নাহিবি বৰষুণ

ভাগৰুৱা সন্ধিয়াটোত সদায় কিয় আহ
আপদীয়া বৰষুণ
জিৰজিৰ বতাহজাকক ছন্দহীন কৰি
কিয় জোৰ একেটি গীত গুণগুণ?

বিষণ্ণতাৰ হেঙুলীয়া আবেলিত
লয়লাস আঁচল মেলি নাহিবি
হেঁপাহবোৰেৰে ওমলো বুলি
অস্তাচলৰ ছাঁ-পোহৰৰ বেমেজালিত
তোলৈ ৰৈ নাথাকোঁ আজিকালি।

সেউজবুলীয়া সপোনবোৰ একোবাৰ আঁকি,
একোবাৰ মোহাৰি ৰং চোৱাৰে পৰা
ভালো নলগা হৈছে তোক
ক’লেতো নুবুজ,
সখি হৈ নাথাকিল তই নমোৱা আকাশখন মোৰ।

এতিয়া উদয়াচলৰ শেষ ৰংখিনিতো কিজানি চকু তোৰ
বিমোৰ প্রহৰৰ চিৰলগৰী চকুলোখিনি হৈ ব’বলৈ
নাহিবি বাৰে বাৰে
কাঁইটীয়া বৰষুণ…!

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of