আগবঢ়োৱা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু উপযোগী এমুঠি কবিতা।
অকণমানিৰ প্ৰাৰ্থনা
পোহৰ দিয়া, পোহৰ দিয়া
আৰু পোহৰ দিয়া
মনৰ আন্ধাৰ আঁতৰ কৰি
আলোকলৈ নিয়া।
সদায় সঁচাত থাকিবলৈ
মনত দিয়া বল,
আমাৰ হিয়াত জ্বলোক তোমাৰ
জ্যোতি জল্মল্।
সুন্দৰ তুমি য’তে আছা
আমাক মৰম দিবা,
সোণপুৱতি বেলিৰ আঁৰত
থাকি হাঁহিবা।
তৰা-জোনৰ সিপাৰতো
দূৰতকৈও দূৰণিতো
আমাক হ’লে নাপাহৰিবা।
যাম কোন ফালে পৃথিৱীখনত
কৈ যাবা আহি ৰাতি সপোনত
নজনা-নুবুজা সকলো কথা
শিকাই-বুজাই যাবা।
সুন্দৰ তুমি নেদেখাৰে পৰা
আমাৰ সেৱা ল’বা
আমাৰ সেৱা ল’বা
আমাৰ সেৱা ল’বা।
কুম্পুৰ সপোন
মা, মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি
আৰু দুজনী— নাক জিলিকা চকু টেলেকা
তিলিকা তিলিকা পিলিকা পিলিকা যখিনী ছোৱালী।
এটা ক’লা, এটা বগা নাঙঠ-পিঙঠ ভূত
কথা পাতে টাকুট্ টাকুট্ কুট্
এটাই ক’লে— “পুট্, পুট্, পুট্”
ইটোৱে মা নাক জোকাৰি ক’লে— “ধুৎ ধুৎ”।
মা, দেখিবলৈ এনে ভাল ভূত পোৱালিৰ নাচ
কিবা কিবি গান গাই ফুছ্ ফুছ্ ফাছ্
মনে মনে কাম কৰে খুছ্ খাছ্ খাছ্
এংকোৰ বেংকোৰ কৰি যায় লৰি লৰি
যখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি
যখিনীহঁতে নেপেলালে একেলগে ভৰি।
চৰ খোৱা যখিনীয়ে নাচে কঁকাল ভাঙি
কোটোক কোটোক ঘোটোক কৰি
ভূত পোৱালি জাপ মাৰি
ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো দাঙি দাঙি।
মা, তই যে কৱ—
ভূতে বোলে ল’ৰা ধৰি খায়
পুখুৰীলৈ নি বোলে ভৰি দুটা ওপৰ কৰি
গুজি গুজি মূৰটো হেনো এহাত বোকাত সুমায়!
ক’ত মা, মোক দেখোন সিহঁত দুটাই একোকে কৰা নাই?
ক’তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই?
ভয় কৰা ল’ৰাকহে মা ভূতে ধৰি কিলায়।
মা, মোৰ হ’লে ভূতলে ভয় নাই।
যখিনীৰে হাতত ধৰি সিহঁত আছিল ঘূৰি
দুয়োটাৰে কাণ দুখন দিলো মুচৰি।
দীঘল কাণত মুচৰি মা, লাগে বৰ ভাল,
সিহঁত দুটাই চিঞৰ সোধাই লগালে তালফাল।
বিচাৰি থকা ভূত পোৱালি মা, যেতিয়া পালো
পুতলা থোৱা আলমাৰিটোত আনি সুমাই থলো
তাৰ পাছতে তই মাতোঁতে উঠিলো সাৰ পাই।
মা, মোৰ হ’লে অক্কণমানো ভূতলে ভয় নাই,
ক’তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই?
