যোগ আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে ইয়াৰ চৰ্চাৰ প্ৰয়োজনীয়তা

যোগ আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে ইয়াৰ চৰ্চাৰ প্ৰয়োজনীয়তা
  • 16 Jun, 2022

সু স্থ শৰীৰ আৰু মন সকলোৰে কাম্য। সুস্থ শৰীৰৰ অধিকাৰীজন সুস্থ মনৰো অধিকাৰী হয়। কিন্তু বৰ্তমান কৰ্ম ব্যস্ত প্ৰতিযোগিতাপূৰ্ণ জীৱনত সুস্থ মন আৰু সুস্থ শৰীৰ বৰ্তাই ৰখাটো এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছে, কাৰণ বৰ্তমান সময়ত প্ৰতি মুহূৰ্তত ব্যক্তি মানসত অস্থিৰতা, উদ্বিগ্নতা, নিৰাপত্তাহীনতাই বিৰাজ কৰি থাকে। বিজ্ঞানে আধুনিক সা-সুবিধাৰে জীৱন ধাৰণৰ মান উন্নত কৰিছে যদিও সেই সা-সুবিধাবোৰ আহৰণ কৰাৰ নিগনি-দৌৰত মানুহৰ শাৰীৰিক আৰু মানসিক সন্তুলন বৰ্তাই ৰখাটো কঠিন হৈ পৰিছে। বস্তুবাদী হৈ শৰীৰ, মন আৰু আত্মাক অৱহেলা কৰা হৈছে। যাৰ ফলত সমাজত মানসিক ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাব ধৰিছে। সুস্থ শৰীৰৰ সুস্থ চিন্তাশীল মানুহ আশংকাজনকভাৱে কমি আহিছে। এনেবোৰ কাৰকে বৰ্তমান প্ৰজন্মৰ ছাত্র-ছাত্ৰী, যুৱক-যুৱতীসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে।

ইণ্টাৰনেটৰ জগতখনত সৰুৰে পৰা ব্যস্ত হোৱাৰ ফলত ছাত্র-ছাত্ৰী, যুৱক-যুৱতীসকলৰ ওপৰত যোগাত্মক আৰু বিয়োগাত্মক দুয়োটা প্ৰভাৱ পৰিছে। ছাত্র-ছাত্ৰীসকলে নিজকে আত্মনিৰ্ভৰশীল কৰি জীৱনত প্ৰতিষ্ঠা লাভৰ সংগ্ৰামত ব্ৰতী হওঁতে হেৰুৱাব লগা হৈছে নিজৰ সোণালী শৈশৱ। জীৱন যুদ্ধৰ আখৰাত ব্যস্ত আজিৰ নৱ প্ৰজন্মই শৈশৱৰ মাদকতা উপলব্ধিৰ পৰা বঞ্চিত হৈছে। বঞ্চিত হৈছে প্ৰকৃতিৰ উমাল বুকুৰ অকৃত্ৰিম মৰমৰ পৰা। পাহৰি গৈছে মানুহ আৰু প্ৰকৃতিৰ মাজৰ অভিন্ন সমন্ধৰ কথা। প্ৰকৃতি অবিহনে মানুহৰ পৃথক অস্তিত্ব নাই, মানুহো প্ৰকৃতিৰে যে অঙ্গ সেয়া পাহৰি প্ৰকৃতি ধ্বংসৰ দৰে কৰ্ম কৰি নিজৰ হাতৰ কুঠাৰ নিজৰ ভৰিতে মাৰিছে। প্ৰকৃতিৰ ভাৰসাম্য নিঃশেষ কৰিছে। বৰ্তমানৰ শিক্ষা ব্যৱস্থাত বিজ্ঞান আৰু প্ৰযুক্তিৰ ন ন দিশৰ শিক্ষণ-প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে, কিন্তু তাৰ তুলনাত অৱহেলা কৰা হৈছে মানৱীয় গুণসমূহৰ শিক্ষা প্ৰদানত। নৈতিক, আধ্যাত্মিক শাৰীৰিক উৎকৰ্ষ সাধনৰ শিক্ষাক এলাগী কৰা হৈছে। তাৰ ফলশ্ৰুতিত সমাজত পুথিগত শিক্ষাৰে শিক্ষিতৰ সংখ্যা বৃদ্ধি হৈছে, কিন্তু মানৱীয় গুণেৰে সমৃদ্ধ গুণী-জ্ঞানী ব্যক্তিৰ সংখ্যা দিনক দিনে হ্ৰাস হৈ আহিছে। যাৰ ফলস্বৰূপে অনৈতিক কাৰ্যকলাপ, যুৱ উচ্ছৃংখলতা, হত্যা, ধৰ্ষণ আদিয়ে সমাজ ছানি ধৰিছে। আমি যদি অতীতৰ ভাৰতীয় শিক্ষা ব্যৱস্থালৈ লক্ষ্য কৰোঁ, তেন্তে দেখিম যে কিছুমান দিশত প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থা এতিয়াৰ তুলনাত বহু উৎকৃষ্ট আৰু সন্তুলিত আছিল।

প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাত আধ্যাত্মিক, বৌদ্ধিক আৰু শাৰীৰিক চৰ্চাত সমানে গুৰুত্ব প্ৰদান কৰা হৈছিল। বেদ, উপনিষদ, মহাকাব্য আদিৰ শিক্ষা প্ৰদানেৰে যেনেদৰে ব্যক্তিৰ আধ্যাত্মিক আৰু নৈতিক চৰিত্ৰৰ ভেটি গঢ়ি তুলিছিল, তেনেদৰে ব্যাকৰণ, ৰসায়ন বিদ্যা, পদাৰ্থ বিজ্ঞান, চিকিৎসা শাস্ত্ৰ, আয়ুৰ্বেদ, অঙ্ক শাস্ত্ৰ, জ্যোতিষ শাস্ত্ৰ আদিৰ শিক্ষা প্ৰদানেৰে বৌদ্ধিক স্তৰৰ উন্নতি কৰিছিল। এনে শিক্ষা ব্যৱস্থাৰ ফলশ্ৰুতিত সৃষ্টি হৈছিল পাণিনিৰ দৰে সংস্কৃত ব্যাকৰণবিদ আৰু ভাষা বিজ্ঞানী, আৰ্যভট্টৰ দৰে গণিতজ্ঞ, সূশ্ৰুতৰ দৰে চিকিৎসক, কৌটিল্যৰ দৰে অৰ্থশাস্ত্ৰবিদ তথা কূটনৈতিক পণ্ডিত, বৰাহমিহিৰ, খনাৱতীৰ দৰে গণিতজ্ঞ, কালিদাসৰ দৰে সাহিত্যকৰ।

বৰ্তমানৰ শিক্ষা ব্যৱস্থাত ছাত্র-ছাত্ৰী, যুৱক-যুৱতীসকলৰ শাৰীৰিক সক্ৰিয়তা হ্ৰাস হোৱাৰ ফলত নানা ব্যাধিয়ে দেখা দিবলৈ ধৰিছে। উচ্চাকাংক্ষা, ৰঙীন পৃথিৱীৰ সপোনত মজি সপোন বাস্তৱ কৰিব নোৱৰাৰ দুখ আৰু হতাশাত আত্ম হননৰ দৰে ভয়ঙ্কৰ পথ লোৱা বাতৰিয়ে চিন্তাশীল জনক অধিক চিন্তিত কৰি তুলিছে। ইবিলাকৰ পৰা পৰিত্ৰাণৰ উপায় প্ৰাচীন ভাৰতীয় ঋষি-মুনিসকলে অতি প্ৰাচীন কালতে আগবঢ়াই গৈছে। হয়তো ঋষি-মুনিসকলে ভৱিষ্যতৰ পৃথিৱীত এনেকুৱা অৱস্থাৰ সৃষ্টি হ’ব বুলি পূৰ্বানুমান কৰিয়েই যোগৰ দৰে এক ফলপ্ৰসূ বিষয়ৰ সৃষ্টি কৰি মানৱ জাতিলৈ এক বহুমূলীয়া উপহাৰ দি থৈ গৈছে। সেয়েহে অনাগত সময়ত আহিব পৰা ভীষণ পৰিস্থিতিৰ মোকামিলা কৰিবলৈ আমাৰ নৱ প্ৰজন্মক সাজু কৰাৰ পৱিত্ৰ দায়িত্ব জ্যেষ্ঠসকলে কান্ধ পাতি লোৱাৰ সময় আহি পৰিছে। সুখৰ কথা যে পলমকৈ হ’লেও আকৌ প্ৰাচীন আয়ুৰ্বেদ, যোগ আদিৰ বিষয়ৰ অধ্যয়ন, গৱেষণা আৰু চৰ্চাৰ প্ৰতি মানুহৰ সচেতনতা বৃদ্ধি পাব ধৰিছে। বিশেষকৈ যোগৰ গুৰুত্ব উপলব্ধি কৰি দেশে-বিদেশে ইয়াৰ চৰ্চা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে।

যোগ দিৱসৰ লগো

যোগ দিৱসৰ লগো

ৰাষ্ট্ৰসংঘ (UN)ৰ সাধাৰণ পৰিষদে ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ২১ জুন তাৰিখটোক আন্তৰ্জাতিক যোগ দিৱস (International Yoga Day) হিচাপে ঘোষণা কৰে। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘত ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। তেওঁ এই প্ৰস্তাৱ ২০১৪ চনৰ ২৭ ছেপ্তেম্বৰ তাৰিখে আগবঢ়ায় আৰু তাৰ ঠিক ৭৮ দিনৰ পাছত, অৰ্থাৎ ১১ ডিচেম্বৰত ১৯৩খন ৰাষ্ট্ৰৰ ভিতৰত ১৭৫খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে প্ৰস্তাৱটি গৃহীত হয়। তাৰ ঠিক পাছৰে পৰা অৰ্থাৎ ২০১৫ চনৰ পৰা সমগ্ৰ বিশ্বতে ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে।

এতিয়া মনলৈ প্ৰশ্ন আহিব পাৰে— যোগ কি? আমাৰ বহুতৰ ধাৰণা, যোগ ঋষি-মুনিসকলৰহে বস্তু। সেয়েহে যোগ সাধনা কৰিবলৈ যোগী হ’ব লাগিব আৰু সংসাৰৰ মায়া-মোহ ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰি পৰ্বতৰ গুহা নাইবা অটব্য অৰণ্যলৈ গৈহে যোগ সাধনা কৰিব পাৰি। যোগক প্ৰায় মানুহে এক উচ্চ স্তৰৰ বিদ্যা আৰু কঠোৰ অনুশীলন বুলি ভাবে আৰু সাধাৰণ মানুহৰ বিষয় নহয় বুলি এই বিদ্যা আহৰণৰ পৰা বিৰত থাকে। কিন্তু এইবিলাক অমূলক তথা ভ্ৰান্ত ধাৰণা। যোগৰ সাধনা বা অনুশীলন কৰিবলৈ গভীৰ অৰণ্যলৈ যোৱাৰ নাইবা সংসাৰ ত্যাগ কৰাৰ প্ৰয়োজন নাই। যোগ আচলতে জীৱন ধাৰণৰ এক অপৰিহাৰ্য প্ৰণালী। আমি অজানিতে আমাৰ জীৱনত যোগ সাধনা কৰিও থাকোঁ। পুৰোহিতে পূজা-অৰ্চনা কৰোঁতে, আমাৰ সমাজৰ আধ্যাত্মিক কাৰ্যবোৰত, যেনে— নামলোৱা, মালা জপ কৰা আদিৰ লগত যোগ সংপৃক্ত হৈ আছে। পূজাৰীয়ে পূজা কৰোঁতে, নাম লগোৱাই নাম লওঁতে প্ৰথমে কিছুমান কাৰ্য, যেনে— মুদ্ৰা, ধ্যান আদি নিয়ম বুলি কৰে। ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে এই বিলাক কাৰ্যৰ লগত যোগ জড়িত হৈ আছে। গতিকে যোগৰ ব্যৱহাৰ আমাৰ মাজত আছেই।

যোগ ক্ৰিয়াৰ নিয়মিত আৰু নিষ্ঠাপূৰ্ণ অনুশীলনে ব্যক্তিৰ অভ্যন্তৰত সুপ্ত হৈ থকা শক্তি আৰু প্ৰতিভাৰ বিকাশ ঘটাই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন কৰে। ‘যোগ’ শব্দটো সংস্কৃত ‘যুজ’ শব্দৰ পৰা আহিছে, যাৰ অৰ্থ মিলন বা সংযোগ, ঐক্য, সমতা স্থাপন। গীতা শাস্ত্ৰত যোগ সম্পৰ্কে এই ধৰণে কোৱা হৈছে—
“যোগস্থঃ কুৰু কৰ্ম্মানিসংঙ্গ ত্যক্তা ধনঞ্জয়।
সিদ্ধ্যাসিদ্ধ্যোঃ সমোভূত্বা সমত্বঃ যোগ উচ্যতে।”
অৰ্থাৎ, সহজ অৰ্থভাৱে ক’ব পাৰি— নিৰ্বিকাৰভাৱে কাম কৰা আৰু কামৰ ফলত চিত্ত বা মনৰ সমত্ব ভাৱেই হৈছে যোগ। যোগ শাস্ত্ৰৰ প্ৰণেতা ঋষি পতঞ্জলিৰ মতে— “যোগ চিত্ত বৃত্তি নিৰোধঃ”। অৰ্থাৎ চিত্তৰ বৃত্তিসমূহৰ নিৰোধ কৰণেই যোগ। চিত্ত হৈছে মন, বুদ্ধি আৰু অহংকাৰৰ সমষ্টিগত ৰূপ। চিত্ত বা মনৰ বৃত্তিসমূহ অৰ্থাৎ বিক্ষিপ্ত হ’ব পৰা উৎসসমূহ দমন বা সংযম কৰাই যোগ।

যোগৰ চাৰিটা ভাগ আছে, সেইকেইটা হ’ল— কৰ্মযোগ, জ্ঞান যোগ, ভক্তিযোগ আৰু ক্ৰিয়া যোগ। যোগৰ বিশাল ব্যপ্তি আছে, এজন সাধাৰণ ব্যক্তিৰ বাবে যোগৰ সকলো বিধৰ চৰ্চা, অধ্যয়ন, অনুশীলন এটা জীৱনত প্ৰায় অসম্ভৱ। সেয়েহে ইয়াৰ ভিতৰত বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ কামত অহা আৰু প্ৰয়োজনীয় বুলি ভবা দুটিমান দিশহে এই আলোচনাত সামৰিব খোজা হৈছে।

মহৰ্ষি পতঞ্জলিয়ে বৈজ্ঞানিক ভিত্তিত প্ৰণালীবদ্ধভাৱে এক পূৰ্ণাংগ যোগ পদ্ধতি প্ৰস্তুত কৰি থৈ গৈছে। তেখেতে ‘যোগ সূত্ৰ’ নামৰ বিখ্যাত গ্ৰন্থত যোগৰ আঠটা অঙ্গ বৰ্ণনা কৰিছে এনেদৰে— য়ম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি। এই আঠটি অঙ্গক অষ্টাঙ্গ যোগ বোলা হয়। ভাৰতীয় আধ্যাত্মিক দৰ্শনত মোক্ষ প্ৰাপ্তিক সৰ্বোচ্চ প্ৰাপ্তি বুলি ভবা হয়। আত্মাৰ বিনাশ নাই, আত্মা এটা শৰীৰৰ পৰা আন এটা শৰীৰলৈ স্থান সলাই থাকে বুলি কোৱা হয়। জীৱৰ কৰ্মৰ যোগেদি উত্তৰণ ঘটিবও পাৰে নাইবা অবনমিত হ’বও পাৰে ‌। মোক্ষ লাভৰ বাবে এই অষ্টাঙ্গ যোগক এডাল জখলা বুলি ধৰি ল’লে প্ৰতিটো অঙ্গ এটা খাপ বা সোপান বুলি ধৰিব পাৰি। এটি এটি খাপ ওপৰলৈ গৈ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হ’লে আত্মাই পৃথিৱীত বাৰে বাৰে জন্ম গ্ৰহণ কৰি জৰা-মৃত্যু, দুখ-দুৰ্দশা আদিৰ পৰা হাত সাৰিব পাৰে বুলি ভাৰতীয় আধ্যাত্মিক দৰ্শনে কয়। কিন্তু অষ্টাঙ্গ যোগৰ প্ৰতিটো ঢাপ সফলতাৰে অতিক্ৰম কৰি শীৰ্ষ বিন্দুত অৱস্থান কৰাটো সকলোৰে বাবে সহজ নহয়। এজন ব্যক্তিয়ে অষ্টাঙ্গ যোগৰ প্ৰথম চাৰিটি খাপ অতিক্ৰম কৰিবলৈ সক্ষম হ’লেই যথেষ্ট। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অষ্টাঙ্গ যোগৰ প্ৰথম চাৰিটা ঢাপ বিশেষভাৱে গুৰুত্বপূৰ্ণ। এই প্ৰথম চাৰিটি ভাগক বহিৰঙ্গ যোগ বোলা হৈছে, সেইকেইটা হ’ল— য়ম, নিয়ম, আসন আৰু প্ৰাণায়াম। ইয়াৰ প্ৰথম দুই অঙ্গই নৈতিকতাৰ দিশত আৰু পিছৰ দুই অঙ্গই শাৰীৰিক দিশত শক্তিশালী কৰি তোলে। ধাৰণা, ধ্যান আৰু সমাধি— এই তিনি অঙ্গ যোগ হৈছে অভ্যন্তৰীণ সাধনা। এই তিনি অঙ্গই যোগ সাধকক মানসিক আৰু আধ্যাত্মিক দিশত উন্নত কৰি চৰম লক্ষত উপনীত কৰায়। প্ৰত্যাহাৰ হৈছে অন্তঃঅঙ্গ (মন) আৰু বহিৰঙ্গ (শৰীৰ)ৰ মাজৰ সাধনা। এই অঙ্গই সাধকক বাহিৰৰ জগতখনৰ পৰা নিলগাই অন্তৰ জগতত প্ৰৱেশ কৰায়।

বহুতে ভাবে, যোগাভ্যাস মানে কেইটামান শ্বাস প্ৰক্ৰিয়া আৰু কিছুমান শাৰীৰিক ব্যায়ামৰ অনুশীলন, কিন্তু প্ৰকৃততে সেইটো নহয়। মানুহৰ অভ্যন্তৰৰ গভীৰত সুপ্ত হৈ থকা শক্তিসমূহক জাগৃত কৰি বিকশিত কৰিবৰ বাবে শৰীৰ আৰু মনৰ ওপৰত স্ব ইচ্ছাৰে আৰোপিত সংযমেই হ’ল যোগ। সংযমে শৰীৰ আৰু মনলৈ স্থিৰতা আৰু প্ৰশান্তি আনে। এই স্থিৰতা আৰু প্ৰশান্তিয়ে শৰীৰ আৰু মনক নিৰ্মল আৰু বিষমুক্ত কৰি তোলে। সুস্থ শৰীৰ আৰু মন সকলোৰে কাম্য। সুস্থ মন আৰু শৰীৰৰ অধিকাৰীসকলৰ মাজত প্ৰাণ প্ৰাচুৰ্যই বিৰাজ কৰে।

অষ্টাঙ্গ যোগৰ প্ৰথম ভাগ ‘য়ম’ হৈছে স্বেচ্ছাৰে মানি চলিবলগীয়া কিছুমান নিয়ম। অৰ্থাৎ যিবোৰ কৰ্ম মানৱ পৰিপন্থী, তেনেবোৰ কামৰ পৰা বিৰত থকাই য়ম। অনৈতিক কামৰ পৰা নিজকে আঁতৰাই ৰাখি নৈতিক কৰ্মত কায়মনোবাক্যে আত্মনিয়োগ কৰাই হ’ল য়ম। অহিংসা, অস্তেয়, ব্ৰহ্মচাৰ্য আৰু অপৰিগ্ৰহ— এই পাঁচবিধ য়মৰ ভিতৰত পৰে।

অহিংসা: কাৰো মনত দুখ নিদিয়া, কাৰো অপকাৰ নাইবা অন্যায় নকৰা, কাকো হিংসা নকৰা, প্ৰতিহিংসা, পৰশ্ৰীকাতৰতাৰ পৰা দূৰত থকা, মনত কোনো কপটতা নৰখা আদি এই বিভাগত পৰে। ছাত্ৰ-ছাত্ৰীসকলক সৰুৰে পৰা অহিংসাৰ পাঠ দিয়াটো অতি প্ৰয়োজনীয়।

সত্য: কোনো পৰিস্থিতিতে মিথ্যাৰ আশ্ৰয় নোলোৱা, সদায় সত্য পথত চলা যোগ সাধকৰ ধৰ্ম হোৱা উচিত।

অস্তেয়: অস্তেয়ৰ অৰ্থ হ’ল চুৰ নকৰা। এই ‘চুৰ’ শব্দটোৰ অৰ্থ ব্যাপক। নিজৰ ওচৰত নথকা বস্তু আনৰ ওচৰত দেখিলে তাক পাবলৈ যদি হাবিয়াস জন্মে আৰু সৎ উপায়েৰে সেই বস্তুটো লাভ কৰাৰ সম্ভাৱনা নাথাকিলে এনে হেঁপাহৰ পৰা চৌৰ্য মনোবৃত্তিৰ উদ্ভৱ হয়।

ব্ৰহ্মচৰ্য: জীৱৰ সহজাত প্ৰবৃত্তি কাম ভাবক দমন কৰি শৰীৰত উৎপন্ন হোৱা বীৰ্যক অবিকৃতভাৱে ধাৰণ কৰি তাক ঊৰ্ধ্বগামী কৰি ওজঃ শক্তিলৈ ৰূপান্তৰিত কৰাই হ’ল ব্ৰহ্মচৰ্য।

অপৰিগ্ৰহ: ‘অপৰিগ্ৰহ’ৰ অৰ্থ গ্ৰহণ নকৰা। অৰ্থাৎ নিজৰ প্ৰাপ্যখিনিৰ বাহিৰে অধিক গ্ৰহণ নকৰা। কাৰোবাৰ অনুগ্ৰহ গ্ৰহণ কৰাও সমীচীন নহয় বুলি যোগবিদসকলে কয়। কাৰণ কাৰোবাৰ পৰা অনুগ্ৰহ গ্ৰহণ কৰা মানেই নিজকে অনুগ্ৰহ কৰাজনৰ ওচৰত ঋণী কৰি তোলা।

য়ম পালনৰ ফলত ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, নৰ-নাৰী সকলো শান্ত-সৌম্য আৰু তেজস্বী হয়। সমাজত শান্তি-শৃঙ্খলা বৰ্তি থাকে।

পতঞ্জলি যোগৰ দ্বিতীয় অংগ হৈছে নিয়ম। নিয়ম হৈছে জীৱন যাত্ৰাত অৱশ্যেই কৰণীয় কৰ্ম। যিবোৰ কৰ্ম শাস্ত্ৰ সন্মতেই নহয়, বিজ্ঞান সন্মতো। পতঞ্জলিয়ে নিয়ম পাঁচবিধ বুলি ব্যক্ত কৰিছে। সেই পাচটি নিয়ম হ’ল— শৌচ, সন্তোষ, তপস্যা, স্বাধ্যায় আৰু ঈশ্বৰ প্ৰণিধান।

‘শৌচ’ৰ অৰ্থ হ’ল শুদ্ধি বা পৰিষ্কাৰ-পৰিচ্ছন্নতা। পৰিষ্কাৰ-পৰিচ্ছন্নতাই ঈশ্বৰপৰায়ণতা বুলি কোৱা হ’য় ( Cleanliness is next to Goodness)। পৱিত্ৰতাবিহীন ঈশ্বৰ-নিষ্ঠাই ভগৱৎ দৰ্শন কৰাব নোৱাৰে। বাইবেলত এই দৰে পোৱা যায়— “অন্তৰ পৱিত্ৰ লোকসকল ধন্য, কাৰণ তেওঁলোকে ভগৱান দৰ্শন কৰিব” (Blessed are the pure in heart, for they shall see God)। ব্যক্তিয়ে কায়িক (বাহ্যিক আৰু অভ্যন্তৰীণ), মানসিক আৰু পৰিৱেশিক— এই তিনিপ্ৰকাৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ সদায় সচেষ্ট থকা উচিত। স্নানাদি কৰ্মৰ দ্বাৰা শৰীৰ পৰিষ্কাৰ কৰা কাৰ্য বাহ্যিক শৌচ, সেইদৰে শৰীৰৰ বৰ্জিত পদাৰ্থ মল, মূত্ৰ আদি সময় মতে ত্যাগ কৰাই অভ্যন্তৰীণ শৌচ। মানসিক শৌচ হ’ল অন্তৰ শুদ্ধি। মনৰ ওপৰত প্ৰভাৱ পেলাব পৰা কু প্ৰবৃত্তিবোৰ ত্যাগ কৰাই মানসিক শৌচ। ব্যক্তিৰ নিজৰ শৰীৰ আৰু মন শুদ্ধ হ’লেই নহ’ব, তেওঁ বসবাস কৰা অঞ্চলৰ পৰিৱেশো সুন্দৰ, স্বচ্ছ আৰু পৱিত্ৰ হ’ব লাগিব। কাৰণ পৰিৱেশে ব্যক্তিৰ ওপৰত প্ৰভাৱ পেলায়।

নিয়মৰ অন্তৰ্গত আন এটি বিষয় হ’ল— ‘সন্তোষ’, অৰ্থাৎ কৰ্মৰ পৰা লাভ কৰা সন্তুষ্টি। কৰ্মৰ ফলাফল যিয়েই নহওক, তাৰ প্ৰতি চিন্তিত নহৈ যি ফল পাইছে, তাতেই সন্তুষ্ট থকা উচিত। সেয়ে নহ’লে মানসিক অশান্তি চপাই লোৱা হয়।

সন্তোষৰ পিছতে আহে ‘তপস্যা’। প্ৰায় মানুহে সাধাৰণতে তপস্যা বুলিলে পৰ্বতৰ গুহাত নাইবা ঘন অৰণ্যৰ মাজত নিৰলে থাকি ঈশ্বৰ চিন্তা কৰাক বুজে। কিন্তু প্ৰকৃততে সেয়া নহয়। কোনো এটা কামত মনোনিবেশ কৰি নিষ্ঠা আৰু ঐকান্তিকতাৰে শেষ নোহোৱা পৰ্যন্ত সেই কৰ্মত লাগি থকাই তপস্যা। ‘তপ’ৰ অৰ্থ দগ্ধ কৰা, অশুদ্ধ ধাতু যেনেদৰে জুইত গলাই তাত থকা অদৰকাৰী পদাৰ্থবোৰ নিষ্কাষণ কৰি শুদ্ধ পদাৰ্থখিনি উলিওৱা হয়, তেনেদৰে তপস্যাৰ যোগেদি শৰীৰ আৰু মনৰ কু প্ৰবৃত্তিসমূহ দগ্ধ কৰি পৰিশোধন কৰি লোৱা হয়।

নিয়মৰ চতুৰ্থ বিষয় হ’ল ‘স্বাধ্যায়’। স্বাধ্যায়ৰ অৰ্থ হ’ল নিজকে নিজে অধ্যয়ন কৰা। স্বাধ্যায়ৰ পৰা আত্মজ্ঞান ওপজে। আত্মাক জানিবৰ বাবে আত্মা আৰু পৰমাত্মাৰ সমন্ধ সম্পৰ্কে জ্ঞাত হ’বৰ বাবে যি অনুসন্ধান চলোৱা হয় আৰু অধ্যয়ন কৰা হয়, সেয়াই স্বাধ্যায়।

নিয়মৰ অন্তিম ভাগটো হ’ল ঈশ্বৰ প্ৰণিধান। সকলো সৎ কৰ্মক ভগৱানৰ ওচৰত সমৰ্পণ কৰা, ফলাফল ফলদাতা বিভুৰ হাতত বুলি নিজৰ কৰ্ম কৰি যোৱা মানসিকতাই ঈশ্বৰ প্ৰণিধান। সমগ্ৰ বিশ্ব-ব্ৰহ্মাণ্ডৰ সৃষ্টি-স্থিতি আৰু প্ৰলয়ৰ অধিকাৰী সৰ্ব শক্তিমান জনৰ অস্তিত্ব অনুধাৱন কৰি তেওঁৰ ওচৰতে নিজক সমৰ্পণ কৰিব পাৰিলেই ব্যক্তিৰ দৃষ্টিভঙ্গীৰ গভীৰ পৰিৱৰ্তন সাধন হৈ শান্ত আৰু সমাহিত অৱস্থা প্ৰাপ্ত হয়।

ইয়াৰ পিছতে যোগাসনৰ বিষয়লৈ আহোঁ। আসন হৈছে অষ্টাঙ্গ যোগৰ তৃতীয় অঙ্গ। পতঞ্জলিয়ে ‘স্থিৰতা’ আৰু ‘সুখ’— এই দুটা অৰ্থব্যঞ্জক শব্দৰে আসনৰ সংঙ্গা দিছে— “স্থিৰসুখম আসনম”, অৰ্থাৎ যি শাৰীৰিক স্থিতিয়ে বা ভঙ্গিমাই স্থিৰতা আৰু সুখ আনে সেয়াই আসন। আসনৰ নিয়মিত অভ্যাসে শৰীৰৰ অভ্যন্তৰৰ অঙ্গসমূহ সবল, সতেজ আৰু কৰ্মক্ষম কৰি স্থূল শৰীৰৰ জড়তা, দুৰ্বলতা, অস্থিৰতা, আলস্য, ৰোগ-বিকাৰ আদিৰ নিৰাময় কৰে আৰু শৰীৰ মনৰ স্থিৰতা, সজীৱতা, সজাগতা আৰু সহনশীলতা বৃদ্ধি কৰে।

আসন শাৰীৰিক ক্ৰিয়া, কিন্তু এয়া কেৱল আসনত স্থিতি লোৱা আৰু এৰাৰ ক্ষেত্ৰতহে। শাৰীৰিক ক্ৰিয়াৰ যোগেদি নিৰ্দিষ্ট আসনৰ স্থিতি লোৱাৰ পাছত সাধ্য অনুসৰি শৰীৰত কোনো পীড়াৰ সৃষ্টি নোহোৱাকে সেই স্থিতিত দীৰ্ঘ সময় থকাৰ পাছত আসন এৰাৰ সময়ত পুনৰ শাৰীৰিক ক্ৰিয়াৰ সহায় লোৱা হয়। (এইখিনিতে এটা কথা উনুকিয়াই থোৱা ভাল যে আসন আৰু ব্যায়াম একে নহয়। দুয়োটাৰ উদ্দেশ্য আৰু অভ্যাসৰ প্ৰক্ৰিয়া বীপৰীত ধৰ্মী। সেই সন্দৰ্ভত পিছত উল্লেখ কৰা হ’ব।)

আসনৰ অভ্যাসৰ দ্বাৰা শীত-উষ্ণ, ক্লেশ-আনন্দ, সুখ-দুখ আদিৰ দৰে পৰস্পৰ বিপৰীতমুখী দ্বন্দ্বৰ নাশ হয়, অৰ্থাৎ পৰস্পৰ বিৰোধী তত্ত্বৰ প্ৰতি সমভাৱ ৰখা আৰু তাৰ লগত লিপ্ত নোহোৱা শাৰীৰিক আৰু মানসিক অৱস্থাৰ নিৰ্মাণ আসনৰ অভ্যাসৰ পৰা হয়। আসনৰ বিভিন্ন ক্ৰিয়াবোৰ অনুশীলন কৰোঁতে শৰীৰত অবিৰতভাৱে চলি থকা শ্বসনৰ প্ৰতি সম্পূৰ্ণৰূপে গুৰুত্ব প্ৰদান কৰা হয়।

আসনৰ পিছতে যোগৰ অতি গুৰুত্বপূৰ্ণ অঙ্গ হৈছে প্ৰাণায়াম। প্ৰাণায়াম হ’ল প্ৰাণ শক্তিক আয়ত্তাধীন কৰি তাক সঞ্চয় আৰু বিস্তাৰ কৰা। প্ৰাণশক্তি হ’ল সেই চৈতন্য শক্তি, যি সমগ্ৰ প্ৰাণী জগত, উদ্ভিদ জগত, সামগ্ৰিকভাৱে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডক চেতনা দি কৰ্মৰত কৰি ৰাখিছে। প্ৰাণশক্তিৰ প্ৰাচুৰ্য হ’লেই আমাৰ জীৱ-জন্তু আৰু গছ-লতিকাৰ শ্ৰীবৃদ্ধি হয়, ইয়াৰ অভাৱ হ’লে শ্ৰীহীন হয়। প্ৰাণায়ামৰ নিয়মিত অভ্যাসেৰে শৰীৰত প্ৰাণ শক্তিৰ বিস্তাৰ কৰিব পাৰি, অৰ্থাৎ শৰীৰত অম্লজানৰ পৰিমাণ বৃদ্ধি কৰিব পাৰি। সাধাৰণভাৱে স্বাস গ্ৰহণ কৰোঁতে শৰীৰলৈ যিমান পৰিমাণৰ অম্লজানৰ প্ৰৱেশ ঘটে, সেয়া আমাৰ সৰ্ব শৰীৰ সুস্থ-সবল কৰি ৰখাৰ বাবে পৰ্যাপ্ত নহয়। আমাৰ শৰীৰটো অগণন কোষৰ সমষ্টি। এই কোষসমূহৰ স্বাস্থ্য আৰু জীৱন শক্তি নিৰ্ভৰ কৰে সেই সমূহলৈ সৰবৰাহ কৰা অম্লজানৰ ওপৰত। পৰ্যাপ্ত অম্লজানৰ অভাৱে কোষসমূহ দুৰ্বল কৰি তোলে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস কৰে।

স্বাসক্ৰিয়া হ’ল শৰীৰৰ স্বাভাৱিক ক্ৰিয়া। ই আপোনা-আপুনি নিৰ্দিষ্ট হাৰত চলি থাকে। প্ৰাণায়ামত এই ক্ৰিয়াক নিজৰ ইচ্ছা প্ৰয়োগেৰে পৰিচালনা কৰা হয়। এনে কৰিলে কে‌ৱল যে স্বাস্থ্যৰ ওপৰতে প্ৰভাৱ পৰে, এনে নহয়, ই আমাৰ মনৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে। গতিকে এই কথা ধাৰণা কৰিব পাৰি যে আসন আৰু প্ৰাণায়াম ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ প্ৰয়োজনীয়। ইয়াৰ নিয়মিত অভ্যাসৰ ফলত যিকোনো কামত মনৰ একাগ্ৰতা বৃদ্ধি হৈ অধ্যয়ন, সৎ চৰিত্ৰ গঠন আৰু অন্যান্য বিষয়ত ব্যুৎপত্তি লাভত সহায়ক হয়।

যোগ মানৱ জীৱনৰ বাবে কল্পবৃক্ষ স্বৰূপ। যোগৰ দ্বাৰা মানৱ জীৱনৰ সৰ্বোত্তম প্ৰাপ্তি সম্ভৱ। সুখী আৰু সমৃদ্ধিশালী জীৱন প্ৰত্যেক ব্যক্তিৰে কাম্য, সেয়েহে সুখী আৰু সমৃদ্ধিশালী জীৱনৰ বাবে সকলোৱেই যোগশিক্ষা লোৱাটো প্ৰয়োজন‌। দৈনন্দিন কৰ্মব্যস্ততাৰ মাজতে কিছু সময় উলিয়াই যোগৰ চৰ্চা কৰিলে তাৰ সুফল অৱশ্যেই লাভ কৰিব পাৰি। ছাত্ৰ-ছাত্ৰীসকল আমাৰ ভৱিষ্যৎ, আহক, সকলোৱে আমাৰ নতুন প্ৰজন্মক যোগ চৰ্চাৰ বাবে আকৰ্ষিত কৰিবলৈ যত্ন কৰোঁ।

🔗 | আৰু পঢ়ক:

যোগ আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে ইয়াৰ চৰ্চাৰ প্ৰয়োজনীয়তা | যাদৱ হাজৰিকা