বা ৰ্ধক্য অৱস্থাৰ নিসংগতাক সামৰি অনুৰাধা শৰ্মা পূজাৰীৰ এটি চুটিগল্প আধাৰিত ‘অনুৰ-Eyes on the Sunshine’ মঞ্জুল বৰুৱাৰ তৃতীয়খন চলচ্চিত্ৰ। উল্লেখ্য যে পৰিচালকগৰাকীয়ে ছবিখনৰ মূল উৎস চুটিগল্পটোৰ নাম ক’তো উল্লেখ কৰা নাই; পূৰ্বতে ‘অন্তৰীণ’ আৰু ‘কানীন’ৰ ক্ষেত্ৰতো পৰিচালক একেদৰেই নিমাত আছিল।
শিৱম ক্ৰিয়েছনে আগবঢ়োৱা ‘অনুৰ’ ছবিখন প্ৰযোজনা কৰিছে ডঃ গোপেন্দ্ৰ মোহন দাসে। অনুপমা বৰুৱাৰ চৰিত্ৰটোক কেন্দ্ৰ কৰি চলি থকা কাহিনীটোত ফুটি উঠিছে বৃদ্ধ কালত বাঢ়ি অহা দুঃচিন্তা, অস্বস্তি আৰু নিসংগতা। পৰিচালক হিচাপে মঞ্জুল বৰুৱাৰ সূক্ষ্ম পৰ্যৱেক্ষণ সঁচাকৈয়ে শলাগিবলগীয়া। ছবিখনৰ কিছুমান সৰু সৰু অংশই ছবিখনত বিশেষ ৰহণ সানিছে। টেবুলত সিঁচৰতি হৈ থকা ঔষধবোৰ, চাহ বনাই ধুবলৈ পাহৰা বাচন-বৰ্তন, ঘৰ চাফা কৰোঁতে হঠাতে পোৱা পঞ্চাশ টকীয়া নোটখন টপককৈ সামৰি থোৱা আদি বিভিন্ন সৰু সৰু উপাদানে ছবিখনৰ দৃশ্য সমৃদ্ধ কৰিছে। আটাইতকৈ মন কৰিবলগীয়া সূক্ষ্ম পৰ্যৱেক্ষণটো কাহিনীটোতেই সোমাই আছে। মাছ বজাৰত দেখা এজন অচিনাকি মানুহে গোটেই কাহিনীটোৰ গতি নিৰ্ধাৰণ কৰিছে, শেষত সেই মানুহজনৰেই অস্তিত্ব কাহিনীটোত তেনেই সূক্ষ্ম হৈ পৰিছে।
অনুৰৰ ট্ৰেইলাৰ
ছবিখনৰ প্ৰথম অংশ, প্ৰায় প্ৰথম এক ঘণ্টায়েই বহু পৰিমাণে লেহেম গতিত চলা যেন মোৰ অনুভৱ হয়। কিছুমান দৃশ্য বেছি সাৰগৰ্ভ কৰিবলৈ যাওঁতে ছবিখনৰ গতিত বিঘিনী জন্মিছে আৰু সেই দৃশ্যসমূহৰ দৈৰ্ঘ্য অনাৱশ্যকীয় যেন ধাৰণা হৈছে, তথাপিও ছবিখনক এক অৰ্থত Melodrama বুলিব নোৱাৰি। ছবিখনৰ কাম নিচেই সাধাৰণ অথচ সদায় দেখি অহাতকৈ বেলেগ। বলোৰাম দাসে অভিনয় কৰা ঔম চৰিত্ৰটোৱে কাহিনীটো ৰসাল কৰাত বিশেষ সহায় কৰিছে। ৰজত কাপুৰ,— কাহিনীটোত লচিথ মুডলিয়াৰ অনুপমাৰ জীৱনলৈ অহাৰ পাছতেই কাহিনীটোৰ গতি কিছু পৰিমাণে বৃদ্ধি পায় যদিও তাৰ পাছৰ অংশটোত কাহিনীটোৰ তাপমান বৃদ্ধি পোৱাত বা সমান্তৰাল হৈ থকাত বহুবাৰ যতি পৰিছে।
