নদী নদী কিছু কথা

আকাশৰ তলুৱাতে থাকে নদী
নদীত থাকে
অন্তহীন অমৃতময় সেউজ আত্মা

নদী মানেই স্বপ্ন, বীজ
অনন্ত কাল নিৰৱধি

নদীখন আমাৰ ইয়াত বাবেই
ইয়াত নাই মৰুভূমি
আৰু নাই পানী পানী সেই চিঞৰ
কেকটাচৰ শুকান স্তন চুহি

আমাৰ নদী খলবল
ঠেহ নলগাবা
ওফোন্দা মেঘৰ ছাতিৰ তলত
বোবা হ’লেই সময়
এই যে মোৰ চিনাকি নদীয়ে
চেলেকি তিয়াব চহৰ
আৰু বহুদিনলৈ খিক্‌খিকাই হাঁহিব।

নদী মানেইতো মুকলি আৰু বেদুইন
বৈয়ে যায়, বৈয়ে যায়
বৈ থাকক নদী
পল অনুপলৰ ই যে স্পৰ্শ সত্য

পিছ দুৱাৰত নদী থৈ
এক-দুই-তিনি আঙুলিৰে বিস্তৃতি ধৰি
নদীক শুৱাই থ’ব নোৱাৰি

এদিন নদীয়ে জীয়া জোন লৈ
ইকৰাৰ জলঙাৰে হেলনীয়া সময় লৈ
শৃংখলাৰ নেওতা পাহৰি
চিকাৰ কৰিব,
চহৰ… গাঁও… ইত্যাদি
আৰু আমি দৌৰি ভাগৰিম
আৰু হেৰুৱাম
তেতিয়া প্ৰাৰ্থনাবোৰো
শুকাই যাব,
ভ্ৰূ কোঁচাই নদীয়ে তেতিয়া নতুন বাট ল’ব
নদী খনে আমাক আপোন বুলি পাহৰিব!

বন্দী কৰি নদীক প্ৰাৰ্থনাৰ প্ৰয়োজন নাই
নদীয়ে নাচোন,
সাজোঁন-কাঁচোন মুঠেও নাপাই ভাল
নিয়ম ভাঙিলেই নদী হয় মহাকাল

নদীৰ খিৰিকিবোৰ খুলি দিয়া
আমাকেই দিব উপহাৰ
নদীৰ দুৱাৰ খুলি দিয়া, আমাকেই দিব
কণ্ঠ, বাট, অৰ্থ…
নদীয়েইতো আমাৰ সভ্যতাৰ সাক্ষী

নদী নদীৰ দৰে থাকক
নিয়ম ভাঙি নতুন নিয়মৰ কিয়ইবা প্ৰয়োজন
নদী নদীৰ দৰে থাকিলে
নদী কুশলে থাকিব
সকলোৱেই শুভ হ’ব

ৰাশি ৰাশি প্ৰাৰ্থনাৰ কিয়ইবা প্ৰয়োজন
নদীক যদি নদী কৰি ৰাখোঁ

আচলতে মূল কথা এয়ে যে
আমি অলপ মানুহৰ দৰে হৈ পৰিলেই
নদী আমাৰ হ’ব

বি:দ্ৰ:
পাহাৰৰ ৰঙা মাটিয়েও সামৰিব নোৱাৰে নদীৰ ক্ৰোধ,
নদীৰ বুকুত সাহসৰ হিচাপ নকৰিব
ওখ মানুহৰ ওখ ঘৰবোৰো সাৰি নাযাব
আৰু থৰক বৰক কৰি থৈ যাব পাৰে
ৰজাৰ ওখ চকীখন
নদীক লৈ নকৰিব ৰজা ভঙা-পতাৰ খেল
নদীয়ে ৰজা নিচিনে…

আপোনাৰ আৰু ভাল লাগিব পাৰে:

দেৱজ্যোতি শইকীয়া

কলিয়াবৰ

Leave a Reply

Be the First to Comment!

avatar