নেহৰু আৰু অসম

১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়তে অসম নামৰ ৰাজ্যখন এক সাংঘাতিক ৰাজনৈতিক সংকটৰ গৰাহত পৰিছিল। দেশ বিভাজনৰ সময়ত জৱাহৰলাল নেহৰুৱে অসমক ভাৰতৰ লগত ৰখাৰ পৰিৱৰ্তে পাকিস্তানৰ হাতত গটোৱাৰ ইচ্ছা কৰিছিল। এনে এটা মহা বিপদৰ সময়ত অসমৰ স্বাভিমানী আৰু অসমপ্ৰেমী নেতা গোপীনাথ বৰদলৈ জাতিৰ পিতা গান্ধীৰ ওচৰলৈ গৈ নিৰাশ হ’বলগীয়া হৈছিল। গান্ধীয়ে নেহৰুৰ মতৰ বিৰুদ্ধে যাবলৈ ভাল পোৱা নাছিল। বৰদলৈ ডাঙৰীয়াই অকলেই অসমক পাকিস্তানৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। দুখ লাগে, এই জনা মহান অসমীয়াক অসমীয়াই পাহৰি পেলাইছে। নেহৰুৰ জন্মদিন অসমত বৰ উলহ-মালেহেৰে পালন কৰা দেখি আহিছোঁ, বৰদলৈ ডাঙৰীয়াৰ জন্মদিন পালন কৰিবলৈ আমাৰ বৰ এলাহ!

নগাসকলে স্বাধীনতা বিচাৰি সংগ্ৰাম কৰিছিল। তেওঁলোকে পৃথক ৰাজ্য বিচৰা নাছিল, কিন্তু নেহৰুৱে তেওঁলোকক নগালেণ্ড দিলে। দেশবাসীক এটা ধাৰণা দিবলৈ চেষ্টা কৰা হ’ল যে অসমীয়াৰ অৱহেলাৰ বাবেহে নগাসকল বিদ্ৰোহী হৈছে। তেনেহ’লে পৃথক ৰাজ্য গঠন হোৱাৰ পাছতো সশস্ত্ৰ সংগ্ৰাম আজিলৈকে চলি আছে কিয়? কাৰণ নগাই ৰাজ্য নহয়, স্বাধীনতাহে বিচাৰে। পাঁচ ঘৰ নগা লোক নথকা অসমৰ অংগ ডিমাপুৰক নগাৰ হাতত গটাই দিয়াৰ সময়ত অসমত কংগ্ৰেছ দলৰ শাসন চলি আছিল। অসমীয়া মৌন হৈ থাকিল। তদানীন্তন মুখ্য মন্ত্ৰী বিমলাপ্ৰসাদ চলিহাৰ মুখেদি টু-শব্দ এটা নোলাল! আজি কোনোবাই ডিমাপুৰক পুনৰ অসমৰ লগত চামিল কৰাৰ দাবী তুলিছে। এক হাস্যকৰ দাবী। নগাই ডিমাপুৰ এৰি দিবনে?

দেশ বিভাজনৰ পাছত পূব পাকিস্থানৰ পৰা লাখে লাখে হিন্দু বাঙালী লোক খেদা খালে। তেওঁলোক আশ্ৰয় বিচাৰি ভাৰতলৈ আহিল। এয়া তেনেই স্বাভাৱিক কথা। ভাৰত চৰকাৰৰ দায়িত্ব আছিল, এই অসহায় মানুহখিনিক দেশৰ বেলেগ বেলেগ ৰাজ্যত থিতাপি লগোৱা। কিন্তু চৰকাৰে কৰিলে কি? ভাৰতলৈ আশ্ৰয় বিচাৰি অহা সকলো হিন্দু বাঙালীক প্ৰধান মন্ত্ৰী নেহৰুৱে গাৰ বলত অসমত থিতাপি লগালে। উদাৰ অসমীয়াই প্ৰতিবাদ নকৰিলে। পাণ্ডু, মালীগাঁও, ৰঙাপৰা, জাগীৰোড, লামডিং, হোজাই আদি ঠাইৰ জনবিন্যাসত ব্যাপক আউল লাগিল। হোজাই জিলাৰ তিনিওটা বিধান সভা সমষ্টিত অসমীয়া ভাষী কোনোদিনাই বিধায়ক হ’ব নোৱৰা পৰিস্থিতিৰ সৃষ্টি হ’ল। দোষ বাঙালী মানুহৰ নহয়, দোষ নেহৰুৰ অন্যায় কামৰ প্ৰতিবাদ নকৰা অসমীয়াৰ। প্ৰয়াত বিষ্ণুৰাম মেধিয়ে অসমৰ মুখ্য মন্ত্ৰী হৈ আৰু ভগনীয়াক গ্ৰহণ কৰিবলৈ অমান্তি হৈছিল। প্ৰতিবাদ কৰিছিল। ফলত তেওঁক অসমৰ ৰাজনীতিৰ পৰা চিৰ বিদায় দিয়া হৈছিল ৰাজ্যপাল হিচাপে নিযুক্তি দি। অসমীয়া মানুহ অসমীয়া এজন প্ৰথম ৰাজ্যপাল হোৱাৰ আনন্দত মতলীয়া হৈ থকা অৱস্থাতে আৰু ভগনীয়া অসম পালেহি।

১৯৬২ চন। ভয় লগা অতীত। বিশ্বৰ অন্যতম শক্তিশালী দেশ চীনে ভাৰত আক্ৰমণ কৰিলে। সমগ্ৰ বিশ্বতে তোলপাৰ লাগিল। অসমত হাহাকাৰ। চীনা সৈন্য আহি তেজপুৰ পালেহি। তেজপুৰ খালী কৰিবলৈ চৰকাৰীভাৱে নিৰ্দেশ দিয়া হ’ল। কিন্তু মানুহবোৰ কলৈ যাব? তাৰ কোনো ব্যৱস্থা কৰা নহ’ল। এক অনিশ্চিত ভৱিষ্যতৰ আশংকাত অসমীয়া মানুহ কঁপিবলৈ ধৰিলে। অসমৰ এই ঘোৰ বিপদৰ সময়ত অসমৰ হাৱা-পানী খাই ‘আমি অচমীয়া’ বুলি কোৱা হিন্দী ভাষী লোকে অসমীয়াক চীনৰ হাতত মৰিবলৈ এৰি দি পলায়ন কৰিলে। আনকি তেজপুৰত থকা অনা-অসমীয়া উপায়ুক্তগৰাকীয়ে ৰাইজৰ কাষত নাথাকি অতি গোপনে এখন ব্যক্তিগত বিমানত উঠি কলকাতা পালেগৈ। তেজপুৰ কোষাগাৰত থকা সকলো টকা জ্বলাই দিয়া হৈছিল। মুদ্ৰাবোৰ পদুম পুখুৰীত পেলাই দিয়া বুলি কোৱা হৈছিল। পৰৱৰ্তী সময়ত পদুম পুখুৰীত মুদ্ৰা বিচাৰি পোৱা নগৈছিল। চীনে হঠাতে ভাৰত আক্ৰমণ কৰা নাছিল। ১৯৫৯ চনৰ মাৰ্চ মাহৰ ৩১ তাৰিখে তিব্বতৰ ধৰ্মগুৰু দালাই লামা লাছাৰ পৰা পলাই আহি অৰুণাচলৰ টাৱাঙত প্ৰৱেশ কৰে। লাছাৰ পৰা টাৱাঙলৈ ১৫০ কিলোমিটাৰ পথ অতিক্ৰমি অহাৰ পাছতো চীনা সৈন্যই গমকে নাপালে। ভাৰতে দালাই লামাক আশ্ৰয় দান কৰে। সেয়াই আৰম্ভনি। চীনে ভাৰতক সতৰ্ক কৰি দিলে। ১৯৬২ চনৰ ২০ অক্টোবৰ। ধুমুহাৰ গতিৰে চীনে ভাৰত আক্ৰমণ কৰে। চীনা সেনাক বাধা দিব নোৱাৰিলে ভাৰতীয় সেনাই। সেই সময়ত উত্তৰ-পূবত নগণ্য সংখ্যক সেনা আছিল। আওপুৰণি বন্দুক হাতত লৈ তেওঁলোকে যি পাৰে কৰিলে। অতিৰিক্ত সেনাৰ বাবে অপেক্ষা কৰিব লগা হ’ল। সেনা আহিল ৰেলেৰে। শৰাইঘাট দলং তেতিয়া হোৱা নাছিল। ক্লান্ত আৰু বিমৰ্ষ মনেৰে পাণ্ডুত গোট খোৱা সেনাক অসমীয়া মানুহে খাদ্যৰ যোগান ধৰিছিল। বমডিলাৰ পতনৰ পাছতেই নেহৰুৱে অনাতাঁৰ ভাষণ প্ৰদান কৰিছিল। নেহৰুৰ ভাষণৰ ওপৰত বিতৰ্ক হৈছে। প্ৰশ্ন হয়, চীনক জোকাই লোৱাৰ পাছতো অসমক ৰক্ষা কৰিবলৈ একো এটাই কৰা হোৱা নাছিল কিয়? আমাৰ ভাগ্য সুপ্ৰসন্ন আছিল, চীনা সেনা অহা বাটে উভতি গ’ল, এৰি থৈ গ’ল অলেখ উত্তৰবিহীন প্ৰশ্ন!

লেখকৰ ঠিকনা: ৩, অৰুণোদয় পথ, ঘোঁৰামাৰা, গুৱাহাটী-৭৮১০২৮
Featured image by Bundesarchiv, Bild 183-61849-0001/ CC-BY-SA 3.0

আপোনাৰ আৰু ভাল লাগিব পাৰে:
শৰৎ নেওগ

শৰৎ নেওগ

অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of