গৰখীয়া: গধূলিৰ গো-বাটবোৰ আজিও হৈ উঠেনে ধূলিয়ৰি-ধূসৰ

গৰখীয়া: গধূলিৰ গো-বাটবোৰ আজিও হৈ উঠেনে ধূলিয়ৰি-ধূসৰ
  • 30 Sep, 2021

‘গৰখীয়া হেৰ’ গৰখীয়া,
কি সুৰ বজালি দুপৰীয়া’ (পাৰ্ৱতিপ্ৰসাদ বৰুৱা)

গৰখীয়া হেৰ’ গৰখীয়া…

সমীয়া সমাজ জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত গ্ৰাম্য জীৱনৰ এক চিৰপৰিচিত চৰিত্ৰ হ’ল গৰখীয়াসকল। ৰ’দ-বৰষুণ তথা ধুমুহাক নেওচি কাম কৰি যোৱা গৰখীয়াসকলক বাদ দি যেন অসমীয়া চহা জীৱনৰ কথা ভাবিবই নোৱাৰি! গ্ৰাম্য লোকজীৱনত গৰু আৰু গৰখীয়াৰ এক সুকীয়া অস্তিত্বই আছে। অতি প্ৰাচীন কালৰে পৰা যিহেতু অসমৰ চহা লোকসকল গোধনৰ ওপৰতে নিৰ্ভৰশীল হৈ আহিছে, অসমীয়া কৃষিজীৱীসকলে গৰু-ম’হৰ হাল চলাই খেতি-বাতি কৰি সোণগুটিৰে ভঁৰাল বান্ধি অৰ্থনৈতিকভাৱে টনকিয়াল হোৱাৰ পৰিপ্ৰেক্ষিতত গঞা সমাজে গৰু-গাইৰ এক সুকীয়া অস্তিত্ব স্বীকাৰ কৰে আৰু গৰু-গাই ৰখীয়া বা পালন কৰ্তাসকলোৱেও লোকজীৱনৰ এক প্ৰধান অংগ হিচাপে স্থান পাইছে।

গৰখীয়াসকলে প্ৰধানতঃ গৰু ৰখা, প্ৰতিপালন কৰা আদি কামখিনি কৰে। নিজৰ গৰু নাথাকিলেও আনৰ গৰু চৰাই জীৱিকাৰ পথ উলিয়ায়। এই গৰখীয়াসকলৰ জীৱন সংগ্ৰাম সমাজত অতি স্পষ্ট। এনে জীৱনক কেন্দ্ৰ কৰি অখ্যাতজনৰ বিখ্যাত ৰচনা হিচাপে সাধুকথা, ফকৰা-যোজনা, নীতিকথা, গীত-মাত দেশে দেশে, ঠায়ে ঠায়ে ৰচিত হৈ লোকসাহিত্যৰ ভঁৰাল চহকী কৰাত অৰিহণা যোগাইছে।

উল্লেখযোগ্য যে গৰখীয়া কৃষ্ণক লৈ ভাৰতীয় সাহিত্যৰ লগতে অসমীয়া সাহিত্যতো নানা কাহিনী ৰচিত হৈছে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ‘কালিয় দমন’ নাটত তথা কীৰ্তনৰ শিশুলীলা খণ্ডত কৃষ্ণৰ গৰখীয়া ৰূপ আৰু কৰ্মৰ ব্যাখ্যা অতি ৰসাল তথা মনোমুগ্ধকৰ।

‘ৰঙ্গে বাজ ভৈলা বাংশী বাই।
ফুৰা সবে দামুৰি চৰাই।।
ব্ৰহ্মা আসি কৰিলন্ত চুৰি।
নিলা সৱ গোৰক্ষ দামুৰি।।’ (কীৰ্তন, শিশুলীলা)

প্ৰাচীন অসমীয়া সাহিত্যত ভীমৰ গৰখীয়া চৰিত্ৰৰ কথাও পোৱা যায়। অসমীয়া ব্যাস ৰূপে পৰিচিত ৰাম সৰস্বতীৰ ‘ভীম চৰিত’ত শিৱৰ বুঢ়া বলধটো ৰখিবলৈ ভীম গৰখীয়া ৰূপে শিৱৰ ঘৰত থকাৰ কথা বৰ্ণনা কৰা হৈছে—

