তৰা

[ কৌস্তুভমণি শইকীয়াদত্ত ]

গুচি গ’ল বুকুৰ কাষৰ উমাল জীৱন
নিৰ্বাক হ’ল।
ঘূৰি ঘূৰি শেষ হ’ল
জীৱনৰ সোণালী সূতাৰ উঘা…
হেৰাই নগ’ল
তৰা হ’ল!

তৰাই কথা কয়
ৰহস্যময় চিত্তাকৰ্ষক ভংগীমাৰে
তৰাই মোৰ সৈতে কথা কয়
নিৰ্বাক ভাষাৰে

কয় হেৰাই যোৱা অলেখ সংলাপ
শুনি মই
শিহৰিত,
মুগ্ধ,
বাকৰুদ্ধ!
যেন বুকুত খাজ খাই থকা
চিৰন্তন সেই হাঁহিৰ শব্দ
মৌসনা মাতৰ শব্দ
নিৰ্বাক হৈ পৰা তৰাৰ শব্দ।

নীলা চৰাই . মে' ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:
সম্পাদক

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of