ভয় কৰা ল’ৰাকহে মা ভূতে ধৰি কিলায়।
মা, মোৰ হ’লে ভূতলে’ ভয় নাই।
❧ | আৰু পঢ়ক: জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’: পাঠ আৰু আবৃত্তি
অক্কণমানি ল’ৰা
অক্কণমানি ল’ৰা—
থিয় দিব খোজোঁতেই
থুপুক-থাপাক পৰা।
কোনোমতে অকাই-পকাই
এখোজ দুখোজ যায়
চিৎভলঙা খায়,
খোজ কাঢ়িব নৌ পাৰোঁতেই
লৰ দিবলৈ চায়।
কান্দে ৰাতি পৰে পৰে
দুধ নাপাই চিঞৰ ধৰে
হঁহা-কন্দা দুটা কথা
এতিয়া মাথোন জানে,
মুখৰ এটাও মাত ফুটা নাই
কল্কলায় পাৰেমানে।
নতুন কিবা পালে
নিয়ে মুখৰ ফালে
হিচাপ নেপাই
নাকৰ বিন্ধাত গোজে,
উৰি যোৱা ঘৰচিৰিকা
থাপ মাৰিব খোজে ।
অকণিৰ সপোন
মা! মই আজি নতুন এটা সপোন দেখিলো।
পুৰণা গানক এটা পোকে গিলা দেখিলো।
মা! দেউতাৰ যে পুৰণা বহী আছে
তাতে মচ নোখোৱা
তিনিতা চাইটা সাতটা যে গান আছে
তাৰেই এটা গানক, মা
এটা পোকে খাইছিল ঘোকাঘোকে
কালৌপ্ কালৌপ্
টলৌপ্ টলৌপ্… গানটি গিলি দিলে।
দেউতাৰ সেই পুৰণা গানটো
পোকটোৰ চেপেটা পেটলৈ গ’ল…
ভাল কথা হ’ল!
দেউতাৰ সেই ভাল গানটো
আজিৰ পৰা নাইকীয়া হ’ল!
এই বুলি মই বহি আছিলো মনত বেজাৰ পাই
এনেতে উঠিলো চক্ খাই,
পোকটোৰ পেটৰ ভিতৰত
দেউতাৰ গানে বাজনা বজাই
কোৰ্ কোৰ্ কৰে,
পোকটোৰ সেই ওফন্দা পেটটো ফালিবলৈ ধৰে।
পোকে খালে ভয়… ক’লে তাক
“তোক হ’লে খাই ভুল কৰিলো মই
পাৰ যদি বাহিৰলৈ ওলা,
নকৰিবি পেটত সোমাই মোক জ্বলাকলা।”
গানে ক’লে—
“তেন্তে মোক দে বতিয়াই দে…
পেটৰ পৰা উলিয়াই বাহিৰলে’ নে।”
পোক উৰি ঘূৰি ঘূৰি
ভোন্ভোনাই
গানটো বতিয়ালে
গানটো ওলাই লৰ মাৰি গৈ
দেউতাৰ সৌ
সৰুকালৰ ফটোখনৰ ভিতৰত সোমালে।
মা! মোৰ সপোনটো মিছা বুলি
ভাবিছ নেকি বাৰু?
মিছা নহয় মা!
সাক্ষী আছে সৌ তিনিটা গাৰু!
অকমান ল’ৰা
ঈশ্বৰৰ ল’ৰা
জোন-বেলি-তৰা
আমাৰ ঘৰত মই
দুষ্টলি কৰা
দেউতাৰ ল’ৰা।
বেলিয়ে কৰে জিক্মিক্
জোনবায়ে চিক্মিক্
তৰাবোৰে ঢিমিক্ ঢিমিক্
মই নাচো ধিনিক্ ধিনিক্;
ৰিৎ ধিন্ ধিনিক্
খিৎ ধিন্ ধিনিক্
খিতা ধিনা ধিন্দাও
নিত্ তাও
খিৎ ধিন্ ধিনিক্
ৰিৎ ধিন্ ধিনিক্,
ভনীটিয়ে লগতে
জুনুকা পিন্ধি নাচে
ৰিণিক্ ৰিণিক্ ঝিন্
জিনিক্ জিনিক্
দেউতাই মায়ে যে হাঁহে খিক্ খিক্ খিক্।
ভাল ভাল লেখা থকা
ৰঙা-বগা বাঘ অঁকা
বাংকৰা-বিংকৰা
কিবা অঁকাবঁকা
কিতাপকেখন মই মেলি মেলি যাওঁ।
চাই চাই হৈ গলে
চেৰেক্ চেৰেক্কৈ
পাতবোৰ
ফালি ফালি
মুখত সুমাওঁ।
পাওঁ বৰ ৰং
মায়ে কিন্তু নিলে কাঢ়ি
হাত-ভৰি মাৰি মাৰি
কান্দো হাও হাও।
উঠে বৰ খং
মাটিত বাগৰি ফুৰোঁ
খং খাই জাঁপ ধৰোঁ
দিগ্দাৰি পাওঁ
ৰৈ ৰৈ মাজে মাজে চিঞৰ সোধাওঁ।
দেউতাক দেখিলেই
শান্ত-শিষ্ট হৈ
মাৰ পাছফালে গৈ
আঁৰত লুকাওঁ,
মনে মনে ভাবি থাকোঁ
কেতিয়া আকৌ মই
ছবিবোৰ ফালিবলে’ পাওঁ
দেউতাৰ চকুলৈ জুমি জুমি চাওঁ।
মোৰ দুষ্টালি চাই
মায়ে হ’লে
মনে মনে
বৰ ভাল পায়,
চকু গাঁঠি ঘোপা কৰি
মোৰ ফালে চাই
আন ফালে মুখ কৰি
ওঁঠখন চেপা মাৰি
হাঁহে মিচিকাই;
দেউতাৰ হ’লে
সেই চব নাই
দুষ্টালি কৰাকেই
দোষ বুলি ধৰি লৈ
চিৰিপ্ চিৰিপ্কৈ
দিয়েহি কোবাই।
মাতকৈ দেউতাৰ
বুদ্ধি বৰ কম,
মই কিয় নাচোঁ-বাগোঁ
কিয় ধিতিঙালি কৰোঁ
মই কিয় জাঁপ মাৰোঁ
নাই তাৰ গম।
এটা কথা—
দেউতাও বৰ ভাল পিছে
ভাল ভাল বিস্কুট
মোক আনি দিছে।
ঘনে ঘনে ভোক লগা
দেউতাই বুজে
মায়ে হ’লে ভোক ভোক
কৰি কৰি ঘূৰি ফুৰিলেও
নুবুজে, নুবুজে।
পেট বেয়া হ’ব বুলি
দেউতাই দিয়াবোৰো
কাঢ়ি লৈ যায়,
ওপৰৰ শিকিয়াত তুলি থয়
কোনোমতে ঢুকিকে নাপায়।
তাঁত-বাতি কৰিবলে’
মা যাওঁতেই
মূঢ়াকেটা জোৰা দি দি
আধা পাওঁতেই
লুটি খাই পৰি গৈ
কান্দো ভাও ভাও,
মা আহি পালেহিয়ে
দেউতাৰ ওচৰলে’
লৰোঁ কাও কাও ।
দেউতাক নেদেখি
আগফালে ৰওঁগৈ
পদূলি-মূৰত
বাহিৰলে’ আহিব নোৱাৰি মায়ে
দাঁত-মূৰ কামোৰে খঙত।
মাৰ পৰা সাৰোঁ
তিনি জাঁপ মাৰোঁ।
দেউতাই মোকে দিয়া
ময়ে যদি বিস্কুট খাওঁ,
মায়ে আক’ মাজতেই
দিগ্দাৰি কৰি কৰি
কয় বোলে কোবাওঁ কোবাওঁ,
ইনো কেনে অদভুত
বুজিকে নাপাওঁ ।
মাৰ কেঞা আঙুলিত
মোৰ হেনো ওপজা বছৰ,
বগাই বগাই হেনো
পাৰ হ’ল ছটা আঁক
আঙুলি পাবৰ।
আৰু বোলে নচলিৰ
ঘচৰ মচৰ,
পঢ়াবলে’ আনি দিব
এটা হেনো
মস্ত মাষ্টৰ ।
ৰাতিপুৱা দুপৰীয়া
পঢ়াই পঢ়াই মোক
লিখাব আখৰ
তুৰিমূৰি কৰিলেই মৰিব থাপৰ।
পহিলা তাৰিখ
আজি নতুন মাহৰ,
সন্ধিয়া বেলিকা বোলে
ওলাবহি ভীম মাষ্টৰ।
দিনটো ভাবি ভাবি
গুণি আছোঁ মই
ভীমটোনো কেনেকুৱা মাষ্টৰ হয়,
ল’ৰাবোৰ কোবাবলে’
কি ভাল পায়,
তাৰ পৰা সাৰিবৰ
কিনো উপায়!
গধূলি পৰত মোক লিখাব আখৰ
তুৰিমূৰি কৰিলেই মাৰিব থাপৰ।
আজিহে আজি
মগু-মাহৰ গাজি।
কুক্ কুক্
কুক্ কুক্
কুক্ কুক্
কুক্ কুক্
মাতে বন-ম’ৰা
জিৰ্ জিৰ্ জিৰ্ জিৰ্ নিজৰা
ৰৈ যা
ৰৈ যা
ফেনে-ফোটোকাৰে
লগতে লৈ যা
লৈ যা
মোৰে বনৰীয়া
মনৰে চিলনি
মৰমেৰে ভৰা।
❧ | আৰু পঢ়ক: