভাৰতীয় আঞ্চলিক ভাষাত সাহিত্য-সংস্কৃতিয়ে নতুন কেঁকুৰি এটা ঘূৰিছিল৷ অসমীয়া সাহিত্যতো _অৰুণোদই_ৰ পৰাই অসমীয়া কবি-সাহিত্যিকৰ চিন্তা-চেতনাক মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ইংৰাজী শিক্ষাই প্ৰভাৱিত কৰিছিল৷ কথাটো যজ্ঞেশ্বৰ শৰ্মাদেৱে _শতপত্ৰ_ৰ পাতনিত উল্লেখ কৰিছে৷ আমাৰ আধুনিক সাহিত্যৰ ইতিহাসৰ এটা কথা চকুত পৰে৷ আমাৰ মাটি-পানী-বতাহৰ পৰা উৎপত্তি হোৱা পৰিৱেশ, পৰিস্থিতি, ঘটনাৰ অভিজ্ঞতা বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা গল্প, উপন্যাস, আধুনিক নাটক, কবিতা আদিৰ শিল্পৰূপ পছিমীয়া সাহিত্যৰ পৰা লোৱা৷ গল্প, উপন্যাস, নাটক, কবিতা আমাৰ মানুহে আমাৰ ভাষাত লিখা, কিন্তু সাহিত্য সমালোচনাৰ বাবে প্ৰয়োজনীয় মৌলিক ভিত্তিক পছিমীয়া সমালোচনা তত্ত্বই যোগান ধৰি আছে৷ অসমীয়া সাহিত্যিকৰ ওপৰত বিদেশী যিবোৰ সাহিত্যৰ প্ৰভাৱ পৰিছে, সেই প্ৰভাৱো ঘাইকৈ ইংৰাজীৰ মাধ্যমেদিয়েই আহিছে৷ ইংৰাজী সাহিত্য-সংস্কৃতিৰ প্ৰভাৱে আমাৰ সাহিত্যিকক আমাৰ সাংস্কৃতিক পৰম্পৰাৰ কাষ চপাই অনাটো মন কৰিবলগীয়া কথা৷

নীলা চৰাই: লেখকৰ নামৰ নিৰ্ঘণ্টখন চাই এটা কথা দেখা গৈছে যে এৰিষ্টটল আৰু টি এছ এলিয়টৰ প্ৰসংগ গ্ৰন্থখনত বহুবাৰ আহিছে। তাৰ তুলনাত অন্য তাত্ত্বিক বা সমালোচকৰ উল্লেখ কম বা নাই। এইবিষয়ে কি ক’ব?

ড° আনন্দ বৰমুদৈ: মোৰ দৃষ্টিত এৰিষ্টটলৰ পয়েটিক্স সাহিত্যিক আৰু সমালোচকে তন্নতন্নকৈ পঢ়িবলগীয়া কিতাপ৷ ইউৰোপীয় সাহিত্য সমালোচনাৰো এইখন আদি গ্ৰন্থ৷ আধুনিক অসমীয়া কবিতাক এককভাৱে এলিয়টে যিমান প্ৰভাৱিত কৰিছে, আন কোনো কবি-সমালোচকে কৰা নাই৷ সেইবাবেই তেওঁলোকৰ উল্লেখ বিভিন্ন প্ৰসংগত কৰিবলগা হৈছে৷

নীলা চৰাই: গ্ৰন্থখন প্ৰস্তুত কৰোঁতে অসমীয়া সাহিত্যৰ আপোনাৰ পূৰ্বজ ইতিহাসবিদসকলৰ মাজৰ কাৰোবাৰ দ্বাৰা আপুনি উপকৃত হৈছেনে?

ড° আনন্দ বৰমুদৈ: পূৰ্বজ ইতিহাসবিদসকলৰ সাহিত্যৰ ইতিহাস মই পঢ়িছোঁ৷ সেইসকল মোৰ পৰম শ্ৰদ্ধেয় শিক্ষক। মই তেখেতসকলক অনুকৰণ কৰা নাই, কিন্তু সেইসকলে মোক বাটৰ সন্ধান দিছে। ইংৰাজী সাহিত্যৰ ছাত্ৰ হিচাপে ইংৰাজী সাহিত্যৰ বুৰঞ্জীও পঢ়িছোঁ।

নীলা চৰাই: আপুনি পূৰ্বৰ ইতিহাসবিদসকলে কৰা আলোচনীকেন্দ্ৰিক যুগ বিভাজন পদ্ধতি গ্ৰন্থখনত বৰকৈ অনুসৰণ কৰা নাই। ইয়াৰ কাৰণ কি?

ড° আনন্দ বৰমুদৈ: আধুনিক অসমীয়া সাহিত্য আৰম্ভণিৰ পৰা আলোচনীকেন্দ্ৰিক। সেই বাবে সাহিত্যৰ বুৰঞ্জীবিদে আলোচনীৰ নামেৰে সাহিত্যৰ যুগ বিভাজন কৰিছে। আলোচনাৰ সুবিধাৰ কাৰণে যুগ বিভাজন কৰা শব্দ ময়ো ব্যৱহাৰ কৰিছোঁ, কিন্তু আধুনিক যুগৰ সাহিত্যৰ যুগ বিভাজনত কেন্দ্ৰীয় স্থানত থকা ধৰ্ম-নিৰপেক্ষতাৰ কথাটো ভালকৈ আলোচনা হোৱা নাই যেন লাগে। কোনোবা আধুনিকতাবাদী কবিয়ে বেজবৰুৱাৰ ‘ঈশ্বৰ আৰু ভকত’ৰ দৰে সৰল ঈশ্বৰ প্ৰেমৰ কবিতা লিখিবনে? আধুনিকতাবাদী সাহিত্য ধৰ্মনিৰপেক্ষ হৈ যি বাটেৰে গৈছে, জনজীৱন সেই বাটেৰে গৈছেনে নাই? অসমত যিমানবোৰ নামঘৰ, মন্দিৰ, মছজিদ, গুৰুদ্বাৰ, গিৰ্জা আদি আছে, তাত গৈ প্ৰাৰ্থনা কৰা লোকসকল ঈশ্বৰ বিশ্বাসী নিশ্চয়। তেন্তে আধুনিকতাবাদী সাহিত্যৰ পৰা ঈশ্বৰ বিশ্বাস আঁতৰ হ’ল কিয়? নৱকান্ত বৰুৱাই ‘মাজত ফাগুন’ কবিতাত ঈশ্বৰ নিৰ্বাসিত হোৱাত খেদ প্ৰকাশ কৰা নাছিল জানো? নীৎসে, ফ্ৰেজাৰ, ফ্ৰয়ড, মাৰ্ক্স আদি চিন্তাবিদ আৰু ঈশ্বৰবিহীন অৱস্থিতিবাদী চিন্তাই আমাৰ কবি-সাহিত্যিকৰ চিন্তা-চেতনা আলোড়িত কৰাটো ভাল কথা, কিন্তু সমাজ-জীৱনৰ সত্যৰ ফালে চকু দিলে যুগ বিভাজনৰ ভিত্তিকে অস্থিৰ যেন লাগে।

নীলা চৰাই: গ্ৰন্থখন হাতত পৰাৰ পাছত নিশ্চয় আপুনি এবাৰ-দুবাৰ পঢ়ি চাইছে! কিবা সীমাৱদ্ধতা চকুত পৰিছে নে?

