জামুগুৰিহাটৰ পাতলৰ চুক গাঁৱৰ ঐতিহাসিক বোকাখেচা ভাওনা

প্ৰকাশ: ২৪ আগষ্ট, ২০১৯ | অন্তিম সম্পাদনা: ২৩ আগষ্ট, ২০১৯

মূল দশম স্কন্ধ ভাগৱতত মুঠ নব্বৈটা অধ্যায় আছে। এই নব্বৈটা অধ্যায়ৰ ভিতৰত শ্ৰীকৃষ্ণৰ লীলা তিনি ভাগত বর্ণনা কৰা হৈছে। সেই ভাগকেইটা হ’ল— ব্রজলীলা, মথুৰালীলা আৰু দ্বাৰকালীলা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মূল দশম স্কন্ধৰ ঊনপঞ্চাশটা অধ্যায়হে অনুবাদ কৰে আৰু বাকী অধ্যায়সমূহ অনন্ত কন্দলিক অনুবাদ কৰিবলৈ দিয়ে। শংকৰদেৱ গুৰুজনাই অনুবাদ কৰা অংশটোক ‘আদি দশম’ বোলে। এই আদি দশমত শ্ৰীকৃষ্ণৰ জন্ম আৰু বাল্যলীলাৰ পৰা আৰম্ভ কৰি উদ্ভৱ সংবাদলৈকে বিভিন্ন কাহিনীৰ মনোৰম বর্ণনা আছে। শিশু কৃষ্ণৰ জন্মযাত্রা, শিশুকৃষ্ণৰ দুষ্টামি, ভেম, গো-বালকসকলৰ লগত কৰা খেল-ধেমালি, চল-চাতুৰি, গৰু চৰোৱাৰ দৃশ্য, মাতৃ যশোদাৰ মাতৃসুলভ ব্যৱহাৰ, গোপীসকলৰ কৃষ্ণপ্রেম, ভক্তি আদি বর্ণনাৰ চমকাৰিত্ব, ভাষাৰ লালিত্য, সৌন্দর্য আৰু ভক্তিৰ গাঢ়তাৰে শংকৰদেৱে অনুবাদ কৰা আদি দশমৰ অন্তর্গত ‘নন্দোৎসৱ’ অংশটোক আধাৰ হিচাপে লৈ আমাৰ ৰাজ্যখনত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱভাগ জাকজমকতাৰে উদযাপন কৰা হয়। জন্মযাত্রা নাট, নন্দোৎসৱ, বোকাখেচা ভাওনা আদি বিভিন্ন অনুষ্ঠানৰে উদযাপন কৰা শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ অসমীয়া ৰাইজৰ অতি আদৰ আৰু ভক্তিৰ অনুষ্ঠান।

এই লেখাত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পাতলৰ চুক গাঁৱত বিগত ২৭০ বছৰ ধৰি পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰি অহা নন্দোৎসৱ আৰু বোকখেচা ভাওনা ভাগৰ বিষয়ে এটি আলোচনা আগবঢ়াবলৈ যত্ন কৰা হৈছে।

জামুগুৰিৰ নাভীকেন্দ্ৰৰ পৰা এক কিলোমিটাৰ পশ্চিমে জামুগুৰি-চকীঘাট পথৰ পৰা উত্তৰ দিশে প্রায় দুই কিলোমিটাৰ দৈর্ঘ্যৰ পথছোৱাৰ দুয়োপাৰে ঘন জনবসতিৰ লগতে পূব আৰু পশ্চিম দিশে সোমাই যোৱা কেইবাটাও পথৰ কিছু দূৰলৈকে দুয়োপাৰে ঘন জনবসতিৰে পৰিপূৰ্ণ পাতলৰ চুক গাঁওখনতেই গাঁওখনৰ গঞা ৰাইজে বিগত দুশ সত্তৰ বছৰ বিৰতি নোহোৱাকৈ পৰম্পৰাগতভাৱে অতি ভক্তি সহকাৰে পালন কৰি আহিছে পৱিত্ৰ ভাদ মাহৰ কৃষ্ণা অষ্টমী তিথিত শ্ৰীকৃষ্ণৰ জন্মযাত্রা আৰু বোকাখেচা ভাওনা।

