বিদ্যাৰ্থী আৰু যুৱসমাজলৈ ড° এ পি জে আব্দুল কালামৰ দহোটা শপত

বিদ্যাৰ্থী আৰু যুৱসমাজলৈ ড° এ পি জে আব্দুল কালামৰ দহোটা শপত
  • 26 Jul, 2016

ভা ৰতৰত্ন ড° এ পি জে আব্দুল কালামে (১৫ অক্টোবৰ, ১৯৩১ - ২৭ জুলাই, ২০১৫) অনেক অনুপ্ৰেৰণামূলক গ্ৰন্থ, লেখা, বক্তৃতাৰে অনুগামীসকলক উপকৃত কৰাৰ উপৰি এলানি শপত বাক্যৰেও সমাজৰ প্ৰায় সকলো শ্ৰেণীৰ লোককে উজ্জীৱীত আৰু অনুপ্ৰাণিত কৰাৰ চেষ্টা কৰিছিল। এই শপতলানি তেখেতে বেলেগে বেলেগে শ্ৰেণীৱদ্ধ কৰি আগবঢ়াইছিল। সেই শ্ৰেণীসমূহ হৈছে—

১. বিদ্যাৰ্থী আৰু যুৱসমাজৰ বাবে শপত (Oath for Students and Youth) ২. শিক্ষকৰ বাবে শপত (Oath for Teachers) ৩. জৱানৰ বাবে শপত (Oath for Jawans) ৪. চিকিৎসকৰ বাবে শপত (Oath for Doctors) ৫. আই আই টি ছাত্ৰৰ বাবে শপত (Oath for IIT Students) ৬. ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াৰ বাবে শপত (Oath for Civil Service Officers Promoted in IAS) ৭. ঔষধ সম্বন্ধীয় পেশাৰ লগত জড়িতসকলৰ বাবে শপত (Oath for Pharma Professional) ৮. শিক্ষিত নাগৰিকৰ বাবে শপত (Oath for Enlightened Citizens) ৯. আমবেদকাৰ জয়ন্তীৰ বাবে শপত (Oath for Ambedkar Jayanti) ১০. গাঁওবাসীৰ বাবে শপত (Oath for Village citizen) ১১. সাধাৰণ জনতাৰ বাবে শপত (Oath for Common People) ১২. শুশ্ৰূষা-সেৱাৰ লগত জড়িতসকলৰ বাবে শপত (Oath for Nursing Community) ১৩. খেতিয়কৰ বাবে শপত (Oath for Farmers) ১৪. পেশাদাৰী নেতৃত্বৰ বাবে শপত (Oath for Professional Leaders)

২৭ জুলাই (২০১৬)-ৰ ড° এ পি জে আব্দুল কালামৰ প্ৰথম মৃত্যু বাৰ্ষিকীত তেখেতৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি যাঁচি তেখেতৰ শপতলানিৰ বিদ্যাৰ্থী আৰু যুৱসমাজলৈ বুলি আগবঢ়োৱা শপত বাক্যকেইটি ‘নীলা চৰাই’ৰ পাঠকলৈ আগবঢ়ালো।

বিদ্যাৰ্থী আৰু যুৱসমাজলৈ ড° এ পি জে আব্দুল কালামৰ দহোটা শপত

Kalam Sir

Courtesy: Abdulkalam.com

  • মই উপলব্ধি কৰোঁ যে লক্ষ্য সৰু হোৱাটো এক অপৰাধ। মই মোৰ জীৱনত এক মহান লক্ষ্য ৰাখিম আৰু সেয়া পাবৰ বাবে কঠোৰ পৰিশ্ৰম কৰিম। মই নিৰৱচ্ছিন্নভাৱে জ্ঞান লাভৰ প্ৰয়াস কৰিম। মই লক্ষ্যত উপনীত হ’বৰ বাবে অবিচল থাকিম।

  • মই ন্যায়নিষ্ঠ হৈ কাম কৰিম আৰু ন্যায়নিষ্ঠাৰে সৈতে সফল হ’ম।

  • মই মোৰ পৰিয়াল, সমাজ, ৰাজ্য, দেশ আৰু বিশ্বৰ ভাল সদস্য হ’ম।

  • মই সদায়েই জাতি-বৰ্ণ-ভাষা-ধৰ্ম-ৰাজ্য নিৰ্বিশেষে কোনোবা এজনৰ জীৱন সুৰক্ষিত আৰু উন্নতৰ কৰাৰ চেষ্টা কৰিম। মই য’তেই নাথাকোঁ কিয়, এটা সিদ্ধান্ত সদায় মনত থাকিব। সেয়া হৈছে— ‘মই আপোনাৰ বাবে কি কৰিব পাৰোঁ?’

  • মই কেতিয়াও মদ, ধূমপান আৰু জুৱাত আসক্ত নহ’ম। মই সদায়েই, অন্ততঃ পাঁচজন ব্যক্তিৰ হ’লেও মদ, ধূমপান আৰু জুৱাৰ আসক্তি আঁতৰাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকক এক ভাল জীৱন যাপন কৰাত সহায় কৰিম।

  • মই সদায়েই সময়ৰ মহত্ত্বৰ কথা মনত ৰাখিম। মোৰ জীৱনৰ ব্ৰত হ’ব— ‘পাখিলগা সময়বোৰ যাতে অবাবত ব্যয় নহয়’।

  • মই মোৰ চৌপাশত অন্ততঃ পাঁচজোপা গছ ৰূম আৰু সেইবিলাকৰ আপডাল কৰিম। মই সদায় মোৰ গাঁও, নগৰ আৰু ৰাজ্যক পৰিষ্কাৰ ৰাখিবলৈ চেষ্টা কৰিম যাতে পৃথিৱীখন পৰিষ্কাৰ আৰু সেউজীয়া হৈ থাকে। ২০৩০ চনৰ ভিতৰত শক্তি-স্বাধীনতা (Energy Independence) পাবৰ বাবে মই মোৰ সৰ্বাধিক ক্ষমতাৰে কাম কৰিম।

  • এই দেশৰ যুৱক হিচাপে মই মোৰ সকলো কামত সফলতা আৰ্জিবলৈ সাহসেৰে সৈতে কাম কৰিম আৰু আনৰ সফলতাৰো আনন্দ ল’ম।

  • মই মোৰ বিশ্বাসৰ সমানেই নবীন আৰু সন্দেহৰ সমানেই প্ৰৱীণ। গতিকে মই মোৰ হৃদয়ত বিশ্বাসৰ প্ৰদীপ জ্বলাই ৰাখিম।

  • মোৰ হৃদয়ত আমাৰ ৰাষ্ট্ৰীয় পতাকা উৰি থাকে। মই মোৰ ৰাজ্য আৰু দেশলৈ গৌৰৱ কঢ়িয়াই আনিম।

— মই ইয়াৰ দ্বাৰা শপত লওঁ যে ড° কালামে আগবঢ়োৱা এই শপতসমূহ মই মানি চলিম আৰু আৰু মোৰ সকলো কাৰ্যত সফলতা অৰ্জন কৰিম।

নাম:
ঠিকনা:
তাৰিখ আৰু সময়:                                                         চহী:

Featured image courtesy: Wikipedia.org
বিদ্যাৰ্থী আৰু যুৱসমাজলৈ ড° এ পি জে আব্দুল কালামৰ দহোটা শপত | সম্পাদনা কক্ষ

Follow Nilacharai on Facebook