গুণ মহন্ত: বলিষ্ঠ অভিনেতাগৰাকীৰ স্মৃতিত শ্ৰদ্ধাৰ্ঘ্য

গুণ মহন্ত: বলিষ্ঠ অভিনেতাগৰাকীৰ স্মৃতিত শ্ৰদ্ধাৰ্ঘ্য
  • 28 Aug, 2018

টা সপ্রতিভ হাঁহিৰে অতি সহজতে সকলোকে আপোন কৰি ল’ব পৰা এজন সহজ-সৰল মানুহ। মাতটোতে যেন সকলো আত্মীয়তা সোমাই থাকে। অসমৰ দৰ্শকে সততে চলচ্চিত্ৰ আৰু ভিডিঅ’ ছবিসমূহত শান্ত-শিষ্ট, অমায়িক, জ্যেষ্ঠ অভিনেতা হিচাপে তেখেতক আঁকোৱালি লৈ আহিছে। নাম তেখেতৰ গুণ মহন্ত। সঁচা অৰ্থতে গুণ মহন্ত নামে-কামেই অতি গুণী আৰু প্রকৃত ভদ্র মানুহ আছিল। গুণ মহন্ত অসমীয়া চলচ্চিত্ৰ, ভিডিঅ’ ছবি আৰু অপেছাদাৰী নাট্য জগতৰ এগৰাকী অন্যতম পুৰোধা ব্যক্তি, এগৰাকী শক্তিশালী অভিনেতা। এইগৰাকী অভিনেতা তথা বৰেণ্য নাট্যকর্মীয়ে বাসত্তৰ বছৰ বয়সত যোৱা ২৭ আগষ্ট (২০১৮), সোমবাৰে পুৱা ৭.৩০ বজাত এই সংসাৰৰ পৰা মেলানি মাগিলে। তেখেত আঁতৰি যোৱাৰ লগে লগে যেন এটি যুগৰ অৱসান ঘটিল। নগাঁৱৰ নাট্যজগতৰ পৰা নোহোৱা হ’ল পিতামহগৰাকী। কলঙৰ পাৰ যেন উকা হৈ গ’ল। কেৱল অভিনয় বা নাট্যক্ষেত্ৰতে নহয়, মৃত্যুৰ আগনিশালৈকে তেখেত নগাঁৱৰ বৃহত্তৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰখনতো ওতপ্ৰোতভাৱে জড়িত হৈ আছিল।

গুণ মহন্ত

অভিনয় আৰু সমাজ সেৱাকেই জীৱনৰ ব্ৰত হিচাপে লোৱা গুণ মহন্তই জন্মগ্রহণ কৰিছিল ১৯৪৬ চনত নগাঁৱৰ শেনচোৱাৰ কলাকতা সত্ৰত। দেউতাক চিদানন্দ মহন্ত আৰু মাক গৌৰীপ্রিয়া মহন্তৰ সাতোটি সন্তানৰ ভিতৰত গুণ মহন্ত আছিল চতুর্থ সন্তান। শেনচোৱা প্রাথমিক বিদ্যালয়, কুঁজিদাহ হাইস্কুলত স্কুলীয়া শিক্ষা গ্রহণ কৰাৰ পাছত নগাঁও মহাবিদ্যালয়ত উচ্চ শিক্ষা কৰে। শৈশৱতে অভিনয়ৰ প্রতি আকর্ষিত হোৱা গুণ মহন্তই পৰৱৰ্তী কালত অভিনয়কে পেছা হিচাপে গ্রহণ কৰে। পোন প্রথমে ৰাস-ভাওনাত কৰা অভিনয়ৰে অভিনয় জীৱনৰ পাতনি মেলা এইগৰাকী শিল্পী পৰৱৰ্তী সময়ত জড়িত হৈ পৰিছিল অপেছাদাৰী নাট্যমঞ্চৰ সৈতে। তেখেতে ‘মণিৰাম দেৱান’, ‘পিয়লি ফুকন’, ‘শোণিতকুঁৱৰী’, ‘ভোগজৰা’, ‘মগৰিবৰ আজান’, ‘ফুলগুৰি ধেৱা’, ‘ভোটাই ডেকা’, ‘লাচিত বৰফুকন’ আদি শতাধিক মঞ্চ নাটকত বলিষ্ঠ অভিনয়ৰে দৰ্শকক মন্ত্রমুদ্ধ কৰি ৰাখিছিল। ‘সন্ধ্যাতৰা’, বর্ণালী’, ‘জন্মান্তৰ’, মকৰাজাল’, ‘এটা গৰম কোট’ প্রভৃতি বাৱন্নখন টেলিফিল্ম, শতাধিক ভিডিঅ’ ছবি, কেবাখনো টিভি ধাৰাবাহিক, চুটি ছবিত তেখেতে অভিনয় কৰিছিল। ‘অগ্নিগড়’ চলচ্চিত্ৰৰ জৰিয়তে চলচ্চিত্ৰৰ ক্ষেত্ৰখনত খোজ পেলোৱা গুণ মহন্তই পৰৱৰ্তী কালত মৃত্যুৰ সময়লৈকে অভিনয় কৰি গৈছিল ইখনৰ পিছত সিখন জনপ্রিয় চলচ্চিত্ৰত। ‘শেষ উপহাৰ’, ‘ৰণাংগিনী’, ‘প্রেম আৰু প্রেম’, ‘মৰম নদীৰ গাভৰু ঘাট’, ‘কাদম্বৰী’, ‘মন’, ‘চক্ৰবেহু’, ‘ৰং, ‘উজনিৰ দুজনী গাভৰু’, ‘অনুৰাগ’, ‘দীনবন্ধু’, ‘অধিনায়ক’, ‘শ্ৰীমন্ত শংকৰদেৱ’, ‘বীৰ চিলাৰায়’, ‘জেতুকা পাতৰ দৰে’, ‘মাঘত মামনিৰ বিয়া’, ‘তোমাৰ প্ৰেমত পৰি’, ‘টি আৰ পি’, ‘মনে মনে অজানিতে’, ‘শেষ অংগীকাৰ’ আদি চলচ্চিত্ৰত গুণ মহন্তই কৰা অনবদ্য অভিনয় অসমীয়া ৰাইজে কাললৈ মনত ৰাখিব। বহুসংখ্যক ভিডিঅ’ ছবিত সাৱলীল অভিনয়ৰে অসমবাসীৰ মনত গভীৰ সাঁচ বহুৱাই থৈ গৈছে গুণ মহন্তই। কেইবাখনো তথ্যচিত্র, দূৰদৰ্শন আৰু অনাতাঁৰ নাটকত অভিনয় কৰি যোৱা গুণ মহন্তই পৰিচালনা কৰা ‘অহল্যা উদ্ধাৰ’ নামৰ নাটকখন গুৱাহাটী দূৰদৰ্শন যোগে ইতিপূর্বে সম্প্রচাৰিত হৈ গৈছে। আজীৱন অসমীয়া কলা-সংস্কৃতি, নাটক, চলচ্চিত্র আদিৰ উত্তৰণৰ হকে কাম কৰি যোৱা গুণ মহন্তই মৃত্য পর্যন্ত চৰকাৰী বঁটা-বাহন লাভ নকৰিলেও ৰাইজৰ পৰা পাইছিল অফুৰন্ত মৰম-চেনেহ আৰু সন্মান। কেইবাটাও সম্মানীয় বঁটাৰে বিভূষিত হোৱাৰ উপৰি গুণ মহন্তই ২০১৭ বৰ্ষত লাভ কৰিছিল ‘মঞ্চকোঁৱৰ’ সন্মান।

কেৱল কলা-সংস্কৃতি বা অভিনয়ৰ দিশতে নহয়, সাহিত্যৰ ক্ষেত্ৰতো গুণ মহন্ত জড়িত হৈ আছিল। কেইবাখনো বাতৰি কাকত, আলোচনীত তেওঁ অসমৰ আর্থ-সামাজিক সমস্যা, কলা-সংস্কৃতি বিষয়ক লেখা-মেলা কৰিছিল।

কলাকতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ, অভিনেতা গুণ মহন্তই সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবেও আজীৱন কাম কৰি গৈছিল। খোল, তাল, বৰগীত আদি পৰিৱেশন কৰাৰ উপৰিও তেখেত ভাওনাৰ এগৰাকী সুদক্ষ ভাৱৰীয়া আছিল। তেওঁ ঘৰতে ‘পূর্ণমূৰ্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্র’ নামৰ অনুষ্ঠান আৰম্ভ কৰি সত্ৰীয়া সংস্কৃতিৰ উত্তৰণৰ হকে আত্মনিয়োগ কৰিছিল।

‘গুণ দা’ হিচাপে সকলোৰে মাজত জনপ্রিয় এইগৰাকী বলিষ্ঠ অভিনেতাৰ নগাঁৱৰ সমাজ জীৱনৰ সৈতে আছিল অভিন্ন সম্পর্ক। নগাঁও নাট্যমন্দিৰ, ফৌজাদাৰীপট্টি কলামন্দিৰ, অসম সাহিত্য সভা আদি অনুষ্ঠানৰ লগতে শিল্পী, সাহিত্যিক, সাংবাদিক, ছাত্র সংগঠন— সকলোৰে লগত তেখেতৰ আছিল সহৃদয়তা। সাংস্কৃতিক-সামাজিক-সাহিত্য,— যি অনুষ্ঠানেই নহওক, সকলোতে সকলোৰে আগত আছিল গুণ মহন্ত। সৌ সিদিনা নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উৎসৱৰ সকলো কাৰ্যসূচীতে কলেজীয়া চফল ডেকাটিৰ দৰে দেহে-প্রাণে জড়িত হৈ পৰিছিল। আনকি মৃত্যুৰ আগনিশাও নগাঁও চহৰৰ এটা সাংস্কৃতিক অনুষ্ঠানত তেওঁ শাৰীৰিক অসুস্থতাকো আওকাণ কৰি প্ৰথমৰ পৰা শেষলৈকে উপস্থিত আছিল। প্রায় পোন্ধৰ মিনিট ভাষণ দিছিল। তেওঁৰ আছিল এক সুগভীৰ জাতীয়তাবাদী সত্তা,— অসমৰ প্রতিটো জাতীয় দুর্যোগৰ সময়ত তেওঁ সাহসৰে থিয় দিছিল। সামাজিক-সাংস্কৃতিক মূল্যবোধৰ অৱক্ষয় তেওঁ সহিব পৰা নাছিল। এইবোৰৰ বিপক্ষে তেওঁ আপোচহীন স্থিতি গ্রহণ কৰিছিল।

গুণ মহন্ত

মঞ্চনাটৰ পৰা চলচ্চিত্রলৈকে স্বকীয় অভিনয় প্রতিভাৰে দপদপাই ফুৰা এইগৰাকী অভিনেতা এনেদৰে হঠাৎ আঁতৰি যাব— সেই কথা কোনেও কল্পনা কৰা নাছিল। বিগত বহুদিন ধৰি তেওঁ স্নায়ুজনিত জটিল ৰোগত আক্ৰান্ত হৈ আছিল যদিও অফুৰন্ত মনোবলেৰে দৰ্শকে ধৰিব নোৱৰাকৈ তেওঁ অভিনয় কৰি গৈছিল, সামাজিক কাম-কাজ, সভা-সমিতি আদিত উপস্থিত আছিল। তেওঁৰ ব্যক্তিত্বৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে— তেওঁ অতি অমায়িক আৰু সৰল মনৰ আছিল। প্রকৃতার্থতে এগৰাকী অত্যন্ত মৰমীয়াল আৰু অতি ভদ্র মানুহ— যিটো ব্যক্তিত্ব তেওঁৰ অভিনয়ৰ অধিকাংশতে প্রকাশ পাইছে। যি এবাৰ ওচৰৰ পৰা লগ পাইছে, তেওঁ কেতিয়াও পাহৰিব নোৱাৰে এইগৰাকী বলিষ্ঠ অভিনেতাক। এনে বিশাল ব্যক্তিত্বৰ অধিকাৰী গুণ মহন্তৰ মহাপ্রয়াণ নিশ্চিতভাৱে অসমৰ সমাজিক-সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি।

❧ | আৰু পঢ়ক: নগাঁৱত সাহিত্য চর্চা: মাধৱ কন্দলীৰ পৰা মহিম বৰালৈ

এগৰাকী নিকা মনৰ নিভাঁজ মানুহ, সুদক্ষ অভিনেতা, সমাজহতৈষী গুণ মহন্তৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক— এয়ে ঈশ্বৰৰ ওচৰত একান্ত কামনা।

ছবি: লেখকৰ সৌজন্যত

গুণ মহন্ত: বলিষ্ঠ অভিনেতাগৰাকীৰ স্মৃতিত শ্ৰদ্ধাৰ্ঘ্য | হিমাংশু ৰণ্‌জন ভূঞা

Follow Nilacharai on Facebook