কিছুমান দৃশ্য চালে চিনেমাখন চুটিগল্পৰ ওপৰত আধাৰিত বুলি সহজেই ধৰিব পাৰি। নিৰ্দিষ্ট কিছু শ্বট ভাৱ-গধুৰ আৰু চিনেমেটিক হৈছে, আনহাতে কিছু শ্বটে চিনেমেটিক ভাষাৰ বিপৰীতে চুটিগল্পৰ ভাষাকেই অনুকৰণ কৰিছে। চিনেমেট’গ্ৰাফীৰ দায়িত্বত থকা সুমন দুৱৰাৰ নাম এইখিনিতে উল্লেখযোগ্য। চিনেমাখনৰ আটাইতকৈ ভাল লগা অংশটোৱেই হৈছে শেষৰ অংশটো। দৰ্শকে কাহিনীটো কেনেকুৱা হ’ব ধৰি লোৱা মতে শেষত তেনেকুৱা একো নহয়। শেষৰ প্ৰায় পোন্ধৰ-বিশ মিনিটৰ ভিতৰত চিনেমাখনৰ গতিয়েই সলনি হৈ যায়। চিনেমেটিক ভাষাৰ ফালৰ পৰা চাবলৈ গ’লে শেষৰ অংশটোৱে পূৰ্বৰ কিছু বিলম্বিত গতিৰ দৃশ্যক উচিতভাৱে বিচাৰ কৰি চাবলৈ এক পথ মুকলি কৰি দিয়া যেন লাগে। চিনেমাখনৰ শেষৰ অংশটোও পূৰ্বৰ দৰেই লেহেম গতিত চলে, কিন্তু ঘটনাৰ উষ্ণতাই দৰ্শকক জোকাৰি যাবলৈ সক্ষম হয়। চিনেমাখনৰ মূল বিষয়— বৃদ্ধকালত প্ৰায় বহুজনে ভোগা একাকীত্ব শেষলৈকে বৰ সুন্দৰকৈ প্ৰকাশ পাইছে।
ছবিখনৰ আটাইতকৈ ভাল লগা দিশটো হৈছে অভিনয় কৰা সকলোৱেই প্ৰকৃত অৰ্থাৎ পেছাগত অভিনেতা। মাছ বেপাৰীৰ পৰা চাহ দিয়া মানুহজনলৈকে সকলো অভিনেতা বাবেই পৰিচালকে বিচৰা ধৰণে আৰু কাহিনীটোৱে দাবী কৰা ধৰণে সকলো সুন্দৰকৈ ফুটি উঠিছে। মঞ্চৰ অভিনেতাই কেমেৰাৰ সন্মুখত theatrical acting কৰা ধাৰণাটো অন্ততঃ এইখন চিনেমাত ভুল বুলি প্ৰমাণিত হৈছে। ছবিখনৰ দুটি মুখ্য চৰিত্ৰত অভিনয় কৰা জাহানাৰা বেগম আৰু ৰজত কাপুৰৰ অভিনয় নিখুঁত। চৰিত্ৰটোক শেষলৈকে ধৰি ৰখাৰ ক্ষেত্ৰত জাহানাৰা বেগম সফল হৈছে। ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম নিপুণ অভিনেতা ৰজত কাপুৰৰ অভিনয়ে চিনেমাখনলৈ বাস্তৱিকতা অনাত সহায় কৰিছে। অসমীয়া ভাষা নতুনকৈ আয়ত্ত কৰি ইমান সুন্দৰকৈ সংলাপ মাতোঁতে তেওঁৰ নিশ্চয় কষ্ট নোহোৱা হয়, এই ক্ষেত্ৰত পৰিচালকৰ কষ্টকো শলাগিবলগীয়া। তাৰ লগতে ছবিখনত অন্য মুখ্য চৰিত্ৰসমূহত অভিনয় কৰা বলোৰাম দাস, ৰাজশ্ৰী শৰ্মা, বিদ্যা ভাৰতী, উদয়ন দুৱৰা, বিভূতি ভূষণ হাজৰিকাৰ অভিনয়ো বাস্তৱিক আৰু সাৱলীল হৈছে।
