ন’বেল বঁটা প্ৰাপক আৰ্নেষ্ট হেমিংৱেৰ বিশ্ববিশ্ৰুত উপন্যাস: ‘দ্য অল্ড মেন এণ্ড দ্য ছি’

ন’বেল বঁটা প্ৰাপক আৰ্নেষ্ট হেমিংৱেৰ বিশ্ববিশ্ৰুত উপন্যাস: ‘দ্য অল্ড মেন এণ্ড দ্য ছি’
  • 01 Jan, 2021

মা ৰ্কিন উপন্যাস সাহিত্যৰ এগৰাকী জনপ্ৰিয় ঔপন্যাসিক আৰ্নেষ্ট হেমিংৱে বিংশ শতিকাৰ উপন্যাস সাহিত্যৰ এগৰাকী অন্যতম পথিকৃৎ। ১৮৯৯ চনত আমেৰিকাৰ ইলিনয় প্ৰদেশৰ ওক পাৰ্ক নামৰ ঠাইত হেমিংৱেৰ জন্ম হৈছিল। সৰুৰে পৰা দেউতাকৰ সৈতে মাছ মাৰিবলৈ বা চিকাৰলৈ গৈ ভালপোৱা হেমিংৱেক ল’ৰালিকালৰ এনে অভিজ্ঞতাসমূহে পাছৰ জীৱনত সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত যথেষ্ট সমল যোগাইছিল। মাত্ৰ সোতৰ বছৰ বয়সতেই এখন বাতৰি কাকতৰ সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা হেমিংৱেই পৰৱৰ্তী সময়ত উত্তৰ মিছিগান আৰু পাছত পেৰিছত থাকিবলৈ লয়। পেৰিছত তেওঁ আমেৰিকাৰ আন দুজন বিখ্যাত লেখক গাৰট্ৰুড ষ্টাইন আৰু এজ্‌ৰা পাউণ্ডৰ সান্নিধ্যলৈ আহে আৰু সংবাদসেৱাতকৈ এগৰাকী সৃষ্টিশীল লেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ সুযোগ লাভ কৰে। ফ্ৰান্সত থকা কালতেই তেওঁৰ প্ৰথমখন গল্প সংকলন ‘ইন আৱাৰ টাইম’ আৰু প্ৰথমখন উপন্যাস ‘দ্য চান অলচ’ ৰাইজেচ্‌’ প্ৰকাশ পায়। ফলস্বৰূপে মাত্ৰ ২৭ বছৰ বয়সতে হেমিংৱেই বিদ্বান সমাজত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। আৰ্নেষ্ট হেমিংৱেৰ ৰচনাৱলীয়ে বিংশ শতিকাৰ উপন্যাস-সাহিত্যৰ প্ৰসাৰৰ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়। ফলস্বৰূপে তেওঁৰ ভালেকেইখন উপনাসেই কালজয়ী সাহিত্যৰ উদাহৰণ হিচাপে পৰিগণিত হৈ আহিছে। তদুপৰি তেওঁ ভালেসংখ্যক কবিতা, প্ৰবন্ধ আৰু চুটিগল্পও ৰচনা কৰিছিল। তেওঁৰ আটাইতকৈ সফল উপন্যাসখন হ’ল ১৯৫২ চনত প্ৰকাশিত ‘দ্য অল্ড মেন এণ্ড দ্য চি’। এইখন উপন্যাসৰ বাবে ১৯৫৩ চনত তেওঁ পুলিৎজাৰ বঁটা আৰু সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৫৪ চনত সাহিত্যৰ ন’বেল বঁটাৰে সন্মানিত হয়।

ernest-hemingway আৰ্নেষ্ট হেমিংৱে

বিশ্ববিশ্ৰুত উপন্যাস ‘দ্য অল্ড মেন এণ্ড দ্য ছি’ উপন্যাসখন আৰম্ভ হৈছে কিউবাৰ এখন সৰু মাছমৰীয়া গাঁৱৰ বৰ্ণনাৰে। ছান্তিয়াগো হৈছে এগৰাকী বুঢ়া মাছমৰীয়া যিয়ে একেলগে ৮৪ টা দিন এটাও মাছ ধৰিব নোৱৰাকৈয়ে অতিবাহিত কৰিছে। অৱশ্যে ৮৫ সংখ্যক দিনটোত তেওঁ এটা ডাঙৰ মাছ ধৰিব বুলি গভীৰভাৱে বিশ্বাস কৰিছে। বছৰ বছৰ ধৰি ছান্তিয়াগোই মেনোলিন নামৰ এজন সৰু ল’ৰাক লগত লৈ মাছ ধৰিবলৈ যায়। মেনোলিনে মাত্ৰ পাঁচ বছৰ বয়সৰ পৰাই ছান্তিয়াগোৰ লগত কাম কৰি আহিছে আৰু ছান্তিয়াগোইও তাক মাছ ধৰাৰ প্ৰতিটো সৰু সৰু কৌশল শিকাইছে। ছান্তিয়াগোৰ যাতে কোনো ক্ষেত্ৰতেই বিপদ নহয়, তাৰ প্ৰতি চকু ৰাখি ছান্তিয়াগোৰ প্ৰতি তাৰ সম্পূৰ্ণ আনুগত্যৰ পৰিচয় দি গৈছে। মেনোলিনৰ মাক-দেউতাকে অৱশ্যে ছান্তিয়াগোৰ দৰে বুঢ়া লোক এজনৰ লগত মাছ মাৰিবলৈ যোৱা কথাটো সহজভাৱে লোৱা নাই, কাৰণ তেওঁলোকৰ মতে মেনোলিনে আন এজন মাছমৰীয়াৰ লগত কাম কৰি অধিক উপাৰ্জন কৰিব লাগে। মেনোলিনে অনিচ্ছাকৃতভাৱে ছান্তিয়াগোৰ লগ এৰিবলগীয়া হৈছে আৰু এখন নতুন নাৱত যোগদান কৰি কম দিনৰ ভিতৰতে বৃহৎ পৰিমাণৰ মাছ ধৰি মুনাফা ঘটিবলৈ সক্ষম হৈছে। গতিকে অকলশৰীয়া হৈ পৰা ছান্তিয়াগোই এতিয়া অকলেই সাগৰলৈ মাছ মাৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছে। যদিও মাছ ধৰাৰ নামত তেওঁ ভালেকেইটা দিন পাৰ কৰিছে আৰু এটাও ডাঙৰ মাছ ধৰিব পৰা নাই, তথাপি তেওঁ যেন নিশ্চিত যে ৮৫ সংখ্যক দিনটো তেওঁৰ সৌভাগ্যৰ দিন হ’ব।

অইন দিনাৰ দৰে সেইদিনাও তেওঁ নিজৰ পুৰণি নাওখন লৈ সাগৰৰ বুকুলৈ ধাপলি মেলিছে আৰু খুব আশা আৰু কৌশলেৰে মাছ ধৰাৰ বাবে সাজু হৈছে। এনেতে তেওঁ গম পাইছে যে এটা গধুৰ বস্তুৱে পানীৰ তলৰ পৰা তেওঁৰ হাৰ্পূনখন টানি ধৰিছে। অৰ্থাৎ এটা ডাঙৰ মাৰ্লিন মাছ ছান্তিয়াগোৰ টোপত লাগিছে। মাছটো ইমানেই ডাঙৰ আৰু শক্তিশালী যে সি ছান্তিয়াগোৰ নাওখন বহু দূৰলৈ টানি লৈ গৈছে। মাছটোৰ লগত হোৱা সংঘৰ্ষত ছান্তিয়াগোৰ হাতখন বেয়াকৈ আঘাতপ্ৰাপ্ত হৈ তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিছে। মাছ আৰু মানুহৰ মাজত গঢ়ি উঠা কায়িক সম্পৰ্কটো ছান্তিয়াগোৰ বাবে এক আবেগিক সম্পৰ্কলৈ ৰূপান্তৰিত হৈছে। লাহে লাহে তেওঁ মাৰ্লিন মাছটো ভাল পাবলৈ ধৰিছে। তাৰ সৌন্দৰ্য আৰু শ্ৰেষ্ঠত্ব স্বীকাৰ কৰিবলৈ তেওঁ অলপো কুণ্ঠাবোধ কৰা নাই। কিন্তু তেওঁ যে মাছটো মাৰিবই লাগিব! মাছটো মাৰিবলৈ লোৱাৰ আগমুহূৰ্তত নিজকে অপৰাধী যেন লাগিলেও ছান্তিয়াগোই মাছটো ধৰিছে আৰু নাওখনৰ এটা মূৰে থৈছে। ইয়াৰ ফলত ছান্তিয়াগোই নিজকে বৰ সাহসী আৰু পাৰ্গত বুলি ভাবিবলৈ সুবিধা পাইছে। তেওঁ নিজকে তেওঁৰ কল্পনাৰ নায়ক জো ডিমাজিঅ’ৰ লগত ৰিজাবৰ চেষ্টা কৰিছে। ডিমাজিঅ’ৰ দৰে বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে হ’লেও এটা ডাঙৰ কাম কৰিব পাৰি তেওঁ সন্তুষ্ট হৈছে। এইদৰে ছান্তিয়াগোই কিছুপৰ নিজক লৈ গৌৰৱান্বিত হৈ থকা সময়তে হাঙৰৰ এটা জাকে তেজৰ গোন্ধ পাই মাছটো খুঁটিয়াবলৈ আৰম্ভ কৰিছে। ছান্তিয়াগোই বাধা দিবলৈ চেষ্টা কৰিও বিফল হৈছে। ফলত তেওঁৰ সন্মুখত এক নতুন সমস্যাই দেখা দিছে। বহু কষ্টেৰে চিকাৰ কৰা মাৰ্লিন মাছটো হাঙৰৰ জাকটোৱে খাই প্ৰায় শেষেই কৰিছে। ছান্তিয়াগোই কিন্তু হাৰ মনা নাই। হাঙৰৰ জাকটোৰ বিৰুদ্ধে তেওঁ যুঁজ দি গৈছে। তেওঁ সাগৰৰ পাৰ পোৱালৈ মাছটোৰ জঁকাটোৰ বাহিৰে আন একোৱেই ৰোৱাগৈ নাই। ভাগৰত তেওঁ খোজ কাঢ়িব নোৱৰা হৈ গৈছে আৰু কোনোমতে নিজৰ পঁজালৈ আহি বিচনাত শুই পৰিছে। পাছদিনা পুৱা মেনোলিন নামৰ ল’ৰাজনে ছান্তিয়াগোৰ আঘাতপ্ৰাপ্ত হাত দুখন দেখি কান্দিছে আৰু মাক-দেউতাকৰ ইচ্ছাৰ বিপৰীতে ছান্তিয়াগোৰ লগতে মাছ ধৰিবলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইদৰেই উপন্যাসখনৰো সমাপ্তি ঘটিছে।