‘শঙ্কৰে বোলয় দেৱী পকিলেক ধান।
গৰখীয়া পাঞ্চিয়া ধানৰ আগ আন।।
হেন শুনি পাৰ্ব্বতী ভীমকে পাঞ্চিলা।
কাচিখন লৈয়া ভীম তেখনে চলিলা।।
হেন শুনি ভীমে পাছে বুলিলেক বাক।
গৰু চাৰিবাক লাগি পঞ্চা যাকে তাক।।
বুঢ়া গৰু ফুৰে সিটো লড় বড় কৰি।
ভাত নাই তাহাক চাৰিবো কেন কৰি।।’ (ভীমচৰিত, ৰাম সৰস্বতী)

অতীজৰ কৃষিজীৱী সমাজখনত জীয়াই থকাৰ একমাত্ৰ সম্বল হৈছে কৰ্ম সংস্কৃতি। কৰ্মৰ মাজেদি লোকজীৱনৰ আশা-আকাংক্ষা, কামনা-বাসনা, অভাৱ-অভিযোগ, হাঁহি-কান্দোন আদি বিভিন্ন সুৰত গীতৰ আকাৰত দশোদিশ বিয়পি পৰিছিল। এই ক্ষেত্ৰত গৰখীয়াসকলৰো একেই প্ৰাসঙ্গিকতা। প্ৰকৃতিৰ মাজতে সুখ বুটলিব পৰা চহা লোকৰ দৰেই দুখ-ভাগৰক আওকাণ কৰি লঘোণে-ভোকে হাবিয়ে-জংঘলে গৰু-গাইৰ পিছে পিছে দৌৰি দৌৰি দিনটো গৰু-ম’হৰ প্ৰতিপাল কৰা গৰখীয়াসকলে মুকলি পথাৰতেই আনন্দ উপভোগ কৰে। গৰু, ম’হবোৰ চৰাবলৈ যোৱা গৰখীয়াসকলৰ স্বাধীন অন্তৰত প্ৰকৃতিৰ মনোমোহা ৰূপে এক সুকীয়া অনুভূতিৰ স্পন্দন তুলিছিল। প্ৰকৃতিৰ সেউজীয়া ৰঙৰ মাজত গৰখীয়া ল’ৰাই পথাৰ বা নৈৰ চাপৰিত গৰু-ম’হ চৰাওঁতে নিজৰ কষ্ট, ভাগৰ আদি পাহৰিবলৈ নাইবা আনন্দ-বিনোদনৰ বাবে যি গীত গায়, সেই গীতসমূহকে গৰখীয়া গীত বোলে। এই গীতবোৰৰ মাজেদি গৰখীয়াসকলৰ মনৰ ভাব প্ৰকাশ হয়। উদাহৰণস্বৰূপে—

‘গৰখীয়া এ খেদ খেদ গৰু
আমাৰ চলতে কজলা গৰু
কজলাৰ মাকৰ কাণখন সৰু।‘

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সৃষ্টিতো গৰখীয়াই স্থান পাইছে এনেদৰে—
‘চৰণীয়া পথাৰৰ গৰখীয়া গীত
দূৰণিবটীয়াৰ হৰিলি চিত
চৰণীয়া পথাৰৰ গৰখীয়া গীত।
পিজলী কাজলী গাখীৰতী গাই
তোৰ মান ধুনীয়া নাই
দামুৰি পোৱালিয়ে সেউজীয়া ঘাঁহনিত
উমলি ধপলিয়াই।’

গৰখীয়া ল’ৰাক ভগৱান শ্ৰীকৃষ্ণৰ ৰূপত কল্পনা কৰি শ্ৰীকৃষ্ণক সন্তুষ্ট কৰাৰ মানসেৰে অসমৰ বিভিন্ন ঠাইত গৰখীয়া সেৱা, গৰখীয়া পোহা, গোপাল সেৱা, গৰখীয়া সবাহ, ৰাখাল পূজা আদি বিভিন্ন নামেৰে অনুষ্ঠান পতা হয়। গৰখীয়াক অন্ন দান কৰি গোধন বা গৃহস্থৰ মঙ্গল কামনা কৰি আয়োজন কৰা এই অনুষ্ঠানবোৰ অসমীয়া লোকসংস্কৃতিৰ অন্যতম অংশ। নামনি অসমত পালন কৰা মহহো উৎসৱতো গৰখীয়াসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। গৰখীয়া ল’ৰাসকলে মিলি এই উৎসৱ পালন কৰে। এই অনুষ্ঠানত গৰখীয়াসকলে গৃহস্থৰ ঘৰত আশীৰ্বাদ প্ৰদান কৰি কুশল মংগল কামনা কৰে। উদাহৰণস্বৰূপে—

‘ভঁৰালত ধান হওক
গোহালিত গৰু হওক
পো-বেটী কুশলে থাকক
সুখ শান্তি ভৰি পৰক।’

সহজ সৰল স্বাধীন মনৰ বহিঃ প্ৰকাশৰ লগতে নিৰস গৰখীয়া জীৱনটোক জীপাল কৰি তোলা দৰঙত প্ৰচলিত এক অনন্য লোকসংগীত হ’ল ‘নাঙেলি গীত’। এই গীতৰ পৰম্পৰা মতে সাধাৰণতে এদল গৰখীয়াই আন এদলক পৰস্পৰ অশ্লীল গীতেৰে গালি পাৰে এনেদৰে—

১ম পক্ষ:
‘হাঁহ দি কুঁইহাৰ শাল ঠেলো ঐ জহৰা
হাঁহ দি কুঁইহাৰ শাল ঠেলো
সভাসদ লোক বেয়া নুবুলিবি
নাঙেলিৰ পেৰাটো মেলো।’

২য় পক্ষ:
‘পৰ্বতৰ দূবৰি কেঁকোৰা কেঁকুৰি
ভৈয়ামৰ দূবৰি পোন
ৰাইজৰ মাজত নাঙেলি মেলিছোঁ
আমাক বেয়া বোলা কোন।’
(অসমীয়া লোকসংস্কৃতিৰ আভাস, ড° নবীন চন্দ্ৰ শৰ্মা)

অসমীয়া লোকসাহিত্যৰ এক অন্যতম প্ৰধান ভাগ হ’ল সাধুকথা। জনসমাজত প্ৰচলিত সাধুকথা কিছুমানতো গৰখীয়া চৰিত্ৰই মুখ্য ভূমিকা লোৱা দেখিবলৈ পোৱা গৈছে। উদাহৰণস্বৰূপে— গৰখীয়াই বাঘে গৰু খালে বুলি গঞা ৰাইজক মিছা মাতি ৰং চাই পাছত নিজে বিপদত পৰা গৰখীয়া আৰু বাঘৰ সাধুটো। তেনেকৈয়ে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ৰচিত ‘বুঢ়ী আইৰ সাধু’ত থকা ‘তেজীমলা’ সাধুটোত তেজীমলাই জৰা টেঙাৰ ৰূপ লওঁতে গৰখীয়া ল’ৰাই জৰা গছত জৰা টেঙা দেখি খাবলৈ মন কৰি সাউদ পত্নীৰ ওচৰলৈ আহি জৰা টেঙা বিচৰা, অনুমতি পাই জৰা ছিঙিবলৈ যোৱা, হাত মেলোঁতেই তেজীমলাৰ মাত শুনি ভয়তে পলাই যোৱা আদি কথাই গৰখীয়া চৰিত্ৰটোকে দাঙি ধৰিছে।

গৰু বিহুৰ দিনা বড়ো ডেকা চামৰ গৰখীয়াসকলে গোহালিৰ পৰা গৰু-ম’হ উলিয়াই বিল, জান-জুৰি, নৈৰ ঘাটলৈ দীঘলতি, মাখিয়তীৰে কোবাই লৈ যায় আৰু গায়—

‘দীঘলথি লাওথি মৌছৌনি মুলি
দুদালি জাগৌন গাই খুখিলি
দীঘলথি লাওথি খ্ৰি খ্ৰি গান্থি
জেঠংনি মৌছৌআ জাগৌন বলদ জাথি
জানায় নঙা গাইদে থেমফ্ৰ
মাৰখা জাগৌন ফালৌ নি বেহেৰা।’

ইয়াৰ অৰ্থ হ’ল— দীঘলতিৰ এচাৰি গৰুৰ মহা ঔষধি, এই এচাৰিৰে কোবালে গাইগৰু খীৰতি হয়। দীঘলতিৰ এচাৰি ঘন ঘন গাঁঠি। আমাৰ গৰু হ’ব বলদ জাত। আমাৰ গৰু সৰু, চাপৰ জাতৰ নহ’ব।

উল্লেখযোগ্য যে গৰখীয়াসকলৰ জীৱনত থকা প্ৰেম-বিৰহ আদি অনুভূতিসমূহ প্ৰায় সময়তে গীতৰ মাজেৰে প্ৰকাশ হয়। উদাহৰণস্বৰূপে—

‘আকাশেদি উৰি গ’ল বগাকৈ বগলী
তলেদি উৰি গ’ল কাক।
গৰুৰ গৰখীয়াক কোনে ভাল পাব
হায় মোৰ বিধিৰ বিপাক।’

লোকসাহিত্যৰ এক অন্যতম সম্পদ ফকৰা-যোজনা কিছুমানো গৰু আৰু গৰখীয়াক লৈ প্ৰচলিত আছে। তাৰে দুটিমান ফকৰা এনেধৰণৰ—

ক) গৰু হ’ল গৰখীয়া, পো হ’ল চোৰ
জী হ’ল নটিনী, উপায় হেৰাল মোৰ।
খ) গৰখীয়া নোহোৱা গৰু, ঢাকোন নোহোৱা চৰু।

কৃষিজীৱী মৰাণসকলে গো-সম্পদক লখিমী দেৱীৰ লগত তুলনা কৰি গো-সম্পদক পূজাৰ উদ্দেশ্যে ফাগুন মাহৰ কোনোবা এটা দিনত পৰম্পৰাগত ৰীতি-নীতিৰে ‘গৰখীয়া ভোজ’ নামৰ মাঙ্গলিক অনুষ্ঠানবিধ পালন কৰে।

অসমৰ যশস্বী কবি হীৰেন ভট্টাচাৰ্যদেৱে গৰখীয়াক নিজৰ কল্পনাৰ তুলিকাৰে ৰং চৰাই ‘গৰখীয়া ল’ৰাৰ গীত শুনি’ শীৰ্ষক কবিতাটো লিখে। কবিতাটোত কবিয়ে লগে-ভাগে এসাজ ভাত খোৱাৰ কথা উল্লেখ কৰিছে—

‘ভাই! সময় বুজি আহিবা এদিন,
ফু মাৰি চোতালতে
লগে ভাগে খাম
দুখৰ ধানৰ এসাজ ভাত।’ (সুগন্ধি পখিলা)

❧ | আৰু পঢ়ক: জনশিক্ষাৰ কঠীয়াতলী: লোকসংস্কৃতি

মুঠতে ক’বলৈ গ’লে, অসমীয়া জন-জীৱনৰ সৈতে গৰখীয়াসকল ওতপ্ৰোতভাৱে সম্পৰ্কিত, যাৰ বাবেই হয়তো কবিতা, গীতি সাহিত্য, লোকবচন আদিত গৰখীয়াই এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। এনে লাগে গৰখীয়া অবিহনে অসমৰ চহা জীৱনৰ ছবিখনেই যেন আধৰুৱা! বৰ্তমান এই গৰখীয়াসকলৰ খবৰ কোনোবাই ৰাখিছেনে বাৰু! গধূলিৰ গো-বাটবোৰ আগৰ দৰেই আজিও হৈ উঠেনে ধূলিয়ৰি-ধূসৰ…?

Featured image credit: beyondlust.in (CC by NC ND)

গৰখীয়া: গধূলিৰ গো-বাটবোৰ আজিও হৈ উঠেনে ধূলিয়ৰি-ধূসৰ | গীতালি কেওট বৰা

Follow Nilacharai on Facebook