ড° আনন্দ বৰমুদৈ: সীমাৱদ্ধতা চকুত পৰিছে। অনিচ্ছাকৃতভাৱে সাহিত্যৰ ইতিহাসত সোমাবলগীয়া কিছুমান নাম থাকি গৈছে। যি সাহিত্যিকৰ বিষয়ে মই নিজেই একাধিক প্ৰবন্ধ লিখিছিলো, দুই-এক সাহিত্যিকৰ নামো সোমোৱা নাই। পৰৱৰ্তী সংস্কৰণত সেইসকলক অন্তৰ্ভুক্ত কৰিব লাগিব। আধুনিক অসমীয়া সাহিত্যৰ ইতিহাসত Non-fictional Prose অৰ্থাৎ সানমিহলি গদ্যৰ অধ্যায়টো সামৰিব পৰা নগ’ল। ১৯৬৪ চনত প্ৰকাশ পোৱা বিৰিঞ্চিকুমাৰ বৰুৱাৰ History of Assamese Literatureখনৰ ড° গোবিন্দ প্ৰসাদ শৰ্মাই সম্পাদনা কৰা আৰু সাহিত্য অকাদেমিয়ে ২০০৪ চনত প্ৰকাশ কৰা পৰিপূৰক খণ্ডটোত Non-fictional Prose-ৰ অধ্যায়টো মই লিখিছিলো। গল্প-উপন্যাস ব্যতিৰেক এই অধ্যায়টো লিখিবলৈ আৰু পঢ়া-শুনা আৰু অনুসন্ধান কৰি সুকীয়া এখন সাহিত্যৰ ইতিহাস লিখাহে উচিত বুলি ভাবিলো। শিশু-সাহিত্যৰ ক্ষেত্ৰতো একেই কথা। অসমীয়া শিশু-সাহিত্যৰ বৰ্তমান আয়তন অনুবাদক লৈ বিশাল হৈ পৰিছে। তাৰ বাবেও এখন সুকীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণয়ন কৰিলেহে পাঠকৰ সুবিধা হ’ব। বিভিন্ন ভাষাৰ পৰা অসমীয়া ভাষালৈ হোৱা অনুবাদ আৰু অসমীয়াৰ পৰা আন ভাষালৈ হোৱা অনুবাদৰ আলোচনাৰে আন এখন ইতিহাস গ্ৰন্থ হয়। সাম্প্ৰতিক কালৰ বিভিন্ন অনুবাদতত্ত্বৰ ভিত্তিত সিবোৰ আলোচনা কৰিব পাৰি। গতিকে এটা কথা ঠিক যে কিতাপখনৰ সীমাবদ্ধতা মোৰ চকুত পৰি আছে। কিতাপখনত থকাখিনি পাঠক সমাজৰ কিবা কামত আহিলেই হয়।

নীলা চৰাই: গ্ৰন্থখন লিখি থাকোঁতে হোৱা দুটামান মনোৰম অভিজ্ঞতাৰ বিষয়ে কওকচোন।

ড° আনন্দ বৰমুদৈ: মনোৰম অভিজ্ঞতাৰ কথা ক’লে ইৰানী (পূৰবী বৰমুদৈ)ৰ কথা ক’ব লাগিব। ইৰানী প্ৰায় পোন্ধৰ বছৰ হুইলচেয়াৰত আছিল। মাজত তেওঁ বহুতবাৰ হাস্পতালত ভৰ্তি হৈছে, কিন্তু তেওঁ কেতিয়াও দুখ কৰি চকুলো টোকা নাছিল আৰু কোনো ধৰণৰ নেতিবাচক কথা কোৱা নাছিল। কিতাপখন লিখি থকা চাৰি বছৰমান তেওঁ আছিল। ডাঙৰ ডাইনিং টেবুল এখনত বহি আমি দুয়োটাই লিখোঁ। আমি দুয়োটাই একেলগে লিখি থকাটোক তেওঁ আগৰপৰাই ফেক্টৰি চলোৱা বুলি কয়। আমি কাকত-আলোচনীলৈ পঠোৱা লেখা কটাকটি নকৰোঁ। শব্দ এটা ভুল হ’লে তাক নতুনকৈ লিখি কাগজৰ টুকুৰা আঠা লগাই দিওঁ। তেওঁ সেই কামটোক কয় ‘টিকট লগোৱা’। ফেক্টৰি চলোৱা আৰু টিকট লগোৱা কথাবোৰে আমাক আমোদ দিছিল। আনক দিয়েনে নিদিয়ে মই নিশ্চিত নহয়।

❧ | আৰু পঢ়ক:

ইতিহাসত তথ্য আৰু তাৰ ব্যাখ্যাই আচল কথা: ড° আনন্দ বৰমুদৈৰে কথোপকথন | পল্লৱপ্ৰাণ গোস্বামী
Follow Nilacharai on Facebook