আনুমানিক ১৬৭১ চন মানত নগাঁও জিলাৰ কুঁজিদাহ অঞ্চলৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বংশৰ পাতলগিৰি ভূঞা নামৰ এগৰাকী লোকে লগত কিছু সংখ্যক পৰিয়ালসহ এই অঞ্চললৈ আহি বসতি আৰম্ভ কৰিছিল। পাতলগিৰি ভূঞা আছিল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ খুৰাতীয়া ভাই ৰামৰায়ৰ নাতি কলিয়াবৰ অঞ্চলৰ ৰাজখোৱা সনাতন ভূঞাৰ অন্যতম নাতি।

প্ৰথম অৱস্থাত পাতল ভূঞাই বসতি আৰম্ভ কৰা চুবুৰিটোৰ নাম ৰাখিছিল ‘গেগানী চুক’। মুখ বাগৰা কাহিনী অনুসৰি গুৰুজনাৰ পৰম ভক্ত ভূঞাসকলে নামঘৰ প্রতিষ্ঠা কৰি গীত-পদ, ভাওনা-সবাহ, কীৰ্তনৰ ধ্বনিৰে গগন ভেদিছিল। সেয়ে গগন শব্দৰ পৰা অপভ্রংশ ঘটি বসবাস কৰা চুবুৰিটোৰ নাম হ’ল গেগানী চুক, পৰৱৰ্তী সময়ত বিভিন্ন ঠাইৰ পৰা কেইবাটাও ফৈদ আহি গেগানী চুকৰ আশে-পাশে বসতি আৰম্ভ কৰিলে আৰু এটা সময়ত সেই গেগানী চুকেই এখন ভৰা গাঁৱত পৰিণত হ’ল। সময়ত সকলোৱেই মিলি গাঁওখনৰ প্ৰথমজন পুৰুষ পাতল ভূঞাৰ নামেৰেই গাঁওখনৰ নামকৰণ কৰিলে পাতলৰ চুক।

সম্প্রতি পাতলৰ চুক গাঁওখনৰ একেবাৰে মাজভাগতে পথৰ দাঁতিৰ পূব দিশত গহীন-গম্ভীৰভাৱে থিয় দি আছে প্রকাণ্ড নামঘৰটো। নামঘৰটোৰ দাঁতিতে আছে এটা প্রকাণ্ড পুখুৰী। নামঘৰৰ চৌহদত আছে ১৯৩৭ চনতে প্রতিষ্ঠিত তৰুণ পুথিভঁৰাল আৰু ৰংগমঞ্চ। নামঘৰটোৰ টুপৰ সন্মুখত আছে এজোপা পুৰণিকলীয়া বেলগছ। চৌদিশে তালগছ আৰু অন্যান্য গছেৰে সৈতে বিৰাজ কৰি আছে এটি মনোমোহা পৰিৱেশে। নামঘৰৰ চৌহদত প্রৱেশ কৰিলেই ভক্তি, পৱিত্ৰতা আৰু গাম্ভীর্যই অন্তৰ ভৰাই তোলে। বর্তমান স্থানৰ এই নামঘৰটো প্রতিষ্ঠা কৰা হৈছিল ১৮৩৫ চন মানত। তাৰ পূর্বে বর্তমানৰ স্থানৰ পশ্চিমফালে কিছু দূৰত নামঘৰটো আছিল বুলি জনা যায়।

পাতলৰ চুক গাঁৱৰ এই নামঘৰতেই প্রতি বছৰে গুৰু দুজনাৰ তিৰোভাৱ তিথি, আৱিৰ্ভাৱ তিথি অনুষ্ঠিত কৰি অহাৰ উপৰিও গাঁওখনৰ ৰাইজৰ মত সাপেক্ষে বিভিন্ন সময়ত বিভিন্ন নাট-ভাওনা পাতি অহাৰ উপৰিও পৰম্পৰাগতভাৱে ২৭০ বছৰ ধৰি বিৰতি নোহোৱাকৈ অনুষ্ঠিত কৰি অহা হৈছে শ্ৰীকৃষ্ণৰ জন্মযাত্ৰা আৰু বোকাখেচা ভাওনা। প্রকৃতপক্ষে গাঁওখনত কেতিয়াৰ পৰা বোকাখেচা ভাওনা অনুষ্ঠিত কৰি অহা হৈছে এই সম্পর্কে লিখিত তথ্য নাই যদিও বর্তমান সময়ত দশম পুৰুষত ভৰি দিয়া পাতল বংশ আৰু গাঁওখনৰ কাকতি বংশৰ ইটো পুৰুষৰ পৰা সিটো পুৰুষলৈ মুখ বাগৰি অহা তথ্যৰ ভিত্তিত এই সময় নিৰূপন কৰা হৈছে আৰু গাঁও তথা অঞ্চলটোৰ ৰাইজে সেই তথ্য বিশ্বাসত লৈছে।

গাঁওখনত অনুষ্ঠিত কৰি অহা ‘জন্মযাত্রা’ নাটখন গোপাল আতা ৰচিত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাউৰ ধনশ্রী ৰাগৰ ‘হৰিক বয়ন হেৰিয়ে মোহে মাই’ গীতটো নাটখনত আতা পুৰুষ জনাই সন্নিৱিষ্ট কৰি দিয়াৰ কাৰণে ভক্তসকলে এই নাটখনক মহাপুৰুষীয়া নাটৰ শাৰীত স্থান দি আহিছে। আচলতে নাটভাগ তেনেই চুটি; কিন্তু ভাওনা ভাগ অনুষ্ঠিত কৰোঁতে কিছুমান লৌকিক আচাৰ প্ৰয়োগ কৰি, নানা কৌতুক অভিনয় কৰি দীঘলীয়া কৰা হয় আৰু পুৱতি নিশালৈকে নাটখন চলাই ৰখা হয়। শ্রীকৃষ্ণৰ জন্মৰ ক্ষণত নাটৰ গীত, আইসকলৰ নাম, মংগল উৰুলি ধ্বনি, ডবা-কাঁহ-শংখ-ঘণ্টা আৰু ভোৰতালৰ সমন্বিত ধ্বনিত স্বাভাৱিকতে এক ভক্তি ভৰা গহীন পৰিৱেশৰ সৃষ্টি হয়।

আৰু পঢ়ক:  কিম্বদন্তী-ইতিহাসৰ পৰা সাহিত্য-সংস্কৃতিলৈ বৈ থকা বৰলুইত

জন্মাষ্টমীৰ পাছদিনা দিনৰ ভাগত পচতি তথা নন্দোৎসৱ আৰু বোকাখোচা ভাওনা অনুষ্ঠিত কৰা হয়। আদি দশমৰ নন্দোৎসৱ অংশত নৱজাত কৃষ্ণৰ জাতকর্ম কৰিবলৈ নন্দৰ ঘৰলৈ গর্গ মুনিৰ আগমন হয়, যশোদাৰ পুত্র জন্মাৰ কথা শুনি গোপীসকলৰ আনন্দত তৎ নাইকিয়া হয়, পুত্র সন্তানটি চাবলৈ গোপীসকলে বিভিন্ন ধৰণেৰে সাজোন-কাচোন কাচি নন্দৰ ঘৰলৈ ঢাপলি মেলে। নন্দ ৰজাইও পুত্র জন্মাৰ আনন্দত পুত্ৰৰ জাতকর্ম সমাপন কৰি ব্ৰাহ্মণ-সজ্জনক ৰত্ন-অলংকাৰ দান কৰি কৃতাৰ্থ হৈছে। গোপীসকলে নন্দৰ ঘৰলৈ যাওঁতে লগতে সিহঁতৰ ধেনুবৎসবোৰকো সজাই-পৰাই লগত লৈ গৈছে। সকলোৱে গোৱন্দৰ গুণ-গান গাই শিশু কৃষ্ণক আশীর্বাদ প্রদান কৰিছে। নাটৰ বিষয়বস্তু মূলতঃ ইমানেই। কিন্তু এই নাটভাগ গাওঁতে ব্যংগ আৰু কৌতুক অভিনয়েৰে দৰ্শকক দিয়া আমোদে নাটভাগৰ সৌন্দর্য বিপুলভাৱে বৃদ্ধি কৰি তোলে।

boka khesa bhaona jamugurihat patalar chook 02

এই দিনটোৰ আটাইতকৈ আকর্ষণীয় অনুষ্ঠান হ’ল ‘বোকাখেচা’ ভাওনা। নন্দৰ ঘৰলৈ সাজিকাচি গোপীসকলে হাতত লৈ অহা দধি, দুগ্ধ, সন্দেস, ঘৃত, মধু, কল আদি বস্তুবোৰ দর্শনার্থীৰ হেঁচা-ঠেলাত মাটিত পৰে। ঠাইখন পংকাকুল হয়। তাতে পিছল খাই পৰা গোপ-গোপীসকলে— ‘অন্যে অন্যে ধৰা ধৰি কৰি ফুৰে সৱে মাটিত বাগৰি’। ইয়াৰে প্রতীক হিচাপে নামঘৰৰ কাষৰ এটুকুৰা ঠাইত ৮/১০ ইঞ্চি দ কৰি আহল-বহল এটা গাঁত তৈয়াৰ কৰি বোকা কৰা হয় আৰু তাত ঘিউ, মৌ, দধি, দুগ্ধ আদি ঢালি দিয়া হয়। গাঁতৰ ওপৰত কলপটুৱা আৰু বাঁহৰে এটা সুদৃশ্য দৌল নির্মাণ কৰি বিভিন্ন ধৰণৰ ফুল-ফল আদিৰে দেখনিয়াৰ কৰি তোলা হয়। যথা সময়ত কীৰ্তনৰ ধ্বনিৰে পৰম ভকতিৰে গোপ-গোপীসকলে নৃত্যৰ চেৱে চেৱে সেই গাঁতত নামি পৰে আৰু আনন্দ উল্লাস কৰি বোকা খেচিবলৈ আৰম্ভ কৰে— ‘আজি নন্দৰ ঘৰে ধৰণী তল বল কৰে’, ‘আজি কি গকুলত আনন্দ মিলিছে’, ‘গোপাল কি অ’ হৰি ৰাম’ আদি নামৰ ধ্বনিৰে চৌদিশ মুখৰিত হৈ পৰে। দৌলত আঁৰি থোৱা কল, বিভিন্ন ধৰণৰ ফল আদি আনিবৰ বাবে বোকাৰ পৰা জঁপিয়াই প্রচেষ্টা চলোৱা হয়। কোনোৱে আনে, কোনোৱে নোৱাৰে। বোকা লগা পিছল ভৰিৰে দৌলৰ বাঁহৰ খুঁটাত বগাই ফলসমূহ অনাটো সহজ নহয়।

এনেভাবেই সৌন্দর্যশালী এই অনুষ্ঠান উদযাপিত হৈ আহিছে বিগত দুশ সত্তৰ বছৰ ধৰি। বোকাখেচা ভাওনাৰ অন্তত ব্রজধামৰ গোপ-গোপীয়ে গচকা বোকা অকণমান ঘৰলৈ নিবৰ বাবে দর্শক ৰাইজৰ ভিৰ লাগে। পৰম ভকতিৰে সেই বোকাৰ এটি ফোট কপালত লৈ দৰ্শকসকল ভাওনাৰ শেষত ঘৰাঘৰি যায়, বিশ্বাস হ’ল— ‘ব্রজৰ বধুৰ চৰণ ৰেণু শিৰে লৈবোহো দাসকো দাস’ আৰু ‘ব্ৰহ্মা হৰে শিৰে ধৰে শুদ্ধ হওঁ’ বুলি। ইয়াতেই ভাওনাৰ অন্ত পৰে।

এসময়ত গাঁওখনৰ প্ৰায়বোৰ লোকেই ভাওনাৰ গায়ন, বায়ন, সূত্রধাৰ আদি ভাও দিয়াত পটু আছিল। ভাওনাত গাঁওখনৰ শিল্পী-কাৰিকৰে নিৰ্মাণ কৰা পূর্ণ অৱয়বৰ মুখা আৰু চোঁমুখাৰ প্ৰচুৰ প্ৰচলন আছিল। নন্দোৎসৱত পূর্ণ অৱয়বৰ মুখাৰে ভাও দি কৰা কৌতুক অভিনয়ে মন চুই গৈছিল। বর্তমান সেয়া লুপ্ত প্রায় হৈ পৰিছে। বর্তমানৰ নাট-ভাওনাত মুখা ব্যৱহাৰ নহয়। এই ক্ষেত্ৰত আধুনিক চিন্তাৰে নতুন নতুন কৌশল অৱলম্বন কৰা হয় যদিও পৰম্পৰাগতভাৱে চলি অহা বিশ্বাস, ভক্তি আৰু আন্তৰিকতাত আঘাত পৰিবলৈ দিয়া হোৱা নাই।

boka khesa bhaona jamugurihat patalar chook 03

শ্রীকৃষ্ণৰ জন্মযাত্রা তথা বোকাখেচা ভাওনাখন পূর্বৰে পৰা এই গাঁৱৰ ৰাইজে অতি নিষ্ঠা-আন্তৰিকতা আৰু ভকতি ভাৱেৰে পাতি আহিছে। ভাওনাৰ আগদিনা প্রতিঘৰে চৰু-হাড়ী ধুই কানি-কাপোৰ তিয়াই শুদ্ধি হয়। মূল চৰিত্ৰত অভিনয় কৰা ব্ৰহ্মা, বসুমতী, নাৰদ, দৈৱকী, বসুদেৱ আৰু সদ্যোজাত কৃষ্ণৰ বচন মতা শিশুটিয়ে ভাওনাৰ আগদিনা হবিষান্ন খাব লাগে। ভাওনাৰ দিনা দিনত উপবাস, মাত্র নাম-প্ৰসংগৰ প্রসাদ খাব পাৰে। সন্ধ্যা আখৈ আৰু এঁৱা গাখীৰ খাই ভাও দিব লাগে। বর্তমান সময়তো এই নীতি কিছু এৰা-ধৰাৰে চলি আছে। এই প্রসংগত গাঁওখনৰ ৰাইজৰ বিশ্বাস যে এই ভাওনাভাগ কোনো বছৰ নাপাতিলে গঞা ৰাইজৰ অমংগল হ’ব।

| আৰু পঢ়ক: নাম-গীত-ভাওনাৰ অমিয়া ৰসেৰে বিঢৌত পৱিত্র ভাদ মাহ

প্রকৃততে নামে-গুণে, গীতে-পদে, ভাওনাই-সবাহে মুখৰিত হৈ থকা গাঁওখনৰ স্নায়ুকেন্দ্ৰ হ’ল গাঁওখনৰ মধ্যাংশত থকা নামঘৰটো। এশ শতাংশ শিক্ষিত লোকৰে পৰিপূৰ্ণ গাঁওখনত ১৯৩৭ চনতে ‘সাৰদা লাইব্রেৰী’ হিচাপে প্রতিষ্ঠিত হোৱা বৰ্তমানৰ ‘তৰুণ পুথিভঁৰাল’, ‘তৰুণ যুৱক সংঘ’, ‘ভাৰতজ্যোতি মইনা পাৰিজাত’, ‘কল্যাণী মহিলা সমিতি’ আৰু ১৯৫১ চনতে গঠিত গাঁও উন্নয়ন সমিতিয়ে ভাওনা সংস্কৃতিৰ চৰ্চা বিগত তেৰ কুৰিৰো অধিক বছৰ এনেভাৱেই অব্যাহত ৰাখিছে, য’ত পুৰুষানুক্রমে চামে চামে বোকাখেচা ভাওনাৰ মধু পান কৰাৰ সুযোগ আৰু সুবিধা পোৱা গৈছে৷

ছবি: লেখকৰ সৌজন্যত
লেখকৰ ঠিকনা: মাধৱ গাঁও, জামুগুৰিহাট, শোণিতপুৰ, ফোন- ৯৪৩৫৩ ৮৬০৪০

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts