শক্তিতত্ত্ব আৰু অসমত ইয়াৰ ক্ৰমবিকাশ

Panoramic view of the goddess Durga in all her glory

বিপুল চন্দ্ৰ ভট্টাচাৰ্য

শক্তি উপাসনাৰ দেশ ভাৰতবৰ্ষ। ভাৰতৰ উত্তৰ-পূব অঞ্চল অসম (প্ৰাচীন নাম কামৰূপ) শক্তি পূজাৰ কেন্দ্ৰস্থল। অসমৰ গুৱাহাটীত অৱস্থিত নীলাচলৰ কামাখ্যা মন্দিৰ শক্তি উপাসনাৰ কেন্দ্ৰবিন্দু। এই শক্তি পূজাৰ মূল উৎস ক’ত? মহেঞ্জদাৰোত আৱিষ্কৃত বিভিন্ন নাৰীমূৰ্তি লক্ষ্য কৰিলে শক্তিৰ উৎপত্তি তথা ধাৰণা পূৰ্ব বৈদিক বুলি অনুমান হয়। কিন্তু পণ্ডিত সমাজে এই কথা মানি নলৈ শক্তিৰ উৎপত্তি সম্বন্ধে বহু মত পোষণ কৰিছে।

১. কিছুমানৰ মতে Fertility theory-য়েই শক্তি ধৰ্মৰ উৎপত্তিৰ মূল কাৰণ। তেওঁলোকৰ মতে পৃথিৱীখন মাতৃ; ইয়াৰ লগতে কৃষি কাযৰ্কো জড়িত কৰিছে।
২. মাতৃ পূজা কৰা ধাৰণাটো শক্তি পূজাৰেই এক স্বাভাৱিক অভিব্যক্তি। ফ্ৰেডৰিক হেইলাৰে এনে কিছুমান উদাহৰণ দাঙি ধৰি দেখুৱাইছে যে— “the concept of God as Mother is as natural and ultimate as the concept of ‘Him’ as Father.” মাতৃ পূজা প্ৰথা তিনি হাজাৰ খৃষ্টপূৰ্বৰ (3rd Millenium B.C.) আগৰ পৰা সম্ভৱতঃ ইজিপ্ত আৰু Knosses সভ্যতা আৰু প্ৰাক আৰ্য ভাৰতত চলি আছিল।
৩. মেকেঞ্জীৰ মতে, ব্ৰাহ্মণিক যুগত ভাৰতৰ অধিবাসীসকলে ভাৰতী নামৰ এগৰাকী দেৱীক পূজা কৰিছিল। সেই ভাৰতীয়েই সৰস্বতী, পিছলৈ ব্ৰহ্মাৰ পত্নী হ’ল। যেতিয়া বৌদ্ধধৰ্মৰ গতি স্তিমিত হৈ পৰিছিল; তেতিয়া শিৱ-শক্তি মানুহৰ মাজত জনপ্ৰিয় হৈ পৰিল আৰু তাৰ পিছতে দুটা নতুন পন্থাৰ সৃষ্টি হ’ল— শৈৱ আৰু শাক্ত। গতিকে তেওঁৰ মতে শক্তি পূজাৰ উৎপত্তি স্থল এচিয়া।
৪. ষ্টাৰব্ৰুকৰ মতে, আৰ্য সভ্যতাই ভাৰতত শান্তিপূৰ্ণভাৱে জীৱন ধাৰণ আৰু কৃষি কাৰ্যত ব্যস্ত থকা অৱস্থাত তেওঁলোকে সৰ্বোৎকৃষ্ট গুৰুত্বৰ বাবে নাৰী শক্তিক পূজা কৰিছিল;— তাৰ ভিতৰত দুৰ্গাদেৱী (Eternity), সৰস্বতী (জ্ঞানৰ অধিষ্ঠাত্ৰী), শক্তি (মাতৃ শক্তি) আদি।
৫. স্মীথ আৰু এলিয়টৰ মতে, মধ্য এচিয়াৰ নমাৰ্ড জাতিয়ে কুষাণসকলক যুদ্ধত হৰুৱাই ভাৰতৰ উত্তৰাঞ্চলত প্ৰৱেশ কৰাৰ পৰা ভাৰতীয় হিন্দুসকলৰ এনে পৰিৱৰ্তন হয়।
৬. শ্লটাৰে উল্লেখ কৰে যে যেতিয়া দ্ৰাৱিৰসকলৰ ভাষাৰ ক্ষেত্ৰত আৰ্যীকৰণ হৈছিল, আৰ্যসকলো সংস্কৃতিৰ ক্ষেত্ৰত দ্ৰাৱিৰ হৈছিল। সেয়ে তেওঁ অনুমান কৰে যে মাতৃতান্ত্ৰিক দৃষ্টিভঙ্গীৰ পৰা মাতৃ দেৱীৰ পূজাৰ প্ৰচলন ঘটে।
৭. মহাভাৰতৰ বনপৰ্ব ১৮.১ সংখ্যক শ্লোকত নাৰী দৈত্যৰ পূজা কৰাৰ বাবেও ভাৰতত শক্তি পূজাৰ প্ৰভাৱ পৰে বুলি Vahikas-এ অনুমান কৰে।

উপৰিউক্ত যুক্তিৰ ফালৰ পৰা শক্তি সংস্কৃতিক তিনিটা ভাগত ভাগ কৰিব পাৰি—
(১) প্ৰাচীন বা প্ৰাক-বৌদ্ধ ধৰ্মৰ কাল
(২) মধ্যযুগ বা বৌদ্ধ ধৰ্মৰ উত্তৰকাল (১২শ শতিকা পৰ্যন্ত)
(৩) আধুনিক কাল (১৩শ শতিকাৰ পৰা বৰ্তমানলৈকে)

সিন্ধু উপত্যকাৰ সভ্যতাত পোৱা নাৰীমূৰ্তিৰ চিত্ৰ, কলহত অঙ্কিত নাৰী চিত্ৰসমূহে দেৱী পূজাৰ প্ৰমাণ দিয়ে। হৰপ্পাত পোৱা যোনি প্ৰতীকৰ ব্যৱহাৰেও প্ৰমাণ কৰে মাতৃ দেৱীৰ পূজা অৰ্চনা সিন্ধু সভ্যতাৰ পৰা প্ৰচলিত হৈ আছে। জন মাৰ্শ্চালৰ মতে, মহেঞ্জদাৰো আৰু হৰপ্পাত পোৱা নাৰীমূৰ্তিৰ পৰা এই কথা প্ৰতীয়মান হয় যে মাতৃ পূজাই সিন্ধু সভ্যতাৰ পৰাই বিকাশ লাভ কৰিছে। কেৱল হিন্দু ধৰ্মতে নহয়, বৌদ্ধ আৰু জৈন ধৰ্মতো শক্তিক বিবিধ ৰূপত উপাসনা কৰা হয়। শিখগুৰু গোবিন্দ সিংহও চণ্ডীৰ উপাসক আছিল। ভাৰতৰ পৰ্বতবাসী আৰু অৰণ্যবাসীসকলেও প্ৰকৃতিক উপলক্ষ্য কৰি মাতৃদেৱীৰ উপাসনা কৰিছিল। ভাৰতৰ বাহিৰেও মেক্সিকোত মাতৃদেৱীৰ উপাসনা হয়। প্ৰাচীন জাৰ্মানসকলেও ‘নেৰ্থাচ’ নামৰ মাতৃ (পৃথিৱী)ৰ বন্দনা কৰিছিল। প্ৰাচীন গ্ৰীছত ‘ৰহী’ নামৰ দেৱী ধৰিত্ৰীক পূজা কৰিছিল। ৰোমৰ ‘চিবিলি’ দেৱীও মূলতঃ পৃথিৱী।

প্ৰকৃততে বিশ্ব-ব্ৰহ্মাণ্ডত বিৰাজমান এক প্ৰৱল সৎ-শক্তি বা সত্য-শক্তিয়েই (Eternal Energy দেৱী-শক্তি; যাক আমি নাৰী-শক্তি হিচাপে কল্পনা কৰি পূজা-অৰ্চনা কৰি আহিছোঁ। মাতৃৰ যিদৰে সৃষ্টি কৰিব পৰা শক্তি আছে, সেইদৰে এই সৰ্বশক্তিমান দেৱীৰ সৃষ্টি কৰিব পৰা শক্তি থকা বাবেই তেওঁৰ নাম সৃষ্টিৰূপা। তেৱেঁই জগতজননী-পতিতপাৱনী ঈশ্বৰী, আদ্যাশক্তি কল্যাণী সনাতনী ব্ৰহ্মৰূপিণী। তেৱেঁই বিষ্ণু, তেৱেঁই শিৱ, তেৱেঁই ব্ৰহ্মা, জগৎ সৃষ্টিকাৰিণী, জগৎ পালনকাৰিণী আৰু জগৎ ধবংসকাৰিণী। যোগিনী তন্ত্ৰত শিৱই পাৱৰ্তীক কৈছে—
য়া কালী পৰমা বিদ্যা ব্ৰহ্মৰূপা সনাতনী।
কামাখ্যা সৈব দেবেশি সৰ্ব্বসিদ্ধি বিনোদিনী।।
জগতৰ ত্ৰিশক্তি— ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ কাৰ্যকাৰণৰ ফালৰ পৰা সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু সংহাৰকৰ্তা ৰূপে পৰিচিত হ’লেও শক্তি অবিহনে এই ত্ৰিশক্তিও মূল্যহীন। সেয়ে শক্তি আৰু শক্তিমানৰ মাজত অভেদত্ব স্বীকাৰ কৰা হয়। পৰম পুৰুষ আৰু শিৱ অৰ্থাৎ মহাদেৱ অভিন্ন হোৱাৰ দৰে প্ৰকৃতি আৰু শক্তিও এক আৰু অভিন্ন। ‘শ্বেতাশ্বতৰোপনিষদ’ৰ ৪/১০ শ্লোকত কৈছে—
মায়াং তু প্ৰকৃতিং ৱিদ্যাৎ মায়িনং তু মহেশ্বৰম্‌।
তস্যাৱয়ৱভূতৈস্তু ব্যাপ্তং সৰ্ব্বমিদং জগতৎ।।

বৈদিক যুগৰ পৰাই সমগ্ৰ বিশ্বত এক মহাশক্তিৰ অৱস্থিতি লক্ষণীয় বিষয়। অতি প্ৰাচীনতম বেদ ঋকবেদতেই মহৰ্ষি অভৃনিৰ কন্যা পৰম ব্ৰহ্মৰূপী বাক্দেৱী বাক্‌ নামেৰে ঋষিৰ আদ্যা শক্তিৰূপে আৱিৰ্ভূত হয়। দেৱীসূক্তত তেওঁৰ স্ব-অনুভূতিৰ বৰ্ণনা প্ৰসঙ্গত “ভূৰিস্থাতাং ভূৰ্য়াবেশীয়ন্তীম” ৰূপে অৰ্থাৎ ‘প্ৰাণস্বৰূপে মই বহুভাৱে অৱস্থিতা আৰু সৰ্বভূতত জীৱৰূপে প্ৰৱিষ্ঠা’ বুলি উল্লেখ কৰিছে।

‘শক’ শব্দ ‘ঐশ্চৰ্যবাচক’ আৰু ‘তি’ শব্দ ‘পৰাক্ৰমবাচক’ অৰ্থাৎ যি ঐশ্চৰ্য আৰু পৰাক্ৰমস্বৰূপ হৈ সকলোকে মঙ্গল প্ৰদান কৰে তেওঁৰেই নাম শক্তি। শ্ৰীশ্ৰীচণ্ডীত ‘য়া দেৱী সৰ্ব্বভূতেষু শক্তিৰূপেন সংস্থিতা’ বুলি উল্লেখ কৰিছে। মায়া শক্তিৰ সহায়ত ব্ৰহ্মই এই জগত সৃষ্টি কৰিছে। প্ৰকৃতি নামেৰেও অভিহিত শক্তিৰ প্ৰকৃত অৰ্থ এনেধৰণৰ— ‘প্ৰ’ অৰ্থাৎ প্ৰকৃষ্ট কৃতি অৰ্থাৎ সৃষ্টি, যি দেৱী সৃষ্টি বিষয়ত প্ৰকৃষ্ট অৰ্থাৎ সবৰ্প্ৰধান তেৱেঁই প্ৰকৃতি নামে অভিহিত। বেদত ‘প্ৰ’ শব্দই আদি গুণ অৰ্থাৎ উৎকৃষ্ট সত্ত্বগুণ, ‘কৃ’ শব্দই মধ্যগুণ-ৰজোগুণ, ‘তি’ শব্দই অন্তগুণ অৰ্থাৎ তমোগুণৰ দ্বাৰা নিৰ্দিষ্ট, সেইবাবেই যি শক্তি ত্ৰিগুণ স্বৰূপিনী তেৱেঁই মূল প্ৰকৃতি। আনহাতে ‘প্ৰ’ শব্দই আদি আৰু ‘কৃতি’ শব্দই সৃষ্টি বুজায়, অৰ্থাৎ যি সৃষ্টিৰ আদি তাৰ নামেই প্ৰকৃতি। দেৱীৰ আম এক নাম ভগৱতী। ‘ভগ’ শব্দই সমৃদ্ধি, বুদ্ধি, সম্পতি আৰু যশ বুজায়। শক্তিতে এই সমস্ত বিলীন হৈ আছে বুলিয়ে শক্তিৰ আন এক নাম ভগৱতী। অৰ্থাৎ শক্তি সদায় ভগৰূপা। এই পৰম আদ্যাশক্তিয়েই মহাশক্তিৰ আধাৰ স্বৰূপা। মহাশক্তিৰ আধাৰ দুৰ্গা দেৱী শক্তিৰ অধিষ্ঠাত্ৰী, দুৰ্গতিনাশিনী আৰু সৃষ্টিৰ প্ৰতীক। প্ৰকৃততে দুৰ্গা শব্দৰ অৰ্থ অনেক। যেনে— দুৰ্গ মানে দৈত্য, মহাবিঘ্ন, সংসাৰ বন্ধন, কুকৰ্ম, শোক, দুখ, নৰক, যমদণ্ড, জন্ম, মহাভয় আৰু অতিৰোগ; ‘আ’ কাৰৰ অৰ্থ নাশক অৰ্থাৎ যি দেৱীয়ে এই সকলোবোৰ নাশ কৰে তেৱেঁই দুৰ্গা।

অন্যপ্ৰকাৰে কোৱা হয় ‘দ’ কাৰৰ অৰ্থ দৈত্য আদি দুৰ্গতিসৱৰ নাশক, ‘উ’ কাৰৰ অৰ্থ বিঘ্ননাশক, ‘ৰ’ কাৰৰ অৰ্থ ৰোগ বিনাশক, ‘গ’ কাৰৰ অৰ্থ পাপনাশক আৰু ‘আ’ কাৰৰ অৰ্থ ভয় আৰু শত্ৰনাশক। যাক স্মৰণ, কীৰ্তন বা নাম শুনা মাত্ৰেই এই সকলোবোৰ আহুকাল তৎমুহূৰ্ততে নাশ হয়, গতিকে স্বয়ং নাৰায়ণে নিজ শক্তিৰ নাম দিছে দুৰ্গা। জগতৰ হিতৰ বাবেই এই দুৰ্গা বা বসন্তকালত পূজিত বাসন্তী দেৱীৰ আৱিৰ্ভাৱ হোৱা দেৱী ভিন্ন নামত চিৰপূজিতা। বংগীয় সমালোচক জ্ঞানেন্দ্ৰ মোহন দাসৰ মতে, দুৰ্গা শব্দৰ ব্যুৎপতিগত অৰ্থ হ’ল দুৰ (দুঃখ), গম্ (গমন কৰা) + অ (ৰ্ম্ম) –দুৰ্গ + আ (স্ত্ৰীং), যাক দুঃখত স্মৰণ কৰা যায় কিম্বা যি দুৰ্গ অৰ্থাৎ সঙ্কট হ’লে ৰক্ষা কৰে, তেৱেঁই দুৰ্গা।

দুৰ্গাই বৈকুণ্ঠত মহালক্ষ্মী, গোলোকত ৰাধা, শিৱলোকত শিৱানী, ব্ৰহ্মলোকত সৰস্বতী, দক্ষকন্যা সতী আৰু অংশ কলাৰূপে স্বগৰ্ত দেৱ পত্নীসকলত আৰু মৰ্ত্যত ঘৰে ঘৰে সু-গৃহিনীসৱত বিৰাজমান। তেৱেঁই কালী, কামাখ্যা, মহামায়া, গৌৰী, মংগলা, কালীচণ্ডী, চণ্ডিকা, চামুণ্ডা, নাৰায়ণী, মহিষমৰ্দিনী, বাসন্তী, প্ৰকৃতি, অন্নপূৰ্ণা, শাকম্ভৰী, ব্ৰাহ্মণী, মহেশ্বৰী, উমা, তাৰা, ভুৱনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তা, কল্যাণী আদি অলেখ নামেৰে পৰিচিতা। ভাগৱতত দুৰ্গাক ‘সৰ্বশবৰানাং ভগৱতী’ বুলি কৈছে অৰ্থাৎ তেওঁ সকলো প্ৰকাৰ শবৰ (ব্যাধ বা চিকাৰী জাতি)সকলৰ আৰাধ্যা দেৱী। দুৰ্গাৰ আন এক নাম পৰ্ণশবৰী। প্ৰথম অৱস্থাত দুৰ্গা আছিল নগ্নশবৰী। শবৰসকলৰ দুটা ভাগ— নগ্নশবৰ আৰু পৰ্ণশবৰ। নগ্নশবৰৰ এটা অংশ নগ্ন হৈ আছিল। আনটো দলে লজ্জা নিবাৰণৰ অৰ্থে গছৰ পাত ব্যৱহাৰ কৰিছিল। সেয়ে পৰ্ণশবৰসকলে পূজা কৰা দেৱী গৰাকীক পৰ্ণশবৰী বুলি কোৱা হৈছিল। দশমহাবিদ্যাৰ দশ মূৰ্তিত কালী, তাৰা, ষোডশী, ভুবনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তা, ধুমাৱতী, বগলা, মাতঙ্গী আৰু কমলাৰ নাম পোৱা যায়। ষোডষীৰূপী দুৰ্গাৰ নাম হ’ল— দুৰ্গা, নাৰায়ণী, ঈশানা, বিষ্ণুৰূপা, শিৱা, সতী, নিত্যা, সত্যা, ভগৱতী, সৰ্বানী, সৰ্বমঙ্গলা, অম্বিকা, বৈষ্ণৱী, গৌৰী, পাৰ্ৱতী আৰু সনাতনী। সেইদৰে চৌষষ্ঠী যোগিনীও শক্তিৰেই একোটা একোটা ৰূপ— বিজয়া, মঙ্গলা, ভদ্ৰা, ধৃত্যৈ, শান্তা, শিৱা, ক্ষমা, ওষ্ঠা, সিদ্ধা, উমা, পুষ্টা, শ্ৰী, ৰীদ্ধা, ৰত্যা, দীপ্তা, কালী, যশা, ঐশ্চৰ্যা, বৃদ্ধা, শাক্তা, জয়াবট্ট, ব্ৰাহ্মী, জয়ন্তী, অপৰাজিতা, অমিতা, মানসী, শ্বেতা, মায়া, মহামায়া, দিত্যা, মোহিনী, লালসা, তাৰা, গৌয্যা, শৰণ্যা, কৌশিকী, মত্যা, দুৰ্গা, ক্ৰিয়া, অৰুণা, ঘণ্টা, কপালী, ৰৌদ্ৰা, কালৈ, ময়ুয্য, ত্ৰিনেত্ৰা, কন্ন্যা, স্বৰূপা, বহুৰূপা, ৰিপুহা, অম্বিকা, চৰ্চিকা, কৌমাৰ্য, বৈশ্যা, সুৰপূজিতা, মাহেশ্চয্য, বৈষ্ণৱী, মহালক্ষ্মী, কৌশিকা, কাৰ্তিকা, শিৱদূতী, চামুণ্ডা আৰু জয়া নামৰে পৰিচিতা।

নৱদুৰ্গাৰূপে শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰী, মহাগৌৰী আৰু সিদ্ধিদাত্ৰীৰূপে পৰিচিত। শ্ৰীশ্ৰীচণ্ডীৰ ‘দেৱী কৱচ’ত মা দুৰ্গাৰ ‘নৱ’ ৰূপৰ কথা ব্ৰহ্মাই মাৰ্কণ্ডেয় ঋষিক কৈছিল—
প্ৰথমং শৈল পুত্ৰিতী দ্বিতীয়ং ব্ৰহ্মচাৰিণী।
তৃতীয়ং চন্দ্ৰঘণ্টেতি কুষ্মাণ্ডেতি চতুৰ্থকম।।
পঞ্চমং স্কন্দমাতেতি ষষ্ঠং কাত্যায়নী তথা।
সপ্তমং কালৰাত্ৰিতি মহাগৌৰী অষ্টকম।।
নৱমং সিদ্ধিদাত্ৰী চ নৱদুৰ্গা প্ৰকীৰ্তিতাঃ।
উক্ত্যোন্যেনি নামানি ব্ৰহ্মানৌ মহাত্মনা।।

দুৰ্গাৰ প্ৰথম ৰূপটোৱেই হ’ল শৈলপুত্ৰী। হিমালয়ৰ কন্যাৰূপে জন্ম গ্ৰহণ কৰা বাবে তেওঁৰ নাম শৈলপুত্ৰী। দেৱীৰ সোঁহাতত ত্ৰিশূল, বাওঁহাতত কমল পুষ্প আৰু বৃষভৰ পিঠিত আৰোহিতা। তেওঁ প্ৰথমে শিৱপত্নী আছিল। পিতৃ দক্ষই এক শিৱহীন যজ্ঞ অনুষ্ঠিত কৰি সেই যজ্ঞলৈ সতীক নিমন্ত্ৰণ নকৰাত পিতৃ গৃহলৈ যাবলৈ শিৱৰ অনুমতি বিচাৰিলে। কিন্তু শিৱই অনুমতি প্ৰদান নকৰাত নিজৰ দশমহাবিদ্যা দেখুৱাই অনুমতি লৈ পিতৃগৃহত উপস্থিত হোৱাত দক্ষই শিৱ নিন্দা কৰাত সতীয়ে প্ৰাণ ত্যাগ কৰিলে। ইয়াৰ পিছৰ জন্মত সতীয়েই হিমালয়ৰ জীয়েক উমাৰূপে জন্মগ্ৰহণ কৰিলে। এই গৰাকী নাৰীয়েই হ’ল শৈলপুত্ৰী বা পাৰ্ৱতী। দ্বিতীয়তে, দেৱী ব্ৰহ্মচাৰিণী— ইয়াত ব্ৰহ্ম শব্দৰ অৰ্থ হৈছে তপস্যা। দেৱীয়ে ইয়াত তপশ্চাৰিণী বা ব্ৰহ্মচাৰিণীৰূপে বিদ্যমান। তেওঁ সোঁহাতত জপমালা আৰু বাওঁহাতত কমণ্ডলু ধাৰণ কৰিছে। পাৰ্ৱতীয়ে হিমালয়ৰ কন্যাৰূপে জন্মগ্ৰহণ কৰাৰ পিছত শিৱক পতি হিচাপে পাবলৈ নাৰদৰ অনুৰোধত বহু হাজাৰ বছৰ ধৰি তপস্যা কৰিছিল। আনকি সেই সময়ত তেওঁ গছৰ পাত এটাও ভক্ষণ নকৰাকৈ থকা বাবে তেওঁৰ এটা নাম অপৰ্ণা হ’ল। অৱশেষত পিতামহ ব্ৰহ্মাই দেৱীৰ তপস্যাত সন্তুষ্ট হৈ দৈৱবাণী কৰিলে যে দেৱীৰ তপস্যাত তেওঁ সন্তুষ্ট হৈছে আৰু অতি সোনকালেই তেওঁৰ মনৰ বাসনা পূৰ্ণ হ’ব। দেৱীৰ দ্বিতীয় ৰূপ ব্ৰহ্মচাৰিণীক নৱ দুৰ্গা পূজাৰ দ্বিতীয় দিনা পূজা কৰা হয়।

নৱ দুৰ্গাৰ তৃতীয় ৰূপ চন্দ্ৰঘণ্টা— দেৱীৰ মূৰত ঘণ্টাৰ আকাৰত অৰ্ধচন্দ্ৰ শোভিত হোৱা বাবে দেৱীক চন্দ্ৰঘণ্টা বোলা হয়। এই ৰূপত দেৱী দশভূজা, দশটা হাতত দশ অস্ত্ৰবিশিষ্টা, বাহন সিংহ। চতুৰ্থত দেৱী কুষ্মাণ্ডা ৰূপত আৱিৰ্ভূতা। যেতিয়া সমগ্ৰ পৃথিৱী ঘোৰ অন্ধকাৰত আবৃত আছিল, তেতিয়া দেৱীয়ে ঈষৎ হাঁহিৰে ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছিল, এৱেঁই হ’ল জগতৰ আদ্যশক্তি আদি স্বৰূপা। এওঁ অষ্টভূজা, দেৱীৰ সাতটা হাতত ক্ৰমে কমণ্ডলু, ধনু, বাণ, পদুম ফুল, অমৃতপূৰ্ণ কলহ, চক্ৰ আৰু গদা; আনটো হাতত আছে সকলো প্ৰকাৰ সিদ্ধি আৰু নিধি প্ৰদানকাৰী জপমালা। কোমোৰাক সংস্কৃতত কুষ্মাণ্ড বোলা হয়। দেৱীৰ পূজাত অন্যান্য নৈবেদ্যৰ লগতে কুষ্মাণ্ড তেওঁৰ অতি প্ৰিয় বলি ৰূপে দিয়া হয় বাবে তেওঁক কুষ্মাণ্ডা বুলি কোৱা হয়। নৱৰাত্ৰি পূজাত তেওঁক বিধিপূৰ্বক আৰাধনা কৰা হয়। স্কন্দমাতা দেৱীৰ পঞ্চম ৰূপ। কুমাৰ কাৰ্তিকৰ আন নাম স্কন্দ। এই স্কন্দৰ মাতৃ হোৱা বাবে তেওঁৰ আন এক নাম স্কন্দমাতা। চতুৰ্ভূজা দেৱীয়ে ওপৰৰ হাতৰে স্কন্দক ধৰি আৰু তলৰ হাতখন ওপৰফালে কৰি পদুম ফুল ধাৰণ কৰিছে। বাওঁফালৰ ওপৰৰ হাতখন তলৰ ফালে বৰাভয় মুদ্ৰাৰূপে আৰু তলৰ হাতখন ওপৰলৈ তুলি পদুম ফুল ধাৰণ কৰা অৱস্থাত। দেৱী শুভ্ৰবৰ্ণা আৰু পদুম ফুলৰ ওপৰত উপৱিষ্টা। দেৱীৰ বাহন সিংহ। কাত্যায়নী দেৱীৰ ষষ্ঠৰূপ । কাত্য গোত্ৰত জন্ম গ্ৰহণ কৰা মহৰ্ষি কাত্যায়নে বহু বছৰ ধৰি তপস্যা কৰিছিল যাতে মা ভগৱতীয়ে তেওঁৰ ঘৰত কন্যা ৰূপে জন্মগ্ৰহণ কৰে। তাৰ কিছু কালৰ পাছত দানৱ-অসুৰৰ অত্যাচাৰত পৃথিৱী কম্পমান হোৱাত ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে তেওঁলোকৰ তেজপুঞ্জৰ দ্বাৰা এক দেৱীৰ সৃষ্টি কৰিলে। সেই দেৱীকে সৰ্বপ্ৰথমে কাত্যায়ন ঋষিয়ে আৰাধনা কৰিছিল বাবে দেৱীৰ অন্য নাম কাত্যায়নী হ’ল। দেৱীয়ে কাত্যায়ন ঋষিৰ ঘৰত আহিন মাহৰ কৃষ্ণ চতুৰ্দশীত জন্মগ্ৰহণ কৰি শুক্লপক্ষৰ সপ্তমী, অষ্টমী আৰু নৱমী তিথিত পূজা গ্ৰহণ কৰি দশমীৰ দিনা মহিষাসুৰক বধ কৰে। কাত্যায়নীৰ দেহৰ বৰণ স্বৰ্ণৰ দৰে উজ্জ্বল, চতুৰ্ভূজা, সিংহবাহনা। সোঁফালৰ ওপৰৰ হাত অভয় মুদ্ৰা, তলৰ হাত বৰ মুদ্ৰাত আৰু বাওঁফালৰ ওপৰৰ হাতত তৰোৱাল, তলৰ হাত পদ্মফুল বিশিষ্টা। কালৰাত্ৰী দেৱীৰ সপ্তম ৰূপ। ৰাতিৰ ঘন অন্ধকাৰৰ দৰেই দেৱীৰ বৰ্ণ ক’লা, আউল-বাউল কেশ, ডিঙিত বিদ্যুতৰ দৰে ফুলৰ মালা, ত্ৰিনেত্ৰা। গাধ হ’ল দেৱীৰ বাহন। চতুৰ্ভূজা দেৱীৰ সোঁফালৰ ওপৰৰ হাত বৰদ মুদ্ৰাত, তলৰ হাতখন অভয় মুদ্ৰাত। বাওঁফালৰ ওপৰৰ হাতত লৌহ কাঁটা, তলৰ হাতত আছে খড়্গ। নৱৰাত্ৰিৰ সপ্তম দিনা দেৱীক পূজা কৰা হয়। মহাগৌৰী নৱৰাত্ৰিৰ অষ্টম ৰূপ। দেৱীৰ গাৰ বৰ্ণ সম্পূৰ্ণ গৌৰ। বসন-ভূষণো শ্বেতবৰ্ণৰ। বৃষভবাহন আৰু চতুৰ্ভূজা। সোঁহাতৰ ওপৰৰ হাতখন অভয় মুদ্ৰাত, তলৰ হাতখনত ত্ৰিশূল, বাওঁহাতৰ ওপৰৰ হাতখনত ডম্বৰু আৰু তলৰ হাতখন আছে বৰদ মুদ্ৰাত। শিৱক পতিৰূপে পাবলৈ তেওঁ অতি কঠোৰ তপস্যা কৰিছিল বাবে তেওঁৰ শৰীৰ ক’লা হৈ পৰিছিল। সেয়ে শিৱই তেওঁৰ তপস্যাত সন্তুষ্ট হৈ পৱিত্ৰ গঙ্গাজলেৰে গা ধুৱাই দিছিল বাবে তেওঁ গৌৰবৰ্ণৰ হ’ল আৰু নাম পালে মহাগৌৰী। দেৱীৰ নৱম ৰূপ হ’ল সিদ্ধিদাত্ৰী। এই ৰূপত দেৱীয়ে সকলোকে সিদ্ধি প্ৰদান কৰে বাবে তেওঁৰ নাম সিদ্ধিদাত্ৰী। ‘দেৱীপুৰাণ’ অনুসৰি এই দেৱীৰ কৃপাত শিৱই সকলো প্ৰকাৰ সিদ্ধি লাভ কৰিছিল। দেৱী চতুৰ্ভূজা, পদ্মাসনা আৰু সিংহবাহনা। এওঁৰ সোঁফালৰ তলৰ হাতত চক্ৰ, ওপৰৰ হাতত গদা, বাওঁফালৰ তলৰ হাতত শংখ, ওপৰৰ হাতত পদুম ফুল। নৱদুৰ্গাৰ পূজাৰ নৱম দিনা এই দেৱীৰ পূজা কৰা হয়। দেৱীৰ এই ৰূপেই অন্তিম ৰূপ।

ঋকবেদৰ দশম মণ্ডলৰ ১২৫তম সূক্ত ‘দেৱীসূক্ত’ নামেৰে প্ৰসিদ্ধ। সৃষ্টিৰ আদিতে পৰমাত্মা শ্ৰীকৃষ্ণই বৃন্দাবনৰ ৰাসমণ্ডপত শক্তি পূজা কৰিছিল। তাৰ পৰাই পৃথিৱীত শক্তি পূজা আৰম্ভ হয়। তাৰ পাছত প্ৰজাপতি ব্ৰহ্মাই মধু কৈতভ অসুৰৰ পৰা ভীত হৈ দুৰ্গা পূজা কৰে। মৃত্যুৰ অধিপতি তমোগুণীদেৱ মহাদেৱে ত্ৰিপুৰাসুৰক বধ কৰিবলৈ শক্তি পূজা কৰিছিল। অমৰাৱতীতো দেৱেন্দ্ৰই দুৰ্বাশা ঋষিৰ শাপত পৰি স্বৰ্গ ৰাজ্য হেৰুৱাই ভক্তিভাৱেৰে শক্তি পূজা কৰিছিল। তাৰ পিছত দেৱ-মনুষ্য আদিয়ে দুৰ্গাক পূজিবলৈ আৰম্ভ কৰে। মৃন্ময়ী দুৰ্গা প্ৰতিমা সজাই পোন প্ৰথমে মেধস মুনিৰ শিষ্য সুৰথে সমাধি বৈশ্যৰ সৈতে নৈৰ পাৰত বিধিপূৰ্বক মহাস্নান কৰি বলি আৰু হোমেৰে পূজা কৰিছিল। এই পূজা বসন্ত কালত কৰা বাবে ‘বাসন্তী পূজা’ নামেৰে জনাজাত হয়।

শক্তি পূজাৰ কেন্দ্ৰস্থল ৰূপে অসম অতি প্ৰাচীন কালৰে পৰা বিখ্যাত। তন্ত্ৰসাৰ অনুসৰি সমগ্ৰ কামৰূপ (অসমৰ পুৰণি নাম)খন দেৱীক্ষেত্ৰ নামে জনাজাত। দক্ষযজ্ঞত সতীৰ প্ৰাণ ত্যাগৰ পাছত শিৱই দেৱীৰ মৰাশ কান্ধত লৈ বলিয়াৰ দৰে ঘূৰি ফুৰিছিল। শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰৰে সতীৰ দেহ একাৱন্ন খণ্ডত ভাগ কৰি বিভিন্ন স্থানত পেলাই দিয়াত একোখনকৈ মহাপীঠৰ সৃষ্টি হ’ল। সতীৰ কাম অংশ অৰ্থাৎ যোনিদ্বাৰ কামৰূপ কামাখ্যাৰ নীলাচল পৰ্বতত পৰা বাবে কামৰূপ মহাপীঠৰূপে জনাজাত হ’ল। এই কামৰূপেই মহাপীঠ-মহাক্ষেত্ৰ। “কামৰূপ দেৱীক্ষেত্ৰং কুত্ৰাপী সমং ন চ” (যোগিনী তন্ত্ৰ)। গতিকে সত্যযুগৰ দক্ষ প্ৰজাপতিৰ দিনৰে পৰা অসমত শক্তি পূজাৰ প্ৰচলন আছিল বুলি কব পাৰি। তদপুৰি কুণ্ডিলাধপিতি ভীষ্মক ৰজাৰ দুহিতা ৰুক্মিণী দেৱীয়ে ভগৱান শ্ৰীকৃষ্ণক পতিৰূপে পাবলৈ অন্তঃপুৰত দেৱী পূজা কৰিছিল।

আনহাতে শোণিতপুৰৰ বিখ্যাত হৰিহৰৰ যুদ্ধত বাণ ৰজাক সহায় কৰিবলৈ সকলো শক্তিকে শিৱই আদেশ দিছিল। ‘ব্ৰহ্মবৈৱত্তৰ্ পুৰাণ’ৰ ১১৮/২২-২৩ শ্লোকত কৈছে—
‘উৰ্দ্ধেদুৰ্গা ভদ্ৰকালী চোগ্ৰদণ্ডাচ কোস্তৰী।
বাণং ৰক্ষ মহাভাগে দুৰ্গে দুৰ্গতিনাশিনী।।
কৃষ্ণস্য ভবতী শক্তি স্তেন নাৰায়ণীতিচ।’

সেই বিখ্যাত হৰিহৰৰ যুদ্ধ অসম দেশতেই হৈছিল আৰু বৰ্তমানেও তেজপুৰৰ ভৈৰৱী আৰু মহাভৈৰৱী মন্দিৰত শক্তিৰ পূজা-অৰ্চনা চলি আছে। বাণ আৰু ভীষ্মকৰ সময় দ্বাপৰ যুগ, গতিকে দ্বাপৰতো শক্তি পূজাৰ প্ৰচলন অসমত আছিল। অন্যহাতে অসমৰ বিভিন্ন অঞ্চলত আৱিষ্কৃত দশভূজা, অষ্টভূজা দুৰ্গা-কালী-মনসা আদিৰ প্ৰস্তৰ মূৰ্তিসমূহেই স্পষ্ট প্ৰমাণ দাঙি ধৰিছে যে অতি প্ৰাচীন কালৰে পৰাই অসমত শক্তি পূজা চলি আহিছে। পুৰাতত্ত্ববিদসকলৰ মতে, এই মূৰ্তিসমূহ ৭ম-৮ম শতিকাৰ। নগাঁৱৰ হোজাই, ডবকা, যোগীজান; কাৰ্বি আংলঙৰ বৰগঙ্গা আশ্ৰম; শিৱসাগৰৰ শিৱস্থান আদিতো যিবোৰ শিৱ, দুৰ্গা, পাৰ্ৱতীৰ মূৰ্তি আছে, এই সকলোবোৰ সপ্তম শতিকাৰ পৰা ত্ৰয়োদশ শতিকাৰ ভিতৰৰ বুলি অনুমান কৰিব পাৰি।

অসম বিভিন্ন জনজাতিৰ বসতিপ্ৰধান অঞ্চল। ডিমাচাসকল প্ৰাচীন কালৰে পৰা শাক্তপন্থী আছিল বুলি ইতিহাসে প্ৰমাণ কৰে। তেওঁলোকে ৰণচণ্ডী মূৰ্তিক যুদ্ধৰ সময়ত পূজা কৰে। নৰবলি প্ৰথাও তেওঁলোকৰ মাজত আছিল। শিৱক শিব্ৰাই আৰু দুৰ্গাক মাটংমা নামেৰে পূজা কৰিছিল আৰু প্ৰয়াগ, নবদ্বীপ আদিৰ পৰা ব্ৰাহ্মণ আমন্ত্ৰণ কৰি আনি পূজা কৰিছিল। কাৰ্বি আৰু বড়োসকলেও শক্তি পূজা কৰে। বড়োসকলে ছিব্ৰাই অৰ্থাৎ শিৱৰ লগতে তেওঁৰ পত্নীক ছিবুৰী হিচাপে প্ৰকৃততে প্ৰকৃতিক পূজা কৰে। তেওঁলোকৰ মতে ছিব্ৰাইৰ সৃষ্টি ধবংস হৈছিল। পিছত ছিব্ৰাইৰ লিংগৰূপী পুৰুষ আৰু মাতৃৰূপী ছিবুৰীৰ বিকাশ আৰু দুয়োৰে সহযোগত সৃষ্টি পুনৰ জীৱিত হৈছে। বড়ো-কছাৰীৰ মাজত আগতে মাৰাই (মাৰৈ) দেৱীৰ পূজাৰ প্ৰচলনো আছিল। ডিমাচাসকলে হেৰমডী আৰু ৰাজিনী গাকিবা দেৱী, ৰাভাসকলে বায়খো আৰু তামায় দেৱী, সোণোৱাল-কছাৰীসকলে লখিমী আৰু ভৰলী হাকুবীদেৱী, মেছসকলে বাথু বুঢ়ী, পাহাৰত বাস কৰা কাৰ্বি জনগোষ্ঠীয়ে হাঈমু আৰু ৰাছিন জা নামৰ দেৱীক পূজা কৰে। সেইদৰে তিৱাসকলে বাউলী দেৱীক, আহোমসকলে সুবচনী দেৱীক, খাচীসকলে কা মেইখা দেৱীক আৰু গাৰোসকলে ফজৌ নামৰ দেৱীক পূজা কৰি আহিছে।

অসমৰ উত্তৰ-পূৰ্বাঞ্চলত ত্ৰয়োদশ শতিকাতে চুতীয়া ৰাজ্য আছিল। চুতীয়া ৰজাসকলৰ ৰাজপুৰোহিতসকল শাক্তধৰ্মী হোৱা বাবে শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰত কেঁচাইখাতী গোসাঁনীৰ পূজা হৈছিল আৰু দেৱীৰ সন্মুখত নৰবলি পৰ্যন্ত দিয়া হৈছিল। তাৰ পাছত আহোমসকলে চুতীয়াক পৰাস্ত কৰি অসমত ৰাজ্য বিস্তাৰ কৰাত চুতীয়াসকলৰ নিয়ম মতেই নৰবলি প্ৰথা গ্ৰহণ কৰে।

পুৰণি কামৰূপৰ ৰজাসকলৰ তাম্ৰলিপি, শাসনলিপিৰ ৰজা-মহাৰজাৰ প্ৰশস্তিসূচক শব্দৰ পৰাও ৮ম-৯ম শতিকাত কামৰূপত শক্তিধৰ্মৰ কথা প্ৰকাশ পাইছিল। বনমালদেৱৰ তেজপুৰত পোৱা তাম্ৰশাসনত ‘কামেশ্বৰ-মহাগৌৰী’ৰ প্ৰতি ভক্তিভাৱ প্ৰকাশ (৮ম-৯ম শতিকা), মহাৰাজ ইন্দ্ৰপালৰ তাম্ৰফলিত ‘হৰ-গৌৰী’ৰ সেৱক ইত্যাদি শব্দৰ উল্লেখে সেই সময়ৰ শাক্তধৰ্মৰ প্ৰভাৱৰ কথাকে প্ৰকাশ কৰে। কালিকা-পুৰাণ আৰু যেগিনীতন্ত্ৰৰ প্ৰমাণ উদ্ধৃতিসহ ড. বাণীকান্ত কাকতিদেৱে বিদেহৰাজ জনকৰ পালিত পুত্ৰ নৰক প্ৰাকজ্যোতিষপুৰলৈ আহোঁতে শক্তি পূজা আৰু শাক্তধৰ্ম প্ৰৱৰ্তনৰ ভাব লৈ আহিছিল আৰু তেওঁকেই কামৰূপত শাক্তধৰ্মৰ প্ৰথম প্ৰৱৰ্তক ৰূপে দেখুৱাইছে। দেৱী পুৰাণ শাক্ত ধৰ্মৰ এখন প্ৰামাণ্য গ্ৰন্থ। এই গ্ৰন্থতেই ভৌমপুত্ৰ (ভগদত্ত)ৰ দ্বাৰা কামাখ্যাগিৰিৰ গুহাত দেৱী পূজিত হৈছিল বুলি কোৱা হৈছে—
“সৰ্ব্ব কামাৰ্থ সিদ্ধাৰ্থং খড়্‌গ খেটকধাৰিণী।
কামাখ্যা জামদগ্ন্যেন কিষ্কিন্ধেৎ পৰ্বতেনুতা।।
দেৱী মহেশ্বৰী শত্ৰু পূজ্যতে কাশিকাশ্ৰমে।
সৰ্ব্বকাম সুগিদ্ধ্যৰ্থং মজতে বেদ পৰ্ব্বতে।।
যজেদ ভৌমাত্মজো দেৱীং কামাখ্যেগিৰিকন্দৰে। (দেৱী পুৰাণ ৩/৯৫৬)

‘কালিকা পুৰাণ’ মতে নৰকাসুৰে প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰিছিল আৰু কামাখ্যা মন্দিৰ তথা মন্দিৰলৈ উঠা খটখটি পৰ্যন্ত একে ৰাতিৰ ভিতৰত নিৰ্মাণ কৰি উলিয়াইছিল। তাৰ পাছত বহু শ বছৰ ধৰি শক্তিপীঠ কামাখ্যা মানুহৰ অলক্ষিতে ৰৈ গ’ল। কোঁচবংশীয় প্ৰথম ৰজা বিশ্বসিংহ কামৰূপৰ ৰজা আছিল। তেওঁ বৰ শিৱভক্ত আছিল যদিও দেৱী মন্দিৰত দুৰ্গা প্ৰতিমা স্থাপন কৰি পূজা উপাসনা কৰিছিল। ‘দৰং ৰাজবংশাৱলী’ মতে— “অনন্তৰে বিশুবীৰ (বিশ্বসিংহ) চলি যায় ধীৰে ধীৰে
দুৰ্গাৰ চৰণ মনে ধৰি…।” বিশ্বসিংহৰ দিনতো দুৰ্গা পূজা পূৰ্ণ উদ্যমেৰে চলিছিল। তেওঁৰ পিচতে মল্লদেৱে নৰনাৰায়ণ নাম লৈ ৰাজত্ব কৰি নৰকাসুৰে নিৰ্মাণ কৰি যোৱা কামাখ্যা মন্দিৰ ধবংস প্ৰাপ্ত হোৱাত নতুনকৈ নিৰ্মাণ কৰি শক্তি পূজাৰ প্ৰচলন কৰে। মৃন্ময়ী প্ৰতিমা সাজি পূজা কৰাৰ পৰম্পৰা কোঁচ ৰাজত্বতে আৰম্ভ হৈছিল। সেই সময়ত আহোম ৰজা চুখামফাৰ ৰাজত্বকাল। গৌড়ৰ ৰজাৰ লগত মিত্ৰতা কৰিবলৈ কোঁচ ৰাজ্যত বন্দী হৈ থকা আহোম সৈন্যক মুক্তি দিয়া হৈছিল। সেই বন্দীসকলৰ মাজত থকা সোন্দৰ গোঁহাইৰ মুখত কোঁচ দেশত মৃন্ময়ী দুৰ্গা মূৰ্তিৰ পূজাৰ কথা শুনি ধনশিৰী নৈৰ পাৰৰ মৰঙিয়াল খনিকৰক দুৰ্গা পূজাৰ মূৰ্তি সজা কৌশল শিকি আহিবলৈ পঠালে। তেওঁলোকে শিকি আহি নামডাঙৰ পাৰৰ ভটীয়াপাৰত ১৫২৭ শকত মহাসমাৰোহেৰে ইন্দ্ৰবংশীয় মহাৰাজাই মহামায়া দশভূজা দেৱী দুৰ্গাৰ পূজা আৰম্ভ কৰিলে।

আহোম ৰাজত্ব অসমৰ সামাজিক সাংস্কৃতিক আৰু ধৰ্মীয় ক্ষেত্ৰত এক উল্লেখযোগ্য সময়। যদিও মূলতঃ আহোমসকল টাইধৰ্মী আছিল তথাপি চুডাংফা বামুণী কোঁৱৰৰ দিনত হিন্দু ধৰ্মৰ শালেগ্ৰাম শিলা ৰাজগৃহত স্থাপন কৰি আওপকীয়াভাৱে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। অসমৰ বিভিন্ন স্থানত মঠ-মন্দিৰ, দৌল-দেৱালয় নিৰ্মাণ কৰিলে। নদীয়া, শান্তিপুৰ, কনৌজ আৰু নৱদ্বীপৰ পৰা উপযুক্ত ব্ৰাহ্মণ পণ্ডিত আনি দেৱোত্তৰ, ব্ৰহ্মোতৰ দি সংস্থাপন কৰিলে। ৰুদ্ৰসিংহ যদিও শৈৱধৰ্মী আছিল, তথাপি তেওঁৰ দিনত শক্তি পূজাৰ বাবে ৰাজকোষৰ পৰা ধন-সম্পত্তি দিয়ো অনুপ্ৰেৰণা যোগাইছিল। ৰুদ্ৰসিংহৰ আমন্ত্ৰণক্ৰমে অহা নদীয়া শান্তিপুৰৰ কৃষ্ণৰাম ন্যায়বাগীশ ভট্টাচাৰ্যৰ ওচৰত দীক্ষা গ্ৰহণ কৰিবলৈ নৌপাওঁতেই ৰুদ্ৰসিংহৰ মৃত্যু হোৱাত শিৱসিংহই শাক্তধৰ্ম গ্ৰহণ কৰি জয়সাগৰৰ পাৰত জয়দৌল, দেৱী দ’ল, বিষ্ণু দ’ল আদি সকলো দেৱ-দেৱতাৰ মন্দিৰ সাজি অসমৰ ধৰ্মীয় ইতিহাসত এক নতুন যুগৰ সূচনা কৰিলে। কৃষ্ণৰাম ন্যায়বাগীশ ভট্টাচাৰ্যৰ দ্বাৰা অতীতৰ পৰা চলি অহা পূজা পদ্ধতিৰ সংস্কাৰ কৰি তান্ত্ৰিক পদ্ধতিৰে শক্তি পূজা কৰা প্ৰথা প্ৰচলন কৰে আৰু সেই পূজা পদ্ধতিয়েই আজিও সকলো পূজাত প্ৰচলিত হৈ আছে।

ওপৰৰ আলোচনাসমূহৰ পৰা এইটো প্ৰতীয়মান হয় যে শক্তি পূজা অসমৰ অতি প্ৰাচীন কালৰে পৰা প্ৰবাহমান এক প্ৰক্ৰিয়া। কোনোলোকে এই পূজা-সেৱাৰ প্ৰতি অৱজ্ঞাসূচক বাক্য প্ৰয়োগ কৰিলেও শাক্তধৰ্ম আৰু শক্তিপূজা পৃথিৱীত চন্দ্ৰ-সূৰ্য থাকে মানে চলি থাকিব। আমি সকলো ধৰ্মৰ প্ৰতি সমান দৃষ্টি নিক্ষেপ কৰি এটা সুস্থ-সবল জাতি গঠন কৰাত গুৰুত্ব দিয়া উচিত। শক্তি মাহাত্ম্যই সমাজ জীৱনত একতাৰ ভাব সৃষ্টি কৰক— এয়ে আমাৰ আশা আৰু কামনা।

ওঁ মহিষগ্নি মহামায়ে চামুণ্ডে মুণ্ডমালিনী।
আয়ুৰাৰোগ্যমৈশ্চৰ্য দেহি দেৱী নমোস্তুতে।।«

ছবিৰ উৎস: ফ্লিকআৰ

নীলা চৰাই . কাতি . ১৮ অক্টোবৰ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

AKCA-BRabha-Cover150x80

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

সম্পাদক

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz