বিভ্ৰাট

ৰূপম সাউদ

বিষবাষ্পৰ প্লাৱনত
আভিজাত্যৰ কিৰিলি
দুৰ্বিষহ
জনজীৱনৰ
সৰল নীতি

ভোকৰ তাড়নাত
নৰ্তকীৰ আৰ্তনাদ
বিয়াগোম নেতাৰ
কোবাল গতি

দৃষ্টিহীন জনতাৰ
তাচ্ছিল্যকৰ সুৰত
নাৰকীয় জীৱনৰ
পৰে যতি।

নীল চৰাই . কাতি . ১৮ অক্টোবৰ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of