আবেলি

দৰ্জাখনত দুই এটা সবল আৰু বহুকেইটা দুৰ্বল তথা অনিয়মিত হাৰত পৰা চাপৰত চিকুণ পুৱাৰ তন্দ্ৰালসাৰ পৰা অলপ জাগ্ৰত অৱস্থালৈ আহিলো যদিও কম্বলৰ তলতে জুপুকা মাৰি ৰ’লো। এই মুলুকত সাধাৰণতে কোনো কাৰো ঘৰলৈ বৰ বেছি অহা-যোৱা কৰা এতিয়ালৈকে দেখা নাই। ৰাতিপুওৱা ভালেমান পৰ হ’ল যদিও মোৰ ইয়ালৈ বুলি সপ্তাহত দুই-এবাৰ অহা বন্ধুকেইজনে যে এই ঠেঁটুৱৈ ধৰা শীতত বিচনাৰ এতৰপ ইলেকট্ৰনিক চাদৰেৰে গৰম কৰি লৈ দুতৰপ লেপৰ তলত সোমাই থকাৰ পৰা তলপেট ফাটি যাওঁ যাওঁ কৰিলেও সৰুপানী চুবলৈও নুঠে সেই বিষয়ে মোৰ ভালেখিনি জ্ঞান আছে।

দ্ৰিলিং মেচিনৰ কৰ্কশ শব্দ এই বন্ধ হ’ব এই বন্ধ হ’ব বুলি ৰৈ থকাৰ দৰে দুৱাৰত পৰা চাপৰৰ শব্দখিনিও বন্ধ হ’ব বুলি ৰৈ থকা আশাত চেঁচাপানী ঢালি যেতিয়া বেছ কিছু সময়লৈ পৰ্বটি চলিয়ে থাকিল, উপায়ন্তৰ হৈ উৰি থকা কম্বলখনকে মেৰিয়াই দৰ্জাখন খুলিলো।

: সুপ্ৰভাত! আশা কৰোঁ, আপোনাৰ ধুনীয়া ৰাতিপুৱাটিৰ কাৰ্যসূচীত ব্যাঘাত জন্মোৱা নাই?
আকাশত সূৰ্যটি ডাৱৰৰ আৰত লুকাই থাকিলেও আশীঊৰ্ধ্ব বুঢ়ীগৰাকীয়ে ৰাতিপুৱাৰ ৰঙা বেলি এটি মুখত লৈ, আচল নে নকল বুলি সন্দেহ কৰিব পৰা দাঁতযোৰ উলিয়াই ভমকাফুলীয়া হাঁহি এটি মাৰি সুধিলে।
: সুপ্ৰভাত! নাই নাই তেনেকুৱা একো নহয়।
মুখত নিৰ্দয়ভাবে ফুটি উঠা বিৰক্তিখিনি যিমান পাৰি লুকুৱাবলৈ যত্ন কৰি, ৰাতি উদৰ পুৰাই খোৱা গাহৰি মাংসখিনিৰ পৰা ওৰে ৰাতি পোৱা শক্তিৰ সমস্তখিনি প্ৰয়োগ কৰি ওঁঠলৈ হাঁহি এটা আনিবলৈ চেষ্টা কৰি ক’লো।
: আপোনালোক ভাৰতীয়সকলে গ্ৰেপফ্ৰুত বৰ ভাল পায় নহয়, সেয়ে এয়া আনিছিলো।
অভ্যাগতাই গোলনেমুৰ দৰে, কিন্তু তাতকৈ ডাঙৰ টেঙাজাতীয় ফলকেইটামান মোৰ হাতত গুজি দিলে।

কেতিয়াও গ্ৰেপফ্ৰুত খাই নোপোৱা বা জন্মাবধি ভাৰততে থাকি, যোৱা সাতটি বছৰত ভাৰতবৰিষৰ অৰ্ধখণ্ড ঘূৰা-পকা কৰিও এই ফলটিৰ বিষয়ে ন্যূনতম জ্ঞান আহৰণত অপাৰগ হৈ থকাৰ পিছতো ‘ভাৰতীয়সকলে ভাল পায় বুলি কেনেকৈ জানিলে’ বুলি সুধিবলৈ মন গৈছিল যদিও ততাতৈয়াকৈ যান্ত্ৰিক ধন্যবাদ এটিৰে ফলকেইটা হাতত লৈ বৃদ্ধাগৰাকীক দুৱাৰমুখৰ পৰাই বিদায় দি মোৰ চিলমিলিয়া টোপনিৰ জিলমিলিয়া সপোনটোত কি হ’ল তাৰ পম খেদাহে শ্ৰেয় গুণিলো। আৰু কি কি লাগিব, মোৰ ওচৰত এইটো আছে, সেইটো আছে, কিবা লাগিলেই ক’বা ধৰণৰ উপুৰ্যুপৰি কেবাটিও বাক্যৰ আশিসেৰে মোৰ টোপনিৰ আধা জ্বাল কটাই দিয়াৰ পিছত কেনেবাকৈ যেনিবা বৃদ্ধাগৰাকী গ’লগৈ। যাওঁতে যাওঁতে তেওঁৰ লগত কথা পতাৰ বাবে অশেষ ধন্যবাদ দিবলৈও নাপাহৰিলে। গম পালো, বুঢ়ীগৰাকী একেটি চৌহদৰে পাঁচ নম্বৰ ঘৰটিত থাকে।

সৰুৰে পৰা ওচৰচুবুৰীয়াই ইটো নিয়া, সিটো দিয়া পৰিৱেশৰ মাজতে ডাঙৰ হৈছোঁ।
: অ’ ধনৰ মাক, আলিগুটি দুটামান দেচোন, এইবাৰ শুকুৰবৰীয়া বজাৰৰ পৰা আনি ঘূৰাই দিম দে।
: তহঁতৰ জাতি পাণজোপাৰ পৰা দুপাতমান নিছোঁ দেই; আলহী আহিব আজি। দুটামান বুঢ়া তামোলো বাৰু হ’ব নেকি বোৱাৰী?

কত শুকুৰবৰীয়া বজাৰ যায়, কত আহে; আলুগুটি বা চাউল সেৰ হ’লে ঘূৰি নাহে আৰু তাৰ বাবে কোনোৱে বৰকৈ মূৰো নঘমায়। অনা-নিয়া চলিয়ে থাকে। মাহঁতেও লাগ বুলিলেই চাউলখিনি চালিবলৈ, ধান দুনি জাৰিবলৈ মানুহ পায়। তাৰ পিছত দুদিনমানলৈ অনা-নিয়াৰ পৰ্বটি অলপ জোৰকৈয়ে চলে। দুদিনমানলৈ কোনেও আৰু সাপ্তাহিক বজাৰৰ নাম নলয়। আলহী নাহিলেও পিৰালিত থকা কলঠোকৰ এআষি-দুআষি নিব পাৰি বুলি ধৰি লয়। মা-আইতাহঁতেও নিজলৈ চাই অভাৱ-অনাটনৰ মাজত থকা চুবুৰীয়াখিনিক যিমান পাৰি দিবলৈ যত্ন কৰে।

এই অনা আৰু নিয়া সংস্কৃতিৰ মাজত আমাৰ চুবুৰিৰ ‘চাবি-তলা’ বুঢ়ী আছিল অন্যতম। বুঢ়ীৰ আচল নাম কি কোনেও নাজানে। বুঢ়ীৰ ঢোবাং-বাং ঘৰটিৰ চাৰিখন বেৰৰ তিনিখনেই উৱলি যোৱা যদিও বুঢ়ীয়ে হেনো আগফালৰ দুৱাৰত সদায় তলা লগাইহে ঘৰৰ বাজ হৈছিল। ‘চাবি-তলা’ নামটো ডঙুৱা ডেকাকেইটাই প্ৰথমে বুঢ়ীক জোকাবলৈ বুলি ব্যৱহাৰ কৰিছিল। বুঢ়ীক ‘চাবি-তলা বুঢ়ী’ বুলি মাতে আৰু বুঢ়ীয়ে চৌদ্ধ পুৰুষ উজাৰি অশ্ৰাব্য গালি পাৰে। ল’ৰাবোৰেও ৰং পায়। লাহে লাহে বুঢ়ীৰ গালি পাৰিবলৈ এলাহ লগা হ’ল। বুঢ়ীক জোকোৱা ল’ৰাবোৰো চেঙেলীয়াৰ পৰা বাপেকী হ’ল। কিন্তু বুঢ়ীৰ নামটো তেনেকৈয়ে ৰ’ল।

মাৰি-মৰঙত ডেকা পুতেক দুটা আৰু গিৰীয়েকক হেৰুওৱা বুঢ়ীজনী অকলশৰেই চুবুৰিৰ এচুকৰ জুপুৰি এটিত থাকে। এসময়লৈ হেনো ইঘৰ-সিঘৰত কাম-বন কৰিছিল, পিছে ককাল পৰি অহাৰে পৰা ইঘৰৰ একাপ চাহ, সিঘৰৰ এমুঠি ভাত, কাষৰীয়া গাঁওখনৰ সবাহৰ ভোগ বা ওচৰ-পাজৰৰ বিয়া-বাৰুৰেই বুঢ়ী চলি থাকে। অত্যন্ত লেতেৰা বাবে বুঢ়ীক মানুহে অলপ লেই লেই চেই চেই কৰি দূৰতে ৰাখিব খোজে। বুঢ়ীৰ ঘৰৰ চৌপাশৰ জাবৰৰ দম আৰু আগফালৰ পৰাই পোৱা কিঁয়া মাছৰ দৰে কেচেমা-কেচেম গোন্ধটিৰ বাবে বুঢ়ীৰ ঘৰত সোমাবলৈ কোনেও সাহস নকৰে। কেতিয়াবা খাবলৈ কিবা খুজিলেও বহুতে বুঢ়ীক কটু কথা শুনায়। বুঢ়ীৰ হেনো হাতখনো অলপ লৰ। আমাৰ আইতাই সেয়েহে বুঢ়ীয়ে বৰকৈ আগফাল-পাছফাল কৰি থকাটো ভাল নাপায়। আইতাই বুঢ়ীক কেতিয়াবা বেছিকৈ কথা শুনালে অৱশ্যে দেউতাই কয়,— হ’ব দে, আজিলৈনো কোনটো লাগৰ বস্তু নোহোৱা হৈছে? এমাহ আগতে পিছচোতালত থকা ফুটা কেৰাহীটো নোহোৱা হৈছিল। তাৰ কেইদিনমান আগতে মামৰ ধৰি হৈ এলাগি পৰি থকা দা এখন। মাজে মাজে পিছফালৰ পিৰালিত আইতাই কৰবাৰ পৰা গোটাই থোৱা সুগন্ধি গোপিনী পাণকেইখিলা বা আইতাৰ বাহিৰ ফুৰিবলৈ ব্যৱহাৰ কৰা পুৰণি মেখেলাখন নোহোৱা হয়। অৱশ্যে দুদিনমান পিছত কথাৰ লাচত বুঢ়ীয়ে নিজেই কয় বোলে— সিবিধ ময়ে নিলো দে সিদিনা। আইতাই বুঢ়ীক ‘মৰঙত মাৰি’ বুলি চিঞৰি গালি পাৰি কয়— আমিনো তোক কোনদিনা কিবা লাগৰ ভাগৰ বস্তু খুজিলে নিদিয়াকৈ আছোঁ যে তই বস্তুকেইপদ মনে মনে নিব লগা হ’ল? ‘চাবি-তলা’ বুঢ়ীয়ে আইতাক একো উত্তৰ নিদিয়ে। বুঢ়ীৰ এই ইহাত-সিহাত অৱশ্যে চলিয়ে থাকে।

লাহে লাহে অলৰ হৈ অহা বুঢ়ীগৰাকী বছৰদিয়েক পিছত মানুহৰ কেটেৰা-জেঙেৰাৰ মাজেৰেই সিপুৰীলৈ গ’লগৈ। জীৱনৰ আধা বয়স অকলশৰে কটাই, জীৱনৰ সীমনা পাৰ হৈ বুঢ়ী গিৰীয়েক-পুতেকহঁতৰ লগ হ’লগৈ। বুঢ়ী মৰিবৰ আগে আগে নাকত গামোচা বান্ধি বুঢ়ীক খুৱোৱা-ধুৱোৱা কৰিবলৈ যোৱা গাঁৱৰ মানুহকেইজনে কৈছিল যে বুঢ়ীৰ ঘৰটো হেনো ইবিধ-সিবিধ অব্যহাৰযোগ্য আওপুৰণি বস্তুৰে ভৰি আছিল। বুঢ়ীয়ে সেহাই সেহাই হেনো বস্তুবিলাকত হাত দিবলৈ মানা কৰি কৈছিল যে সেইবিলাক হেনো বুঢ়ীৰ শেষ সময়ৰ সম্পত্তি। তাৰ কেইদিনমান পিছত বস্তুবিলাক তেনেকৈয়ে এৰি থৈ বুঢ়ী অজান দেশলৈ গ’লগৈ। বস্তুবোৰ পিছে বুঢ়ীৰ শেষ সময়ৰ সহায় হ’বগৈ নোৱাৰিলেগৈ।

লাহে লাহে মই এই অজান্তি মুলুকত অভ্যস্ত হৈ আহিব ধৰিছোঁ। আটাইতকৈ সস্তা ‘মাফিন’ ক’ত পায়, ক’ত আটাইতকৈ কম খৰচত চুলি কটাব পাৰিৰ পৰা আৰম্ভ কৰি কোনদিনাৰ ৰাগবি খেলখনৰ উত্তেজনা আতাইতকৈ বেছি আছিল ধৰণৰ কথাবোৰ কাকো এবাৰো নোসোধাকৈ ক’ব পৰা হৈছোঁ। অকণমান ৰ’দ ওলোৱাৰ সুবিধা লৈ চাহকাপৰ সৈতে আগফালৰ বাৰান্দাত বহি লৈ ৰাস্তাৰে অহা-যোৱা কৰা সকলো অচিনাকি মানুহকে ‘বতৰটো বৰ ভাল, আপোনাৰ দিনটো কুশলে যাওক’ বুলি কৈ সম্ভাষণ জনাব পৰা হৈছোঁ। সিদিনাৰ অচিনাকি চহৰখনৰ চিনাকি হৈ অহা পথবোৰত এনেয়ে তহল দি ফুৰোঁ। ভাল লাগে। সু-সজ্জিত চহৰখনত প্ৰকৃতি আৰু মানুহৰ সৃষ্টিশীলতা সুন্দৰভাবে বিৰাজমান। প্ৰতিটো চাৰিআলিৰে মাজৰ গোলখিনিতে থকা খ্ৰীষ্টমাছ গছজোপাৰে সৈতে থকা ফুলবোৰে বা ৰাস্তাৰ কাষত প্ৰতিঘৰ মানুহৰ ঘৰৰ সম্মুখত থকা সৰু বাগিচাবোৰে মনটোলৈ এটি প্ৰশান্তি আনে। ঐশ্বৰ্যৰ মাজত থকা কিন্তু সম্পত্তিৰ হাবিয়াস নকৰা, প্ৰকৃতিৰ লগত নিবিড় সম্পৰ্ক ৰাখি ভাল পোৱা, জাতিগতভাবে নিজকে নিজৰ ৰাষ্ট্ৰীয় পক্ষীটিৰ নামেৰে মাতি ভাল পোৱা, জীৱনৰ পৰা চেপি চেপি ৰস নিগৰাই ইয়াক সম্পূৰ্ণকৈ উপভোগ কৰাতেই জীৱনৰ পৰমাৰ্থ বুলি ভবা এই দেশখনৰ মানুহখিনিৰ বাবে স্বাধীনতা আৰু স্বনিৰ্ভৰশীলতা বৰ প্ৰিয় বস্তু। গতিকে স্বাভাবিকতে কাৰোবাৰ লগত বৰ বেছি দিয়া-লোৱা কৰা দেখা নাযায়।

কিন্তু এলেনোৰৰ বাবে যেন এই প্ৰচলিত ধাৰাণা অচল। যেন সাত-সাগৰ তেৰ নদী পাৰ হৈয়ো (সাত সাগৰ নহ’লেও চাৰি পাঁচমানতো হ’বই! নদী অৱ্শ্যে তেৰখনতকৈ নিঃসন্দেহে বেছি হ’ব!) আমাৰ গাঁৱৰ কোনোবা আপোন চুবুৰীয়াহে। বুঢ়ীগৰাকীৰ নাম এলেনোৰ।