হেমিংৱেৰ এই বিখ্যাত উপন্যাসখনত মূলতঃ দুটা বিষয়বস্তুৰ অৱতাৰণা কৰা হৈছে। ইয়াৰ প্ৰথমটো হৈছে মানুহে জীৱনৰ সৈতে কৰা সংগ্ৰাম আৰু দ্বিতীয়টো হ’ল শিল্পীয়ে শিল্পসৃষ্টিৰ বাবে কৰা সংগ্ৰাম। হেমিংৱেৰ কাপত শিল্পীসত্তাৰ সংগ্ৰাম ছান্তিয়াগো চৰিত্ৰটোৰ মাজেৰেই যেন প্ৰাণ পাই উঠিছে। জীৱন-মৃত্যু আদি ধাৰণাবোৰো যেন ছান্তিয়াগোৰ মাজেৰেই ঔপন্যাসিকে মূৰ্ত কৰি তুলিব খুজিছে। এক ধৰণৰ বিশ্বাস আৰু উদাৰতাৰে ছান্তিয়াগো মাৰ্লিন মাছটোৰ লগত যুক্ত হৈ পৰিছে। সাগৰৰ গভীৰ বুকুত আধ্যাত্মিকতাৰে জ্যোতিষ্মান হৈ উঠি তেওঁ চিকাৰ কৰা মাছটোক ভাতৃ হিচাপে জ্ঞান কৰিবলৈ লৈছে আৰু তাৰ ৰূপ আৰু শক্তিক বিনাদ্বিধাই প্ৰশংসাও কৰিছে। উপনাসখনৰ আন এটা বিষয়বস্তু হৈছে জীৱনৰ চৰম বাস্তৱৰ বিপৰীতে এক ধৰণৰ আশাবাদ। আশা নকৰাটোহে যেন পাপ। আশা কৰাটো মানুহৰ কৰ্তব্য, কাৰণ তাৰ লগতেই জড়িত হৈ আছে মানুহৰ নম্ৰতা আৰু সততাৰ প্ৰতি গভীৰ আস্থা। ইয়াৰ উপৰি জীৱনৰ বৈচিত্ৰ্য প্ৰকাশ হয় কৰ্মৰ মাজেদি। কৰ্ম কৰিবলৈ সংগ্ৰাম অনিবাৰ্য। সংগ্ৰামত জয় বা পৰাজয় দুয়োটাই আছে— ছান্তিয়াগোই এই কথা ভালদৰে বুজি পাইছে। ছান্তিয়াগোৰ সংগ্ৰামত এক ধৰণৰ দুঃসাহসিকতাও প্ৰকাশ পাইছে। উপন্যাসখনিৰ আন এক মূল দিশ হৈছে প্ৰকৃতিৰ বিৰুদ্ধে মানুহৰ সংগ্ৰাম। উপন্যাসখনত সাগৰৰ ভয়াৱহতাৰ বিপৰীতে এগৰাকী বুঢ়া মানুহৰ কষ্টসহিষ্ণুতাৰ বৰ্ণনা কৰা হৈছে। এক ধৰণৰ ধৰ্মীয় বিশ্বাসে আৰম্ভণিৰ পৰাই উপন্যাসখনত প্ৰসাৰ লাভ কৰিছে। খ্ৰীষ্টধৰ্মত বিশ্বাসী লোকৰ নিচিনাকৈ নিজৰ ওপৰত বিশ্বাস ৰাখি ছান্তিয়াগো আগবাঢ়ি গৈছে। ছান্তিয়াগোৰ মহানুভৱতাই তেওঁক যীশুৰ অনুগামী হিচাপে প্ৰতিষ্ঠা কৰিছে। আকৌ ছান্তিয়াগোক অন্য মাছমৰীয়াসকলে তাচ্চিল্য কৰোঁতে তেওঁৰ খং নুঠাটোৱেও তেওঁৰ খ্ৰীষ্টিয় ধৰ্মবিশ্বাসৰে পৰিচয় দাঙি ধৰে।

হেমিংৱেৰ ৰচনাৰীতিৰ এক উল্লেখনীয় দিশ হ’ল আড়ম্বৰহীন আৰু সহজ-সৰল প্ৰকাশভঙ্গী। আৰম্ভণিৰে পৰাই কোনো ধৰণৰ অলংকাৰৰ সহায় নোলোৱাকৈয়ে কথাবোৰ সহজ-সৰল ভাষাত উপস্থাপন কৰিছে। কঠিন শব্দৰ বৰ্জনেও গোটেই উপন্যাসখন উপভোগ্য আৰু সহজ পাঠ্য কৰি তুলিছে। আত্মভাষৰ বহুল প্ৰয়োগ হেমিংৱেৰ ৰচনাৰীতিৰ আন এক মন কৰিবলগীয়া বিষয়। ছান্তিয়াগোই সাগৰত পাৰ কৰা বেছিভাগ সময়েই তেনে আত্মভাষৰে ভৰা। এনেধৰণৰ একোক্তিৰ প্ৰয়োগে চৰিত্ৰৰ মনৰ ভিতৰখনৰ এক সজীৱ চিত্ৰ পাঠকৰ আগত দাঙি ধৰাৰ লগতে সংলাপবোৰৰ মাজেৰেই উপন্যাসখনৰ মূল কাহিনীভাগ আগবাঢ়ি গৈ থাকে। গাৰ্ডিয়ান আলোচনীৰ এক সমীক্ষা মতে, এই উপন্যাসখন বৰ্ণনাত্মক কলাৰ উজ্জ্বল নিদৰ্শন। প্ৰতীক, ৰূপক আদিৰ বহুল ব্যৱহাৰ হেমিংৱেৰ ৰচনাৰ এক উল্লেখনীয় দিশ।

‘অল্ড মেন এণ্ড দ্য ছি’ উপন্যাসখনৰ মহত্বৰ অন্য এটা দিশ হ’ল সামগ্ৰিক ঘটনাপ্ৰৱাহৰ প্ৰতীকধৰ্মী চিত্ৰণ। উপন্যাসখন বুঢ়া মানুহ, সাগৰ ইত্যাদি বিভিন্ন প্ৰতীকৰ উপস্থাপনৰে পৰিপূৰ্ণ। বিপদ, বাধা-বিঘিনিৰে ভৰা সাগৰখন যেন মানুহৰ সংসাৰখনৰেই প্ৰতীক। আনহাতে ছান্তিয়াগোক বহুক্ষেত্ৰত কষ্টসহিষ্ণুতাৰ প্ৰতীক হিচাপে অংকন কৰা বুলি ধৰিব পাৰি, কাৰণ নিজৰ জীৱন যুদ্ধত তেওঁ অকলেই আগবাঢ়ি গৈছে আৰু নিজৰ সামৰ্থ্যক বাৰে বাৰে প্ৰমাণৰ চেষ্টা কৰাৰ লগতে ডেকাসকলৰ কাৰণেও তেওঁ কিবা এটা কৰি যাব বিচাৰিছে। এনেদৰে ছান্তিয়াগোক হেমিংৱেই সাধনাৰ প্ৰতীক হিচাপে দেখুৱাবলৈ চেষ্টা কৰিছে। একেদৰে পৰাজিত মাৰ্লিন মাছটোক বুঢ়াৰ সৌভাগ্য আৰু সফলতাৰ প্ৰতীক হিচাপে আৰু সাগৰৰ মাজে মাজে আন্দোলিত হৈ থকা নাওখন মানুহৰ জীৱনৰ বিপন্নতাৰ প্ৰতীক ৰূপে অংকন কৰিছে। বেচবলৰ বিখ্যাত খেলুৱৈসকলৰ কাহিনীয়ে ছান্তিয়াগোক আকৰ্ষণ কৰে। কাৰণ, তেওঁৰ মতে বেচবলৰ খেলুৱৈসকলৰ স্বভাৱেই হ’ল হাৰিও হাৰ নমনা। অৰ্থাৎ সাধনা আৰু যত্নৰ প্ৰতীক। মুঠতে এই সকলোবোৰৰ প্ৰতীকধৰ্মী উপস্থাপনে উপন্যাসখনৰ ৰূপকাত্মক গুৰুত্বখিনি বঢ়াই তুলিছে।

চৰিত্ৰ চিত্ৰণৰ ফালৰ পৰা চাবলৈ গ’লে উপন্যাসখনত ছান্তিয়াগো আৰু মেনোলিনৰ চৰিত্ৰ দুটিয়েই মুখ্য চৰিত্ৰ। হেমিংৱেই মাৰ্লিন মাছটোকো এক চৰিত্ৰৰূপে দাঙি ধৰিবলৈ চেষ্টা কৰিছে। অনহাতে উপন্যাসখনত এবাৰো ভুমুকি নমৰা সত্বেও জো ডিমাজিঅ’ৰ চৰিত্ৰটোৱে গুৰুত্ব বহন কৰে। এওঁ হ’ল ছান্তিয়াগোৰ কল্পনাৰ পুৰুষ। তেওঁ আচলতে আমেৰিকাৰ নিউইয়ৰ্কৰ আটাইতকৈ সফল বেচবল খেলুৱৈ আছিল। একেদৰে বেচবল সম্পৰ্কীয় বাতৰি কাকত যোগান ধৰা পেৰিক নামৰ চৰিত্ৰটি আৰু চাহৰ দোকানৰ স্বত্বাধিকাৰী মাৰ্টিন নামৰ বিশেষ চৰিত্ৰটি উপন্যাসখনত প্ৰত্যক্ষভাৱে লগ নাপালেও দুয়োটা চৰিত্ৰই বিশেষ তাৎপৰ্য বহন কৰা বুলি ক’ব লাগিব। এনেদৰে উপন্যাসখনত হামিংৱেই সীমিত সংখ্যক চৰিত্ৰৰেই কাহিনীভাগ সফলভাৱে অংকন কৰিছে।

❧ | আৰু পঢ়ক: হবিব তনবীৰ: কর্মময় জীৱন আৰু সৃজনশীল কর্ম

এই উপন্যাসখনত বিশ্বযুদ্ধৰ বিভিষীকা আৰু ধ্বংসলীলাই সৃষ্টি কৰা নৈৰাজ্য-হতাশা আদিৰ প্ৰতিফলন দেখিবলৈ পোৱা যায়। আপাত দৃষ্টিত যদিও উপন্যাসখনৰ কাহিনীটো এগৰাকী বৃদ্ধ মাছমৰীয়াৰ সংগ্ৰামৰ কাহিনী, তথাপি ইয়াক সামাজিক, নৈতিক, ধৰ্মীয় ইত্যাদি দিশৰ পৰাও আলোচনা কৰি চাব পাৰি। হেমিংৱেৰ কল্পনাৰ জগতত একধৰণৰ সামাজিক প্ৰত্যাৱৰ্তনৰ ধাৰণা প্ৰতিফলিত হোৱা বুলি কোনোবাই ক’ব খুজিলেও মানৱ জাতিৰ মজত থকা নিৰ্ভৰশীলতা আৰু তাৰ ভিত্তিত প্ৰতিষ্ঠিত এক ধৰণৰ সামাজিক বান্ধোনেহে উপন্যাসখনত গুৰুত্ব লাভ কৰিছে। উপন্যাসখনক হেমিংৱেৰ আটাইতকৈ সফল উপন্যাস বুলি ক’লেও ভুল কোৱা নহ’ব, কাৰণ এই উপন্যাসখনে তেওঁক গোটেই বিশ্বতেই এগৰাকী প্ৰভাৱশালী লেখক হিচাপে প্ৰতিষ্ঠিত কৰিছে। উপন্যাসখনৰ আটাইতকৈ মহত্তম দিশটো হ’ল— ছান্তিয়াগোৰ দুঃখ-যন্ত্ৰণাই সাৰ্বজনীনতা লাভ কৰিবলৈ সক্ষম হৈছে। সাধাৰণ এজন মানুহে জীৱনত ভুগিবলগীয়া সকলো দুখ-যন্ত্ৰণাৰ অৱলোকন এই উপন্যাসখনত দেখা পোৱা যায়। সাহস, গৌৰৱ, সহনশীলতা, কৰ্তব্যনিষ্ঠা ইত্যাদি গুণেৰে সমৃদ্ধ ছন্তিয়াগোক মুখ্য চৰিত্ৰ হিচাপে লৈ ৰচনা কৰা ‘অল্ড মেন এণ্ড দ্য ছি’ এখন যথেষ্ট ইতিবাচক উপন্যাস। এক কথাত ক’ব পাৰি, বিশ্ব সাহিত্যৰ জগতখনত, এই উপন্যাসখন সমগ্ৰ মানৱ জাতিৰ কাৰণেই এখন মূল্যবান দলিল হৈ ৰ’ব।

ন’বেল বঁটা প্ৰাপক আৰ্নেষ্ট হেমিংৱেৰ বিশ্ববিশ্ৰুত উপন্যাস: ‘দ্য অল্ড মেন এণ্ড দ্য ছি’ | হিমাংশু ৰণ্‌জন ভূঞা

Follow Nilacharai on Facebook