হাও দেয়াৰ ইউ!

হাও দেয়াৰ ইউ!
  • 15 Oct, 2019

৩ ছেপ্তেম্বৰ (২০১৯)ৰ দিনা আমেৰিকাৰ নিউয়র্ক মহানগৰত ৰাষ্ট্ৰসংঘৰ দ্বাৰা আয়োজিত জলবায়ু সন্মিলন (United Nations Climate Action Summit)ত চুইডেনৰ গ্রেটা থুনবার্গ (Greta Thunberg) নামৰ ১৬ বছৰীয়া কিশোৰীজনীয়ে (জন্ম: ৩ জানুৱাৰী, ২০০৩) বিশ্বৰ বাঘা বাঘা ৰাষ্ট্রপ্রধানক সন্মুখত লৈ ক’লে— উই ইউল বি ৱাটশ্বিং ইউ— আমি তোমালোকক নিৰন্তৰ চাই থাকিম! আৰু নিৰ্ভীকভাৱে প্ৰশ্ন কৰিলে— হাও দেয়াৰ ইউ— তোমালোকৰ সাহস হ’ল কেনেকৈ? খং-ক্ষোভ-আবেগত মাত কম্পিত হলেও গ্রেটাৰ মূল প্রশ্ন আৰু অভিযোগ স্পষ্ট আৰু টনটনীয়া— সমস্ত জীৱকূল আৰু পৃথিৱীখনক ধ্বংসৰ মুখলৈ কিয় ঠেলি দিলা তোমালোকে? আমি সকলো এক সামূহিক বিলোপৰ দুৱাৰ মুখত থিয় হোৱাৰ সময়তো তোমালোকে টকা-পইছা আৰু অসীম অর্থনৈতিক বিকাশৰ সাধুকথা শুনাই থাকিব পাৰা কেনেকৈ? পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তন ৰোধৰ বাবে তোমালোকে বহুত কৰিছা বুলি কৈ আমাক আভুৱা ভাৰিব খুজিছা— তোমালোকৰ সাহস হ’ল কেনেকৈ?

হাও দেয়াৰ ইউ!

আবেগ আৰু অভিমানে জুমুৰি দি ধৰা গ্রেটা থুনবাৰ্গৰ মুখখনে অন্তৰাত্মা কঁপাই পেলাইছে। ১৪-১৫ বছৰ বয়সৰ পৰাই সমূহৰ কল্যাণৰ বাবে কি পৰিপক্ক চিন্তাৰ নিদর্শন গ্রেটাৰ! ‘ফ্রাইডেইজ ফৰ ফিউচাৰ’ (ভৱিষ্যতৰ বাবে শুক্রবাৰ) বোলা এটা কার্যসূচী ঘোষণা কৰি প্রত্যেক শুক্রবাৰে স্কুলৰ শ্রেণী ক্ষতি কৰি চুইডেনৰ সংসদৰ সন্মুখত ধর্ণা দি আহিছে গ্রেটাই। মানুহৰ মাজত জলবায়ুৰ ভয়ংকৰ পৰিৱৰ্তন সম্পর্কে সচেতনতা আনিবলৈ নিৰলস চেষ্টা কৰি আহিছে। বিষয়টো কি— গ্রীন হাউচ গেছৰ অহৰহ নির্গমন, কার্বন ডাই অক্সাইড গেছৰ আধিক্য আৰু অন্যান্য কাৰকে পৃথিৱীৰ জলবায়ুত ব্যাপক পৰিৱৰ্তন ঘটাইছে। এই ধাৰা অব্যাহত থাকিলে আগন্তুক ২০-৩০ বছৰমানৰ ভিতৰতে পৃথিৱীৰ জীৱকূল প্রবল প্রত্যাহ্বানৰ সন্মুখীন হ’ব। জলবায়ু পৰিৱৰ্তনত ভূমিকা লোৱা অলেখ কাৰক থাকিলেও উন্নত আৰু উন্নয়নশীল দেশবোৰৰ ব্যাপক ঔদ্যোগীকৰণ, নগৰীকৰণেই মূল দায়ী যদিও ইয়াক যৎপৰোনাস্তি নিয়ন্ত্রণ কৰিবলৈ সংশ্লিষ্ট দেশবোৰৰ ৰাষ্ট্রপ্রধানসকলৰ প্রবল অনীহা। আচলতে অনীহা নহয়, মিলিয়নাৰ-বিলিয়নাৰ উদ্যোগপতি আৰু অন্যান্য স্বার্থজড়িত মহলৰ স্বাৰ্থতে তেওঁলোকে একো নকৰি কেৱল ভাষণবাজীৰে মূৰপোলোকা মাৰিবলৈ কচৰৎ কৰি থকা বুলি গ্রেটা থুনবার্গ তথা অন্যান্য চিৰিয়াছ পৰিৱেশকর্মীসকলৰ অভিযোগ বহুদিনীয়া।

মাথোঁ ১৬ বছৰ বয়সতে কি শিক্ষা আৰু সংস্কাৰেৰে দীক্ষিত হৈ গ্রেটাই এই ধৰণৰ পৰিপক্ক আৰু কল্যাণকামী চিন্তাৰ উমান দিব পাৰে? আপোনাৰ-মোৰ মাজৰ কোনোবা ১৫-১৬ বছৰীয়া ল’ৰা-ছোৱালীক এনে ধৰণৰ বিশ্বপ্রাণৰ ভৱিষ্যতৰ চিন্তাৰে চিন্তিত হোৱা দেখা পাইছেনে? আজিকালি নগৰ-মহানগৰৰ অতি ধনাধ্য-অতি সম্ভ্ৰান্ত ঘৰৰ পৰা একেবাৰে ভিতৰুৱা গাঁৱৰ হতদৰিদ্ৰ ঘৰলৈকে সকলো ধৰণৰ খবৰ চছিয়েল মেডিয়াত সহজে উপলব্ধ। সকলো প্ৰকাৰৰ ঘটনা-দুর্ঘটনা, সংস্কৃতি দুষ্কৃতিৰ খবৰ-সমালোচনা-পর্যালোচনা, প্রশংসা-ধিক্কাৰেৰে চছিয়েল মেডিয়াৰ চোতাল সদা-সর্বদা, ক’ব পাৰি—টুৱেন্টি ফোৰ চেভেন উত্তপ্ত হৈ থাকে। ইয়াৰ মাজত ক’ৰবাত অসমীয়া বা ভাৰতীয় গ্রেটা থুনবার্গ এজনী বা এজন দেখা পাইছেনে? দেখিব;— ভাটোৰ দৰে ভাগৱত পাঠ আৰু ব্যাখ্যা কৰা ১০ বছৰীয়া ‘বিস্ময় বালক’ (!) আপুনি ঠিকেই দেখা পাব। কিন্তু বুকুত হাত থৈ কওকচোন— একবিংশ শতিকাত, যি সময়ত পৃথিৱীখনৰ অস্তিত্বলৈকে ভাবুকি আহিছে, সেই সময়ত ডিঙিত গামোচা আঁৰি দ্বিবস্ত্ৰ হৈ প্রায়-অন্ধবিশ্বাসী মানুহ এসোপাৰ সন্মুখত ভাগৱত পাঠ কৰি থাকিলে কিহৰ কিটো হ’ব? ভেশচন প্রতিযোগিতাত যোগ দি প্রাপ্তবয়স্কৰ ৰগৰ কোৱা ১০-১২ বছৰীয়া শিশুক বাঃ বাঃ দি চছিয়েল মেডিয়াত ভিডিঅ’ পোষ্ট কৰিলে আৰু সেই পোষ্টত ‘লাইক’ৰ বানপানী নমাই ‘কি আচৰিত প্রতিভা’ ধৰণৰ প্রবঞ্চনাৰে ভৰা মন্তব্য দি পোষ্ট ভাইৰেল কৰিলে কাৰ, ক’ত, কি ধৰণে উপকাৰ হ’ব? বিপৰীতে দায়িত্বজ্ঞানহীন প্রাপ্তবয়স্কৰ ছেক্সিষ্ট মন্তব্যই নিষ্কলুষ শিশুটিৰ মনটিক কলুষিত নকৰিবনে? সমস্যাৰ কথাটো হ’ল, এই ধৰণে ভাবিবলৈ কাৰো মানসিকতা আৰু আহৰিয়েই নাই। বাহিৰে আধুনিক-অত্যাধুনিক, কিন্তু আভ্যন্তৰীণভাৱে মধ্যযুগতে বাস কৰি থকা ভাৰতীয় মানসিকতাই ৰাম-হনুমান, হিন্দু-মুছলমান, দলিত-খ্রীষ্টানৰ খেলখনত পুতলা হৈ নাচি থাকোঁতে কেতিয়া নিজৰ চিন্তা কৰাৰ ক্ষমতা বন্ধকত দি দিলে গমেই নাপায়! গতিকে আধুনিক পৃথিৱীৰ লগত খাপ খোৱা আধুনিক চিন্তাৰ পৰা নিজক বঞ্চিত কৰাৰ লগতে সন্তানসকলক অর্থাৎ উত্তৰ পুৰুষকো এনে ধৰণৰ চিন্তা-চৰ্চাৰ পৰা বঞ্চিত কৰি আহিছে। নিজৰ চিন্তাৰ আঁত শুকুৱাই পেলোৱা পিতৃ-মাতৃয়ে নিজৰ সন্তানক কি আৰু চিন্তাৰ বাট দেখুৱাব? গতিকে গীতা-ভাগৱত পাঠ, টিভিৰ পৰ্দাত সাধাৰণ জ্ঞানৰ ভাটৌ-বমিৰ প্রদর্শন, টিংকু ডেকাৰ যাদুকৰী ঔষধতে নির্দিষ্ট আমাৰ নতুন প্রজন্মৰ চিন্তাৰ লক্ষ্য, চিন্তা কৰাৰ সংস্কৃতিৰ স্বৰূপ! দোষ তেওঁলোকৰ নহয়, দোষ আমাৰ মানসিকতাত আছে। চন্দ্ৰলৈ-মঙল গ্ৰহলৈ অভিযান চলোৱাৰ সময়তো চন্দ্ৰত তুলসীৰ তলত মৃগপহু চৰি আছে বুলি নিজৰ সন্তানক খৰছি মাৰি বুজোৱা অভিভাৱকৰ কূপমণ্ডুক চিন্তাত দোষ আছে।