ইতিমধ্যে কেবাদিনো এলেনোৰৰ কৃপাত বিভিন্ন শাক-পাচলি, ফল-মূল পৰম প্ৰশান্তিৰে উদৰস্থ কৰিছোঁ। দুদিনমান তেওঁৰ পাকঘৰত সোমাই পিজ্জা-পাই আদি খোৱাৰ সৌভাগ্যও বৰ উদাৰতাৰেই আদৰি লোৱা হৈছে। দিয়া-লোৱাৰ (আচলতে অকল লোৱাৰহে) এই পৰ্বত এলেনোৰৰ খুওৱাৰ ইচ্ছা আৰু খোৱা-লোৱাৰ প্ৰতি থকা অমাৰ উদাৰ মনোভাবেৰে সৈতে আগ্ৰহৰ সুবাদত লাহে লাহে এলেনোৰ নামৰ আমাৰ সুশীল প্ৰতিবেশীগৰাকীৰ লগত এক আত্মিক সম্পৰ্ক গঢ়ি উঠিছে। ময়ো চাহ খোৱাৰ সময় সলনি কৰি পিৰালিত বহি এলেনোৰৰ লগত এষাৰ কথা পাতি ভাল পোৱা হ’লো।

চৌহদত সোমোৱাৰ বাটত প্ৰথম ঘৰটোৱেই মই থকাটো হোৱা বাবে ক’ৰবালৈ যাওঁতে-আহোতে এলেনোৰে মই ঘৰত থাকিলে এবাৰ ভুমুকিয়ায় (এলেনোৰ অৱশ্যে যাবনো ক’লৈ বা মইনো ঘৰত থাকোৱেই কেতপৰ! কেতিয়াবা এবাৰ এনেয়ে ফুৰিবলৈ গৈ কিবা বস্তু কিনি ওভতে বা কেতিয়াবা বস্তু দুই-এপদ কিনিবলৈ গৈ এপাক ফুৰি আহেহে মাথোঁ)। এলেনোৰৰ নিত্য কৰ্মৰ ভিতৰত কিছু সস্তীয়া পাওৰুটি বা বিস্কুট কিনি আনি খিৰিকী কাষত বনৰীয়া চৰাইবোৰৰ বাবে ৰখাটো অন্যতম। এলেনোৰৰ ঘৰৰ সম্মুখৰ বাৰাণ্ডাখনৰ কাষত থকা সৰু জোপোহাকেইটাত চৰাইবোৰে যেতিয়া বৰকৈ কিচ্-মিচাই থাকে, এলেনোৰে সিহঁতক মৰমেৰে দবিয়ায়, বোলে, মই চৌৰাশী বছৰীয়া বুঢ়ীজনীয়ে তহঁতক খুৱাব লাগে যে নিজে জোগাৰ কৰি খাব নোৱাৰ নেকি? চৰাইবোৰে বেয়া নাপায়। তাৰপিছত অলপ পাওৰুটি গুড়ি কৰি ছটিয়াই দি বুঢীয়ে এটি প্ৰশান্তিৰ হাঁহি মাৰে। বৃদ্ধাৱস্থাত হোৱা চানি পৰা ৰোগৰ বাবে এলেনোৰে চকুৰে ভালকৈ মনিব নোৱাৰে। প্ৰায়ে ব্ৰেইল পদ্ধতিৰ সহায়ত কিবা নহয় কিবা কিতাপ এখন পঢ়ি থাকে। নহ’লে হেনো প্ৰকাণ্ড তিনি কুঠলীয়া ঘৰটোৱে তেওঁৰ লগত সেইবোৰ কথা পতাত ব্যস্ত হৈ পৰে, যিবোৰ কথালৈ হেনো এলেনোৰৰ আজিকালি সেই দ্বিতীয় মহাযুদ্ধৰ জাৰ্মান-জাপানৰ বোমাবৰ্ষণতকৈও ভয় লগা হ’ল। ঘৰটোৰ ভিতৰত বিৰাজ কৰা নৈশব্দবোৰ হেনো সেই যুঁজৰ বিমানৰ শব্দবোৰৰ দৰেই বুকুৰ ভিতৰলৈ গো-গোৱাই যায়।

দ্বিতীয় মহাযুদ্ধৰ সময়ত ইউৰোপৰ আন বহু চহৰৰ দৰেই আয়াৰলেণ্ডৰ এলেনোৰৰ গৃহ চহৰখনো যুদ্ধৰ ক’লা ছায়াই প্ৰায় মৰিশালি কৰি তুলিছিল। সেই ক’লা ধোঁৱা আৰু ছাইৰ মাজত যেতিয়া এলেনোৰে এখনো চিনাকি মুখ বিচাৰি উলিয়াব পৰা নাছিল, তেতিয়াই চিৰদিনৰ বাবে চহৰখন এৰাৰ সিদ্ধান্ত লৈছিল। কেইবছৰমান লণ্ডনৰ এখন মিচনেৰিত ব্যৱহাৰিক শিক্ষা গ্ৰহণৰ পিছত বৃটিচ চৰকাৰৰ ফালৰ পৰা এই সপোন যেন ধুনীয়া দ্বীপৰাষ্ট্ৰখনলৈ গাণনিকৰ চাকৰিৰ বাবে আহিল।

তাৰ পিছৰ ত্ৰিছ-পঁয়ত্ৰিছ বছৰ, এলেনোৰৰ ভাষাত, চৰাইকেইটিয়ে দুটি পাউৰুটি খোৱাৰ জোখৰ সময়তে হেনো পাৰ হ’ল। সপোন কোঁৱৰজনক ইয়াতেই লগ পাই বিয়া পাতিলে। এলেনোৰ আৰু পিটাৰৰ তিনিটি ল’ৰা-ছোৱালীৰে সংসাৰ মুখৰিত হ’ল। প্ৰকৃতিৰ বৰপুত্ৰ যেন এই ঠাইতে চকুৰ পঁচাৰতে সিহঁতৰ পাখি গজিল। চাওঁতে চাওঁতেই এদিন নিজৰ বাহ বিচাৰি সিহঁতে উৰা মাৰিলে এলেনোৰৰ বুকুৰ পৰা। বুকু ডাঠ কৰি সংসাৰৰ চিৰাচৰিত নিয়ম মানি ল’লে এলেনোৰে। সময় চলিয়ে থাকিল যদিও, এলেনোৰৰ ভাষাত, ঘড়ীটি হেনো বেছ ভাগৰুৱা হৈ পৰিছিল। হঠাৎ এদিন বিশেষ আগজাননী অবিহনেই পিটাৰৰ জীৱন ঘড়ীও থমকি ৰ’ল। তাৰ পিছত যোৱা তেইছ বছৰ এলেনোৰৰ বাবে তেইছটি যুগৰ দৰে পাৰ হ’ল।

: আপুনি আকৌ বিবাহ নকৰালে কিয়?— যিমান পাৰোঁ মোৰ ভিতৰৰ ভাৰতীয়জনক লুকুৱাই ৰাখিবৰ চেষ্টা কৰি সুধিলো।
: মোৰ সৰু ছোৱালীজনীৰ বিয়াৰ বিছ বছৰৰ পিছত জোঁৱায়ে আন এজনী তিৰোতাৰ লগত থাকিবলৈ লৈছে; তেওঁলোকে এতিয়া এজনে আনজনক বুজিবলৈ সময় পাব জানো?— উত্তৰত এলেনোৰে এটি প্ৰশ্নহে কৰিলে।
মই একো নুশুনা যেন এটি ভাবেৰে মুখখন আনফালে ঘূৰালো। লুকাই-চুৰকৈ এলেনোৰৰ মুখখনৰ পিনে চাই ডাঠ ফ্ৰেমৰ চচমাৰ তলত তেওঁৰ দুচকু জিলমিলাই উঠা দেখিলো। যেন বিলৰ পানীত অস্তমিত সূৰুযৰ হেঙুল।

পাখি লগা কাঁড়ৰ দৰেই সময়বোৰ গৈ আছে। ভাড়া আৰু আন কিছু সুবিধা বিশিষ্ট কাৰণত এসময়ত একেখন চহৰৰে আন এটি ঘৰলৈ বুলি বাসস্থান সলনি কৰিবলগা হ’ল।

পৃথিৱীৰ সকলো হস্পিটেলৰ যেন একেই সেই পৰিৱেশ। কৰিদৰবোৰত অনবৰতে কিবা এটা গোমা ভাব এক অদ্ভুত আৰু অসহ্যকৰভাৱে বিৰাজমান। যেন এই আহিব এই আহিব বুলি কোনোবা কোণত লুকাই থাকে এজাক ধুমুহাৰ এটি ভয়াল জাননী। হঠাৎ ব্ৰহ্মপুৱাতে চিতি কাউন্সিলৰ মানুহজনৰ পৰা টেলিফোন কল এটি পাই দৌৰা দৌৰিকৈ চিতি হস্পিটেললৈ বুলি ঢপলিয়াই আহিলো। প্ৰথমতে ভালদৰে বুজিব পৰা নাছিলো যদিও কৰবাত কিবা এটা যে ঘটিছে তাক গমিব পাৰিলো।

কাউন্সিলৰ মানুহজনে মোৰ মোবাইল নম্বৰ এলেনোৰৰ টেলিফোন ডায়েৰিৰ ‘কন্তেক্ত ইন ইমাৰ্জেন্সি’ শিতানত লিখি থোৱা পাইছিল। বহুদিনেই হৈছিল এলেনোৰক লগ ধৰিবলৈ নোযোৱাৰ। মাজতে বহুদিন যাম যাম বুলিও বেছিভাগ সময়ৰ অভাৱত বা কেতিয়াবা এলাহতে যোৱা হোৱা নাছিল। তাৰ পিছত গৈ এলেনোৰক যে এনেদৰে লগ ধৰিব লগা হ’ব সেয়া কাহানিও ভবা নাছিলো।

মৃতঘৰৰ ভিতৰৰ তীব্ৰ ঠাণ্ডাতো মোৰ কপালত ঘামৰ টোপাল স্পষ্টভাৱে অনুভৱ কৰিলো। কিবা এক অসহ্য বেদনাত উচপিচাই চিঞৰি দিবৰ মন গ’ল। নোৱাৰিলো। যন্ত্ৰবৎ মানুহজনক অনুসৰণ কৰি গ’লো।

এলেনোৰৰ ঘৰৰ পৰা কিঁয়া মাছৰ দৰে কিবা এক কেচেমা কেচেম গোন্ধ পাই হেনো ওচৰৰ মানুহঘৰে চিতি কাউন্সিলক ফোন কৰি গোন্ধটিৰ বিষয়ে জনাইছিল। পোষ্ট ম’ৰ্টেম ৰিপোৰ্টত পোৱা মতে, তিনিদিন আগেয়েই মৃতকে অন্তিম উশাহ লৈছিল। ঘৰৰ মজিয়াতে হেনো পৰি আছিল মৃতদেহটি।

: আপোনাৰ লগত কেনেকুৱা সম্পৰ্ক আছিল বাৰু?— মানুহজনে মোক সোধাত বহুসমলৈ মই একো উত্তৰ বিচাৰি নাপাই মনে মনে ৰ’লো।
: অৱশ্যে তেওঁৰ পুতেক আৰু জীয়েকহঁতক খবৰ দিয়া হৈছে।— মানুহজনে মই অস্বস্তিত ভোগা বুলি গম পাই যেন মোক সকাহ দিবলৈকে ক’লে।
: এয়া চাওক।— মানুহজনে বাকচ এটি খুলি শৱদেহটিৰ পিনে দেখুৱাই ক’লে। ডাঠ স্বচ্ছ প্লাষ্টিকেৰে মেৰিয়াই থোৱা এলেনোৰ যেন গভীৰ প্ৰশান্তিৰে ৰাতিপুৱাৰ টোপনি এটিত মচগুল। মোৰ বুকুৰ ঢপ-ঢপনি তীব্ৰ হৈ আহিল। ভয় হ’ল, সেই ঢপ-ঢপনিত এলেনোৰৰ চিকুণ টোপনি ভাগি তেওঁ সাৰ পাই নুঠেতো!

গাঁৱৰ ‘চাবি-তলা’ বুঢ়ীৰ অন্তিম সময়ৰ বাবে গোটাই থোৱা সম্পত্তিবোৰৰ কথা মনত দোলা দি গ’ল। হয়, সঁচাইচোন পৃথিৱীখন ঘূৰণীয়া।«

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of