চিনেমাখনৰ শব্দ ৰূপাঙ্কনৰ দায়িত্বত আছিল অমৃত প্ৰীতম। চিনেমাখনৰ সাধাৰণ পটভূমি, সাধাৰণ জীৱনশৈলীৰ দৰেই শব্দৰ ব্যৱহাৰো সাধাৰণ আৰু বাস্তৱিক। তৰালী শৰ্মাৰ সংগীত পৰিচালনাই শ্ৰাব্যৰ দিশ অধিক সুন্দৰ কৰি তুলিছে। তৰালী শৰ্মা আৰু ৰূপম ভূঞাই কণ্ঠদান কৰা গীত দুটি সুমধুৰ আৰু কাহিনীৰ লগত খাপ খোৱা। গীতৰ কথাই চৰিত্ৰৰ মনৰ ভাব প্ৰকাশ কৰাত সহায় কৰিছে। গীতৰ প্ৰয়োজন অৱশ্যে বৰ বেছি নাছিল যদিও চিনেমাখনৰ গতিৰ ফালে চালে গীতবিহীন চিনেমাখন উকা হৈ পৰিলহেঁতেন। গীত দুটিয়ে ছবিখনৰ গতিক এঢাপ বৃদ্ধি কৰাত সহায় কৰিছে আৰু দৰ্শকে কাহিনীৰ লগত নিজকে সংযোগ কৰিব পাৰিছে।
মঞ্জুল বৰুৱাৰ পূৰ্বৰ দুখন ছবিৰ দৰেই ‘অনুৰ’ৰ কথনশৈলী প্ৰায় একেই। মঞ্জুল বৰুৱাৰ ছবিসমূহক এক সুকীয়া বৈশিষ্ট্যৰ নিৰ্দিষ্ট শাৰীত ৰাখিব পাৰি। অসমীয়া কলাত্মক চিনেমা হিচাপে চাবলৈ গ’লে কিছু ক্ষেত্ৰত চিনেমেটিক কাৰুকাৰ্য একেই, কিন্তু উল্লেখযোগ্য যে মঞ্জুল বৰুৱাই সমাজৰ কোনো নিৰ্দিষ্ট সমস্যাক চিনেমাখনত দেখুৱাবলৈ নগৈ চৰিত্ৰৰ মনৰ ভাব প্ৰকাশ কৰাত বেছি গুৰুত্ব দিয়ে। বৰুৱাই অত্যধিক উপাদানেৰে ছবিখন সজাবলৈ নাযায়, বৰঞ্চ দৈনন্দিন জীৱনত দেখি থকা ঘটনা-পৰিঘটনা, দৃশ্যসমূহ উপাদান হিচাপে ব্যৱহাৰ কৰে, যাৰ বাবেই ‘অন্তৰীণ’, ‘কানীন’ তথা ‘অনুৰ’ৰ দৰে বাস্তৱধৰ্মী আৰু সাৱলীল চিনেমাৰ সৃষ্টি হয়।
❧ | আৰু পঢ়ক:
- অল কোৱাইট অন দ্য ৱেষ্টাৰ্ন ফ্ৰণ্ট: বধ্যভূমিৰ নৈঃশব্দ্য
- বুলু ফিল্ম: চিনেমা চলিল, পইচা আহিল— খেলা খতম?
- অৰিবাম শ্যাম শর্মাৰ চিনেমা
- অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বৰ্তমান আৰু ভৱিষ্যৎ
- মিয়াজাকিৰ স্পিৰিটেড এৱেৰ সঁচা চৰিত্ৰবোৰ