যাওঁ বুলিও হাজাৰবাৰ

যাওঁ বুলিও হাজাৰবাৰ
  • 12 Apr, 2023

তুমি হাজাৰ হাজাৰবাৰ আঁতৰি যোৱা
তুমি হাজাৰবাৰ ঘূৰি আহাঁ

যাওঁ বুলিও গুচি যাব নোৱাৰি
একেবাৰে

প্ৰেম কি বিহৰ গুটি
জীৱন অমৃত
কল্পতৰু

কেতিয়াবা গোটেই পৃথিৱী নিজৰ যেন লাগে
কেতিয়াবা গোটেই পৃথিৱী প্ৰতিদ্বন্দ্বী শত্ৰু

মাউখে উটা থাউনি নোপোৱা সময়
গাৰ ছাঁটোও কাষত নাথাকে

তেতিয়াই
হয়তো তেতিয়াই
যাওঁ বুলিও গুচি যাব নোৱাৰি।

❧ | অধিক কবিতা:

যাওঁ বুলিও হাজাৰবাৰ | মণ্টু মৰাণ
Follow Nilacharai on Facebook