ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্প ‘বৰ্ণবোধ’

ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্প ‘বৰ্ণবোধ’
  • 06 Jul, 2022

ৰা মধেনু যুগৰ প্ৰতিষ্ঠিত গল্পকাৰসকলৰ ভিতৰত ড° ভবেন্দ্ৰ নাথ শইকীয়াই এখন বিশেষ আসন অধিকাৰ কৰি আছে৷ ১৯৪৭ চনত, হাইস্কুলত পঢ়ি থকা অৱস্থাতে তেওঁ ‘উদয়’ নামৰ আলোচনী এখনত ‘পথ নিৰূপন’ নামৰ এটি গল্প লিখিছিল৷ তেতিয়াৰ পৰা মৃত্যুপৰ্যন্ত তেওঁ গল্প ৰচনাত ব্ৰতী হৈ আছিল। তেওঁৰ প্ৰকাশিত গল্প সংকলনসমূহ হৈছে— ‘প্ৰহৰী’, ‘বৃন্দাৱন’, ‘গহ্বৰ’, সেন্দূৰ’, ‘শৃংখল’, ‘তৰংগ’, ‘এই বন্দৰৰ আবেলি’, ‘ভবেন্দ্ৰনাথ শইকীয়াৰ শ্ৰেষ্ঠ গল্প’, ‘আকাশ’, ‘উপকণ্ঠ’ আৰু ‘সান্ধ্যভ্ৰমণ’৷ ইয়াৰ উপৰি ২০০৬ চনত অসমৰ আগশাৰীৰ পুথি প্ৰকাশক ‘বনলতা’ই প্ৰকাশ কৰি উলিয়াইছে তেওঁৰ ৮৮টা গল্পৰ একত্ৰ সংকলন ‘ভবেন্দ্ৰনাথ শইকীয়াৰ গল্পসমগ্ৰ’৷

ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্পত বৰ্ণনাৰ চমকপ্ৰদ উপস্থাপন পোৱা যায়৷ বিষয়বস্তুৰ সকলো কথাই তেওঁ খুঁটি-নাটি মাৰি বৰ্ণনা কৰে৷ সৰু সৰু কথাৰ ওপৰত এনেদৰে দৃষ্টি নিবদ্ধ কৰে যে তাৰ আঁৰত লুকাই থকা বহল প্ৰেক্ষাপট পঢ়ুৱৈৰ আগত স্পষ্ট হৈ পৰে৷ মন কৰিব লগা যে ড° শইকীয়াই গল্পৰ মাজেৰে তেওঁৰ নিজা ধাৰণা কেতিয়াও পাঠকৰ আগত জোৰকৈ দাঙি ধৰিব বিচৰা নাই। তেওঁৰ গল্পৰ কাহিনীৰ গতিধাৰা সৰল নহয় যদিও পাঠকৰ উৎসুকতা ধৰি ৰাখিব পৰাকৈ সবল৷ তেওঁৰ গল্পত ব্যক্তিচৰিত্ৰৰ বৈচিত্ৰ্যময়তা লক্ষ্য কৰা যায়৷

ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ আগবয়সৰ গল্পবোৰত এক ৰোমাণ্টিক চেতনাই প্ৰচ্ছন্নভাৱে ক্ৰিয়া কৰা দেখা যায়৷ পূৰ্বৱৰ্তী ৰোমাণ্টিক গল্পকাৰসকলৰ সৈতে তেওঁৰ গল্পৰ পাৰ্থক্য এয়ে যে ড° শইকীয়াই ৰোমাণ্টিক গল্পকাৰসকলে এৰি যোৱা বিন্দুত তেওঁৰ গল্প আৰম্ভ কৰিছে৷ তদুপৰি এনে গল্পবোৰত ৰোমাণ্টিক পৰিস্থিতিৰ বাস্তৱ ৰূপায়ণ পোৱা যায়৷ স্থান বিশেষে নাটকীয় দৃষ্টিভঙ্গী পৰিলক্ষিত হয়৷ নাট্যধৰ্মী বচনভঙ্গী আৰু পৰিৱেশ সৃষ্টিৰ মাধুৰ্যৰ বাবে ড° ভবেন্দ্ৰনাথ শইকীয়াৰ গল্পই আজিকোপতি পাঠক সমাজৰ সমাদৰ লাভ কৰি আহিছে৷

‘বৰ্ণবোধ’ ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ এটা বহুলপঠিত জনপ্ৰিয় গল্প৷ অতি সাধাৰণ মানুহৰ বিষয়েও শইকীয়াই অসাধাৰণ গল্প ৰচনা কৰিছিল৷ ‘বৰ্ণবোধ’ গল্পৰ মূল চৰিত্ৰ তিনিটা বনকৰা ল’ৰা-ছোৱালী৷ দুগৰাকী বাইভনী কুন্তলা আৰু মাখনী ঘৰলৈ আহিছে সৰু ভনীয়েক চিত্ৰাৰ বিবাহ উপলক্ষে৷ মাখনীৰ ল’ৰা মণ্টুক ৰাখিবলৈ তাইৰ বনকৰা ছোৱালী পাটগাভৰু জয়ন্তীও আহিছে৷ কুন্তলাৰ ছোৱালী কাজলক ৰাখিবলৈ কম বয়সীয়া বনকৰা ছোৱালী ৰমা আহিছে আৰু গজেন হ’ল তেওঁলোকৰ পিতৃগৃহত কাম কৰা ল’ৰা, সি কিছু ধেমেলীয়া৷

বিয়াঘৰত পষেককাল একেলগে থাকি সিহঁত তিনিওটাৰে হোৱা অভিজ্ঞতাৰ আলমত গল্পৰ কাহিনীভাগ আগবাঢ়িছে৷ তিনিওটা সাধাৰণ চৰিত্ৰ ড° শইকীয়াই তেওঁৰ তীক্ষ্ণ পৰ্যৱেক্ষণৰ সহায়ত মননশীল ৰূপত অংকন কৰিছে৷ বিয়াঘৰত কোলাৰ পৰা এখন্তেকো ননমা মণ্টুক লৈ হোৱা জয়ন্তীৰ দুৰৱস্থাৰ ছবি অংকনত ড° শইকীয়াই তেওঁৰ পৰ্যৱেক্ষণ ক্ষমতাৰ চুড়ান্ত পৰিচয় দিছে৷

ৰমাই জয়ন্তীক ‘বাইদেউ’ বুলি মতাত তাইৰ অন্তৰাত্মা জিকাৰ খাই উঠিছিল৷ তাই কুশল উকীলৰ ঘৰত দুটা ল’ৰা-ছোৱালীক ডাঙৰ-দীঘল কৰিছিল৷ সিহঁতে তাইক তাই আশা কৰা মতে ‘বাইদেউ’ নুবুলিলে৷ মুন্নাইও বায়েককহে বাইদেউ বুলি মাতিবলৈ শিকিলে, জয়ন্তীক ‘জন্তী’ বুলি মাতিবলৈ ল’লে৷ ড° শইকীয়াই এইদৰে অতি নিমাখিত ছোৱালী এজনীৰো সূক্ষ্মতাৰ তাঁৰত কঁপনি তুলিবলৈ সক্ষম হৈছে৷ দুসপ্তাহ ধৰি এই বনকৰা ল’ৰা-ছোৱালীকেইটা একেলগে থকাত সিহঁতকেইটা পৰস্পৰে ওচৰ চাপি আহিছিল৷ ৰমাই অলপ লিখা-পঢ়া জানে৷ তাই সিহঁতহালক চিঠি দিয়াৰ কথা কৈছিল আৰু তাৰে প্ৰস্তুতি হিচাপে সিহঁতক বৰ্ণবোধ কৰাইছিল৷ জয়ন্তীয়েও ক-টো লিখিব পৰা হৈছিলগৈ৷ ৰমাই গজেনৰ হতুৱাই পোষ্টকাৰ্ড অনাই পোষ্টকাৰ্ড দুখনত তাইৰ আৰু গজেনৰ ঠিকনা লিখি জয়ন্তীৰ হাতত দিছিল৷

বিয়া শেষ হ’ল, বিয়াঘৰ নিজম পৰিল৷ গল্পটোৰ ক্লাইমেক্স গজেন, ৰমা আৰু জয়ন্তী ঘৰাঘৰি যোৱাৰ আগদিনাৰ গধূলি৷ সেইদিনা গধূলিতে কাৰেণ্ট গ’ল৷ বিয়াঘৰৰ ভাগৰুৱা মানুহবোৰ আৰু লাইটৰ মিস্ত্ৰী বিচাৰি ওলাই নগ’ল৷ সন্ধিয়াৰ পাছতে কেঁচুৱাবোৰৰ লগতে ডাঙৰবোৰৰো কোনো সাৰ-সুৰ নোহোৱা হ’ল, কেৱল কলৰ পাৰত লেম এটা আৰু কাঁহি-বাটি এদ’ম লৈ বহিল জয়ন্তী, ৰমা আৰু গজেন৷ এবাৰ এন্ধাৰৰ সুযোগ লৈ গজেনে জয়ন্তীক সুধিলে— ‘মই তোক কথা এটা কওঁনে জয়ন্তী?’ পিছে সেই কথাটো জয়ন্তীক আৰু তাৰ কোৱা নহ’ল৷

পাছদিনা ৰমা আৰু জয়ন্তী ঘৰাঘৰি গ’ল৷ জয়ন্তীৰ মনটো উৰুঙা উৰুঙা লাগিল৷ এদিন ৰাতি মাখনীৰ ঘৰত অকলশৰীয়া কোঠাটোত ইকাটি-সিকাটি কৰি তাই চিঠি লিখিবলৈ বহিল, কাৰণ সেইদিনা তাইৰ নামত ৰমাৰ পৰা অহা চিঠিখন বাইদেৱেকে তাইক পঢ়ি শুনাইছিল৷ ৰমাই যিমানখিনি পঢ়িব পাৰে, তাই সিমানখিনি লিখিব নোৱাৰিব৷ তাই ৰমাৰ নাম লিখা পোষ্টকাৰ্ডটো আতঁৰাই গজেনৰ ঠিকনা লিখা পোষ্টকাৰ্ডটো তুলি ল’লে৷ গজেনে তাইক সুধিছিল— ‘মই তোক কথা এটা কওঁনে জয়ন্তী?’, সি আকৌ সুধিছিল— ‘কওঁনে কথা এটা?’ অলপীয়া পোহৰত কলমটো ঘহাঁই ঘহাঁই তাই জনা একমাত্ৰ আখৰটো লিখিলে— ‘ক’৷ এয়াই আছিল গজেনে সোধা প্ৰশ্নটোৰ উত্তৰ৷ লেখক ড° শইকীয়াই অবিস্মৰণীয় ভাষাৰে এনেদৰে গল্পটোৰ সামৰণি মাৰিছে— ‘পৃথিৱীৰ অজস্ৰ ভাষাৰ অযুত বিননি সেই এটা আখৰৰ বিন্দুৱে বিন্দুৱে সোমাই গ’ল৷’

ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্পৰ নামকৰণো তাৎপৰ্যপূৰ্ণ৷ শিৰোনামে সদায় কথাবস্তুৰ ইংগিত বহন কৰে৷ ‘বৰ্ণবোধ’ শব্দৰ অৰ্থ হৈছে আখৰৰ ধাৰণা৷ আখৰৰ চিনাকি বা আখৰ সম্পৰ্কীয় ধাৰণাৰ ভিত্তিত ড° শইকীয়াই ‘বৰ্ণবোধ’ গল্পটো ৰচনা কৰিছে৷ নিৰক্ষৰ এজনী ছোৱালীয়ে বৰ্ণমালাৰ ক আখৰটো লিখিবলৈ শিকিয়েই তাইৰ হৃদয়ৰ সমস্ত আকূতি সেই আখৰটোৰ মাজেৰে প্ৰকাশ কৰিছে৷ সেইদিশৰ পৰা গল্পটোৰ ‘বৰ্ণবোধ’ নামটো যথেষ্ট অৰ্থব্যঞ্জক৷ অন্যহাতেদি ড° ভবেন্দ্ৰনাথ শইকীয়াই গল্পটোত চৰিত্ৰৰ নাটকীয় ভংগী আৰু পুংখানুপুংখ বৰ্ণনাৰ চমকপ্ৰদ উপস্থাপনৰে গল্পটো ৰচনা কৰিছে৷ চৰিত্ৰ আৰু পৰিস্থিতিৰ খুঁটি-নাটিৰ বৰ্ণনাৰ ক্ষেত্ৰত তেওঁৰ লগত ফেৰ মাৰিব পৰা গল্প অসমীয়া সাহিত্যত বিৰল৷ প্ৰতিটো চৰিত্ৰৰ মনৰ অৱস্থা আৰু পৰিস্থিতি ‘বৰ্ণবোধ’ গল্পটোত তেওঁ পাঠকৰ আগত বিশেষভাৱে উপস্থাপন কৰিছে, যাৰ বাবে ‘বৰ্ণবোধ’ এটা সুখপাঠ্য, জনপ্ৰিয় গল্পত পৰিণত হৈছে৷

🔗 | আৰু পঢ়ক:

ভবেন্দ্ৰনাথ শইকীয়াৰ গল্প ‘বৰ্ণবোধ’ | হিমাংশু ৰণ্‌জন ভূঞা
Follow Nilacharai on Instagsram