অনামিকা বৰাৰ কবিতা

ৰুমাল

মোৰ ৰঙা ৰুমালখনত এতিয়াও লাগি আছে
তোমাৰ হাতৰ চিনাকি সুগন্ধৰ পৰশ
ইচ্ছা কৰিয়ে ধোৱা নাই
কিজানিবা আঁতৰি যায়!
সুগন্ধটো আলফুলে থৈছোঁ
মোৰ আছুতীয়া ডায়েৰিখনৰ মাজত
ভাল লগা কবিতাটোৰ কাষত

মোৰ কবিতাটো আৰু তোমাৰ সুগন্ধৰ মাজত
এতিয়া গভীৰ প্ৰেম
মাতাল হৈ পৰিছে মোৰ কবিতাটো
ৰুমালৰ সুগন্ধৰ গৰাকীক বিচাৰি
কৈ দিওঁ নেকি, সেইজন তুমি বুলি?

«

শব্দৰ শইচ সিঁচা মানুহজন
(হীৰুদালৈ শ্ৰদ্ধাঞ্জলি)

বাঙ্ময় সপোনৰ দলিচাত
অজস্ৰ আঁক-বাক
আঁকিব নোৱাৰো
সেউজীয়া এটা গান
তোমাৰ চিনাকি মাতত
সাৰ পাই উঠে
এশ এটা শব্দৰ শইচ।

হেৰাই গ'ল তোমাৰ মাত
তোমাৰ কবিতা
আৰু হেৰাই গ'ল
শব্দৰ সেউজীয়া পথাৰখন!

শইচ খোৱা চৰাইজাকে
আকাশৰ বুকুত উৰি উৰি
বিচাৰি ফুৰিছে তোমাক
তোমাৰ শব্দৰ পথাৰখনে
তুমি-হীনতাত উচুপি উঠিছে
উচুপিছে কবিতাৰ চৰাইজনীয়ে
প্ৰিয় কবিক হেৰুওৱাৰ বেদনাত!

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:
সম্পাদক

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of