বিষণ্ণতাৰ এজাক বৰষুণত ৰাতিটো তিতিছে

প্ৰকাশ: ২১ এপ্ৰিল, ২০১৮ | অন্তিম সম্পাদনা: ২০ এপ্ৰিল, ২০১৮

বিষণ্ণতাৰ এজাক বৰষুণত ৰাতিটো তিতিছে
বুকুখন সেমেকিছে,
বতাহত তীব্ৰ এটা সেমেকা গোন্ধ।

ওৰে ৰাতি আকাশৰ তৰাবোৰ উজাগৰে থাকি
মোক সোঁৱৰাই দিছে
তোমাৰ ওঁঠৰ স্পৰ্শত লাগি থকা মৰমবোৰ
স্ফটিকৰ দৰে,
ঈৰ্ষান্বিত কৰিব পৰাকৈ
এদিন সেইবোৰ জিলিকি আছিল।

তুমি নকলেও মই জানিছিলো
মৰম কেতিয়াও অভিনয় নহয়,
দুখন হৃদয়ৰ আবদাৰ
ইজনে সিজনৰ বুকুত হেৰাই যোৱাৰ তাড়না,
সেইবোৰ জানো ভাল পোৱা নাছিল?

বিষণ্ণতাৰ এজাক বৰষুণত ৰাতিটোৱে উচুপিছে,
এসাগৰ ভালপোৱা পপীয়া তৰাটোৰ দৰে
হঠাৎ জানো খহি পৰিব পাৰে!
তুমি আঁতৰি যোৱাৰ বাবে নে তোমাক হেৰুওৱাৰ বাবে
কোনেও নেদেখাকৈ, কোনেও নুশুনাকৈ
বুকুখনে উচুপে।

শুকান এখন বাগিচাত ধূসৰ হৈ পৰা
সপোনবোৰ মৰহি যোৱা দেখি
হৃদয় ব্যথিত হয়,
সাগৰৰ দৰে নীলাভ চকুজুৰি
উত্তাল সমুদ্ৰত কঁপি কঁপি বিলীন হৈ যায়
এটা ছাঁৰ দৰে।

ঢৌবোৰ এতিয়া বুকুতে উঠে, বুকুতে খহে।

লেখকৰ ঠিকনা: তিনিচুকীয়া-৭৮৬ ১২৫

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts