সত্ৰীয়া নৃত্য আৰু আধ্যাত্মিকতা

সত্ৰীয়া নৃত্য আৰু আধ্যাত্মিকতা
  • 05 Oct, 2022

‘জি ন থাক’ নাইবা ‘ঘেদিতিন‘ মাথোন খোলত বজোৱা এটি বাজনা বা বোল নহয়; নহয় এটি সত্ৰীয়া নৃত্যৰ সাধাৰণ নৃত্য ভংগিমা। সত্ৰীয়া নৃত্য আৰু আধ্যত্মিকতা— এই বিষয়টোৰ আলোচনাৰ বাবে এই বোলটো আৰু নৃত্য ভংগিমাই যথেষ্ট বুলি ভাবোঁ। প্ৰায়কেইটা সত্ৰীয়া নৃত্যৰ আৰম্ভণি হয় এই বোলতেই। নটুৱাসকলে কীৰ্তনঘৰৰ মূল প্ৰৱেশ দুৱাৰেদি প্ৰৱেশ কৰি গুৰু আসনলৈ আঠু লৈ সেৱা কৰাৰ পাছতে মূল স্থান বা স্থিতিত ৰৈ প্ৰথমে এই বোলতেই সোঁহাত, বাওঁ ভৰি আগবঢ়াই নৃত্য ভংগিমাৰে প্ৰৱেশ কৰে। এই ভংগিমাতে পৰমপিতা পৰমেশ্বৰৰ শ্ৰীচৰণত হৃদি পঙ্কজেৰে সেৱা জনায় আৰু এনেদৰে ৰঙ্গথলীৰ মধ্যস্থানলৈ গৈ আঠুকাঢ়ি ভূমি স্পৰ্শ কৰি নৃত্য ভংগিমাৰে প্ৰণাম কৰে। ইয়াৰ পাছত সেৱা কৰাৰ পৰা উঠি মুজুৰা হস্ত দি সমবেত দৰ্শকক প্ৰণাম কৰে। গতিকে সত্ৰীয়া নৃত্যত আধ্যাত্মিকতাৰ যেন এয়াই দুৱাৰডলি।

‘সত্ৰীয়া নৃত্য আৰু আধ্যাত্মিকতা’ শীৰ্ষক আলোচনালৈ যোৱাৰ আগতে এই নৃত্যধাৰাৰ উৎপত্তি, পৃষ্ঠভূমি আৰু ক্ৰমবিকাশ সন্দৰ্ভত সংক্ষেপে আলোকপাত কৰাৰ প্ৰয়োজন বুলি ভবা হৈছে, কাৰণ আধ্যাত্মিকতাৰ বুকুতেই এই নৃত্যকলাৰ জন্ম। খৃষ্টীয় পোন্ধৰ শতিকাৰ শেষৰ পৰা ষোল্ল শতিকাৰ প্ৰথমভাগত ভাৰতবৰ্ষৰ উত্তৰ-পূবত শ্ৰীমন্ত শঙ্কৰদেৱৰ নেতৃত্বত যি ভক্তি আন্দোলনৰ সূচনা হৈছিল, সেই আন্দোলনৰ গতি-প্ৰকৃতি সমসাময়িক ভাৰতবৰ্ষৰ অন্যান্য স্থানৰ ভক্তি আন্দোলনতকৈ পৃথক আছিল। কাৰণ, সেই সময়ত সমগ্ৰ উত্তৰ-পূবৰ ধৰ্ম, শিক্ষা, সংস্কৃতিৰ আকাশখন আন্ধাৰে আবৰি ৰাখিছিল। সমগ্ৰ অঞ্চলটো সকলো দিশতে অত্যন্ত পিছপৰা আছিল। অশিক্ষিত, অন্ধবিশ্বাস, কু-সংস্কাৰে আচ্ছন্ন সমাজখনক পোনপতীয়াকৈ আধ্যাত্মিক দিশলৈ ধাৱমাণ কৰাটো বৰ সহজ নাছিল। সংস্কৃত ভাষাত ব্যুৎপত্তি থকা শাস্ত্ৰজ্ঞ পণ্ডিত সেই সময়ত তেনেই সীমিত আছিল। সেয়েহে নিৰক্ষৰ, অজ্ঞ এই মানুহখিনিৰ আধ্যাত্মিক উত্তৰণৰ বাবে গুৰুজনাই সুকুমাৰ কলাৰ আশ্ৰয় লৈছিল।

চৌষষ্ঠি কলাৰ বিশাৰদ সৰ্বগুণাকৰ শ্ৰীশঙ্কৰ গুৰুৱে ধৰ্ম প্ৰচাৰৰ বাবে সহায় লৈছিল সাহিত্য, সংগীত, নৃত্য, বাদ্য আৰু নাট্যৰ। যাৰ যোগেদি তেৰাই গুৰুগম্ভীৰ আধ্যাত্মিক তত্ত্বসমূহ সহজ-সৰল কৰি জনসাধাৰণক বুজাবলৈ সক্ষম হৈছিল। মূল সংস্কৃত শাস্ত্ৰ সমূহৰ পৰা বছা বছা মণি-মুকুতা বুটলি ব্ৰজাৱলী আৰু মাতৃভাষা অসমীয়ালৈ অনুবাদ কৰি সকলোৱে ৰসাস্বাদন কৰিব পৰা কৰিছিল। সংগীত, নৃত্য, বাদ্য আৰু নাট্যকলাই সমাজৰ সকলো স্তৰৰ মানুহক সহজে আকৰ্ষণ কৰাৰ লগতে মনত প্ৰভাৱ বিস্তাৰ কৰে। সেয়েহে গুৰুজনাই এই কেউটি কলাকে আধ্যাত্মিক জাগৰণৰ বাবে বাছি লৈছিল। কৌটিকলীয়া ৰীতি-নীতি, পৰম্পৰা, আচাৰ-ব্যৱহাৰ, দোষ- ত্ৰুটিবোৰ উদঙাই সেইবিলাকক একাষৰীয়া কৰি বৈষ্ণৱীয় মতাদৰ্শৰে দীক্ষিত কৰিবলৈ সেই কালতেই দৃশ্য-শ্ৰাৱ্য আদি সকলো মাধ্যমৰ সহায় লৈছিল। এই সকলো কাৰ্যৰ মূল উদ্দেশ্য আছিল ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি সাধাৰণ মানুহখিনিক দীক্ষা দি আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰি তোলা। কলাৰ উদ্দেশ্য যদিও লোকৰঞ্জন,— গুৰুজনাৰ দ্বাৰা বিকশিত কলাৰাজিত কিন্তু মনোৰঞ্জনতকৈ আধ্যাত্মিক দিশটোৱেহে প্ৰাধান্য পায়।

সত্ৰীয়া নৃত্যতো গুৰুজনাই লোকৰঞ্জনতকৈ আধ্যাত্মিক দিশতহে বেছি গুৰুত্ব প্ৰদান কৰিছে। এই নৃত্যকলাৰ যোগেদি ভক্তই ভগৱন্তৰ পদতলত নিজকে ঐকান্তিকতাৰে সমৰ্পণ কৰে। শাস্ত্ৰত ভগৱন্তই নিজৰ গুণসমূহ কীৰ্তন কৰিবলৈ, বাদ্য বজাবলৈ, ভগৱন্তৰ কৰ্মসমূহ অনুকৰণ কৰি উছৱ কৰিবলৈ উপদেশ দিছে। তাৰেই ফলশ্ৰুতিত ভাওনা, নৃত্য, গীত ভাগৱতী বৈষ্ণৱ ধৰ্মৰ, ধৰ্ম সাধনৰ উপকৰণ হৈ আহিছে। সেই বাবেই সত্ৰীয়া নৃত্যৰ লগত আধ্যাত্মিকতা সম্পূৰ্ণৰূপে জড়িত হৈ আছে। গুৰুজনাৰ আৱিৰ্ভাৱৰ আগতো সংগীত-নৃত্য উপাসনাৰ অন্যতম মাধ্যম ৰূপে ব্যৱহাৰ হৈছিল। মন্দিৰবিলাকত এই উদ্দেশ্যৰে এক শ্ৰেণী নৰ্তকী বা দেৱদাসী আছিল, তেওঁলোকে নৃত্য-গীতেৰে বিভিন্ন দেৱ-দেৱীৰ উপাসনা কৰিছিল। শঙ্কৰদেৱৰ আদৰ্শত অন্য দেৱ-দেৱীক উপাসনা কৰাৰ ব্যৱস্থা নাই। তেৰাৰ মতে—

অন্য দেৱী-দেৱ নকৰিবা সেৱ
নাখাইবা প্ৰসাদ তাৰ।
মূৰ্ত্তিকো নচাইবা গৃহো নপশিবা
ভক্তি হৈব ব্যভিচাৰ।।
এক কৃষ্ণদেৱ কৰিয়োক সেৱ
ধৰিও তাহান নাম।
কৃষ্ণ দাস হুয়া প্ৰসাদ ভুঞ্জিয়া
হস্তে কৰা তান কাম।।

গুৰুজনে পুনৰ কৈছে—

বৃক্ষৰ মূলত যেন দিলে আনি জল।
হোৱয় তৃপিতি তাৰ পত্ৰ পুষ্প ফল।।
… … …
কৃষ্ণৰ পূজাত সমস্তৰে পূজা হয়।
পৃথকে পূজিলে পূজা কেহো নপাৱয়॥

সেইদৰে গুৰুজনাৰ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ হ’ল— এক দেৱ এক সেৱ এক বিনে নাই কেৱ। গতিকে শঙ্কৰী সংস্কৃতিৰ মূল বিষয় হ’ল ভগৱানৰ লীলা-মাহাত্ম্য প্ৰকাশ কৰা। সেয়েহে গুৰুজনাৰ সকলো বিষয়ত ভক্তি আৰু আধ্যাত্মিকতাই প্ৰথম স্থান পায়। ৰসৰ ক্ষেত্ৰতো নৱৰসৰ ওপৰত ভক্তি ৰসে অৱস্থান লয় অৱশ্যে অন্যান্য ৰসসমুহো নথকা নহয়, ভক্তিৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰবিলৈহে অন্যান্য ৰসসমূহৰ আশ্ৰয় লোৱা হয়। আধ্যাত্মিকতাৰ লগত সম্বন্ধ নথকা কোনো বিষয়েই গুৰুজনাই ৰচনা কৰা সাহিত্য, সংগীত আৰু নৃত্যত পাবলৈ নাই। সত্ৰীয়া নৃত্যও ইয়াৰ ব্যতিক্ৰম নহয়। সত্ৰীয়া নৃত্যৰ পৃষ্ঠভূমি আৰু মূল— গুৰুজনাৰ অঙ্কীয়া নাটসমূহ। এই অঙ্কীয়া নাটসমূহৰ মূল বিষয় হ’ল কৃষ্ণভক্তিৰ মাহাত্ম্য প্ৰকাশ। সত্ৰীয়া নৃত্যসম্ভাৰৰ প্ৰায়ভাগেই এই অঙ্কীয়া নাটকৰ লগত সম্পৰ্কিত। উদাহৰণ স্বৰূপে— গায়ন-বায়নৰ পৰা আৰম্ভ কৰি সূত্ৰধাৰী নৃত্য, গোসাঁই প্ৰৱেশৰ নৃত্য, গোপী প্ৰৱেশৰ নৃত্য, ঝুমুৰা নৃত্য, ভোজন বাহাৰ নৃত্য, বিভিন্ন যুদ্ধৰ নৃত্য আদৰি কথা ক’ব পাৰি। এই সকলোবোৰৰ লগত আধ্যাত্মিক দিশটো জড়িত হৈ আছে। গুৰুজনাৰ আৰ্ৱিভাৱৰ দিনৰ পৰা বৰ্তমানলৈকে এই দীঘলীয়া সময়ছোৱাত কেৱল আধ্যাত্মিক পৰিমণ্ডলত সৰ্ম্পূণ ভক্তিভাৱে সত্ৰই সত্ৰই, নামঘৰে নামঘৰে এই নৃত্যধাৰাটি চৰ্চা, সংৰক্ষণ কৰি নিছিগা ধাৰে বোৱাই ৰাখিছে।

আধ্যত্মিকতাৰ লগত সত্ৰীয়া নৃত্য কেনেদৰে সংপৃক্ত হৈ আছে এতিয়া চোৱা যাওক। সত্ৰীয়া নৃত্য বুলিলেই আমাৰ চকুৰ আগত ভাহি আহে অঙ্কীয়া নাটৰ প্ৰাৰম্ভিক অনুষ্ঠান গায়ন-বায়ন নাইবা ধেমালি। অগ্নিগড়ৰ নগচি বন্তিয়ে নৱধা ভক্তি, আঁৰকাপোৰখনে মায়াক প্ৰতিনিধিত্ব কৰে। সংসাৰৰ মায়া-মোহক একাষৰীয়া কৰি নৱবিধ ভক্তিৰে পৰমেশ্বৰ ভগৱানৰ শ্ৰীচৰণত নিজকে সমৰ্পণ কৰাই এই অনুষ্ঠানৰ আধ্যাত্মিক তাৎপৰ্য। যি স্থানত ভগৱানৰ গুণানুকীৰ্তন কৰা হ’ব, সেই স্থানত এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যে এই প্ৰথম কাৰ্যসূচী। তাৰ পাছত বহা চাহিনি, থিয় চাহিনি, ঘোষা, ঘোষা ধেমালি, লনা ঘাত আৰু গুৰু ঘাত— এই সকলো কাৰ্য বা পৰিৱেশন সম্পূৰ্ণ আধ্যাত্মিকতাৰে আৰু সম্পূৰ্ণ ভক্তিভাৱে কৰা হয়। এই কাৰ্যসূচীসমূহত যিসকলে অংশ লয়, সেইসকলে শৰীৰ আৰু মনৰ সৰ্ম্পূণ শুচিতা ৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। উদাহৰণ স্বৰূপে, অঙ্কীয়া নাটৰ মুখ্য চৰিত্ৰ শ্ৰীকৃষ্ণ নাইবা ৰামৰ ভূমিকা লোৱা জনে আগদিনা পৰা উপবাসে থকাও দেখা পোৱা যায়। সেইদৰে শ্ৰীকৃষ্ণ নাইবা ৰাম চৰিত্ৰৰ প্ৰৱেশৰ পৰত সমবেত দৰ্শকে উৰুলি দিয়া, কোনো কোনোৱে বস্ত্ৰাদি আগবঢ়াই সেৱা কৰাও দেখা যায়। অভিনয় চলি থকা সময়ত অভিনেতাজনৰ বেলেগ পৰিচয় নাথাকে, সকলোৱে ভগৱান বুলিয়েই ভাবি লয়।

সত্ৰীয়া নৃত্য-গীত-বাদ্য গুৰুমুখী শিক্ষা, গতিকে এই কলা শিকিবলৈ আগ্ৰহী জনে সম্পূৰ্ণ ভক্তিভাৱে যোগ্য গুৰুৰ আশ্ৰয় ল’ব লাগে। গুৰুৱে কেৱল নৃত্য শিক্ষাই প্ৰদান নকৰে, লগতে প্ৰতিটো বিষয়ৰ আধ্যাত্মিক তাৎপৰ্যৰ পুংখানুপুংখ শিক্ষা দিয়ে। মুঠতে সত্ৰীয়া নৃত্যৰ লগত আধ্যাত্মিকতা এনেদৰে সংপৃক্ত হৈ আছে যে দুয়োটিকে পৃথকে ভাবিব পৰা নাযায়।

সত্ৰীয়া নৃত্যৰ অন্তৰ্গত প্ৰতিটো গোটৰ একো একোটা পৰমাৰ্থিক তাৎপৰ্য আছে। উদাহৰণ স্বৰূপে, ঝুমুৰা নৃত্যটিৰ কথাই ধৰা হয় যদি এই নৃত্যৰ আধ্যাত্মিক তাৎপৰ্য এনে ধৰণৰ: ভগৱান শ্ৰীকৃষ্ণই পৰমভক্তা গোপীসকলৰ ঐকান্তিক মনোবাঞ্ছা পূৰণৰ বাবে শৰৎ কালৰ পূৰ্ণিমা ৰাতি বৃন্দাৱনত ৰাসক্ৰিয়া কৰোঁতে গোপীসকলৰ আত্মিক উত্তৰণ সাধনৰ বাবে ৰাস-বৃত্তৰ মাজৰ পৰা হঠাতে অন্তৰ্ধান হয়। ভগৱান কৃষ্ণ অৰ্থাৎ পৰমাত্মাক হাততে পায়ো হেৰুৱাই নিজৰ অজ্ঞানতা আৰু ভুল উপলব্ধি কৰি ভগৱানৰ পৰমভক্তা গোপীসকল শোকত ভাগি পৰে আৰু শেষত একন্তামনে কৃষ্ণৰ গুণানুকীৰ্তন কৰি তেওঁৰ লীলাসমূহৰ স্মৰণ, বৰ্ণন কৰাত ভগৱান সন্তুষ্ট হৈ পুনৰ ৰাস মণ্ডলত প্ৰৱেশ কৰে। গোপীসকলৰ এই কৃষ্ণ ভাৱনাৰ আধাৰতেই ঝুমুৰা নাচটি সৃষ্টি কৰা হৈছিল বুলি সত্ৰীয়া অধ্যাপকসকলে শিস্যসকলক বুজায়। অৰ্থাৎ ভগৱানৰ কৃপা লাভ কৰিবলৈ নাইবা আত্মা-পৰমাত্মাৰ মিলনৰ বাবে ভগৱানৰ গুণানুকীৰ্তেনেই যে শ্ৰেষ্ঠ পন্থা, সেয়াই এই নৃত্যটিৰ দ্বাৰা প্ৰতিপন্ন কৰা হৈছে। সেইদৰে চালি নৃত্য, নাদুভঙ্গী নৃত্য, বৰ প্ৰৱেশ নৃত্য আদি সকলোৰে আধ্যত্মিক তাৎপৰ্য আছে।

সত্ৰসমূহত সম্পূৰ্ণ ভক্তিভাৱে নৃত্য-গীত পৰিৱশেন কৰাৰ পৰম্পৰা অতীতৰ পৰা চলি আহিছে। বিশেষকৈ গুৰু দুজনাৰ তিৰোভাৱ তিথি, সত্ৰাধিকাৰ আৰু প্ৰধান বৈষ্ণৱসকলৰ মৃত্যু তিথিসমূহত পৰম ভক্তিৰে নৃত্য-গীত, গায়ন-বায়ন পৰিৱেশন কৰা হয়। বিশ্বাস কৰা হয় যে নাম-কীৰ্তনৰ দৰেই সত্ৰীয়া নৃত্যও ভক্তিমাৰ্গৰ বস্তু। এনেদৰে সত্ৰীয়া নৃত্যৰ লগত আধ্যাত্মিকতা সংপৃক্ত হৈ আছে।

❧ | আৰু পঢ়ক:

সত্ৰীয়া নৃত্য আৰু আধ্যাত্মিকতা | যাদৱ হাজৰিকা
Follow Nilacharai on Twitter