স্বীকাৰোক্তি

নিজক হেৰুৱাইছোঁ আমি ক্রমাৎ

সেউজীয়াৰ পৰা ক্রমাৎ হালধীয়ালৈ
পিন্ধি লৈছোঁ আমি দাসত্বৰ পোছাক
খুলি থৈছোঁ বিবেকৰ সাজ
নিজক হেৰুৱাইছোঁ আমি ক্রমাৎ…

আমাক বাধ্য কৰোৱা হৈছে সলনি হ’ব’লৈ
সেউজীয়াৰ পৰা কৰি তোলা হৈছে হালধীয়া
সলনি কৰা হৈছে আমাৰ সপোন আমাৰ ভৱিষ্যৎ
নিজৰ ৰং হেৰুৱাইছোঁ আমি
হেৰুৱাইছোঁ নিজৰ ঠিকনা
আমাৰ হেৰোৱা ৰঙেৰে ৰঙা হৈছে নীলা শিয়ালৰ জাত
আৰু…
নিজক হেৰুৱাইছো আমি ক্রমাৎ…

আমি নিৰ্লজ্জ, সেইবাবেই নিমাত।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of