‘ভাৰতীয় চিন্তা সকলো ভাল, বাকী সকলো বেয়া’ বোলা স্বার্থজড়িত অপপ্ৰচাৰ চলি থাকিলেও, প্রচাৰৰ কোবত কাণ তাল মাৰিলেও বাহিৰৰ জগতখনলৈও চকু মেলি চোৱা ভাল— য’ত গ্রেটা থুনবার্গ আছে— তাইৰ চিন্তা কৰাৰ স্বাধীনতা আছে— তাইৰ প্রশ্ন কৰাৰ অভ্যাস আছে। তাৰ বিপৰীতে আমাৰ কি আছে— অভিভাৱকে কোৱা ধৰণেই মানি লোৱা, অভিভাৱকে দেখুৱাই দিয়া ধৰণেই চিন্তা কৰাৰ দায়? অভিভাৱকৰ চিন্তাৰ ভাৰ সন্তানে কঢ়িওৱাৰ কি গৰজ আছে? মূলতঃ ভগৱান আৰু ভূত কেন্দ্রিক নিস্তৰংগ চিন্তা কিছুমানকে প্রজন্মৰ পাছত প্ৰজন্মই কঢ়িয়াই থকাতে আমাৰ তুষ্টি কিয়?

সেয়ে আমি বিচাৰোঁ—শত পুষ্প বিকশিত হওক, সহস্র চিন্তাৰ সংঘাত হওক। সহস্র চিন্তাৰ সংঘাত হ’বলৈ প্রথমে সহস্র চিন্তাৰ উন্মেষ হ’ব লাগিব। নতুন প্রজন্মৰ মাজত সহস্র চিন্তাৰ উন্মেষ ঘটোৱাৰ পৰিৱেশটো ডাঙৰসকলেই তৈয়াৰ কৰি দিব লাগিব। ভগৱান আৰু ভূতৰ প্ৰশ্ৰয় আৰু ভয়ৰ পৰা মুক্ত কৰিবলৈ শিকোৱা কিতাপ-পত্ৰ তেওঁলোকৰ হাতত তুলি দিব পাৰিব লাগিব। তেনেকুৱা কিতাপ ডাঙৰে ৰচনা কৰিব লাগিব। প্ৰকাশ কৰিব লাগিব নিয়মিত আৰু পর্যাপ্ত ৰূপত।

❧ | আৰু পঢ়ক: ব্যৱসায়ৰ ধৰ্ম অৰ্থনীতি

স্বাস্থ্যবান আৰু বৈজ্ঞানিক মানসিকতাৰে সমৃদ্ধ দায়িত্বশীল এটা প্রজন্ম তৈয়াৰ কৰাৰ দায়িত্ব আমাৰ। আমি ডাঙৰসকলে তেতিয়াহে সন্তুষ্টি লোৱা উচিত, যেতিয়া সমাজৰ বাবে, পৃথিৱীখনৰ বাবে সেই প্রজন্মই মাত ডাঙৰ কৰিব। সেই প্রজন্মৰ বাবেহে আমি গৌৰৱ কৰা উচিত, যি প্রজন্মই অশুভ আৰু অন্যায়ক দ্ব্যর্থহীন ভাষাত প্রশ্ন কৰিব পাৰিব,— আমি থাকোঁতে তোমালোকৰ ইমান সাহস হ’ল কেনেকৈ— হাও দেয়াৰ ইউ?

(আগ্রহীসকলে গ্রেটা থুনবার্গৰ ভাষণটো এই সংযোগত চাব পাৰিব: http://bit.ly/Greta23Sep)

Image: European Parliament from EU [CC BY 2.0]/Wikimedia Commons

হাও দেয়াৰ ইউ! | পল্লৱপ্ৰাণ গোস্বামী

Follow Nilacharai on Facebook