নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

শেৱালি কবি ৰত্নকান্ত বৰকাকতীৰ শিশু উপযোগী কবিতা: মহাপুৰুষ [সম্পূৰ্ণ পাঠ আৰু আবৃত্তি]

শেৱালি কবি ৰত্নকান্ত বৰকাকতীৰ শিশু উপযোগী কবিতা: মহাপুৰুষ [সম্পূৰ্ণ পাঠ আৰু আবৃত্তি]

মহাপুৰুষ
কবি: ৰত্নকান্ত বৰকাকতী (১৮৯৭-১৯৬৩)
আবৃত্তি: দোকমোকালি গোস্বামী (৭ বছৰ)


আমাৰ দুজন মহাপুৰুষ
দুজন মাথোঁ হেৰা,
এজন সূর্য, এজন চন্দ্র
অসম পোহৰ কৰা।

সূর্য শঙ্কৰ চন্দ্র মাধৱ
হৃদয় উজ্জ্বল কৰে,
এটিৰ প্রভাত দুটি জ্বলে
আমাৰ ঘৰে ঘৰে!

আমাৰ দুজন মহাপুৰুষ
আন্ধাৰ বিদূৰ কৰে,
আন্ধাৰ গাঁতত সাপৰ মূৰত
মানিক জ্বলাৰ দৰে।

আমাৰ দুজন মহাপুৰুষ
দুজন মাথোঁ হেৰা,
এজন সূর্য এজন চন্দ্র
হৃদয় পোহৰ কৰা।

আমাৰ দুজন মহাপুৰুষ
নমো ভক্তি ভৰে,
ঢালক দুয়ো অমৃত সদায়
আমাৰ ঘৰে ঘৰে।

এই লেখকৰ সকলো লেখা চাওক →
শেৱালি কবি ৰত্নকান্ত বৰকাকতীৰ শিশু উপযোগী কবিতা: মহাপুৰুষ [সম্পূৰ্ণ পাঠ আৰু আবৃত্তি] | সম্পাদনা কক্ষ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব:

শাওণৰ পথাৰ

শাওণৰ পথাৰ

আই

আই