যতীন শইকীয়াৰ কবিতা

শব্দ

শেৱালিৰ দৰে এটা সুগন্ধ শব্দ দিয়া
মই তোমাক দিম এটা নিয়ৰ নিয়ৰ কবিতা
গ্ৰীষ্মৰ প্ৰখৰ ৰ'দতো পাবা
তাৰ শীতল স্পৰ্শ
দেহ জুৰাই যোৱা
মন পূৰাই যোৱা।

«
 

অসুখ
(হীৰুদাৰ স্মৃতিত)

তুমি কষ্টত আছা
অদূৰত মই
তোমাৰ কষ্টত ব্যথিত হৃদয়
কোনো সান্ত্বনাৰ বাণীৰে
গুচাব নোৱাৰি মোৰ দুখ

এতিয়া তোমাক হেৰুওৱাৰ দুখতেই
মোৰ অসুখ।

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:
সম্পাদক

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of