এই যেন আহিবা শৰৎ চুবলৈ

প্ৰকাশ: ২৬ ছেপ্তেম্বৰ, ২০১৮ | অন্তিম সম্পাদনা: ২৬ ছেপ্তেম্বৰ, ২০১৮

প্ৰথম কুঁৱলিৰ আৱৰণ ফালি শৰৎ নামিছে

মোৰ পদূলিত আজি শৰতৰ শেৱালি সৰিছে
পলকতে মনত স্নিগ্ধ সুৱাসে পুলক ঢালিছে
সখী! তোমালৈ ঘনাই মনত পৰিছে।

মনত পৰেনে সখী—
শৈশৱৰ চোতালত কোঁচ ভৰাই শেৱালি বোটলা
কত ৰং কত হেঁপাহ আৰু ল’ৰালিৰ ধেমালি
হাতত সময়, দুচকুত সপোন
শৰতৰ পুৱাত শেৱালিৰ শুভ্ৰ সাজত মগন হোৱা?

দূবৰিৰ দলিচাত নিয়ৰৰ টোপাল
দুভৰিত লাগি হয় হৃদয় উমাল
এই যেন দৌৰি আহিবা আকৌ কাষলৈ
একেলগে খোজ দিম শৰৎ চুবলৈ।

তলসৰা শেৱালিবোৰ দুহাতেৰে তুলি
ভাবিছো পুনঃ সেই পল নাহে আৰু ঘূৰি!

মোৰ পদূলিত আজি শৰতৰ শেৱালি সৰিছে
সখী! আজি তোমালৈ ঘনাই মনত পৰিছে।

লেখকৰ ঠিকনা: দুলীয়াজান

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts