নিবেদিতা হাজৰিকাৰ কবিতা

প্ৰকাশ: ১৪ জুলাই, ২০১২ | অন্তিম সম্পাদনা: ২৭ মে, ২০২০

কবিতা, তুমি মই আৰু অকণমান শূন্যতা

কবিতা তুমি, মই
অকণমান শূন্যতা
আৰু আমাৰ শূন্যতাবোৰ ভৰি ফুলি থকা
সেই সপোন সপোন লগা কথাবোৰ,
কোলাহলৰ পৰা নিলগত
জীৱনক চুই চোৱাৰ মধুৰ অনুশীলন।

আমাৰ মাজত আছে
তীক্ষ্ণ চাৱনিবোৰে
কেতিয়াও স্পৰ্শ কৰিব নোৱাৰা
এক অলিখিত চুক্তি
জীয়াই থকাৰ

তোমাৰ সুগন্ধৰে আমোলমোল এতিয়া
এখনি সপোনৰ পৃথিৱী

নাই ইয়াত নগৰৰ কৃত্ৰিম আভিজাত্য
কংক্ৰিটৰ ধূলিময় অৰণ্য
অথবা নিজকে পাহৰি থকাৰ
অৱসাদৰ যন্ত্ৰণা।

আছে মাথোঁ
জোনাকী সন্ধিয়াৰ স্বাক্ষৰ,
আত্মীয়তাৰ শুভ্ৰতাৰে হাতৰ মুঠিত ধৰি ৰখা
অকণমান সময়
কবিতা তুমি মই আৰু আমাৰ মাজৰ
শূন্যতাবোৰ ভৰি ফুলি থকা
এবুকু আত্মীয়তা।

«

কবিতা

তোমাৰ চহৰখনৰ পৰা
উৰি অহা বতাহজাকে
বৰষুণৰ সন্ধিয়াবোৰ স্পৰ্শ কৰিলেই
দুখৰ গধুলিবোৰ সোণ হালধীয়া হয়
মোৰ হিয়াৰ শূন্যতাত ফুলি উঠে
সুখৰ খৰিকাজাঁই।

তোমাৰ বুকুৰ নীলাবোৰে অহৰহ গাই থকা
অথচ কোনেও নুশুনা গানবোৰ শুনাৰে পৰা
মোৰ শূন্যতাবোৰ আপোন হৈ পৰিল

এতিয়া শূন্যতা মানেই তুমি
তুমি মানেই শূন্যতা
বিষণ্ণ সময়বোৰত
তুমি মোৰ পূৰ্ণতা।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts