ভা ৰতীয় সাহিত্যৰ পৃষ্ঠাই পৃষ্ঠাই ৰাধাৰ প্ৰেমময় জীৱনৰ কাব্যিক বৰ্ণনা বিদ্যমান। কেৱল প্ৰেমৰ বাবেই নাৰীৰ জীৱনলৈ নামি অহা ঘাট-প্ৰতিঘাটৰ বিভিন্ন ৰূপ, বৈচিত্ৰ্যৰে ৰাধাৰ চৰিত্ৰটি বিভিন্ন সাহিত্য-আকাশত ধ্ৰুৱতৰা স্বৰূপে জিলিকি আছে। কিন্তু মন কৰিবলগীয়া বিষয় এই যে অসমৰ বৈষ্ণৱ কবিসকলে ৰাধাক বিশেষ মান্যতা প্ৰদান কৰা নাই।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ‘কেলিগোপাল’ নাটৰ মূল বিষয়বস্তু শ্ৰীমদ্ভাগৱত পুৰাণৰ পৰা সংগ্ৰহ কৰা হৈছে। ভাগৱতত কৃষ্ণই এগৰাকী নাৰীক লৈ বিভিন্ন কেলি কৰাৰ কথা গোপীসকলে বনৰ মাজত পোৱা চিহ্ন দেখি সন্দেহ কৰিছে; কিন্তু, সেই গোপীগৰাকীৰ নাম মূলত উল্লেখ নাই। ‘কেলিগোপাল’ নাটত শংকৰদেৱে ৰাধা নামটো ব্যৱহাৰ কৰিছে আৰু গোপীসকলৰ মাজৰ পৰা সেই ৰাধাক লৈ কৃষ্ণ অন্তৰ্দ্ধান হোৱাৰ কথা বৰ্ণনা কৰিছে। এই ৰাধাক লৈ বিভিন্ন পণ্ডিতৰ বিভিন্ন মত। কালিৰাম মেধিয়ে ‘অংকাৱলী’ত ৰাধাৰ উপস্থিতি প্ৰক্ষিপ্ত বুলি মত প্ৰকাশ কৰিছে। কাৰণ, অসমৰ বৈষ্ণৱ ধৰ্মৰ পৰম্পৰাই ৰাধা-কৃষ্ণৰ যুগল মূৰ্তিৰ উপাসনাক সমৰ্থন নকৰে। উল্লেখযোগ্য যে উত্তৰ ভাৰতত ৰাধাক কৃষ্ণৰ সৈতে একে নামেৰেই বান্ধি থোৱা পৰিলক্ষিত হয়। মহাপুৰুষ শংকৰদেৱে বাৰ বছৰতকৈ অধিক কাল তীৰ্থ ভ্ৰমণ কৰাৰ কালছোৱাত ৰাধা-কৃষ্ণৰ যুগল উপাসনাৰ প্ৰথাটোত নিশ্চয় দৃষ্টি নিক্ষেপ কৰিছিল আৰু বিচাৰ কৰি ‘কেলিগোপাল’ত ৰাধা চৰিত্ৰটোক আওকাণ কৰিলে কাহিনীভাগে সক্ৰিয়তা লাভ নকৰিব পাৰে বুলিয়েই হয়তো নাটত ৰাধাৰ উল্লেখ কৰিলে। কিন্তু মহাপুৰুষ শংকৰদেৱে নাটত ৰাধাক এক সুকীয়া ব্যক্তিত্বৰ গৰাকী হিচাপে উপস্থাপন কৰা নাই; এগৰাকী সাধাৰণ গোপনাৰীৰ ৰূপতহে অৱতাৰণা কৰাইছে, যি কৃষ্ণৰ প্ৰেমত আসক্ত, আত্ম-অহংকাৰী লৌকিক নাৰী।
গুৰুজনাৰ প্ৰধান শিষ্য শ্ৰীশ্ৰীমাধৱদেৱৰ সৃষ্ট বৰগীত কেইটামানত ৰাধা-কৃষ্ণৰ প্ৰেম চাতুৰীৰ কথা বৰ্ণনা কৰা হৈছে—
গোৱিন্দকু ৰাধা বোলন্ত বাণী
মায়া লাগি গোৱাৰীক ঠামে।… (মাধৱদেৱ)
এই বৰ্ণনাত কোনো প্ৰেমানুৰাগ নাই। ইয়াত আছে শিশু সুলভ দুষ্টালি। মাধৱদেৱে ইয়াত বাৎসল্য ৰসেৰেহে ৰাধা-কৃষ্ণৰ স্নেহ-ধেমালিৰ বৰ্ণনা কৰিছে। কথাখিনি এনেধৰণৰ:
এদিন ৰাধাই পানী আনিবলৈ গৈ কদম গছৰ তলত কৃষ্ণক অকলে শুই থকা দেখি কোনোবা দুষ্টই কৃষ্ণক মাৰি-ধৰি গাৰ অলংকাৰবোৰ কাঢ়ি নিব বুলি ভাবি কৃষ্ণ শুই থকা অৱস্থাতেই মনে মনে অলংকাৰবোৰ সোলোকাই আঁচলত লুকাই থৈ কৃষ্ণক টোপনিৰ পৰা জগাই ভাও জুৰি অলংকাৰৰ কথা সোধাত কৃষ্ণই একো উত্তৰ দিব নোৱৰাত ঘৰলৈ আহি সকলো কথা বৰ্ণনা কৰি যশোদাক অলংকাৰসমূহ গতাই দিলে। অলংকাৰ হেৰুওৱাৰ ভয়ত ঘৰলৈ নহাত মাকে বিচাৰি গৈ কৃষ্ণক লগ ধৰি সোধাত কৃষ্ণই ৰাধাক দোষ দি মিছা মাতিলে। তেতিয়া ৰাধাই খঙত খেদি আহি কৃষ্ণক ভৰ্ৎসনা কৰিবলৈ ধৰিলে—
ভূষণ প্ৰাণ হামু তেৰি ৰাখলো
হামাৰি ঐছন দোষ।
হামু বাত পুছিতে নাহি উত্তৰ
ৰহলি কয় থোষমোষ।। (মাধৱদেৱ)
শংকৰী যুগৰ অন্য এক বিশিষ্ট কবি ৰাম সৰস্বতীয়ে জয়দেৱৰ ‘গীত গোবিন্দ’ৰ পদানুবাদ কৰোঁতে কথা আৰু বৰ্ণনাৰ লগত ভাগৱতৰ ৰাস ক্ৰীড়াৰ কথাও সুমুৱাই দি বৈষ্ণৱসকলৰ আদৰণীয় কৰিবলৈ চেষ্টা কৰিছে—
ৰাত্ৰিত সুতসে আতি ডৰিব কানায়।
কৃষ্ণক ঘৰক লাগি নিয়ো ৰাধাৰায়।।
সহজে কৃষ্ণত মন ৰাধিকা সুৰত।
সিন্ধি চাই ফুৰন্তে দুৱাৰে পাইলা পথ।।
ৰাধিকা কৃষ্ণক লৈয়া গৈলা ধীৰে ধীৰে।
ৰাস ক্ৰীড়া আৰম্ভিলা নিকুঞ্জ মন্দিৰে।।
এটা কথা স্পষ্ট যে বৈষ্ণৱ কবিসকলৰ পদাৱলীত আমি ৰাধা চৰিত্ৰৰ প্ৰকাশ ঘটা দেখা নাপাওঁ। কিন্তু উল্লেখনীয় যে ৰাধা-কৃষ্ণৰ প্ৰেম-বৈচিত্ৰ্য প্ৰকাশত বিশেষকৈ গৌড়ীয় বৈষ্ণৱ দৰ্শনে প্ৰভাৱ বিস্তাৰ কৰিছে। শংকৰোত্তৰ যুগত কলাপচন্দ্ৰ দ্বিজে ‘ৰাধা চৰিত’ নামৰ এখন সৰু কাব্য ৰচনা কৰে, য’ত ৰাধা পৰকীয়া প্ৰেমত মত্তা কাম চঞ্চলা যুৱতী নহয়, তেওঁ কৃষ্ণভক্তিত গদগদচিত্তা ভক্তা। কৃষ্ণৰ মুখত ৰাধাৰ প্ৰশংসা শুনি ঈৰ্ষান্বিতা ৰুক্মিণীয়ে যেতিয়া উদ্ধৱক বৃন্দাবনলৈ ৰাধাক চাবলৈ পঠিয়াইছিল, তেতিয়া উদ্ধৱে গৈ দেখে যে মুখেৰে ৰামনামৰ ধ্বনি নিগৰাই এখন আসনত বহি ৰাধা, কৃষ্ণ চিন্তাত মগ্ন হৈ আছে।
আছন্ত আসনে বসি ৰাধিকা গোসাঁনী।
সদায়ে নাছৈড়ে মুখ ৰাম কৃষ্ণ বাণী।। (ৰাধা চৰিত)
শংকৰোত্তৰ যুগৰ শৃংগাৰ ৰসাত্মক গীতসমূহৰ এটি বৈশিষ্ট্য হৈছে ৰাধা চৰিত্ৰৰ প্ৰাধান্য। বিৰহিনী গোপীৰ প্ৰেম গোপাল আতাই প্ৰকাশ কৰিছে এনেদৰে—
আহে শুন মধুকৰ হে
বুজলো তোহাৰ অভিপ্ৰায়
হামাৰি পাশক দূত কৰি তোক ষট পদৰে
জানিলোহে পঠাইলা মধাই।।
বিৰহিনী ৰাধাৰ বিৰহ শ্ৰী ৰাম আতাই বৰ্ণনা কৰিছে যে কৃষ্ণৰ অবৰ্তমানত চাৰিওফালে অন্ধকাৰ দেখা, জীৱ উৰি যোৱা প্ৰেমিকাৰ অৱস্থা ৰাধাই কৃষ্ণ সখা উদ্ধৱৰ আগত দাঙি ধৰিছিল।
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৃষ্ণ-ৰাধা বিষয়ক কেইবাটাও ৰসাল কবিতা ৰচনা কৰিছে। যিমান দূৰ সম্ভৱ এই ক্ষেত্ৰত কবি হয়তো বাংলা বৈষ্ণৱ পদাৱলীৰ কৃষ্ণপ্ৰেম ধৰ্ম গীতৰ দ্বাৰা প্ৰভাৱিত হৈছিল।
বৃন্দাবনতে কোনে বাঁহী বায় এহে
আমি শুনি গ’লোঁ ধ্বনি হে।
নাকে বাঁহী বায়, আঙুলি বুলাই এহে
ৰাধা ৰাধা বোলে বাণী হে।।
বেজবৰুৱাৰ ‘বাঁহী’ কবিতাটিৰ মাজেৰে ৰাধা-কৃষ্ণৰ প্ৰেমৰ এখনি সুন্দৰ চিত্ৰ প্ৰতিফলিত হৈছে। কৃষ্ণৰ বাঁহীৰ সুৰে শত শত গোপীকে ধৰি কৃষ্ণ ভক্তিত নিমজ্জিত ৰাধাক ঘৰত ৰাখিব নোৱাৰে। কৃষ্ণৰ বাঁহীৰ সুৰে ৰাধাক কেনেদৰে লাজ-মান নেওচা দিয়াই কৃষ্ণৰ প্ৰতি আকৰ্ষিত কৰিছে, তাকে কবিতাৰ মাজেৰে প্ৰকাশ পাইছে।
কোনেনো বজাইছে বাঁহী সন্ধিয়া বেলিকা
কোনেনো সুৰেৰে মাতে ৰাধিক ৰাধিকা।
বাণীকান্ত কাকতিদেৱে তেওঁৰ ‘শ্ৰী ৰাধা চৰিত্ৰ’ত মহাপুৰুষ মাধৱদেৱ, ৰাম সৰস্বতী আৰু কলাপচন্দ্ৰৰ সাহিত্যত ৰাধাই কিদৰে ঠাই পাইছে তাৰ পুংখানুপুংখ বিৱৰণ দিয়াৰ ওপৰিও তেখেতে উল্লেখ কৰিছে যে এই প্ৰসিদ্ধ সাহিত্যিকসকলৰ সেই বিশেষ বৰ্ণনাসমূহলৈ মন কৰিলেই অসমীয়া সাহিত্যত কল্পিত ৰাধা চৰিত্ৰৰ পূৰ্ণ ৰূপ উপলব্ধি কৰিব পাৰি। কাকতিদেৱে উল্লেখ কৰা মতে জীৱনৰ ভিন্ন ভিন্ন অৱস্থাৰ স্বাভাৱিক ভাবৰ আকৰ্ষণ অনুসাৰে ৰাধিকা তাৰকাই কৃষ্ণ চন্দ্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰিছে।
ভাষাতত্বৰ কিছু কথা লক্ষ্য কৰিলে অনুমান হয় যে ৰাধা-কৃষ্ণৰ প্ৰেমকাহিনী পোন প্ৰথমে হয়তো লোকায়ত পটভূমিতহে পৰিব্যাপ্ত হৈ পৰিছিল। ভাষাতত্বৰ ইংগিত মতে মহাভাৰতৰ বিভিন্ন চৰিত্ৰত নামবোৰ তৎসম ৰূপে প্ৰচলিত। কিন্তু কানু বা কানাই, ৰাই(ৰাধিকা), গোই ইত্যাদি নামবোৰ তদ্ভৱ ৰূপেই পোৱা যায়। অৰ্থাৎ লোকসমাজৰ লোকসাহিত্যত কৃষ্ণৰ ব্ৰজলীলাৰ কাহিনী বিশেষভাৱে প্ৰচলিত আছিল বুলি ধাৰণা কৰিব পাৰি। হৰ-গৌৰীৰ কাহিনী জনসাধাৰণৰ মাজত যেনেদৰে আদৰ্শৰ কাহিনী, ঠিক তেনেকৈ ৰাধা-কৃষ্ণৰ কাহিনীও জনমানসক পবিত্ৰ প্ৰেমৰ স্বৰেৰে আহ্লাদিত কৰিব পৰা এক সজীৱ কাহিনী। ফলত অতি প্ৰাচীন সময়ৰ পৰাই ৰাধা-কৃষ্ণৰ কাহিনী ভাৰতৰ বিভিন্ন অঞ্চলত লোকায়ত পটভূমিত পৰিব্যাপ্ত হৈ পৰিছিল। ইয়াত প্ৰধান ভূমিকা গ্ৰহণ কৰে লোকগীতে। কাৰণ, লোকগীত হ’ল গ্ৰাম্য সভ্যতা আৰু সংস্কৃতিৰ ধাৰক আৰু বাহক। অসমীয়া সাহিত্যতো এনে বহু লোকগীতৰ কথা পোৱা যায়, যিবোৰ অসমৰ চহাপ্ৰাণে আদৰি লৈছে।
কৃষ্ণ-ৰাধাৰ প্ৰেম কাহিনীয়ে গোৱালপৰীয়া লোকগীতৰ ভঁৰাল চহকী কৰি ৰাখিছে। কৃষ্ণৰ বাঁহীৰ মাত শুনি বাউলী ৰাধাই নিজৰ মন ঘৰৰ কাম-বনত বান্ধি ৰাখিব নোৱাৰি কৈছে—
কানাই আৰ নাবাযান বাঁশুৰী
তোৰ বাঁশীৰ সুৰে মন বান্ধিতে নাপাৰি।
কৃষ্ণ মথুৰালৈ যাওঁতে ৰাধাৰ মনৰ বেদনা কামৰূপী লোকগীততো অতি সুন্দৰকৈ উপস্থাপন কৰা হৈছে—
অ’ সুন্দৰী ৰাধে মাই
বৃন্দাবন চাৰিয়া কৃষ্ণ মথুৰা যায়।
লোকগীতৰ অন্যতম বিভাগ অসমীয়া বিবাহ উৎসৱৰ গীতসমূহতো ৰাধাক বিচাৰি পোৱা যায়। পানী তুলি উভতি আহোঁতে গোৱা বিয়ানামত ৰাধা চৰিত্ৰৰ উল্লেখ মন কৰিবলগীয়া।
ফুল চন্দন তুলসী
ভৰিল নে নভৰিল ৰাধা তোমাৰ কলসী।
পানী তুলি ৰাধা— ফুল চন্দন তুলসী,
উভতি নাচাবা— ফুল চন্দন তুলসী
সাগৰে আহিব ঘূৰি হে, ফুল চন্দন তুলসী
ভৰিল নে নভৰিল ৰাধা তোমাৰ কলসী।।
❧ | আৰু পঢ়ক: ভাওনা: অসমীয়া সংস্কৃতিৰ গৌৰৱময় স্বৰ্ণসৌধ
এই আলোচনাসমূহৰ পৰা এটা কথা স্পষ্ট যে অসমীয়া সাহিত্যত ৰাধা আৰু কৃষ্ণৰ প্ৰেমৰ মাজত ভক্তিৰস সদায় বিদ্যমান। যিদৰে ভগৱান থাকিলেহে ভক্ত থাকে, সেইদৰে ভক্তইহে ভগৱানৰ মাহাত্ম্য উদ্ভাসিত কৰে। ভগৱান-ভক্তৰ প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন অসমীয়া সাহিত্যৰ ৰাধা-কৃষ্ণৰ মাজত পৰিলক্ষিত হৈছে। অসমীয়া সাহিত্যৰ অধিকাংশতেই ৰাধা এক ভক্তা স্বৰূপে প্ৰকাশ পাইছে, যাৰ অন্তৰত ভগৱৎ প্ৰেমৰ এখন বিশাল নৈ প্ৰবাহমান। ভগৱান ভক্তৰ অধীন,— কৃষ্ণ আৰু ৰাধাৰ সম্পৰ্কইও হয়তো তাৰেই নিদৰ্শন দাঙি ধৰিব খোজে।
প্ৰসংগ পুথি:
১. বেজবৰুৱাৰ ৰচনাৱলী, সম্পা: ড° নগেন শইকীয়া
২. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, ড° সত্যেন্দ্ৰনাথ শৰ্মা
৩. বাণীকান্ত ৰচনাৱলী, সম্পা: ড° মহেশ্বৰ নেওগ
৪. অংকাৱলী, কালিৰাম মেধি
৫. অসমীয়া সংস্কৃতি, ড° লীলা গগৈ