তুমি

তোমাৰ মৰমী স্পৰ্শতেইতো
কবৰতলীৰ পৰা সাৰ পাই উঠিছিল
সমাধিস্থ এটি মৃত সপোন

তোমাৰ তৰ্জনীত ধৰিয়েইতো
থুপুক-থাপাককৈ থিয়দঙা দি উঠিছিল
বিধস্তপ্ৰায় এটি হৃত জীৱন

তোমাৰ ভালপোৱাৰ ঐশ্চৰ্যৰেইতো
চহকী হৈ উঠিছিল
এখনি কঙাল হৃদয় এদিন

আৰু দুখীয়াও হৈ পৰিছিল
কেওকিছু কাকো দিব নোৱৰাকৈ
চিৰদিন…

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz