নিৰ্বাচনী পৰাজয়ৰ অভিজ্ঞতা নাই তুৰস্কৰ ৰাষ্ট্ৰপতিৰ

নিৰ্বাচনী পৰাজয়ৰ অভিজ্ঞতা নাই তুৰস্কৰ ৰাষ্ট্ৰপতিৰ
  • 29 Apr, 2023
মূল: ৰুবেন চিলভাৰমেন (Reuben Silverman)
অনুবাদ: ধ্ৰুৱ শইকীয়া

হা ১৪ মে’ (২০২৩)ত অনুষ্ঠিত হ’ব তুৰস্কৰ ৰাষ্ট্ৰপতি আৰু সংসদীয় নিৰ্বাচন৷ যদিহে আগন্তুক নিৰ্বাচনত এতিয়াৰ ৰাষ্ট্ৰপতি ৰিচেপ টায়িপ এৰডোগান (Recep Tayyip Erdoğan) বা তেওঁৰ দল জাষ্টিচ এণ্ড ডেভেলপমেণ্ট পাৰ্টিয়ে (এ কে পি) পৰাজয় বৰণ কৰিবলগীয়া হয়, তেন্তে বিগত দুটা দশক ধৰি ক্ষমতাসীন নেতাগৰাকীয়ে সসন্মানে অব্যাহতি ল’ব পাৰিবনে, এই প্ৰশ্ন আজি উত্থাপিত হৈছে, কিয়নো তুৰস্কৰ ইতিহাসত আজিলৈকে ৰাষ্ট্ৰপতিয়ে সামৰিক অভ্যুত্থান অথবা জীৱনাৱসানৰ বাবেহে কাৰ্যকালৰ অন্ত পেলাই আহিছে, নিৰ্বাচনী পৰাজয়ৰ বাবে নহয়৷ সেয়ে নিৰ্বাচনী পৰাজয়ৰ পাছত ক্ষমতা কিদৰে হস্তান্তৰ কৰিব লাগে, এৰডোগানৰ সন্মুখত তাৰ কোনো আদৰ্শ বা উদাহৰণ নাই।

তুৰস্ক বা টুৰ্কী (Turkey / Türkiye) যদিও পৰম্পৰাগতভাৱে এখন ধৰ্মনিৰপেক্ষ দেশ আছিল, এৰডোগান আৰু এ কে পি দলে দেশখনত ইচলামৰ প্ৰভাৱ দৃঢ়তৰ কৰে, যাৰ ফলস্বৰূপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তুৰস্কৰ প্ৰভাৱ বৃদ্ধি পায়। কিন্তু শিথিল অৰ্থনৈতিক নীতিৰ লগতে ২০২৩ চনৰ প্ৰৱল ভূমিকম্পই তুৰস্ক চৰকাৰৰ ওপৰত দেশবাসীৰ আস্থা লাঘৱ নকৰাকৈ নাথাকিল, অনেক ভোটাৰেই প্ৰশাসনৰ দক্ষতাক লৈ সন্দেহ প্ৰকাশ কৰিলে, অথচ প্ৰশাসনৰ ওপৰত দেশবাসীৰ আস্থাই সেই সময়লৈকে এ কে পি দলৰ মূলধন আছিল।

দুটা দশক ক্ষমতাত থকাৰ পাছত এৰডোগানৰ প্ৰস্থানৰ কথা কল্পনা কৰিবলৈকে টান। কিন্তু প্ৰাক নির্বাচনী সমীক্ষাই এজন বিৰোধী নেতাৰ হাতত তেওঁৰ সম্ভাৱ্য পৰাজয়ৰ ইংগিত দিছে। তথাপি এক ব্যাপক ধাৰণায়ো গা কৰি উঠিছে যে ক্ষমতাত বৰ্তি থাকিবলৈ এৰডোগানে সম্ভৱপৰ সকলোখিনিকে কৰিব আৰু এতিয়াও ক্ষমতাত থকাৰ সুযোগৰ সদ্ব্যৱহাৰ কৰি কম ব্যৱধানত হ’লেও জয়লাভ সাব্যস্ত কৰিব পাৰিব বা বিৰূপ ফলাফলক সজোৰে প্ৰত্যাহ্বান জনাব। সি যি কি নহওক, এৰডোগানৰ ভৱিষ্যৎ প্ৰতিক্ৰিয়া যে তুৰস্কৰ ইতিহাসৰ এক বিৰল দৃষ্টান্তৰূপে পৰিগণিত হবলৈ ওলাইছে, সেয়া একপ্ৰকাৰ নিশ্চিত।

জনগণৰ ভোটেৰে নিৰ্বাচনত জয়লাভ কৰা এৰডোগান তুৰস্কৰ প্ৰথম ৰাষ্ট্ৰপতি, আন ৰাষ্ট্ৰপতিৰ দৰে তেওঁক সংসদে মনোনীত কৰা নাছিল। তাৰ পাছত এৰডোগানৰ তৎপৰতাতে তুৰস্কত সংসদীয়ৰ পৰিৱর্তে ৰাষ্ট্ৰপতি আৰ্হিৰ শাসন আৰম্ভ হয়। এৰডোগানৰ ১১জন পূর্বসুৰীয়ে বিনা বাক্যব্যয়ে ক্ষমতাৰ পৰা অব্যাহতি লৈছিল। এৰডোগানৰ দৰে আন দুই-এজনে জনগণৰ ভোটেৰে বিজয়ী হোৱাৰ বলতে চিৰদিন ক্ষমতাত খামোচ মাৰি ধৰিবলৈ লৈছিল, অৱশেষত সামৰিক অভ্যুত্থান বা মৃত্যুৱেহে তেওঁলোকৰ কাৰ্যকালৰ অন্ত পেলাইছিল। ইয়াৰ একমাত্ৰ ব্যতিক্ৰমকো বিশেষ উৎসাহজনক বুলিব নোৱাৰি।

তুৰস্কৰ প্ৰথম ৰাষ্ট্ৰপতি আৰু দেশখনৰ জনক মুস্তাফা কামাল আটাটুৰ্ক (Mustafa Kemal Atatürk)ৰ ৫৭ বছৰ বয়সতে অকাল মৃত্যু ঘটিছিল আৰু ইয়াৰ বাবে তেওঁৰ উতনুৱা জীৱনশৈলীকে দায়ী কৰা হয়। কামালৰ উত্তৰাধিকাৰী আৰু অতি ঘনিষ্ঠ ইচমেট ইননুৱে ১২ বছৰ কাল শাসন চলোৱাৰ পাছত আটাটুৰ্ক-ইনানুৰ দল ৰিপাব্লিকান পিপলচ পার্টি (চি এইছ পি)-এ ১৯৫০ চনৰ নিৰ্বাচনত নিজ দলৰে আঁতৰি যোৱা ডেম’ক্ৰেটিক পার্টিৰ হাতত পৰাজয় বৰণ কৰে। সেই নিৰ্বাচন সুস্থ আৰু নিকা আছিল বুলিও স্বীকৃত।

তুৰস্কৰ জন্মদাতা মুস্তাফা কামাল আটাটুৰ্ক

মুস্তাফা কামাল আটাটুৰ্ক

ডেম’ক্ৰেটিক দলে ধর্মনিৰপেক্ষতা বিচৰা নাছিল, ব্যক্তিগত খণ্ডৰ উদ্যোগ-ব্যৱসায়ৰ সমর্থক আছিল আৰু এৰডোগানে এনে দৃষ্টিভংগীৰ সমর্থন কৰাৰ লগতে তুৰস্কৰ ৰাজনীতিত মধ্য-সোঁপন্থীৰ মিত্ৰতা তথা গণতান্ত্ৰিক ব্যৱস্থাৰ পোষকতা কৰিছিল। সেয়ে চি এইছ পি দলৰ বিৰুদ্ধে ডেম’ক্ৰেটিক দলৰ নিৰ্বাচনী জয়লাভৰ বার্ষিকীৰ সৈতে সংগতি ৰাখি এৰডোগানে পৰবর্তী নিৰ্বাচনৰ দিন ১৪ মে’ থিৰাং কৰিছে।

১৯৫০ চনত ৬৫ বছৰ বয়সত ভৰি দিয়া ইননুৱে তেওঁৰ পৰাজয় নতশিৰে স্বীকাৰ কৰিছিল যদিও ৰাজনীতিৰ পৰা অৱসৰ ল’বলৈ সাজু নাছিল। তাৰ পাছতো সুদীর্ঘ ২২ বছৰ কাল নিজ দলৰ নেতৃত্বত থাকি ১৯৭২ চনত দলৰ এক অভিৱৰ্তনৰ বাবে তেওঁ নাটকীয়ভাবে বিদায় ল’বলগা হৈছিল। ইননুৰ পাছত দলৰ নেতৃত্বলৈ অহা বুলেণ্ট ইচিভিটে প্ৰায় দহ বছৰ কাল ৰাষ্ট্ৰপতি হ’বলৈ অপেক্ষা কৰে। ডেৰ বছৰৰ পাছত ইননুৱে জীৱন নাট সামৰে। ইচিভেট কাহানিও ৰাষ্ট্ৰপতি হ’ব নোৱাৰিলে যদিও পৰৱৰ্তী তিনিটা দশকলৈ তেওঁ দেশখনৰ ইতিহাসৰ এক গুৰুত্বপূর্ণ ব্যক্তি হৈ ৰ’ল। এই সময়ছোৱাতে ১৯৮০ চনত এক সামৰিক অভ্যুত্থানৰ পাছত চি এইছ পি নিষিদ্ধ কৰাৰ সময়তো দলক ইননুৱে নেতৃত্ব দিছিল। ইয়াৰ পাছতো তেওঁৰ প্ৰতি অনুগত আন এক দলৰ মুৰব্বীও হয় ইননু।

ডেম’ক্ৰেট দলৰ নেতা চেলাল বায়াৰ এক দশকৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ পাছত ১৯৬০ চনৰ সামৰিক অভ্যুত্থানে তেওঁক পদচ্যুত কৰে। ইয়াৰ পাছত আন কেইবাজনো চৰকাৰী বিষয়াৰ সৈতে তেওঁক প্ৰাণদণ্ড বিহা হৈছিল যদিও তেওঁৰ বেছি বয়সৰ বাবে অৱশেষত ৰেহাই লাভ কৰে। বায়াৰ আৰু আন কেইবাজনো ডেম’ক্ৰেট নেতা পৰবর্তী পাঁচটা বছৰৰ সৰহখিনি সময় কাৰাৰুদ্ধ হৈ ৰ’ল যদিও কাৰাৰুদ্ধ নোহোৱা ডেম’ক্ৰেটসকলে চুলেইমান ডেমিৰেলৰ নেতৃত্বত এটা নতুন ৰাজনৈতিক দল জাষ্টিচ পার্টিৰ জন্ম দিয়ে। চুলেইমানে পৰৱর্তী প্ৰায় চাৰি দশকলৈ দলৰ নেতৃত্বৰ ভাৰ কৃতিত্বৰে বহন কৰিছিল।

ৰুবেন চিলভাৰমেন

(ৰুবেন চিলভাৰমেন ষ্টকহম বিশ্ববিদ্যালয়ৰ তুৰস্ক অধ্যয়নৰ গৱেষক)

❧ | আৰু পঢ়ক:

নিৰ্বাচনী পৰাজয়ৰ অভিজ্ঞতা নাই তুৰস্কৰ ৰাষ্ট্ৰপতিৰ |মূল: ৰুবেন চিলভাৰমেন | অনুবাদ: ধ্ৰুৱ শইকীয়া
Follow Nilacharai on Facebook